প্ৰথম অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান - ১৬ মে'

    বিশ্ব চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ বঁটা অৰ্থাৎ অস্কাৰ বঁটা (Academy Awards বা The Oscars) চলচ্চিত্ৰ জগতৰ বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শিতাক সন্মান জনাই প্ৰদান কৰা এক বাৰ্ষিক বঁটা ৷ ১৯২৯ চনৰ ১৬ মে’ অৰ্থাৎ আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে হ’লিউড ৰ’জভেল্ট হোটেলত প্ৰায় ২৭০ গৰাকী দৰ্শকৰ উপস্থিতিত বঁটা প্ৰদান কৰা অনুষ্ঠানটো অনুষ্ঠিত হৈছিল ।

 আমেৰিকাৰ একাডেমী অব্ ম’চন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্স’ য়ে ( Academy of Motion Picture Arts & Sciences ) প্ৰতিবছৰে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ , তথ্যচিত্ৰ , পৰিচালক, অভিনেতা অভিনেত্ৰী, কাহিনী, চিনেমাট’গ্ৰাফী , কলা নিৰ্দেশনা , সম্পাদনা , সংগীত , ৰূপসজ্জা , সাজ সজ্জা ,প্ৰযুক্তিগত অৰিহণা আদি বহুকেইটা শিতানত অস্কাৰ বঁটা প্ৰদান কৰে ৷ চলচ্চিত্ৰৰ গুনগত মানৰ প্ৰসাৰ ঘটোৱা আৰু চলচ্চিত্ৰৰ বাণিজ্যৰ খ্যাতি বঢ়োৱাই এই বঁটা প্ৰদানৰ ঘাই উদ্দেশ্য ৷


প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল  The Last Command আৰু The Way of All Flesh নামৰ চলচ্চিত্ৰত অভিনয় কৰা Emil Jannings য়ে ৷প্ৰথম অস্কাৰ বঁটা লাভ কৰোতা সকলৰ নাম বঁটা প্ৰদান কৰা সমাৰোহৰ অনুষ্ঠানত পূৰ্বেই ঘোষণা কৰা হৈছিল ৷ কিন্তু ১৯৪০ চনৰ পৰা এই নিয়ম সলনি কৰি অস্কাৰ প্ৰদান কৰাৰ আগমুহূৰ্ততহে বিজেতাৰ নাম ঘোষণা কৰিবলৈ লয় ৷


একাডেমী অ’ব ম’চন পিকচাৰৰ সৌজন্যত প্ৰদত্ত বাবে এই বঁটা একাডেমী বঁটা বা একাডেমী এৱাৰ্ড নামেৰেও জনাজাত ৷ দৰাচলতে একাডেমী এৱাৰ্ড নামেৰেই এই বঁটা প্ৰদান আৰম্ভ হৈছিল ৷ অস্কাৰ নামটো পিছতহে সংযোজন হৈছিল ৷ইয়াক লৈও এটা কাহিনী আছে -  একাডেমীৰ এগৰাকী গ্ৰন্থাগাৰিক মাৰ্গাৰেট হেৰিকৰ এবাৰ এই বঁটাৰ বাবে প্ৰস্তুত কৰি উলিওৱা ট্ৰফীটো চকুত পৰাত তেওঁৰ মনলৈ আহিলে যে তেওঁৰ খুৰাক অস্কাৰৰ সৈতে ট্ৰফীটোৰ বহুতখিনি সাদৃশ্য আছে ৷ তেওঁ ট্ৰফীটোক অস্কাৰ বুলিবলৈ ল’লে ৷ ক্ৰমে অকাডেমীৰ আন সদস্যইও অস্কাৰ বুলিবলৈ আৰম্ভ কৰিলে ৷ এনেদৰেই পৰৱৰ্তী সময়ত অস্কাৰ নামটো জনপ্ৰিয় হৈ পৰিল ৷ ১৯৩৯ চনত অস্কাৰ নামটোক একাডেমীত আনুষ্ঠানিক স্বীকৃতি দিয়া হৈছিল ৷
অস্কাৰ বঁটাটোৰ ওজন প্ৰায় ৩.৮ কি. গ্ৰা., উচ্চতা প্ৰায় ১৩.৫ ইঞ্চি ৷ ট্ৰফীটো অৰ্ধনগ্ন এটা পুৰুষৰ মূৰ্তি ৷ মূৰ্তিটো ২৪ কেৰেট সোণৰ প্ৰলেপ দিয়া ব্ৰঞ্জেৰে নিৰ্মিত ৷ এই মূৰ্তিটো থিয় হৈ আছে চলচ্চিত্ৰৰ ৰীলৰ আকৃতিৰ এক বেদীৰ ওপৰত ৷ এই বঁটাটো নিৰ্মাণ কৰিছিল শিল্প নিৰ্দেশক ছেড্ৰিক গিবচনৰ নক্সা অনুসৰি জৰ্জ ষ্টেনলিয়ে ৷

উল্লেখ্য যে দক্ষিণ কোৰিয়াৰ চিনেমা পাৰাছাইট (Parasite) য়ে ২০২০ চনৰ শ্ৰেষ্ঠ ছবিৰ শিতানত অস্কাৰ লাভ কৰিছিল। চিনেমাখনৰ পৰিচালক আছিল Bong Joon-ho
 
 অস্কাৰৰ ইতিহাসত আমাৰ অসমৰ নামো বহুত ক্ষেত্ৰত জড়িত হৈ আছে। ২০১৯ চনত ভাৰতৰ পৰা অস্কাৰৰ বাবে অসমৰ  ৰিমা দাস পৰিচালিত বোলছবি "Village Rockstar" ৰ নাম প্ৰেৰণ কৰা হৈছিল।

অসমৰ এজন নামী অভিনেতা আদিল হুছেইন অভিনীত নৰৱে ৰ "What Will People Say" নামৰ বোলছবি খন ২০১৯ চনৰ অস্কাৰ নমিনেচন পাইছিল। অসমৰ বাবে গৌৰৱৰ কথা যে আদিল হুছেইনে অস্কাৰ লাভ কৰা চিনেমা "Life of pi" ত ও অভিনয় কৰিছিল।
✒️মনময়ুৰী মহন্ত


No comments:

Powered by Blogger.