চিপকো আন্দোলন

    ইতিহাসৰ পাত খুচৰিলে আমি দেখা পাওঁ বনাঞ্চল ৰক্ষাৰ্থে চিপকো আন্দোলনৰ দৰে গণ আন্দোলনে ভাৰতবৰ্ষ জোকাৰি গৈছিল ৷ বিদেশৰ কোম্পানীক বনাঞ্চল ধ্বংস কৰি খেলৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ দিয়া অনুমতিৰ বিৰুদ্ধে ৪৭ টা বছৰ অতিক্ৰম কৰা এই চিপকো আন্দোলনৰ কথা বৰ্তমান সংকটৰ সময়ত আমি সকলোৱে মনত পেলোৱা দৰকাৰ,

কিয়নো এতিয়া দিহিং পাটকাই আৰু ডিব্ৰু চৈখোৱাৰ সংকটৰ সন্ধিক্ষণত প্ৰয়োজন সাপেক্ষে আমাৰ মাজৰে পৰাই সুন্দৰলাল বহুগুণা ,গৌৰাদেৱী আদিৰ দৰে নেতৃত্বৰ জন্ম হ’ব লাগিব ৷ চিপকো আন্দোলনৰ বিষয়েই আজি চাওঁচোন আহক -
     চিপকো আন্দোলন আছিল এক গণ আন্দোলন ৷
গছ-গছনি, বননি ৰক্ষা আৰু পৰিৱেশ আন্দোলন নামেৰে বিখ্যাত চিপকো আন্দোলনক বিশ্বৰ অন্যতম নাৰীয়ে অংশগ্ৰহণ কৰা আন্দোলন ৰূপেও জনা যায়৷  স্বাধীন ভাৰতত বহু সামাজিক আন্দোলন হৈছে যদিও চিপকো আন্দোলনক ৰাইজে সদায় বিশেষ দৃষ্টিৰে চাই আহিছে৷ প্ৰথমে এই আন্দোলন জীৱিকা আহৰণৰ থলী ৰক্ষাৰ বাবে কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত এই আন্দোলনৰ পৰিৱেশ আৰু বন সংৰক্ষণৰ আন্দোলন হিচাপে জনা গৈছিল৷


বনাঞ্চল ৰক্ষা কৰাৰ উদ্দেশ্যে পূৰ্বৰ উত্তৰ প্ৰদেশ (বৰ্তমান উত্তৰাঞ্চল) ৰাজ্যৰ তেহৰি-গাড়োৱাল জিলাত ১৯৭৩ চনত চিপকো আন্দোলনৰ সূচনা হয়। ৰেণী নামৰ গাঁও এখনৰ ওচৰত থকা বনাঞ্চলত গছ কাটিবলৈ চৰকাৰী অনুজ্ঞাপত্ৰ লৈ এজন ঠিকাদাৰৰ মানুহ সেই গাঁওখনলৈ আহিছিল। সেই গাঁওখনৰ মানুহখিনি জীৱিকাৰ বাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল আছিল। তেওঁলোকে ভালদৰে জানিছিল যে সেই বনাঞ্চলৰ পৰাই মানুহৰ খাদ্য, গৰু-ম’হৰ খাদ্য, ইন্ধনৰ বাবে খৰি, সূতা বা আঁহ আৰু সাৰ আদি বিভিন্ন বস্তু পোৱা যায়, অৰ্থাত্ এইসমূহৰ বাবেই বনাঞ্চলৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল আছিল। গতিকে গৌৰী দেৱী নামৰ এগৰাকী মহিলাৰ নেতৃত্বত আন ২৭ গৰাকী মহিলাৰ দল এটাই ৰেণী গাঁৱত ঠিকাদাৰৰ মানুহে গছ কটা কাৰ্য্যৰ প্ৰতিবাদ কৰিছিল। কিন্তু ঠিকাদাৰৰ মানুহে মহিলাসকলক হেয়জ্ঞান কৰি গছ কটা কাম আৰম্ভ কৰিছিল। মহিলাসকলেও নিজৰ কথা এৰা নাছিল, প্ৰতিগৰাকীয়ে একোডালকৈ গছ সাৱটি ধৰিছিল।  যাৰ বাবে এই আন্দোলনৰ নাম দিয়া হৈছিল চিপকো আন্দোলন৷ হিন্দী চিপকো শব্দটোৰ অৰ্থ সাৱটি ধৰা আৰু তাৰ বাবেই এই আন্দোলনৰ নাম দিয়া হৈছিল চিপকো আন্দোলন৷


গছ সাৱটি ধৰি লৈ তেওঁলোকে কৈছিল– “গছ কটাৰ আগতে আমাক কাটা, কাৰণ এই গছে আমাক দিয়ে খাদ্য, পৰিষ্কাৰ পানী আৰু নিৰ্মল বায়ু।”
গছ সাবটি ধৰি প্ৰতিবাদ কৰা সংবাদ পাই পিচদিনা বহুত মানুহ গোট খাইছিল। ওচৰ-পাঁজৰৰ প্ৰায় বাৰখন গাঁৱৰ মানুহ লগলাগি সেই গছ কটা কাৰ্য্যৰ বিৰোধিতা কৰিছিল। অৱশেষত গছ কটা কাম বন্ধ কৰিবলৈ ঠিকাদাৰ বাধ্য হৈছিল।ঠিক একে কামকে কৰিছিল ১৮ শতিকাতে ৰাজস্থানৰ অমৃতা দেৱী আৰু তেওঁৰ লগৰীয়া ৮৪ গৰাকী নাৰীয়ে।ৰাজনিৰ্দেশত আৰম্ভ হোৱা অৰণ্য ধ্বংসক ৰোধ কৰিবলৈ তেওঁলোকে নিজৰ জীৱন তুচ্ছ কৰি গছবোৰ সাৱটি ধৰিছিল। পৰৱৰ্তী সময়ত, অৰ্থাৎ ১৯৭৩ৰ পাছত, “চিপকো আন্দোলন” হিচাপে জনাজাত এই আন্দোলনে সুন্দৰলাল বহুগুণাকে ধৰি অনেক পৰিৱেশ কৰ্মীৰ জৰিয়তে এক নতুন ৰূপ লাভ কৰে আৰুএই আন্দোলনৰ জৰিয়তে ৰাইজৰ মাজত পৰিৱেশ সংৰক্ষণ আৰু সুৰক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে প্ৰচাৰ চলাই সকলোকে অনুপ্ৰাণিত কৰি তোলে।আন্দোলনটো ক্ৰমান্বয়ে ৰাইজৰ আন্দোলন হৈ উঠিল, পৰিৱেশ আন্দোলন হৈ উঠিল। এই আন্দোলনৰ বাণী হিমালয়ৰ পাদদেশ অঞ্চলত বিয়পি পৰিল।


চিপকো আন্দোলনৰ মূল উদ্দেশ্যবোৰ আছিল-

অৰণ্যত গছ কটা ঠিকাদাৰী ব্যৱস্থাৰ বিলোপ সাধন কৰা। সমবায় আৰু গ্ৰাম্য প্ৰতিষ্ঠানৰ যোগেদি গছ কটা আৰু বৃক্ষ ৰোপণ কৰা।

সংবেদনশীল অৱবাহিকা অঞ্চলত পুনৰ বনানীকৰণ কৰা আৰু গছ কটা বন্ধ কৰা।

বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰি জীৱন ধাৰণ কৰা বাসিন্দাসকলৰ দৈনন্দিন প্ৰয়োজন অনুসৰি বনজ সম্পদ আহৰণৰ সুবিধা দিয়া।

বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল উদ্যোগৰ বাবে স্থানীয় শ্ৰমিক, উদ্যোগ কৰ্মী আৰু গাঁওবাসীক সুবিধা দিয়া।

উদং হৈ পৰা পাহাৰ অঞ্চলত পুনৰ বনানীকৰণ কৰা আৰু কৃষি অৰণ্য অথবা বনানী পাম খোলাত স্থানীয় লোকক সহায় কৰা।

বন বিভাগ বা অন্য চৰকাৰী বিভাগে বনাঞ্চলত ল’ব খোজা যিকোনো প্ৰকল্প বা নিৰ্মাণ কাৰ্য্য ৰূপায়ণ কৰাৰ আগতে তেনে কাৰ্য্যৰ দ্বাৰা পৰিস্থিতি তন্ত্ৰ কিদৰে প্ৰভাৱিত হ’ব পাৰে সেই বিষয়ে অধ্যয়ন কৰি তথ্য সংগ্ৰহ কৰা।


চিপকো আন্দোলনৰ সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী৷ ১০ বছৰৰ ভিতৰতে আন্দোলন বিয়পি পৰিছিল বিভিন্ন ঠাইলৈ ৷ লাহে লাহে উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ আদিত এই আন্দোলন সম্প্ৰসাৰিত হ’বলৈ ধৰিলে। উত্তৰ খণ্ডৰ ছামলি, পিথোৰগড়, আলমোৰা, উত্তৰ কাশী, নাইনিতাল, ডেৰাডুন, তেহৰি আৰু পুৰাই আদি জিলাতো এনে আন্দোলন আৰম্ভ হ’ল৷ একোজোপা গছক সাৱটি ধৰি, তাৰ ৰক্ষাৰ বাবে নিজৰ জীৱনকো আগবঢ়াই দিবলৈ সাজু হোৱা এই অভিনৱ, আন্তৰিক অহিংস আন্দোলনে পৰিৱেশৰ হকে কাম কৰি থকা মুষ্টিমেয় মানুহচামলৈ লৈ গৈছিল এক বিশেষ বাৰ্তা। ইয়াৰ ফলস্বৰূপেই ১৯৮০ চনত আন্দোলনকাৰীসকলে হিমালয়ৰ বনাঞ্চল ধ্বংস নকৰিবলৈ প্ৰধানমন্ত্ৰীক বাধ্য কৰোৱাৰ লগতে বনাঞ্চল সুৰক্ষিত কৰাৰ আইন প্ৰণয়ন কৰিবলৈও দাবী উত্থাপন কৰিছিল৷


আশা কৰিব পাৰোঁ চিপকো আন্দোলনৰ দৰে অহিংস আন্দোলনৰ দ্বাৰা সামগ্ৰিকভাৱে সমাজৰ প্ৰগতি হ’ব, স্থায়ী শান্তি বিৰাজ কৰিব আৰু জীৱন আনন্দময় হ’ব ৷ লগতে পূৰ্বৰ দৰে এনে আন্দোলনে মানুহৰ মাজত এক জাগৰণ আনিবলৈও সক্ষম হ’ব বুলি আশা কৰিব পাৰি ৷
✒️মনময়ুৰী মহন্ত

No comments:

Powered by Blogger.