২৪ মে’ - এভাৰেষ্ট শৃংগ জয় কৰা দ্বিতীয় জন অসমীয়া হিচাপে মণীষ কুমাৰ ডেকাৰ কৃতিত্ব

আজি ২৪ মে।আজিৰ দিনটোও পৃথিৱীৰ সুউচ্চ শৃংগ এভাৰেষ্ট আৰোহণৰ বাবে বিশেষকৈ অসমবাসীৰ বাবে এক গৌৰৱৰ দিন। ২০১৩ চনৰ আজিৰ দিনটোতে এজন অসমীয়া যুৱক মণীষ কুমাৰ ডেকাই এভাৰেষ্ট আৰোহণ কৰিছিল। তেখেত হৈছে এভাৰেষ্ট জয় কৰা দ্বিতীয়জন অসমীয়া।

         আজিৰ দিনটোৰ আন এটা উল্লেখযোগ্য ঘটনা এইখিনিতে  নিশ্চয়কৈ উনুকিয়াব লাগিব যে  আজি ভাৰতৰ প্ৰথম মহিলা এভাৰেষ্ট আৰোহণকাৰী বাচেন্দ্ৰী পালৰ জন্মদিন ৷ ১৯৫৪ চনৰ আজিৰ দিনটোতে বাচেন্দ্ৰী পালৰ জন্ম হৈছিল ৷তেখেতে ১৯৮৪ চনৰ ২৩ মে’ৰ দিনা অৰ্থাৎ ৩০ সংখ্যক জন্মদিনৰ আগদিনা এভাৰেষ্ট শিখৰত আৰোহণ কৰিছিল ৷

     মণীষ কুমাৰ ডেকা গুৱাহাটীৰ হাতীগড় চাৰিআলিৰ বাসিন্দা। সৰুৰে পৰা দু:সাহসীক ক্ৰীড়াৰ প্ৰতি দুৰ্বলতা থকা মণীষ কুমাৰ ডেকাই বিভিন্ন ঠাইত পৰ্বতাৰোহণৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।
    গুৱাহাটী কমাৰ্চ কলেজৰ গ্ৰেজুৱেট ডেকা বৰ্তমান সময়ত এজন ব্যৱসায়ী।
     তেখেতৰ এখন গ্ৰন্থ হৈছে "এভাৰেষ্টত বিশ মিনিট"। তেখেতৰ এই গ্ৰন্থখন ২০১৪ চনৰ ২২ ডিচেম্বৰ তাৰিখে উন্মোচন কৰা হৈছিল।


      মণীষ কুমাৰ ডেকা ডাঙৰীয়াৰ এভাৰেষ্ট অভিযান উত্তৰ পূব পৰিষদ আৰু মণিপুৰ চৰকাৰৰ দ্বাৰা প্ৰযোজিত আছিল।

     মণিপুৰৰ পৰ্বতাৰোহণ আৰু ট্ৰেকিং এছ'চিয়েশ্যনৰ উদ্যোগত ১৬ জনীয়া এটা দল গঠন কৰি এভাৰেষ্ট অভিযানৰ পাতনি মেলা হৈছিল। সম্পূৰ্ণৰূপে উত্তৰ-পূৱৰ ব্যক্তিৰে গঠিত আৰু পৰিচালিত এইটো আছিল প্ৰথমটো মাউণ্ট এভাৰেষ্ট অভিযান। এই অভিযানকাৰীৰ দলটোত ১২ গৰাকী পৰ্বতাৰোহী আৰু ৪ গৰাকী সহযোগী আছিল ক্ৰমেঃ

এল. সুৰজিৎ সিং (অধিনায়ক, মণিপুৰ)

কাজি শ্বেৰ্পা (ছিকিম)

পুয়েমছা মহন (উপঅধিনায়ক, মণিপুৰ)

এথকপাম ৰবাৰ্ট(মণিপুৰ)

এন বিদ্যাপতি দেৱী (মণিপুৰ)

নিমা লামা (অৰুণাচল)

তৰুণ শইকীয়া (অসম)

মণীষ কুমাৰ ডেকা (অসম)

ডেভিড জ'মাংগাই হা (মিজোৰাম)

অংশু জামচেনপা (অৰুণাচল)

নামেই ৰাক পাম (মণিপুৰ)

চিংখেই ডাংবা (মণিপুৰ)

ৱাংচুক মিৰথং (উত্তৰ পূৱ
পৰিষদৰ প্ৰতিনিধি, মেঘালয়)

আনন্দ গুৰুং (ছিক্কিম)



২০১০ চনত নেপাল পীক (৭,১৬৮ মিঃ) আৰু ২০১২ বৰ্ষত পালছুৰা পীক (৭,৫০০ মিঃ) আৰোহণ কৰি কৰি এই দলটোৱে এভাৰেষ্ট অভিযানৰ প্ৰস্তুতি কৰিছিল। ২০ মাৰ্চত ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ফ্লেগ-অফ কৰি শুভাৰম্ভ কৰা অভিযানকাৰী দলটোৱে ২০১৩ চনৰ ২৬ মাৰ্চত দলটোৱে নেপালৰ নামকে নামৰ ঠাইৰপৰা মূল এভাৰেষ্ট অভিযান আৰম্ভ কৰে। ৩ এপ্ৰিলত হিমালয়ৰ ২১০০০ ফুট উচ্চতাত দলটোৱে এভাৰেষ্ট বেছ কেম্প স্থাপন কৰে। ১৫ মে তাৰিখে দলৰ এঘাৰজন সদস্যই  ২৪০০০ ফুট উচ্চতাত তৃতীয় বেছ কেম্প স্থাপন কৰে।

  পৰ্বতাৰোহী মণীষ কুমাৰ ডেকাই ১৮ মাৰ্চ তাৰিখে এভাৰেষ্ট আৰোহণ কৰিবলৈ প্ৰচেষ্টা চলায় যদিও সফল হ'ব নোৱাৰে। তেখেতে ২১ তাৰিখে দ্বিতীয়বাৰলৈ চেষ্টা চলায়,আৰু ২৪ মে তাৰিখে ৰাতিপুৱা ৫:৩৫ বজাত সফলতাৰে এভাৰেষ্টৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হয়।

     এইখিনিতে উল্লেখনীয় যে  ১৯৬৯ চনতেই অসমৰ পৰা এভাৰেষ্ট বিজয়ৰ অভিযান আৰম্ভ কৰা হৈছিল। ৰোহিনী কুমাৰ ভূঞা আৰু অতনু প্ৰসাদ বৰুৱাই অসমৰ পৰা প্ৰথম এভাৰেষ্ট জয়ৰ বাবে প্ৰচেষ্টা চলাইছিল যদিও তেওঁলোক বিফল হৈছিল।
      এভাৰেষ্ট জয় কৰা অসমৰ প্ৰথম জন ব্যক্তি আছিল তৰুণ শইকীয়া। ২০১৩ চনৰ ১৮ মেৰ দিনা শইকীয়া দেৱে এভাৰেষ্টত ভৰি থ'বলৈ সক্ষম হৈছিল।লক্ষণীয় যে  মণীষ কুমাৰ ডেকা আৰু তৰুণ শইকীয়া দুয়োজন একেটা অভিযানকাৰী দলৰে সদস্য আছিল।
✒️মনময়ুৰী মহন্ত ৷


বি:দ্ৰ:
  তলত দিয়া লিংকটোত গৈ মণীষ কুমাৰ ডেকাৰ জীৱনৰ ওপৰত আধাৰিত ডকুমেনটেৰী খন উপভাগ কৰক।
Documentary

No comments:

Powered by Blogger.