দিহিং পাটকাই

দিহিং পাটকাই অভয়াৰণ্য , অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত ৷ অভয়াৰণ্যৰ বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ''The Amazon of the East” বা পূৱৰ আমাজন ৰূপে খ্যাত দিহিং পাটকাই অসমৰ গৌৰৱ ৷


প্ৰায় ১২ বছৰ ধৰি নেৰ্চাচ বেকন নামৰ এটা প্ৰকৃতি প্ৰেমী সংগঠন আৰু অসমৰ মানুহৰ একত্ৰিত ভাৱে যোগ দিয়াৰ ফলস্বৰূপে ২০০৪ চনৰ ১৩ জানুৱাৰী তাৰিখে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া এই অঞ্চলটো জৈৱ বৈচিত্ৰতাৰ দিশত যথেষ্ট চহকী ৷ অৱশ্যে এই অভয়াৰণ্য খন দিহিং পাটকাই হস্তী প্ৰকল্পৰ এটা অংশহে ৷


 জয়পুৰ ,দিহিং নৈ আৰু ডিৰক বৰ্ষাৰণ্য এই তিনিটা অংশ লৈ গঠিত হোৱা এই অভয়াৰণ্যখনে অসমৰ তিনিখন জিলা ক্ৰমে ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰৰ প্ৰায় ৫৭৫ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে ৷
জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত চহকী এই অঞ্চলটোত বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ উপৰিও অৰ্কিডৰ বৈচিত্ৰ্যৰ বাবে এই বনাঞ্চল প্ৰখ্যাত ৷ ইয়াত ৪৫ টা গোত্ৰৰ প্ৰায় ১০১ বিধ অৰ্কিডৰ প্ৰজাতিৰ উপৰিও ৯ বিধ অন্য অৰ্কিড অসমত প্ৰথমবাৰৰ বাবে সেই ঠাইতে পোৱা গৈছে ৷


প্ৰাণীকুলৰ বৈচিত্ৰ্যও অন্যতম লক্ষণীয় দিশ ৷ বৰ্তমান লৈকে ৪২ বিধ স্তন্যপ্ৰায়ী প্ৰাণী, ৪০ বিধ সৰীসৃপ আৰু ৩০ বিধ পখিলাৰ পখিলাৰ প্ৰজাতিৰ উপৰিও ২৯৩ বিধ চৰাইৰ প্ৰজাতিও পোৱা গৈছে ৷বন্য হাতীৰ মুক্ত বিচৰণ ভূমি দিহিং পাটকাই Elephant Corridor হিচাপেও জনাজাত ৷
এই বৰ্ষাৰণ্য খনে প্ৰত্যেক বছৰে অলেখ দেশী বিদেশী পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ তাত অনুষ্ঠিত হোৱা দিহিং পাটকাই বৰ্ষাৰণ্য উৎসৱত জৈৱবৈচিত্ৰ্যৰ উপৰিও সাংস্কৃতিক দিশটোক প্ৰতিনিধিত্ব কৰাত বিশ্বৰ সকলো প্ৰান্তৰ পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷
       
এতিয়া চাওঁ আহক, কৰ’না মহামাৰীৰ দৰে এই দুৰ্যোগৰ দিনতো কিয় এই অভয়াৰণ্যখনৰ কথা চৰ্চালৈ আহিছে ৷
এই বছৰৰ এপ্ৰিল মাহৰ ৭ তাৰিখে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সমিতিৰ ( National board for Wildlife চমুকৈ NBWL) ৰ ৫৬ তম বাৰ্ষিক অধিৱেশনত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহৰ ভিতৰত অন্যতম এটা সিদ্ধান্ত আছিল দিহিং পাটকাই বৰ্ষাৰণ্যৰ অন্তৰ্গত প্ৰস্তাৱিত চেলেকী সংৰক্ষিত বনাঞ্চলৰ এক বিশেষ অঞ্চলত এক কয়লাখনি প্ৰকল্প অনুমোদন কৰা ৷


দীৰ্ঘ আলোচনাৰ অন্তত উত্তৰ পূৰ্বাঞ্চল কয়লা ক্ষেত্ৰই  ( North Eastern Coal Field) গ্ৰহণ কৰা প্ৰস্তাৱিত চেলেকী বনাঞ্চলৰ ৯৮.৫৯ হেক্টৰ মাটি এই কয়লা খনন প্ৰকল্পত অনুমোদন জনায় ৷North Eastern Coal Field হৈছে ভাৰতীয় কয়লা নিগমৰ এক অবিচ্ছেদ্য অংগ ৷প্ৰস্তাৱিত কয়লাখনিৰ প্ৰকল্পটোৰ সমগ্ৰ ভূমি অঞ্চলটোক পৰ্যবেক্ষণ কৰি বিছিন্ন অঞ্চল আৰু সংলগ্ন অঞ্চল এই দুটা ভাগত ভাগ কৰা হৈছে ৷ বিছিন্ন অঞ্চলে ৫৭.২০ হেক্টৰ মাটি আৰু সংলগ্ন অঞ্চলে ৪১.৩৯ হেক্টৰ মাটি আগুৰি আছে ৷
 NBWL য়ে এই বনাঞ্চলত কয়লাখননৰ বাবে প্ৰদান কৰা অনুমোদনৰ ফলত প্ৰকৃতিৰ অনিষ্ট হ’ব , জৈৱবৈচিত্ৰ্যতাত প্ৰভাৱ পেলাব ৷ ক্ষতিগ্ৰস্ত হ’ব হাতীকে ধৰি প্ৰায় ৭০০ প্ৰজাতিৰ ভিন্ন জীৱ জন্তু,পক্ষী,সৰীসৃপ আদি ৷সমগ্ৰ উত্তৰ পূৱ ভাৰতৰ পৰিৱেশ তন্ত্ৰ ক্ষতি কৰিব ৷

 তেনেক্ষেত্ৰত প্ৰকৃতিৰ এক বৃহৎ ক্ষতি কৰি সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কয়লা খনন কৰাৰ অনুমতি দিয়াটো বিবেচনাহীন কাৰ্য ৷এনে কাৰ্যৰ পৰা দিহিং পাটকাইক বচোৱাৰ দ্বায়িত্ব প্ৰতিজন প্ৰকৃতিপ্ৰেমী তথা প্ৰতিজন অসমীয়াৰ ৷
দিহিং পাটকাইক বচোৱাৰ বাবে চলা যুঁজত যোগদান কৰো আহক ৷ এই যুঁজক আগুৱাই নিবৰ বাবেও ঐক্যবদ্ধ হওঁ আহক ৷
✒️মনময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.