জনপ্ৰিয় কাৰ্টুন চৰিত্ৰ মিকী মাউছৰ আত্মপ্ৰকাশৰ বিশেষ দিনটো - ১৫ মে’

      স্কুলীয়া দিনবোৰৰ কথা মনত পেলালে টিভিৰ সন্মুখত ঘণ্টাৰ পাছত ঘণ্টা বহি কাৰ্টুন চোৱাৰ স্মৃতি বোৰে সকলোকে নিশ্চয় নষ্টালজিক কৰি তোলে। কেৱল শিশু সকলৰ মাজতে নহয় বিভিন্ন বয়সৰ লোকৰ মাজত কাৰ্টুন চৰিত্ৰ সমূহ জনপ্ৰিয়।বৰ্তমান সময়ত বিভিন্ন ন ন কাৰ্টুন চৰিত্ৰৰ সৃষ্টি হৈ আছে যদিও পুৰণি মিকী মাউছ, টম আৰু জেৰী, আদি কাৰ্টুন চৰিত্ৰৰ জনপ্ৰিয়তা আজিও হ্ৰাস পোৱা নাই। আজি এই কাৰ্টুন চৰিত্ৰ সমূহৰ মাজৰে এটি চৰিত্ৰৰ কাৰণে এক বিশেষ দিন। হয়, মই ক'ব বিচাৰিছো জনপ্ৰিয় কাৰ্টুন চৰিত্ৰ মিকী মাউছ ৰ কথা।

                               
1928 চনৰ আজিৰ দিনটোতে মিকী মাউছ প্ৰথমবাৰৰ বাবে পৰীক্ষণমূলক ভাবে Plane Crazy নামৰ এখন নিৰ্বাক কাৰ্টুন চুটি ছবিত আত্মপ্ৰকাশ কৰিছিল।

          এজন আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, এনিমেটৰ তথা মানৱতাবাদী পুৰুষ ৱাল্টাৰ এলিয়াচ 'ৱাল্ট' ডিজনীয়ে মনোৰঞ্জন জগতত বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল ৷ তেওঁৰ দ্বাৰাই প্ৰতিষ্ঠা হৈছিল  বিশ্বৰ অন্যতম বোলছবি প্ৰযোজনা সংস্থা ৱাল্ট ডিজনী কোম্পানী ৷ এজন চলচ্চিত্ৰ প্ৰযোজক হিচাপে আৰু এনিমেচন তথা থীম পাৰ্কৰ ৰূপাঙ্কনৰ বাবে ডিজনী বিশেষভাৱে জনাজাত আছিল ৷ তেওঁ আৰু তেওঁৰ কৰ্মচাৰী সকলে মিলি বিশ্বৰ কিছুমান বিখ্যাত কাল্পনিক চৰিত্ৰৰ জন্ম দিছিল ৷ তেনে এটি চৰিত্ৰই হ’ল মিকী মাউছ ৷ উল্লেখযোগ্য যে এই মিকী মাউছ চৰিত্ৰটোত ডিজনীয়ে নিজেই কণ্ঠদান কৰিছিল ৷
 

মিকী মাউছ চৰিত্ৰটো সৃষ্টিৰ কাহিনী-

          1927 চনত ডিজনীয়ে তেওঁৰ প্ৰথমখন সম্পূৰ্ণ এনিমেচন ভিত্তিক ধাৰাবাহিক মুখ্য চৰিত্ৰ Oswald the Lucky Rabbit লৈ আৰম্ভ কৰে যাৰ মালিকীস্বত আছিল উনিভাৰ্চেল পিকচাৰ্ছৰ ওচৰত ৷ মিকী মাউছ এই Oswald the Lucky Rabbit চৰিত্ৰৰ সলনি সৃষ্টি কৰা এটি চৰিত্ৰ ৷ ডিজনী আৰু চাৰ্লছ মিন্টজ (Charles Mintz) যি ডিজনী আৰু উনিভাৰ্চেল পিকচাৰ্ছৰ মাজত এজন মাধ্যভোগী প্ৰযোজক হিচাপে কাম কৰিছিল দুয়োৰে মাজত  বিভিন্ন কাৰণত  হোৱা মতবিৰোধ আৰু ডিজনী ষ্টুডিওৰ বহুত কৰ্মচাৰী চাৰ্লছ মিন্টজৰ কোম্পানীত কাম কৰিবলৈ গুচি যোৱাৰ বাবে ডিজনী আৰু Oswald ৰ মাজৰ সম্পৰ্ক ফাট মেলে। ডিজনী ষ্টুডিওত থাকি যোৱা কৰ্মচাৰী সকলৰ ভিতৰত Ub Iwerks, Les Clark আৰু Wilfired Jackson অন্যতম।
    ডিজনীয়ে যেতিয়া Ub Iwerksক নতুন কাৰ্টুন চৰিত্ৰ অঙ্কণৰ বাবে অনুৰোধ কৰিলে, Ub Iwerks য়ে কুকুৰ, মেকুৰী,গৰু,ঘোঁৰা আদি বিভিন্ন জীৱ- জন্তুৰ চিত্ৰ অংকন কৰিছিল।কিন্তু কোনোটোৱেই ডিজনীক আকৃষ্ট কৰিবলৈ সক্ষম হোৱা নাছিল।
           

      ৱাল্ট ডিজনীয়ে তেওঁৰ কাঁ চিটিত থকা  Laugh-O-Gram ষ্টুডিওৰ মেজত দেখা এটি নিগনিৰ পৰা মিকী মাউছৰ চৰিত্ৰটোৰ বাবে অনুপ্ৰেৰণা পাইছিল। ১৯২৫ চনত Hugh Harman য়ে নিগনিৰ কিছুমান স্কেটছ অংকন কৰে। এই স্কেটছবোৰৰ পৰা অনুপ্ৰেৰণা লৈ Ub Iwerks য়ে ডিজনীৰ কাৰণে এটি নতুন নিগনিৰ কাৰ্টুন চৰিত্ৰ অংকন কৰে।প্ৰথম অৱস্থাত এই চৰিত্ৰটোৰ নাম Mortimer Mouse আছিল যদিও পাছলৈ ইয়াৰ নাম Mickey Mouse কৰা হয়।

         ৱাল্ট ডিজনীয়ে 1928 চনৰ আজিৰ দিনটোতে মিকী মাউছক প্ৰথমবাৰৰ বাবে পৰীক্ষণমূলক ভাবে তেওঁৰ প্ৰথমখন নিৰ্বাক কাৰ্টুন চুটি ছবি Plane Crazy ত আত্মপ্ৰকাশ কৰিছিল যদিও ছবিখনে ছবি বিতৰকক আকৃষ্ট কৰিবলৈ সক্ষম হোৱা নাছিল।


তাৰ ঠিক পাছৰ বছৰত ডিজনীয়ে Steamboat willie নামেৰে মিকী মাউছৰ প্ৰথমখন সবাক চলচিত্ৰ নিৰ্মাণ কৰে। এই চিনেমা খনে দৰ্শকৰ বিপুল সমাদৰ লাগে কৰাৰ পাছত সবাক চিনেমা হিচাপে ১৯২৯ চনৰ ১৭ মাৰ্চ তাৰিখে plane crazy ক মুকলি কৰা হয়। Steamboat Willie,The Gallopin' Gaucho আৰু The Barn Dance ৰ পাছত এইখন মিকীৰ চতুৰ্থ চিনেমা আছিল।
 
             1932 চনত মিকী মাউছ চৰিত্ৰ সৃষ্টিৰ বাবে  ডিজনীয়ে Academy of Motion Picture Arts and Sciences ৰ তৰফৰ পৰা বিশেষ সন্মান লাভ কৰিছিল ৷ ডিজনীয়ে সৃষ্টি কৰা এই মিকী মাউছ কাৰ্টুন চৰিত্ৰটো  সকলোৰে মাজত সদায়ে জনপ্ৰিয় হৈ থাকিব ৷



No comments:

Powered by Blogger.