শাপগ্ৰস্ত জয়-বিজয়, ভক্ত প্ৰহ্লাদ আৰু অৱতাৰী নাৰায়ন

সেইসময়ত বৈকুণ্ঠৰ সপ্তম দ্বাৰত দ্বাৰৰক্ষী আছিল জয় আৰু বিজয় |নাৰায়ন আছিল লক্ষী আইৰ সৈতে অনন্ত শয্যাত | সেইসময়তে ব্ৰহ্মাৰ মানস পুত্ৰ চাৰিজন সনক, সনন্দ, সনাতন আৰু সনতকুমাৰে ছয়খন দ্বাৰ অতিক্ৰম কৰা সপ্তম দ্বাৰত উপস্থিত হল |
প্ৰভুৰ সাক্ষাতৰ বাবে চাৰিওজনে দ্বাৰৰক্ষী দুজনক পথ এৰি দিবৰ বাবে অনুৰোধ জনালে | অহংকাৰে মত্ত হৈ দুয়ো দ্বাৰৰক্ষীয়ে উলংগ বালক বুলি অপমান কৰি চাৰিওজনকে সপ্তম দ্বাৰৰ পৰা বাহিৰ কৰিবলৈ চেষ্টা কৰিলে | তেতিয়া চাৰিসিদ্ধ ক্ৰোধত বশীভূত হল আৰু জয় বিজয়ক অভিশাপ দিলে যে তিনিজন্ম ধৰি তেওঁলোকে দেৱদ্ৰোহী, বিষ্ণুদ্ৰোহী আৰু ভকতদ্ৰোহী হৈ মত্যত জন্মগ্ৰহণ কৰিব লাগিব | 

তেতিয়া নাৰায়ন আৱিৰ্ভাৱ হৈ চাৰিসিদ্ধৰ আগত দৰ্শন দিলে আৰু কলে যে,  "অভিশাপ দিয়ালো ময়েই" | অহংকাৰীৰ পতন অনিবাৰ্য বুলি চাৰিসিদ্ধক নিজৰ কৰ্তব্যত অগ্ৰসৰ হবলৈ পৰামৰ্শ দিলে আৰু চাৰিসিদ্ধয়ো প্ৰনাম জনাই বিদায় ললে | নাৰায়নে তেতিয়া জয় বিজয়ক কলে বৈৰীভাৱে তিনিজন্ম গ্ৰহণ কৰিব লাগিব আৰু যেতিয়াই তেওলোকে বৈষ্ণৱৰ ওপৰত দ্ৰোহ আচৰিব, তেতিয়াই যোগ্য প্ৰতিদ্বন্দী ৰূপে তেওলোকৰ মুক্তি দিব | এইবুলি বিষ্ণু অন্তধ্যান হল | 

       কৰ্মফল ভোগ কৰি জয় বিজয়েও প্ৰথম জন্ম ধাৰন কৰিলে | আদিদৈত্য হিৰণ্যকশিপুৰ আৰু হিৰনাক্ষ ৰূপে দুয়োজন অতি পৰাক্ৰমী দৈত্য কাশ্যপৰ ঔৰসত দৈত্যমাতা দিতিৰ গৰ্ভত জন্ম হল | 

     দৈত্যবীৰ হিৰনাক্ষই স্বৰ্গআৰোহন কৰি ইন্দ্ৰক পৰাভূত কৰি ইন্দ্ৰক স্বৰ্গৰ পৰা খেদাই পঠালে | বসুমতীক হৰন কৰি ৰসাতলত স্থাপন কৰিলে | তাৰ পৰাক্ৰম দেখি স্বয়ং ব্ৰক্ষ্মা চিন্তিত হল আৰু এই বিষয়ে ভাৱি থাকোতে বিধাতাৰ নিশ্বাসত নাৰায়নে বৰাহ ৰূপ ধাৰন কৰি দন্তৰ প্ৰহাৰত হিৰনাক্ষক নিধন কৰিলে আৰু বসুমতীক ৰসাতলৰ পৰা উদ্ধাৰ কৰিলে | 

সেইসময়ত বসুমতী ৰজস্বলা আছিল, দন্তঅগ্ৰে বসুমতীক উদ্ধাৰ কৰোতে বসুমতীয়ে বৰাহৰূপী বিষ্ণুক স্বামী বাঞ্চা কৰিলে আৰু বিষ্ণুয়ে বসুমতীৰ ইচ্ছা পূৰন কৰিলে | তেওলোকৰ বিবাহৰ সাক্ষী হৈ ৰল নৰকাসুৰ নামে এক প্ৰৱল প্ৰতাপী অসুৰ | নৰকাসুৰ পাছত প্ৰাগজ্যোতিষৰ ৰজা হৈছিল |

     ভাতৃৰ মৃত্যুত আদিদৈত্য হিৰণ্যকশিপুৰ অতি ক্ৰোধান্বিত হল আৰু ভাতৃহন্তাৰ ওপৰত প্ৰতিশোধ লৱৰ বাবে ব্যাকুল হল | তেওঁ এক মহান তপস্যাত ব্ৰতী হল যাৰ তপোবল দেখি স্বয়ং যোগেশ্বৰ চিন্তিত হল আৰু উপায়ন্তৰ হৈ হিৰণ্যকশিপুক দৰ্শন দিলে | বহু বছৰ তপস্যাত ব্ৰতী থকাৰ বাবে হিৰণ্যকশিপুৰৰ দেহা ওঁই হাফলুৱে ঢাকি পেলাইছিল | সাক্ষাত ব্ৰক্ষ্মাক দেখা পাই প্ৰথমতে অমৰত্ব বৰেই বিচাৰিলে কিন্তু ব্ৰক্ষ্মাই সেই বৰ দিবৰ বাবে অস্বীকাৰ হোৱাত এনে বৰ বিচাৰিলে যে "নাগ নৰ, যক্ষ-ৰক্ষ, মানৱ-দানৱ,
পাতালৰ মহাভূজংগম কাৰোৰে হাতত তেওৰ যেন মৰন নহয়, দিন ৰাতি কিম্বা গভীৰ নিদ্ৰাত ,আকাশ পাতাল , জল স্থল কতোৱেই তেওৰ মৃত্যু নহয়,  অস্ত্ৰ-শস্ত্ৰ একোৱেই তেওক বধ কৰিব নোৱাৰে |" 
তথাস্তু বুলি ব্ৰক্ষ্মাদেৱে সেই বৰকেই প্ৰদান কৰিলে | 
এনে বৰ লাভ কৰাৰ পাছত হিৰণ্যকশিপুৰ মহা দুৰ্জয় হৈ উঠিল | ভাতৃহন্তাৰ প্ৰতিশোধৰ নিমিত্তে বিষ্ণু ভক্তৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিলে |

         হিৰণ্যকশিপুৰৰ পত্নী কায়াধু অতি ধাৰ্মিক আছিল আৰু তেওঁৰ গৰ্ভতেই এক মহান হৰিভক্তই জন্মগ্ৰহণ কৰিলে | সেইজনেই হৈছে প্ৰহ্লাদ, অতি কম বয়সতেই প্ৰহ্লাদ হৰিভক্ত হৈ হৰিনামৰ মাজতে নিমগ্ন আছিল | হৰিভক্ত প্ৰহ্লাদৰ মনৰ পৰা হৰিভক্তি আঁতৰাবলৈ আৰু দৈত্যশাস্ত্ৰ অধ্যয়ন কৰিবৰ বাবে প্ৰহ্লাদক ষণ্ডামৰ্কৰ আশ্ৰমলৈ প্ৰেৰণ কৰা হৈছিল | ষণ্ড আৰু অমৰ্ক আছিল দৈত্যগুৰু শুক্ৰাচাৰ্যৰ পুতেক | কিন্তু তেওঁলোকে প্ৰহ্লাদক হৰিভক্তিৰ পৰা মন বিচলিত কৰিব পৰা নাছিল আৰু পূনৰ দৈত্যৰাজৰ কাষত প্ৰহ্লাদক থৈ গৈছিল |
        গুৰুগৃহত কি শিকিলা বুলি সোধাত প্ৰহ্লাদে কৈছিল"শ্ৰৱন,কীৰ্ত্তন,অৰ্চন,বন্দন,পদসেৱন,দাস্য,
সখিত্ব,স্মৰণ আৰু আত্ম নিবেদন এই ন বিধ ভক্তি আচৰনেই উত্তম |" পুত্ৰৰ এনে কথা শুনি দৈত্যৰাজ অতি ক্ৰোধান্বিত হল আৰু পুত্ৰক বধ কৰিবলৈ দৈত্যসৈন্যক আদেশ দিলে | সৈন্যগনে বিভিন্ন ধৰণেৰে প্ৰহ্লাদক শাস্তি প্ৰদান কৰিব ধৰিলে | পৰ্বতৰ পৰা পেলাই দিলে,  সাপে দংশন কৰালে,  নদীত উটুৱাই দিলে,  জুইত দাহন কৰিব চেষ্টা কৰিলে,  হাতীয়েও গচকালে কিন্তু ভক্তৰ অধীন ভগৱান এই কথা ৰক্ষা কৰি নাৰায়নে সৰ্ববিপদৰ পৰা ৰক্ষা কৰিলে | সৈন্যগনে বধিব নোৱাৰি ৰজাৰ আগত আঠু ললে | 

     তোক কোনে ৰক্ষা কৰি আছে বুলি হিৰণ্যকশিপুৰ গৰজি উঠিল | হৰিয়েই ৰক্ষা কৰিছে বুলি প্ৰহ্লাদৰ মুখে শুনাত কত আছে তোৰ সেই চতুৰ হৰি বুলি খঙত অগ্নিশৰ্মা হৈ উঠিল | প্ৰহ্লাদে কলে, সকলোতে প্ৰভু দয়াময়, সৌ স্ফটিক স্তম্ভটো মই দয়াময় হৰিক দেখা পাইছো | লগে লগে হিৰণ্যকশিপুৰে স্ফটিক স্তম্ভটো গদাৰে আঘাট কৰি ভাঙি পেলালে | এক বিশাল শব্দ কৰি স্তম্ভৰ পৰা আধা নৰ আধা সিংহ ৰূপে প্ৰভু নাৰায়ণ আৱিৰ্ভাৱ হল | নৰসিংহৰ ৰূপে হিৰণ্যকশিপুক উৰুৰ ওপৰত বহুৱাই নখেৰে পেট ফালি নিধন কৰে | পূৰ্বতে পোৱা বৰ অনুসাৰে সেই সময়ত দিনো নাছিল ৰাতিয়ো নাছিল, সেয়া আছিল সন্ধ্যাবেলা | ঘৰৰ ভিতৰতো নাছিল বাহিৰটো নাছিল সেয়া আছিল দুৱাৰদলি | অস্ত্ৰ -শস্ত্ৰ নাছিল সেয়া আছিল নখ | আকাশ-পাতাল , স্বৰ্গ-মৰ্ত্য একো নাছিল সেয়া আছিল উৰুৰ ওপৰত আৰু মানৱ দানৱ একো নাছিল স্বয়ং নাৰায়নৰ নৃসিংহ অৱতাৰ |

   
  হিৰণ্যকশিপুক বধ কৰাৰ পাছত প্ৰভুৰ ক্ৰোধ ক্ষান্ত হোৱা নাছিল | পাছত ভক্ত প্ৰহ্লাদৰ স্তুতিত নাৰায়ন সন্তুষ্ট হৈছিল আৰু প্ৰহ্লাদক ৰজা পাতিছিল |

     এনেদৰে জয় বিজয়ে প্ৰথম জন্মৰ পৰা মুক্তি পাইছিল | কিন্তু তেতিয়াও তেওলোকৰ দুটা জন্ম বাকী আছিল...  |

 অংশুমান মহন্ত
 শিৱসাগৰ

বিভিন্ন আধ্যাত্মিক লেখা পঢ়িবৰ বাবে আপোনালোকে চাব পাৰে

No comments:

Powered by Blogger.