জনপ্ৰিয় কফিন নৃত্যৰ অন্তৰালৰ কাহিনী


চছিয়েল মিডিয়াত জনপ্ৰিয় এটা ভিডিঅ’ ৰ কাহিনী


      ফটোখন দেখিয়েই নিশ্চয়কৈ আপোনালোকৰ চছিয়েল মিডিয়াত কফিন লৈ সংগীতৰ তালত নৃত্য কৰি থকা কেইজন মান ব্যক্তিৰ জনপ্ৰিয় ভিডিঅ’টোৰ কথাই মনলৈ আহিছে ৷ এই জনপ্ৰিয় ভিডিঅ’টোৰ আঁৰত এটা কাহিনী আছে ৷ প্ৰকৃততে ভিডিঅ’টো আফ্ৰিকান দেশ ঘানাৰ ৷ আফ্ৰিকাৰ ঘানা দেশত মৃতকৰ শেষকৃত্য এক মহত্ত্বপূৰ্ণ অনুষ্ঠান  ৷ পৃথিৱীৰ অন্য দেশৰ তুলনাত ঘানাৰ এই অনুষ্ঠানটো অকণমান ব্যতিক্ৰম ৷তাত ব্যক্তিএজনৰ মৃত্যুৰ পিছত তেখেতৰ পৰিয়াল বৰ্গ তথা মৃতকৰ বন্ধু বান্ধৱ সকলৰ উপস্থিতিত মৃতকৰ শেষ যাত্ৰাটোক পবিত্ৰ যাত্ৰা হিচাপে গণ্য কৰি মৃতকক নাচ গান কৰি হাঁহি হাঁহি বিদায় দিয়ে ৷

       ঘানাত কোনো লোকৰ যেতিয়া মৃত্যু হয় , তেওঁৰ মৃত শৰীৰটো কফিনত ভৰাই শ্মশানলৈ নিবলৈ এটা বিশেষ দলে অংশগ্ৰহণ কৰে ৷ সেই দলটোকে কোৱা হয় Pallbearers । ডেন্সিঙ পুলবেয়েৰেৰ্ছ ( Dancing Pallbearers) হৈছে ঘানাৰ প্ৰম্পৰম(Prampram) চহৰৰ এটি কফিন দঙা লোকৰ দল। স্থানীয় ভাবে তেওঁলোকক Nana Otafrija Pallbearing আৰু Waiting Service বা Dada awu বুলি জনা যায়।
               
   
                  এই দলৰ দলপতি বেঞ্জামিন আইড' (Benjamin Aidoo) য়ে প্ৰথমে পৰম্পৰাগত শৈলীৰে এই দলটো গঠন কৰিছিল। পাছলৈ ইয়াত  তেওঁ নৃত্যকলাৰ সংযোজন ঘটায়। কফিন লগত লৈ নৃত্য কৰাৰ বাবদ তেওঁলোকক অতিৰিক্ত ধন আদায় দিব লগা হয়। তেওঁলোকৰ এই দলটো বিশ্বৰ লগত প্ৰথম পৰিচয় হৈছিল  বিবিচি বাতৰি চেনেলটোৰ যোগেদি ২০১৭ চনত।
Dancing Pallbearers ৰ নেতৃত্ব দিয়া বেঞ্জামিন আইড’য়ে বিবিচি ক দিয়া এক সাক্ষাৎকাৰত কৈছিল যে - তেওঁৰ এই দলটোৱে সমগ্ৰ ঘানাত বহুতো নিবনুৱা যুৱকক সংস্থাপন দিয়াৰ উপৰিও মৃতকৰ পৰিয়াল তথা সমাজত এক ইতিবাচক চিন্তাধাৰাৰ ও উদয় হৈছে ৷
চছিয়েল মিডিয়াত জনপ্ৰিয় ভিডিঅ’ বোৰত ৰাছিয়ান সংগীত শিল্পী Tony Igy ৰ Astronomia আৰু DJ Haning আৰু Rizky Ayuba ৰ You know i'll Go Get আদি বিশেষকৈ ব্যৱহৃত হৈছে ৷ Covid 19 ৰ লকডাউনৰ সময়ত বিশেষভাৱে জনপ্ৰিয় হৈ পৰা এই মিম বা ভিডিঅ’ৰ ছবিক ব্ৰাজিল চৰকাৰে জনতাক ঘৰত থাকি লকডাউন মানি চলাৰ বাবেও ব্যৱহাৰ কৰিছে ৷ ঘানাৰ এই Dancing Pallbearers দলটো চছিয়েল মিডিয়াৰ জনপ্ৰিয়তাৰ বাবেই সমগ্ৰ বিশ্বতে চেলিব্ৰিটি সদৃশ হৈ পৰিছে ৷

           
                   বিবিচিত কফিন নৃত্যৰ দল

No comments:

Powered by Blogger.