ভাৰতৰ প্ৰথম মহিলা এভাৰেষ্ট আৰোহণকাৰী বাচেন্দ্ৰী পালৰ এভাৰেষ্টত আৰোহণ কৰাৰ বিশেষ দিন

ভাৰতীয় পৰ্বতাৰোহী বাচেন্দ্ৰী পালে  এভাৰেষ্টত আৰোহণ কৰিছিল ১৯৮৪ চনৰ আজিৰ দিনটোতে । উল্লেখ্য যে তেওঁ ভাৰতৰ প্ৰথম মহিলা এভাৰেষ্ট আৰোহণকাৰী তথা বিশ্বৰ পঞ্চম মহিলা এভাৰেষ্ট বিজয়ী ৷


বাচেন্দ্ৰী পালৰ জন্ম হয় উত্তৰাখণ্ডৰ গাঢ়ৱাল জিলা নাকুৰি গাঁৱত ১৯৫৪ চনৰ ২৪ মে'ত । হানচা দেৱী আৰু শ্ৰী কিশান সিং পালৰ সাতোটি সন্তানৰ মাজৰ এটি সন্তান আছিল বাচেন্দ্ৰী পাল ৷ লক্ষণীয় যে তেওঁ টেনজিং নৰ্গে আৰু এডমাণ্ড হিলাৰীয়ে মাউন্ট এভাৰেষ্ট আৰোহণ কৰাৰ পাঁচদিন আগতে জন্ম হৈছিল ৷
তেখেতেৰ পৰ্বতাৰোহণৰ লগত পৰিচয় হয় ১২ বছৰ বয়সত এবাৰ বনভোজ খাবলৈ যাওতে । তেখেত সংস্কৃতৰ স্নাতকোত্তৰ আৰু বি.এড ও কৰিছিল ৷তেওঁ এম.এ আৰু বি.এড ডিগ্ৰী সম্পন্ন কৰিছিল ডেৰাডুনৰ ডি.এ.ভি. পোষ্ট গ্ৰেজুৱেট কলেজৰ পৰা ৷ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ নেহৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠান (NIM)ত যোগদান কৰে।


 ১২ বছৰ বয়সতেই তেওঁ প্ৰথম পৰ্বতাৰোহণৰ দৰে ৰোমাঞ্চকৰে কাম আৰম্ভ কৰে। আনকি তেওঁ তেওঁৰ বন্ধু সকলৰ সৈতে বনভোজৰ বাবে গৈ প্ৰায় ১৩,১২৩ ফুট উচ্চতাৰ পৰ্বত আৰোহণ কৰিছিল। তেওঁ তেওঁৰ স্কুলৰ অধ্যক্ষৰ আগ্ৰহত তেওঁ উচ্চতৰ গৱেষণাৰ বাবে যায়। নেহেৰু পৰ্বতাৰোহণ ইনষ্টিটিউটত অধ্যয়ন কৰি থকাৰ সময়তেই তেওঁ গঙ্গোত্ৰী (২১,৯০০ ফুট বা ৬,৬৭৫.১ মি) আৰু ৰুদ্ৰগৰিয়া (১৯০৯১ ফুট বা ৫,৮১৮.৯ মি) পৰ্বত আৰোহণ কৰে। সেইসময়তেই তেওঁ নেচনেল এডভাইজাৰ ফাউন্ডেশনৰ (এন.এ.এফ) প্ৰশিক্ষকৰ চাকৰি লাভ কৰিছিল। যি নাৰী সকলৰ বাবে পৰ্বত আৰোহণৰ প্ৰশিক্ষণ লোৱা এখন স্কুল স্থাপন কৰিছিল।


১৯৮৪ চনত ভাৰতে নিজৰ চতুৰ্থ এভাৰেষ্ট অভিযান "এভাৰেষ্ট ৮৪" ৰ বাবে নিৰ্বাচন কৰা ছগৰাকী মহিলা আৰোহণকাৰীৰ ভিতৰত এগৰাকী আছিল বাচেন্দ্ৰী। নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰা এই দলটোৱে অনেক বাধা-বিঘিনি আৰু দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। বাচেন্দ্ৰী পালেও মুৰত আঘাত পায়। ২২ মে'ত এভাৰেষ্ট আৰোহণ কৰিবলৈ চুড়ান্ত ভাবে নিৰ্বাচন কৰা দলটোৰ একমাত্ৰ মহিলা সদস্যা আছিল বাচেন্দ্ৰী। -৩০-৪০ ডিগ্ৰী উষ্ণতা আৰু ১০০ কি.মি. বেগেৰে বৈ থকা ধুমুহাৰ মাজতে ২৩ মে'ৰ দিনা দুপৰীয়া এক বাজি সাত মিনিটত বাচেন্দ্ৰী পালে এভাৰেষ্ট শিখৰত পদাৰ্পণ কৰিছিল ।

বাচেন্দ্ৰী পালে ৪৩ মিনিট সময় শিখৰত কটায় আৰু ভাৰতৰ প্ৰথম তথা বিশ্বৰ পঞ্চম মহিলা এভাৰেষ্ট বিজয়ী ৰূপে পৰিগণিত হয়।তেখেতৰ ৩০ সংখ্যক জন্মদিনৰ আগদিনা এভাৰেষ্ট শিখৰত আৰোহণ কৰাতোও এটা উল্লেখযোগ্য ঘটনা ৷ইয়াৰ উপৰিও বাচেন্দ্ৰী পালে ১৯৮৫ চনত কেৱল মহিলাৰে গঠিত এটা নেপাল-ভাৰত যুটীয়া এভাৰেষ্ট অভিযানৰ নেতৃত্ব বহন কৰিছিল । এভাৰেষ্টৰ বাদেও তেখেতে গংগোত্ৰী (২১,৯০০ ফুট), ৰুদ্ৰগৰিয়া(১৯,০৯১ ফুট) আদি শৃংগ সফলতাৰে আৰোহণ কৰিছিল ৷"Everest – My Journey to the Top" হ’ল বাচেন্দ্ৰী পালৰ আত্মজীৱনী ৷

বাচেন্দ্ৰী পালে বৰ্তমানলৈকে লাভ কৰা সন্মান -
১৯৮৪ চনত Indian Mountaineering Foundation ৰ পৰা সোণৰ পদক ৷
১৯৮৪ চনত ভাৰত চৰকাৰৰ পদ্মশ্ৰী পুৰষ্কাৰ৷
১৯৮৫ চনত উত্তৰ প্ৰদেশ চৰকাৰৰ শিক্ষা বিভাগৰ পৰা সোণৰ পদক ৷
১৯৮৬ চনত অৰ্জুন বঁটা
১৯৯০ চনত Guinness Book of World Records ত নাম অন্তভুৰ্ক্ত ৷

১৯৯৭ চনত Hemwati Nandan Bahuguna Garhwal University ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান ৷
২০১৩- ১৪ চনত প্ৰথমবাৰৰ বাবে মধ্যপ্ৰদেশ চৰকাৰৰ সংস্কৃতি বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা বীৰাংগনা লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় সন্মান লাভ ৷
২০১৯ চনত ভাৰত চৰকাৰৰ পদ্ম ভূষণ পুৰষ্কাৰ ৷

✒️মনময়ুৰী মহন্ত

No comments:

Powered by Blogger.