কাঞ্চন বৰুৱা

আজি ১০ মে’ ৷ ১৯৯৮ চনৰ আজিৰ দিনটোতে প্ৰতিজন অসমীয়াৰ প্ৰিয় গ্ৰন্থৰ তালিকাত শীৰ্ষস্থান দখল কৰা, অসমৰ সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা তথা পাঠকৰ সৰ্বাধিক আদৰ পোৱা গ্ৰন্থ “ অসীমত যাৰ হেৰাল সীমা” সৃষ্টি কৰা উপন্যাসিক কাঞ্চন বৰুৱা ওৰফে ভূৱন মোহন বৰুৱাৰ মৃত্যু হৈছিল ৷
 ১৯১৪ চনত তেতিয়াৰ অসমৰ ৰাজধানী শ্বিলঙত ভূৱন মোহন বৰুৱাৰ জন্ম হৈছিল ৷পিতৃৰ নাম আছিল ভৈৰৱ চন্দ্ৰ বৰুৱা ৷ কাঞ্চন বৰুৱা পেছাগত ভাৱে আছিল এজন অভিযন্তা ৷ পেছাগত ভাৱে অভিযন্তা আছিল যদিও তেওঁ লিখা মেলা কৰাৰ উপৰিও আছিল এগৰাকী নিপুণ চিত্ৰকৰ ৷
        ভূৱন মোহন বৰুৱাই কাঞ্চন বৰুৱা ছদ্ম নামেৰে ২০ খনৰো অধিক উপন্যাস আৰু অনেক চুটিগল্প ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে ৷ অসীমত যাৰ হেৰাল সীমাৰ উপৰিও তেখেতৰ প্ৰকাশিত কিছুমান উপন্যাস হৈছে - পুৱতি তৰা , মৃত বিহংগ , সহযাত্ৰী, উৰ্মিলাৰ চকুলো আদি ৷

     
আমাৰ সকলোৰে মৰমৰ উপন্যাস অসীমত যাৰ হেৰাল সীমা তেওঁ চফল ডেকা বয়সতে ১৯৪৫ চনতে ৰচনা কৰিছিল ৷ উপন্যাস খনৰ প্ৰথম প্ৰকাশ কৰিছিল শিৱসাগৰৰ জাহ্নৱী প্ৰকাশনে ৷১৯৪৫ চনত প্ৰথম প্ৰকাশ হোৱা এই কিতাপখনে এইবছৰত প্ৰকাশ হোৱা ৭৫ বছৰ সম্পূৰ্ণ কৰিব ৷অৰ্থাৎ মহাৰজত জয়ন্তী ৷ অসমীয়া সাহিত্যৰ ইতিহাসত এইখনেই হয়তো একমাত্ৰ উপন্যাস যি নিৰবিছিন্ন ভাৱে ৭৫ বছৰ প্ৰকাশ হৈ আহিছে ,এবাৰো out of print হোৱা নাই ৷তথাপিও অতি জনপ্ৰিয় উপন্যাস খনে বৰ্তমানেও অন্য ভাষালৈ অনুবাদ নোহোৱাৰ বাবে অকল অসমত হে জনপ্ৰিয় হৈ আছে ,বেলেগ ভাষালৈ অনুদিত হোৱা হ’লে হয়তো উপন্যাস খনৰ পাঠকৰ সংখ্যা আৰু বাঢ়িলে হেতেন লগতে দেশে বিদেশে সমাদৰ লাভ কৰিলেহেঁতেন ৷
   এই উপন্যাসখনৰ নাট্যৰূপে এটা সময়ত ভ্ৰাম্যমাণ থিয়েটাৰত খলকনিৰ সৃষ্টি কৰাৰ দৰে ইয়াৰ আধাৰতে এখন চলচ্চিত্ৰ নিৰ্মাণ হৈ নতুন অভিলেখ গঢ়ি তুলিব বুলি অন্তঃকৰণেৰে কামনা কৰিছোঁ ৷
    ১৯৯৮ চনৰ আজিৰ দিনটোতে শ্বিলঙত কাঞ্চন বৰুৱাৰ মৃত্যু হয় ৷ এইগৰাকী প্ৰচাৰ বিমুখী সাহিত্যিকৰ মৃত্যু তিথিত শ্ৰদ্ধাৰে সুঁৱৰি যাঁচিছো আন্তৰিক শ্ৰদ্ধাঞ্জলি ৷৷
✒️মনময়ুৰী মহন্ত

No comments:

Powered by Blogger.