প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ জন্মদিন - ২১ মে’

অসমীয়া জাতিৰ মাজত অন্তৰ্নিহিত হৈ থকা গুণ সমূহৰ উৎকৰ্ষ সাধনৰ বাট উলিয়াই দি জাতিটোক উন্নতিৰ শিখৰলৈ যোৱাৰ পথৰ সন্ধান দিয়া অসমীয়া সকলৰ ভিতৰত অন্যতম এজন হ’ল অসমৰ সুযোগ্য সন্তান আনন্দৰাম বৰুৱা ৷

সংস্কৃত ভাষাৰ এজন বিদগ্ধ পণ্ডিত , প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া ( আই.চি.এছ) ,
প্ৰথম গ্ৰেজুৱেট তথা এজন অধিবক্তা আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীত ১৮৫০ চনৰ ২১ মে’ অৰ্থাৎ আজিৰ দিনটোতে ৷ দেউতাকৰ নাম আছিল গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম দুৰ্লভেশ্বৰী বৰুৱা ৷ গৰ্গৰাম বৰুৱাৰ চাৰিগৰাকী সন্তানৰ তৃতীয়জন আছিল আনন্দৰাম বৰুৱা ৷
আনন্দৰাম বৰুৱাই প্ৰথমে সংস্কৃত শিক্ষা গ্ৰহণ কৰে। তেখেত মেধাবী ছাত্ৰ আছিল। ১৪ বছৰ বয়সত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ 'প্ৰেছিডেন্সী কলেজ'ত এফ. এ. (FA) পঢ়িবলৈ লয়। ১৮৬৬ চনত তেওঁ এফ.এ. পৰীক্ষাত প্ৰথম বিভাগৰ ষষ্ঠ স্থান অধিকাৰ কৰে, আৰু গণিত বিভাগত 'ডাফ' বৃত্তি (Duff Scholarship) লাভ কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ বি. এ. পৰীক্ষাত তেখেতে তৃতীয় স্থান লাভ কৰে। ইয়াৰ পাছত তেখেতে উচ্চ শিক্ষাৰ বাবে বৃত্তি লৈ ইংলেণ্ডলৈ যায়।

 তেওঁ লণ্ডন বিশ্ববিদ্যালয়ত বিজ্ঞান আৰু 'মধ্য টেম্পল'ত (Middle Temple) আইনৰ শিক্ষা গ্ৰহন কৰে। একলগে তেওঁ প্ৰশাসনীয় সেৱাৰ সহায়িকা বিষয়তো যোগদান কৰে। ১৮৭০ চনত তেওঁ 'ভাৰতীয় প্ৰশাসনীয় সেৱা'ৰ (I.C.S. Examination) পৰীক্ষাত উত্তীৰ্ণ হয়। ১৮৭১ চনত তেখেতে আইনৰ পৰীক্ষাতো উত্তীৰ্ণ হয়; একেটা বছৰতে তেখেতে বি. এছ.চি ডিগ্ৰীও লাভ কৰে। আনন্দৰাম বৰুৱা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ  পঞ্চম গৰাকী বিষয়া।

১৮৭২ চনত আনন্দৰাম বৰুৱা ভাৰতলৈ উভতি অহাৰ পিছত  শিৱসাগৰ জিলাৰ সহকাৰী কমিছনাৰ পদত যোগদান কৰে। এবছৰ অসমত কাম কৰাৰ পাছত তেখেতক বংগলৈ বদলি কৰা হয় আৰু চাকৰি জীৱনৰ বাকি কালচোৱা তেখেতে তাতেই কটায়।
চাকৰি কালতো আনন্দৰাম বৰুৱাই পঢ়া-শুনা এৰা নাছিল। তেখেতে হেনো হাকিমৰ কামৰ ফাঁকে ফাঁকে কাৰ্যালয়তো কিতাপ পঢ়িছিল। চৰকাৰী চাকৰিৰ লগতে তেখেতে পঢ়া-শুনাৰ কামো চলাই ৰাখিছিল। ১৮৮১ চনত তেখেতে সংস্কৃত ভাষাৰ এখন বৃহৎ ব্যাকৰণ ৰছনাৰ পৰিকল্পনা লয়। প্ৰতিটো খণ্ডত এহেজাৰ পৃষ্ঠা সম্বলিত ১২-টা খণ্ডৰ এই ব্যাকৰণৰ বাবে তথ্য সংগ্ৰ্হ কৰিবলৈ তেখেতে লণ্ডনলৈ যায়। ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত বিভিন্ন কিতাপ-পত্ৰ আৰু সাঁচিপাতৰ অধ্যয়ন কৰি পুঠিখনৰ বাবে সমল গোটাই দুটা বছৰৰ পাছত ১৮৮৩ চনৰ অক্টোবৰ মাহত তেখেত ভাৰতলৈ উভতি আহে।


১৮৮৫ চনত আনন্দৰাম বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ ফেলো (Fellow of Calcutta University) নিৰ্বাচিত হয়, আৰু কলা শাখাত সংশ্লিষ্ট (Faculty of Arts) হৈ থাকে।
১৮৮৭ চনত তেখেতক দ্বিতীয়বাৰৰ বাবে বংগৰ নোৱাখালি জিলালৈ বদলি কৰা হয়। তেখেতৰ নামতো বংগৰ কেবাঠাইতো স্কুল-কলেজ আৰু পুখুৰী আদিৰ নাম ৰখা হৈছিল। কৰ্মক্ষেত্ৰত দেখুওৱা কুশলতাৰ বাবে তেখেতে চৰকাৰৰো আস্থাভাজন হ'বলৈ সক্ষম হৈছিল।

আনন্দৰাম বৰুৱা সংস্কৃতৰ বিদগ্ধ পণ্ডিত আছিল। তেখেত পাশ্চাত্য সংস্কৃতিৰদ্বাৰা প্ৰভাৱান্বিত আছিল যদিও, ভাৰতীয় ইতিহাসৰ প্ৰতিও শ্ৰদ্ধাশীল আছিল। সংস্কৃত ভাষাত তেখেতৰ কৰ্মৰাজী পাশ্চাত্য বস্তুনিষ্ঠতাৰে সংস্কৃত ভাষাৰ ওপৰত প্ৰথম আলোকপাত আছিল। তেখেতে অসমীয়া ভাষাত কোনো গ্ৰন্থ লিখা নাছিল যদিও ইংৰাজী ভাষাত ৰচনা কৰি বিশ্বত নিজৰ স্থান স্থিৰ কৰি অসমীয়া জাতিক গৌৰৱাণ্বিত কৰিছিল। তেওঁৰ ৰচনাসমূহ হ'ল-- A Practical English-Sanskrit Dictonary, Higher Sanskrit Grammar;Gender and Syntax, The Ancient Geography of India:Geographical Names In Sanskrit, Bhavabhuti's Mahavircharitram (edited), A Companion To The Sanskrit-Trading Under Graduates Of The Calcutta University, Bhavabhuti And His Place in Sanskrit Literature, A Comprehensive Grammer of The Sanskrit Language:Analytical,Historical And Lexicographical etc.


১৮৮৯ চনৰ জানুৱাৰী মাহৰ ১৯ তাৰিখে তেখেতৰ মৃত্যু হয়। তেখেতৰ মৃত্যুত অসম মাতৃয়ে এজন সুপুত্ৰক হেৰুৱালে ৷অসম চৰকাৰে এখেতৰ সন্মানাৰ্থে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভাল ফল দেখুওৱাসকলৰ বাবে "আনন্দৰাম বৰুৱা বঁটা" প্ৰৱৰ্তন কৰাৰ লগতে
গুৱাহাটীৰ চানমাৰীত অৱস্থিত এখন উৰনীয়া সেতু "আনন্দৰাম বৰুৱা সেতু"ৰ নাম দিয়াৰ  লগতে অসমৰ অনেক বাট পথ, শৈক্ষিক প্ৰতিষ্ঠান, ছাত্ৰ-ছাত্ৰী নিবাস, উদ্যান আদি তেখেতৰ নামত নামেৰে নামাকৰণ কৰিছে ৷
এই মহান অসমীয়া গৰাকীৰ স্মৃতিত জন্মদিৱসৰ দিনা আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ।
✒️মনময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.