মুখা শিল্পী জীৱন মহন্ত

     শিৱসাগৰ নগৰৰ দক্ষিণ পূব দিশৰ পৰা প্ৰায় ২০ কি:মি: দূৰত্বৰ বাকচু কোঁচ গাঁওত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী সাউদকুচী সত্ৰ। এই সত্ৰৰে স্বৰ্গীয় ভুৱন চন্দ্ৰ মহন্ত আৰু স্বৰ্গীয়া ৰেৱতী মহন্তৰ পঞ্চম সন্তান শ্ৰী জীৱন মহন্ত দেৱ।তেখেত একেধাৰে সত্ৰীয়া সাধক,বিশিষ্ট খোল বাদক আৰু প্ৰসিদ্ধ মুখা শিল্পী। 'ৰামধেনু'ৰ ''এই মাহৰ অতিথি'' শিতানৰ অতিথি হিচাপে আজি আমাৰ মাজত আছে মহন্ত দেৱ। আহকচোন তেখেতৰ মনৰ কিছু কথাৰ বুজ লওঁ।


মুখা শিল্পী জীৱন মহন্ত


ৰামধেনুৰ তৰফৰ পৰা আপোনাক স্বাগতম। আমাৰ পাঠক সকলৰ লগত আপোনাক চিনাকি কৰাই দিবলৈ পাই আমি নথৈ আনন্দিত। মুখাশিল্পৰ প্ৰতি আপোনাৰ নীৰৱ সাধনা আৰু এই ক্ষেত্ৰত আপোনালোকৰ সত্ৰৰ পৰম্পৰাৰ বিষয়ে কিছু কথা জানিবলৈ আমি আপোনাৰ ওচৰত উপস্থিত হৈছো।

জীৱন মহন্ত: ধন্যবাদ। ৰামধেনুৰ সমূহ পাঠকক মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ ।

       ●প্ৰথমেই আপোনাৰ জন্ম আৰু স্কুলীয়া শিক্ষাৰ বিষয়ে জনাব ।

জীৱন মহন্ত: মোৰ জন্ম ১৯৬৭চনৰ নৱেম্বৰ মাহৰ ২৮ তাৰিখে হৈছিল ।
    মই স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিলো ১০৪ নং কটকী কোঁচ প্ৰাথমিক বিদ্যালয়ত , তাৰ পিছতে মই ধিতাইপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰিলোঁ ।

কিমান বছৰ ধৰি আপুনি মুখা নিৰ্মাণৰ লগত জড়িত?

জীৱন মহন্ত: মই অষ্টম শ্ৰেণীত পঢ়ি থকা সময়ৰ পৰাই মুখা বনোৱাৰ লগত জড়িত।

মুখা শিল্পৰ প্ৰতি আপুনি কাৰ পৰা বা কেনেদৰে আকৃষ্ট হৈছিল? 

জীৱন মহন্ত: মোৰ দেউতা স্বৰ্গীয় ভূৱন চন্দ্ৰ মহন্ত দেৱ মুখা শিল্পৰ লগত জড়িত আছিল। তেওঁক দেখিয়ে মই মুখা শিল্পৰ প্ৰতি আকৃষ্ট হৈছিলো। তেওঁৱেই আছিল মোৰ গুৰু আৰু মোৰ অনুপ্ৰেৰণাৰ উৎস।

মুখা সমূহ আপুনি কেনেদৰে নিৰ্মাণ কৰে?অলপ ক'বচোন

জীৱন মহন্ত: মুখা প্ৰস্তুত কৰিবৰ কাৰণে মই মূলতঃ বাঁহ, বেত, কুমাৰ মাটি,ঢকুৱা,কলথোৰা, গোবৰ,কাপোৰ,ৰং আদিৰে ব্যৱহাৰ কৰো।
     প্ৰথমে সঁজাটো বনাবৰ বাবে বাঁহৰ কাঠি তুলি লোৱা হয়। জাতি বাঁহ এই ক্ষেত্ৰত উপযোগী। সঁজাটো নিৰ্মাণ কৰি তাক শলীৰে নগৰা কৰি বন্ধা হয়।তাৰপাছত কুমাৰ মাটি পানীত গুলি কাপোৰত কুমাৰ মাটিৰে লিপি সঁজাটোৰ ওপৰত লগাই দিয়া হয়। শুকুৱাৰ পাছত গোবৰ আৰু কুমাৰ মাটি মিলাই লৈ সঁজাটোক মুখাৰ আকৃতি দিয়া হয়। তাৰ পাছত ইয়াক ৰদত শুকাবলৈ দিয়া হয়।আধা শুকান হওঁতেই পুনৰ কুমাৰ মাটি কাপোৰত মিলাই সুন্দৰকৈ লিপি দিয়া হয়। এতিয়া মুখাটিক সম্পূৰ্ণ শুকাবলৈ দিয়া হয়। শেষত ৰং তুলিকাৰে মুখাটিক ধুনীয়াকৈ সজাই তোলা হয়।
   থুলমুলকৈ এনেদৰেই এটা মুখা নিৰ্মাণ কৰা হয়।


আপোনাৰ এই কৰ্মত আৰু কোনো সহযোগী আছে নে?

জীৱন মহন্ত: সহযোগী নাই। কাঠি বনোৱাৰ পৰা মুখাৰ ৰূপ দিয়ালৈকে সকলো কাম মই নিজেই কৰো।


মুখাৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত আপোনালোকৰ সত্ৰৰ ইতিহাস আৰু পৰম্পৰাৰ বিষয়ে অলপ কওকচোন

জীৱন মহন্ত: নাৰায়ণ চন্দ্ৰ মহন্তৰ "সাউদকুছি সত্রৰ বংশাৱলী"ৰ মতে হৰি চৰণ দেৱ হৈছে সাউদকুছি সত্ৰৰ প্ৰতিষ্ঠাতা।তেখেতৰ পৰা আৰম্ভ কৰি প্ৰথম ছটা পুৰুষত মুখা শিল্পৰ চৰ্চা সম্বন্ধে কোনো উৱাদিহ পোৱা নগ'ল। সপ্তম পুৰুষৰ বলোৰাম দেৱৰ পৰাহে ইয়াত মুখা শিল্পৰ অনুশীলন সম্বন্ধে জনা যায়।
    বলোৰাম দেৱ বাপুৰাম দেৱৰ দ্বিতীয় পুত্ৰ। তেখেত অবিবাহিত আছিল। তেখেতক সকলোৱে 'অপিতা'বুলিয়েই জানিছিল।তেখেতক লগ পোৱা দুজনমান ব্যক্তিৰ অনুমানৰ ভিত্তিত তেখেতৰ প্ৰায় ১৯৪৪/৪৫ চনত ৮০ বছৰ বয়সত মৃত্যু হয়।সেই অনুসৰি আমি এই সিদ্ধান্তত উপনীত হ'ব পাৰো যে সাউদকুছি সত্ৰৰ মুখা চৰ্চাৰ ইতিহাস কমেও ডেৰশ বছৰ পুৰণি।
     বলোৰাম দেৱে বাঁহৰ কাঠিৰে মুখা সজাৰ উপৰিও সত্ৰৰ গুৰু আসন আৰু ভাগৱত আসন নিৰ্মাণৰ দৰে কাঠৰ কামটো পাৰ্গত আছিল। বলোৰাম দেৱৰ পাছত মুখা সাজিবলৈ লয় তেখেতৰ নাতি অৰ্থাৎ মোৰ পিতৃ ভূৱন(দেউতি) চন্দ্ৰ মহন্তই। তেখেতৰ হাতত সত্ৰৰ মুখা শিল্পৰ চৰ্চাই নতুন গতি লাভ কৰে। অপিতাৰ ওচৰতে তেখেতে মুখাৰ প্ৰাথমিক চৰ্চা আৰম্ভ কৰে।কিন্তু তেওঁৰ বয়স ২৪ বছৰ মান হওঁতেই অপিতাৰ মৃত্যু হোৱাত সেই চৰ্চাই পূৰ্ণাংগ ৰূপ নাপালে।সেয়েহে তেখেতে বিয়াৰ পাছত বগী আই এলেঙী সত্ৰৰ(বৰ্তমান তিতাবৰত) নিজৰ শহুৰেক আৰু খুড়া শহুৰেক ক্ৰমে নবীন চন্দ্ৰ মহন্ত আৰু হেমকান্ত মহন্তৰ ওচৰত পুনৰ শিকিবলৈ আৰম্ভ কৰে। মুখাৰ বুলনীৰ ক্ষেত্ৰত প্ৰথম অৱদান কাটনিপাৰ সত্ৰৰ টুপীধৰ মহন্ত(কবিৰাজ গোঁসাই)ৰ সহায়ত লাভ কৰিছিল।অপিতাৰ জীৱন কালতো ভূৱন মহন্তই সজা মুখা ভাওনাত পৰিবেশিত হলেও প্ৰধানত: তেখেতৰ মুখাৰে অনুষ্ঠিত প্ৰথম ভাওনাখন আছিল 'বঘাসুৰ বধ'।এইয়া আনুমানিক ১৯৫০ চন মানৰ ঘটনা।
     মুখা সজাৰ কামত তেখেতক বিৰাই বৰা, টকৰু বৰা,মালভোগ বৰা,লক্ষীকান্ত বৰা,বুদ্ধেশ্বৰ বৰা,ভোগেশ্বৰ বৰা,ৰমেশ বৰা,খগেন বৰা,গণেশ মহন্ত আদিয়ে সহযোগ কৰিছিল আৰু প্ৰত্যেকেই একো একোজন সেই সময়ৰ জনপ্ৰিয় মুখা ভাৱৰীয়া আছিল।
    তেখেতৰ মৃত্যুৰ পাছৰ পৰা মই এই চৰ্চা অব্যাহত ৰাখিছো।প্ৰথমে মই তেওঁৰ নিৰ্মিত মুখা সমূহত বোলনিৰ কামেৰে আৰম্ভ কৰিছিলো আৰু পাছত পৰ্য্যায়ত নিজাকৈ মুখা সাজিবলৈ ললো ।

আপুনি এতিয়ালৈকে কি কি মুখা নিৰ্মাণ কৰিছে?

জীৱন মহন্ত: এতিয়ালৈকে নৰসিংহ,বৰাহ,যশোদা,কৃষ্ণ,শিৱ,
ব্ৰহ্মা,হনুমান,গৰুড়,ৰজা,জাম্বৱন্ত,মৎস্য,মন্ত্ৰী,তাৰকা,ত্ৰিসিৰাসুৰ,
গায়ন বায়ন,হাতী,ঘোঁৰা,বাঘ,সাপ,হৰিণ আদি প্রায় পাঁচশৰো অধিক মুখা নিৰ্মাণ কৰিছো।



আপোনাৰ দ্বাৰা নিৰ্মিত মুখা সমূহ কিদৰে ব্যৱহাৰ কৰা হয়?

জীৱন মহন্ত: সাধাৰণতে আমি ভাওনাত ব্যৱহাৰ কৰিবৰ কাৰণেই মুখা সমূহ নিৰ্মাণ কৰো।তদুপৰি বিভিন্ন ব্যক্তি বা অনুষ্ঠানৰ অনুৰোধ মৰ্মে তেখেতসকলৰ প্ৰয়োজন সাপেক্ষেও মুখা নিৰ্মাণ কৰা হয়।
   উল্লেখ্য যে গুৱাহাটীৰ প্ৰদীপ মহন্ত দেৱক নৃসিংহৰ এভাগ মূৰৰ মুখা উপহাৰ হিচাপে দিয়া হৈছিল।

আপুনি নিৰ্মাণ কৰা মুখা সমূহ ক'ত ক'ত প্ৰদৰ্শিত বা সংৰক্ষিত হৈছে ?

জীৱন মহন্ত: সত্ৰৰ বিভিন্ন ভাওনা, অনুষ্ঠানৰ লগতে মুখা অসমৰ বিভিন্ন ঠাইত প্ৰদৰ্শনৰ আৰু সংৰক্ষিত হৈছে।
      উদাহৰণ স্বৰূপে ক'বলৈ গ'লে জাঁজী জামগুৰিত নৃসিংহ মুৰাৰি ভাওনাত নৃসিংহ,বৰাহ আৰু হাতীৰ মুখা,কোঁৱৰপুৰৰ বৰ খাটপাৰ সত্ৰত যশোদাৰ মুখা,১০৪ নং কটকী কোঁচ প্ৰাথমিক বিদ্যালয় আৰু ধিতাইপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শত বৰ্ষ অনুষ্ঠানৰ শুভাযাত্ৰাত গায়ন বায়নৰ লগতে বিভিন্ন মুখা প্ৰদৰ্শিত হৈছে।
     দুলিয়াজানত অসম সত্ৰ মহাসভাৰ সেতু বন্ধন অনুষ্ঠান, শিৱসাগৰ জিলাৰ আখৈফুটিয়াৰ বৰ্ণকুটীৰ নামৰ এক কৰ্মশালাত মুখা প্ৰদৰ্শিত হৈছে।
    সংৰক্ষণৰ কথা ক'বলৈ যাওঁতে মনত পৰিছে গুৱাহাটীৰ দমদমা কলেজত এভাগ নৃসিংহৰ মুৰৰ মুখা সংৰক্ষিত হৈ আছে। তদুপৰি চাবুৱা কলেজৰ সংগ্ৰহালয়তো এভাগ মুখা আছে।

মুখা নিৰ্মাণৰ ক্ষেত্ৰত আপুনি আগৰ আৰু আজিৰ সময়ৰ মাজত কিবা পাৰ্থক্য লক্ষ্য কৰিছে নি?

জীৱন মহন্ত: নিশ্চয়কৈ মুখা নিৰ্মাণত আধুনিকতাৰ প্ৰভাৱ যথেষ্ট পৰিছে।
মুখা সমূহক প্ৰধানকৈ মুখ মুখা,মূৰ মুখা,গা মুখা আৰু লোটুকুৰি মুখা হিচাপে চাৰিটাকৈ ভাগ কৰা হৈছে।আমাৰ সত্ৰত অতীজৰে পৰা এই চাৰিওবিধ মুখা নিৰ্মাণ হৈ আহিছে।কিন্তু আজিকালি মুখ মুখা আৰু মূৰ মুখা বেছিকৈ সজা হয়।চাহিদাৰ অভাৱৰ বাবে আজিকালি লোটুকুৰি মুখা সজাৰ হাৰ যথেষ্ট কমিছে।
   আগৰ সময়ত মানে আজিৰ পৰা দহ বিশ বছৰ আগত কেৱল বাঁহ, মাটি আদি সহজে উপলব্ধ বস্তু ব্যৱহাৰ হৈছিল। কিন্তু আজি কালি প্ৰয়োজনত থার্মকল, লোহা,স্প্ৰিং আদিৰো ব্যৱহাৰ হয়।
     প্ৰথম অৱস্থাত ৰং কৰিবলৈ আমি অইল পেইণ্ট ব্যৱহাৰ কৰিছিলো। আজিকালি ফেব্ৰিক ৰঙৰ বহুল ব্যৱহাৰ হয়।
     মুখাসমুহত চুলি হিচাপে আগতে মৰাপাটৰ ব্যৱহাৰ আছিল যদিও বৰ্তমান সময়ত বজাৰত উপলব্ধ কৃত্ৰিম চুলি ব্যৱহাৰ কৰা হয়।


এই শিল্পৰ প্ৰতি নৱ প্ৰজন্মৰ আগ্ৰহ কেনেকুৱা অনুভৱ কৰে ?

জীৱন মহন্ত: নৱ প্ৰজন্মৰ আগ্ৰহ মুখা নিৰ্মাণৰ প্ৰতি কমি অহা যেন মোৰ অনুভৱ হয়।

আপুনি মুখা শিল্পৰ লগতে অন্য সত্ৰীয়া সংস্কৃতিৰ লগত কিদৰে জড়িত ?

জীৱন মহন্ত: যিহেতু মই সত্ৰীয়া সংস্কৃতিৰ পৰিয়ালতেই জন্ম গ্ৰহণ কৰিছো, সেই সূত্ৰে দেউতাৰ পৰা খোল বাদ্যৰ শিক্ষাও লাভ কৰিছিলো।আৰু তাৰেই ফলশ্ৰুতিত সত্ৰৰ নাম প্ৰসংগৰ উপৰিও বিভিন্ন ঠাইত গায়ন বায়ন আৰু ভাওনা পৰিচালনা কৰাৰ লগতে মুখ্য বায়ন হিচাপেও দায়িত্ব পালন কৰিছো।
    আপোনালোকে জ্ঞাতাৰ্থে জনাওঁ যে মই সত্ৰৰ লগতে গাওঁৰ কেইবাজনো ল'ৰা- ছোৱালীক খোল বাদনৰ শিক্ষাও প্ৰদান কৰিছো।

আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আছে?

জীৱন মহন্ত: ভৱিষ্যত পৰিকল্পনা বুলি ক'লে মুখা সমূহ অসমৰ উপৰিও অসমৰ বাহিৰত নি প্ৰদৰ্শন কৰাৰ এক হেঁপাহ আছে।
    তদুপৰি মই আগতে কৈ অহাৰ দৰে যিহেতু নৱপ্ৰজন্মৰ আগ্ৰহ এই শিল্পৰ প্ৰতি কমি অহা পৰিলক্ষিত হৈছে সেইকাৰণে এই অদ্বিতীয় শিল্পকৰ্ম ভাগ নৱপ্ৰজন্মৰ ওচৰ চপাই নিয়াৰ উদ্দেশ্যে  প্ৰশিক্ষণ কেন্দ্ৰ এটা আৰম্ভ কৰাৰ সপোন পুহি ৰাখিছো।


আপোনাৰ ব্যস্ততাৰ মাজতো কিছু সময় উলিয়াই আমাৰ লগত মত বিনিময় কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ। আপোনাৰ সুস্বাস্থ্যৰ লগতে আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো 

জীৱন মহন্ত: ৰামধেনুৰ পৰিয়ালকো মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।



সাক্ষাৎগ্ৰহণ: উদিত পৱন মহন্ত
                   অন্বেষা মহন্ত
স্থিৰ চিত্ৰ:     পঞ্চানন মহন্ত
বিশেষ কৃতজ্ঞতা: ৰাজীৱ মহন্ত










2 comments:

Powered by Blogger.