ঈদৰ আৰম্ভণিনো কেনেকৈ হ’ল?

ঈদ হৈছে  ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ঈদ শব্দৰ অৰ্থ হ’ল আনন্দ।



ঈদৰ আৰম্ভণিনো কেনেকৈ হ’ল চাওঁচোন আহক-
হত্যা হিংসা শক্তি প্ৰয়োগ আদি সমস্ত মানৱতা আৰু গণতন্ত্ৰ বিৰোধী কৰ্মৰে এসময়ত অন্ধকাৰত নিমজ্জিত আছিল আৰব সাম্ৰাজ্য। অৱশেষত ৫৭০ খ্ৰী: ত মক্কাৰ শিলাময় পৰ্বত মালাৰে উদিত হ'ল মানৱতাৰ প্ৰতিভূ হজৰত মহম্মদ।


মানৱতা,ভাতৃত্ববোধ আৰু গণতন্ত্ৰ সম্বলিত ইছলামৰ বাণীৰে মাত্ৰ ২৩ টা বসন্ততে সমগ্ৰ কুসংস্কাৰৰ পৰা আৰববাসীক নিকা কৰি নিগৰালে শান্তিৰ নিজৰা।পূৰ্বৰ জঘণ্য পাশৱিক আনন্দ উৎসৱৰ পৰিৱৰ্তে ইছলামৰ অনুগামী সকলৰ বাবে নিৰ্ধাৰণ হ'ল বছৰত দুটি ঈদ উৎসৱ।ইয়াৰে বছৰৰ প্ৰথম উৎসৱ হ'ল ঈদুল ফিতৰ। প্ৰথমবাৰৰ বাবে এই উৎসৱ হজৰত মহম্মদ মক্কাৰ পৰা মদিনালৈ গমন কৰাৰ পাছত পালন কৰা হয়। সম্পূৰ্ণ এটা মাহ উপবাসে থাকি ৰমজান ৰোজা ৰখাৰ পাছত ঈদুল ফিতৰ পালন কৰা হয়।


ধৈৰ্য্য,আত্ম সংযম ,দেহৰ কু ৰিপু দমন আৰু দুখীয়া সকলৰ প্ৰতি সহানুভূতি স্থাপনৰ বাবে ৰোজা ৰাখি পবিত্ৰ ঈদুল ফিটৰ দিনা আনন্দ কৰা হয় ৷ ঈদৰ দিনটোৰ আগে দুখীয়া সকলক দান কৰি তেওঁলোককো ঈদ পালনৰ বাবে সহায় কৰা হয় ৷ ঈদৰ দিনা পুৱা সোনকালে স্নান কৰি পবিত্ৰ পোচাক পিন্ধি সমূহীয়া নামাজ পঢ়া হয় ৷ নামাজৰ অন্তত ধৰাৰ বুকুৰ পৰা অশান্তি আঁতৰি বিশ্ব শান্তি আৰু ভ্ৰাতৃত্ববোধ প্ৰতিষ্ঠাৰ বাবে সকলোৱে অদৃশ্য জনৰ ওচৰত দোৱা কৰা হয় ৷ তাৰ পিছত ঘৰে ঘৰে ভিন ভিন সুস্বাদু আহাৰেৰে আতিথ্য আপ্যায়ন চলি থাকে ৷এজনে আনজনৰ মংগল কামনা কৰি ঈদৰ শুভেচ্ছা জনায় ৷
অসুখীয়া পৃথিৱী খন সুস্থ হওক, ধৰ্ম, জাত পাতক মুখ্য কৰি গঢ় লোৱা সমাজৰ বিভাজন সমূহ দূৰ হওক তাৰে কামনাৰে সকলোকে পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলো।


No comments:

Powered by Blogger.