Iravan, son of Arjun and Ulupi

মহাভাৰতৰ যুদ্ধ ওঠৰ দিন চলিছিল। যুদ্ধৰ নৱমদিনা লৈকে কৌৰৱ শিৱিৰ অভেদ্য হৈ আছিল পিতামহ ভীষ্মৰ বাবে। তেওঁৰ পৰাক্ৰমৰ আগত পাণ্ডৱ শিৱিৰে ত্ৰাহি মধুসুদন সোঁৱৰিছিল।এই অভেদ্য শিৱিৰ ভেদ কি দৰে কৰিব পাৰি তাৰে উপাই বিচাৰি কৃষ্ণৰ পৰামৰ্শ বিচাৰিলে। কৃষ্ণই ক'লে যদিহে এজন তৰুণ যুৱকৰ বলি দেৱীৰ আগত দিব পাৰে তেতিয়াহে এই শিৱিৰ ভেদ কৰিব পৰা যাব। কিন্তু স্বইচ্ছাৰে এই বলিৰ বাবে আগবাঢ়িব আহিব লাগিব।কিন্তু ক'ত পাব এনেকুৱা যুৱক।


বলিৰ গুণা গুণাগঁথা কৰি থাকোঁতে পাণ্ডৱৰ শিৱিৰত এক সুন্দৰ যুৱকৰ প্ৰৱেশ ঘটিল।চালে চকু ৰোৱা এজন তৰুণ।দেখিলেই মৰম লাগি যোৱা।যুৱক জন সোমাই আহি প্ৰথমতে সকলোকে সভক্তিৰে সেৱা জনালেহি।
:"কোন তুমি তৰুণ?কিয় জানো তোমাক দেখি আপোন আপোন লাগিছে।" অৰ্জুনে ক'লে।
:" মাতা মোৰ নাগ কন্যা উলুপী পিতা পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ধনুৰবিদ গাণ্ডীৱধাৰী তৃতীয় পাণ্ডৱ অৰ্জুন।"
     

পুত্ৰক দেখি অৰ্জুনে আবেগত সাৱটি ধৰিলে।সকলোৱে মৰমেৰে আকোঁৱালি ল'লে নাগকন্যা উলুপীৰ পুত্ৰ ইৰাৱানক।অৰ্জুন আৰু উলুপীৰ এই পুত্ৰৰ নাম ইৰাৱান। তেতিয়া ইৰাৱানে তেওঁৰ ইচ্ছা ব্যক্ত কৰিলে যে দেৱীৰ আগত বলি যাবলৈ তেওঁ সাজু হৈ আহিছে। তেওঁকে বলি দিয়ক।কেনে কঠোৰ পৰিস্হিতি, প্ৰথম ঘৰৰ ল'ৰা ঘৰলৈ আহিছে তাকো নিজকে দেৱীৰ আগত উৰ্চগা কৰি স্বইচ্ছাৰে।বলি নিদিলেও ধৰ্মৰ পৰাজয় আৰু অধৰ্মৰ জয় হ'ব।কি কৰা যায় পাণ্ডৱ কিং কৰ্তব‌্য বিমূঢ় হৈ ৰ'ল। তেতিয়া ইৰাৱানে মাত লগালে যে তেওঁৰ পিতৃসকলৰ বাবে সকলো কৰিব সাজু।তাৰ বাবে  তেওঁৰ জীৱনটো দিবলৈ প্ৰস্তুত।কাৰণ তেওঁৰ এই শৰীৰটো অৰ্জুনৰে অৱদান এই সময়ত যদি তেওঁ পিতৃ সকলৰ কামত নাহে কেতিয়া আহিব।ইৰাৱানৰ কথাত তেওঁক বলিৰ বাবে সাজু কৰিলে।বলিৰ আগত তেওঁৰ শেষ ইচ্ছা সুধিলে।ইৰাৱানে ক'লে তেওঁৰ সকলো ইচ্ছায়ে পূৰণ হ'ল। কিন্তু তেওঁ বলি দিয়া আগতে বিবাহ কৰাব বিচাৰে।যি পিছদিনা তেওঁৰ বিধৱা হৈ  সকলো নিয়ম মানি কান্দিব লাগিব।


 ইমান সোনকালে ক'ৰ পৰা কন্যা এজনী পাব তাকো পিছদিনা যাৰ মৃত্যু অনিবাৰ্য।উপায়হীন হৈ পৰিল মৃত্যু পথৰ যাত্ৰী জনৰ শেষ ইচ্ছা পূৰণ কৰিবয়ে লাগে।
      তেতিয়া কৃষ্ণই নিজৰ মোহিনী ৰূপ ধাৰণ কৰিলে।যি মোহিনী ৰূপত স্বয়ং ভোলানাথ শিৱও মোহিত হৈছিল এইহেন ৰূপৱতী লগত কোনে বাৰু বিবাহ কৰাব নিবিচাৰিব।ইৰাৱানো মোহিত হৈ গ'ল।ইৰাৱান আৰু মোহিনী বিবাহ সম্পন্ন হ'ল। পিছদিনা ইৰাৱানক দেৱীৰ ওচৰত বলি দিয়া হ'ল।আৰু মোহিনী ৰূপী কৃষ্ণই বিধৱাৰ সকলো নিয়ম মানি বিলাপ কৰিলে ।বলি বিধান সম্পূৰ্ণ হোৱাৰ পিছত অভেদ্য কৌৰৱ শিৱিৰ পতন হ'বলৈ ধৰিলে।প্ৰথম পিতামহ ভীষ্মৰ আগত শিখণ্ডীক ঠিয় কৰাই শৰশয্যা কৰিলে।এনেকৈয়ে পাণ্ডৱে কৌৰৱক নাশ কৰিলে।


    আজিও তামিলনাডুৰ কিন্নৰ সকলে অৰৱনী পৰ্ব অনুসৰি ইৰাবানৰ পুজা অৰ্চনা কৰে।তামিলনাডুৰ কোপগামত সকলো কিন্নৰ একত্ৰিত বছৰৰ প্ৰথম পূৰ্ণিমা দিনাৰপৰা এই উৎসৱ ওঠৰদিনীয়াকৈ পালন কৰে।সোতৰ দিনৰ দিনা নকইনা ৰূপে সাজি ইৰাৱানৰ মূৰ্তিৰ লগত বিয়া হয়।আৰু ওঠৰ দিনৰ দিনা ইৰাৱানৰ মূৰ্তিটো লৈ গোটেই চহৰত শোভাযাত্ৰা কৰে।তাৰপিছত এই মূৰ্তি ভাঙি পেলাই নিজকে বিধৱাৰূপে সজাই বিলাপ কৰে।


      এইয়াই হ'ল কিন্নৰৰ বিবাহ উৎসৱৰ আঁৰৰ কাহিনী।


লেখিকা: অনন্যা মহন্ত
              গুৱাহাটী

No comments:

Powered by Blogger.