মাৰ্ক জুকাৰবাৰ্গ

        বৰ্তমান ইণ্টাৰনেটৰ যুগত বহুল ব্যৱহিত সামাজিক মাধ্যম সমূহৰ ভিতৰত ফেচবুক অন্যতম। আজিৰ সময়ত প্ৰায় সকলোৱে ফেচবুকৰ জৰিয়তে ফটো,ভিডিও,নিজৰ মনৰ ভাব আদি বিশ্বৰ আন আন ফেচবুক ব্যৱহাৰকাৰীৰ লগত ভাগ বতৰা কৰে।
    জনপ্ৰিয় এই ফেচবুকৰ জন্মৰ কাহিনী বা ফেচবুকৰ নিৰ্মাতা কোন আপোনালোকে জানেনে ? ফেচবুকৰ নিৰ্মাতা বুলি ক'লেই আমাৰ মনলৈ অহা নামটো হৈছে মাৰ্ক জুকাৰবাৰ্গ

     আজি অৰ্থাৎ ১৪ মে হৈছে তেওঁৰ জন্ম দিন। আহকচোন তেওঁৰ জন্ম দিনত তেওঁৰ বিষয়ে কিছু কথা জানো।
    এডৱাৰ্ড জুকাৰবাৰ্গৰ ঔৰসত আৰু কেৰেন কেম্পনেৰ গৰ্ভত ১৯৮৪ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১৪ মে তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক ৰাজ্যৰ হোৱাইট প্লেনচত জন্ম লাভ কৰিছিল মাৰ্ক জুকাৰবাৰ্গে।

 জুকাৰবাৰ্গে স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল আৰ্ডছলে হাই স্কুল (Ardsley High School)ত। দুবছৰ পাছত তেওঁক এখন ব্যক্তিগত বিদ্যালয় Phillips Exeter Academy লৈ বদলি কৰা হয়। য'ত তেওঁ গণিত,পদাৰ্থ বিজ্ঞান, মহাকাশ বিজ্ঞান, শাস্ত্ৰীয় শিক্ষাত বিভিন্ন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
     ডেকা কালত তেওঁ Johns Hopkins Center for Talented Youthৰ গ্ৰীষ্মকালীন শিবিৰত অংশগ্ৰহণ কৰিছিল। কলেজৰ নামভৰ্তি প-পত্ৰত জুকাৰবাৰ্গে উল্লেখ কৰিছিল যে তেওঁ French, Hebrew, Latin আৰু Ancient Greek ভাষা পঢ়িব আৰু লিখিব পাৰে। উল্লেখ্য যে তেওঁ কলেজৰ ফেঞ্চিঙ দলৰ দলপতি আছিল।
    জুকাৰবাৰ্গে স্কুলত পঢ়ি থকা দিনৰে পৰা কম্পিউটাৰ চলাবলৈ আৰু ছফ্টৱেৰ লিখিবলৈ লৈছিল।১৯৯০ চন মানত তেওঁৰ দেউতাকেই তেওঁক Atari BASIC Programmingৰ শিক্ষা প্ৰদান কৰিছিল। পাছৰ পৰ্য্যায়ত তেওঁ ডেভিড নিউমেন(David Newman) নামৰ এজন ছফ্টৱেৰ ডেভেলপাৰৰ ওচৰত শিক্ষা লাভ কৰে। স্কুলত পঢ়ি থাকোতেই জোকাৰবাৰ্গে ঘৰৰ ওচৰৰ মাৰ্চি কলেজ (Mercy College)ত এই বিষয়ত স্নাতক শিক্ষা লাভ কৰে।
        জুকাৰবাৰ্গে সৰুতেই জাকনেট(Zuknet) নামেৰে কম্পিউটাৰৰ মাজত বাৰ্তা প্ৰেৰণ কৰিব পৰাকৈ এটি ছফ্টৱেৰ নিৰ্মাণ কৰিছিল।


             জুকাৰবাৰ্গে হাৱাৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ সময়ত তেওঁ ইতিমধ্যে ছফ্টৱেৰ প্ৰগ্ৰেমাৰ হিচাপে চিনাকি লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ মানোবিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞানৰ ওপৰত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ CourseMatch নামেৰে এটি কম্পিউটাৰ প্ৰগ্ৰেম লিখি উলিয়াইছিল যি শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক শ্ৰেণীৰ বিভিন্ন সিদ্ধান্ত লোৱাৰ উপৰিও পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰিছিল।



          কিছু বছৰৰ পাছত তেওঁ Facemash নামেৰে বেলেগ এটি প্ৰগ্ৰেম লিখি উলিয়াইছিল যি ইয়াৰ ব্যৱহাৰকাৰী সকলক বিভিন্ন ফটোৰ মাজৰ পৰা আটাইতকৈ বেছি সুন্দৰ ব্যক্তি গৰাকীৰ ফটোখন নিজৰ ইচ্ছা অনুসৰি নিৰ্বাচন কৰিবলৈ সুবিধা প্ৰদান কৰিছিল।

          কিন্তু এসপ্তাহ মানৰ পাছত এই এপ্লিকেচন টো হাৱাৰ্ড বিশ্ববিদ্যালয়ে বন্ধ কৰি দিয়ে। জোকাৰবাৰ্গৰ ওপৰত অভিযোগ উঠিছিল যে তেওঁ অনুমতি অবিহনে বিভিন্নজনৰ ফটো ব্যৱহাৰ কৰিছিল।
    ২০০৪ চনৰ জানুৱাৰী মাহত তেওঁ নতুন ৱেবছাইট এটাৰ কাৰণে প্ৰগ্ৰেম লিখা আৰম্ভ কৰে আৰু তাৰ পাছৰ মাহত অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখে জুকাৰবাৰ্গে "The Facebook" ৰ আৰম্ভণি কৰে।
     কিন্তু ছয় দিনৰ পাছত জুকাৰবাৰ্গৰ তিনিজন অগ্ৰজ Cameron Winklevoss, Tyler Winklevoss আৰু Divya Narendra য়ে অভিযোগ উত্থাপন কৰে যে জোকাৰবাৰ্গে তেওঁলোকক সহায় কৰাৰ কথা দি তেওঁলোকৰ আঁচনি চুৰি কৰি ফেচবুক নিৰ্মাণ কৰিছে। তেওঁলোকে এই বিষয়ে আইনী সহায় ও গ্ৰহণ কৰে। পাছত ১.২ মিলিয়ন ফেচবুকৰ শ্বেয়াৰ দিয়াৰ পাছত বিষয়টো মীমাংসা হয়।


            মাৰ্ক জুকাৰবাৰ্গ আৰু ফেচবুকৰ নিৰ্মাণৰ ওপৰত The Social Network নামেৰে এখন চলচ্চিত্ৰ ২০১০ চনৰ ১ অক্টোবৰ তাৰিখে মুকলি কৰা হৈছে।
         ২০১২ চনত তেওঁ Priscilla Chanৰ লগত বিবাহ পাশত আবদ্ধ হয় আৰু বৰ্তমান দুটা সন্তানৰ পিতৃ।
     

বৰ্তমানলৈকে বিভিন্ন সন্মান লাভ কৰা জুকাৰবাৰ্গ ২০২০ চনৰ মে মাহৰ তথ্য অনুসৰি ৭৬.৪ বিলিয়ন মাৰ্কিন ডলাৰৰ সম্পত্তিৰ অধিকাৰী।
     ৰামধেনুৰ পৰিয়ালে তেখেতক তেখেতৰ জন্মদিনৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো।

                                         

                                                   Happy Birthday Zuckerberg

No comments:

Powered by Blogger.