পৰাগ কুমাৰ দাস

    আজি ১৭ মে’ ৷ পৰাগ কুমাৰ দাস দেৱৰ মৃত্যু তিথি ৷ ১৯৯৬ চনৰ আজিৰ দিনটোতে গোটেই জীৱন অন্যায়ৰ বিৰুদ্ধে যুঁজ কৰি কৰি শেষত পুত্ৰক অসম জাতীয় বিদ্যালয়ৰ পৰা আনিবলৈ যাওঁতে গুৱাহাটীৰ ৰাজগড় পথৰ বিদ্যালয়ৰ সন্মুখতেই আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল৷


জন্ম: 
             ১৯৬১ চনৰ ২৪ জানুৱাৰীত শ্বিলঙত পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল। তেখেতৰ মাতৃ আছিল নিৰুপমা দাস |

শিক্ষা:
       
গুৱাহাটীৰ চেনিকুঠি বালক বিদ্যালয়ৰ পৰা তেখেতৰ শিক্ষাজীৱন আৰম্ভ হয় আৰু এম চি এম ই স্কুলৰ পৰা মাধ্যমিক আৰু কটন কলেজিয়েট স্কুলৰপৰা হাইস্কুল শিক্ষা সম্পন্ন কৰে | ১৯৭৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰি তেখেতে মেধাশক্তিৰ পৰিচয় দিয়ে। পূনৰ কটন কলেজৰপৰা বিজ্ঞান শাখাত প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান অৰ্জন কৰে আৰু দিল্লীলৈ ঢাপলি মেলে | দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰপৰা অৰ্থনীতি বিভাগত সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী উপাধি লয় আৰু দিল্লীৰ 'স্কুল অৱ্‌ ইকন্‌মিকছ'-ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।


কৰ্ম জীৱন:

১৯৮৪ চনত পঞ্জাৱ নেছনেল বেংকত বিষয়া হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। তাৰ পিছত ইউনিট ট্ৰাষ্ট আৰু গুৱাহাটী ষ্টক এক্সছেঞ্জত মহাপ্ৰৱন্ধক হিচাপে যোগদান কৰে। যদিও ১৯৯৫ চনত চাকৰিৰপৰা পদত্যাগ কৰি 'অসমীয়া প্ৰতিদিন' কাকতৰ কাৰ্যবাহী সম্পাদক পদত যোগদান কৰে তথাপিও কিন্তু আশীৰ দশকতে অসমীয়া আলোচনী 'প্ৰান্তিক' আৰু 'দ্যা ছেণ্টিনেল' ইংৰাজী কাকতৰ নিয়মীয়া স্তম্ভ লেখক হিচাবে তেওঁ সাংবাদিক জীৱন আৰম্ভ কৰিছিল। ১৯৮৯ চনৰ মাৰ্চ মাহৰ প্ৰস্তাৱনা সংখ্যাৰপৰা সাপ্তাহিক 'বুধবাৰ' কাকতৰ সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰে। ১৯৯৪ চনৰপৰা 'আগান' আলোচনীৰ প্ৰকাশক আৰু সম্পাদক হয়। ইয়াৰ পাছতে তেখেতে 'অসমীয়া প্ৰতিদিন' কাকতৰ কাৰ্যবাহী সম্পাদক ৰূপে দায়িত্ব গ্ৰহণ কৰে আৰু মৃত্যুৰ সময়লৈকে তেখেত প্ৰতিদিনৰ সম্পাদক হিচাপে কৰ্মৰত আছিল |
               তেখেতৰ কৰ্মজীৱনত ১৯৯১ চনৰপৰা "মানৱ অধিকাৰ সংগ্ৰাম সমিতি"ৰ আহ্বায়ক আৰু পিছলৈ সচিব প্ৰধান হিচাপে কৰ্যনিৰ্বাহ কৰিছিল। "উত্তৰ-পূব মানৱ অধিকাৰ সমন্বয় ৰক্ষী সমিতি"ৰ সচিব প্ৰধান আছিল। ক্ৰমে ১৯৯২ আৰু ১৯৯৪ চনত গঠিত "বাক্‌ স্বাধীনতা সংগ্ৰাম সমিতি" আৰু "গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতি"ৰ সক্ৰিয় নেতা আছিল।


 তেওঁৰ সাহস আমাৰ বাবে সদায়ে প্ৰেৰণা হৈ থাকিব ৷ তেওঁৰ কলমেৰে নিগৰিত প্ৰতিটো শব্দৰ মাজতে তেওঁ জীয়াই আছে ৷ কায়িকভাৱে জীয়াই নাথাকিলেও তেখেতৰ আদৰ্শ এচাম অসমীয়াই আজিও জীয়াই ৰাখিছে ৷ ২৪ বছৰেও তেখেতৰ হত্যাকাৰী চিনি উলিয়াব নোৱাৰাটো অতিকৈ দুখৰ কথা ৷ মৃত্যু তিথিৰ দিনা অসমীয়া জাতিৰ বলিষ্ঠ কণ্ঠ গৰাকীলৈ যাচিছোঁ শ্ৰদ্ধাঞ্জলি ৷

বিভিন্ন জনৰ দৃষ্টিভংগীৰে পৰাগ কুমাৰ দাস:

◆হীৰেন গোহাঁইৰ মতে - (পৰাগ কুমাৰ দাসে ) ...ৰাষ্ট্ৰৰ চৰ্দাৰিৰ বাহিৰত অসমৰ জাতীয় উন্নয়নৰ কথা কৈছিল, আমাৰ সম্পদৰ ভিত্তিত আমাৰ নিয়ন্ত্ৰণত অসমৰ উন্নয়ন ঘটোৱাৰ কথা কৈছিল | তেওঁ নিজৰ চিন্তা আৰু কৰ্মৰে যি পৰিৱেশ ৰচনা কৰিছিল, অসমৰ যুৱ সমাজক যেনেদৰে আলোড়িত কৰিছিল, আজি তাৰ কণমাত্ৰ অৱশেষ বিচাৰিও হাবাথুৰি খাব লাগে | পৰাগ কুমাৰ দাস এজন ব্যক্তি নাছিল, তেওঁ আছিল এক জীৱন্ত শক্তি | বঞ্চিত, শোষিত অসমৰ সৃষ্টিকামী যুৱসমাজৰ মুক্তমনা আত্মপ্ৰতিষ্ঠাৰ আকাংক্ষাৰ তেওঁ মুখপাত্ৰ আছিল।

◆ননী গোপাল মহন্তই Confronting The State গ্ৰন্থত লিখিছে -He has been utilising his newspaper Boodhbar to propagate the ideals of ULFA. Every Edition of his paper is dedicated to the cause and ideals of ULFA; in the process, he has been advocating the secession of Assam from India.

◆অজিত কুমাৰ ভূঞাৰ মতে পৰাগ কুমাৰ দাসৰ মৃত্যু 'পৰ্বততকৈয়ো গধুৰ'।

বিশিষ্ট বুদ্ধি জীৱী হোমেন বৰগোহাঞিৰ মতে পৰাগ কুমাৰ দাস কেৱল এজন প্ৰতিভাৱান সাংবাদিকেই নাছিল, তেওঁ আছিল বিৰাট পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পৰা আৰু তাৰ
কাৰণে জীৱনৰ সকলো সুখ-স্বাছন্দ্য ত্যাগ কৰিব পৰা এজন সাহসী, চিন্তাশীল মানুহ.



পৰাগ কুমাৰ দাসৰ প্ৰকাশিত কিতাপ: 

●ছাংলট ফেন্লা‌

●স্বাধীনতাৰ প্ৰস্তাৱ

●নিষিদ্ধ কলম আৰু অন্যান্য

●আমি যি কথা কৈছিলো (অজিত কুমাৰ ভূঞাৰ সৈতে যুটীয়াভাৱে ৰছিত)

●ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি

●মোক স্বাধীনতা লাগে

●স্বাধীন অসমৰ অৰ্থনীতি




            

No comments:

Powered by Blogger.