ৱাকফ সংশোধনী বিধেয়ক - ২০২৫

   সদ্যহতে ৱাকফ (সংশোধনী) বিধেয়ক লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনতে গৃহীত হয় ৷ এই বিলখন হৈছে ৱাকফ আইন,১৯৯৫ ৰ সংশোধন ৷ বিধেয়ক খনক UMEED (Unified Management Empowerment Efficiency and Development) হিচাপেও জনা যায় ৷



   ৰাজনৈতিক দৃষ্টিভংগী পৰিহাৰ কৰি আমি এই লেখাত ৱাকফ সম্পত্তি কি আৰু নতুন বিধেয়ক খনত কি সংশোধন কৰা হৈছে তাক আলোচনা কৰিম ৷

ৱাকফ- ই হৈছে মুছলমান আইনৰ স্বীকৃতি অনুসৰি স্থাৱৰ বা অস্থাৱৰ সম্পত্তি, ধৰ্মীয় বা দাতব্য  ক্ষেত্ৰত স্থায়ীভাৱে উচৰ্গা কৰা ৷

ৱাকফ সম্পত্তি- মুছলমান সকলে যিবোৰ সম্পত্তি ধৰ্মীয় কাৰণত বা আন কল্যাণমূলক কামৰ বাবে দান কৰে সেয়াই হৈছে ৱাকফ সম্পত্তি ৷উদাহৰণ স্বৰূপে মছজিদ,বিদ্যালয়, চিকিৎসালয় নিৰ্মাণৰ বাবে ৷এবাৰ দান কৰা সম্পত্তি দাতাই পুনৰ নিজৰ বুলি দাবী কৰিব নোৱাৰে ৷

    তথ্য অনুসৰি মুঠ ৮.৭২ লাখ ৱাকফ সম্পত্তি আছে  যি ৮ লাখ  একৰ মাটি অধিকাৰ কৰি আছে ৷ লক্ষণীয় যে  সকলোবোৰ মুছলিম দেশতে এই ৱাকফ সম্পত্তি নাই ৷

ভাৰতত ৱাকফৰ তথ্য মহম্মদ ঘূৰীৰ  দিনত প্ৰথম পোৱা যায় ৷তেওঁ মূলতানত মছজিদ নিৰ্মাণৰ বাবে মাটি দান কৰিছিল ৷

ৱাকফ আইন ১৯৯৫ -

এই আইন ৱাকফ সম্পত্তিৰ ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণৰ বাবে অনা হৈছিল ৷ ইয়াত থকা মূল কেইটামান ব্যৱস্থা হৈছে-

ৱাকফ বৰ্ড: ৱাকফ বৰ্ড হৈছে এক আইনী সভা  যাৰ ওচৰত সম্পত্তিৰ অধিগ্ৰহণ,স্থানান্তৰৰ ক্ষমতা থাকে ৷ৰেল আৰু প্ৰতিৰক্ষা বিভাগৰ পিছতে ৱাকফ বৰ্ড হৈছে ভাৰতৰ তৃতীয় সৰ্বোচ্চ ভূমিৰ অধিকাৰ থকা সংস্থা ৷

ৱাকফ ট্ৰিবিউনেল : ই ৱাকফ সম্পত্তিৰ যিকোনো বিবাদ মীমাংসা কৰে ৷ যিকোনো বিবাদৰ ক্ষেত্ৰত ৱাকফ ট্ৰিবিউনেলৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত ৷



এইবাৰ আমি চাওঁ আহক  ৱাকফ সংশোধনী বিধেয়ক ২০২৫ ত কেনে ধৰণৰ সংশোধনৰ ব্যৱস্থা কৰা হৈছে -

১) ৫ বছৰ বা তাতকৈ অধিক বছৰ ধৰি ইছলাম অনুশীলন কৰা লোকেহে ৱাকফলৈ সম্পত্তি দান কৰিব পাৰিব ৷

২) ৱাকফ আইন ১৯৯৫ ৰ দফা ৪০(section 40) খাৰিজ ৷পুৰণি আইনৰ এই দফা অনুসৰি  যিকোনো সম্পত্তি ৱাকফ সম্পত্তি হয় নে নহয় তাক নিৰ্ণয় কৰাৰ অধিকাৰ ৱাকফ বৰ্ডৰ হাতত আছিল ৷

৩)ৱাকফ বৰ্ডত অমুছলমান সদস্য আৰু দুগৰাকী মুছলমান মহিলাৰ অন্তৰ্ভুক্তি ৷

৪)মুছলমানে গঠন কৰা ট্ৰাষ্টক ৱাকফ বৰ্ড হিচাপে মানি লোৱা নহ’ব ৷

৫) ব্যৱহাৰকাৰীৰ দ্বাৰা ৱাকফ(Waqf By User)ৰ বিলুপ্তিকৰণ। পূৰ্বৰ আইন মতে দীৰ্ঘ সময়ৰ বাবে ধৰ্মীয় কাৰণত ব্যৱহাৰ কৰি থকা সম্পত্তি ৱাকফ সম্পত্তি হিচাপে ঘোষণা কৰিব পাৰিছিল। 

৬) সংবিধানৰ পঞ্চম আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলত ৱাকফ বৰ্ড গঠনত বাধা ৷


৭) ৱাকফ ট্ৰিবিউনেলত সলনি: 

অৱসৰ প্ৰাপ্ত জিলা ন্যায়াধীশক চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হ'ব।

     ট্ৰিবিউনেলৰ ৰায়ক ৯০ দিনৰ ভিতৰত উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰিব। পূৰ্বতে ট্ৰিবিউনেলৰ ৰায়ৰ ওপৰত ন্যায়ালয়ৰ হস্তক্ষেপ সীমিত আছিল।

No comments:

Powered by Blogger.