Kabosu আৰু Smudge ৰ কাহিনী

Kabosu এটা কুকুৰৰ নাম ৷ কিন্তু ই এটা এলাপেচা
কুকৰ নহয় দেই ৷ Kabosu ৰ আছে এটা চেলিব্ৰিটি লাইফ ৷ চাওঁচোন আহক কোন এই Kabosu....
  ভাইৰেল মৰমলগা কুকুৰটো বিভিন্ন মীমৰ জৰিয়তে দেখি দেখিয়েই নিশ্চয় আপোনাৰও চিনাকি হৈ পৰিছে ৷
এই মৰমলগা কুকুৰটোৰ নামেই Kabosu ৷ ২০০৫
চনৰ নৱেম্বৰ মাহৰ ২ তাৰিখে জন্ম লাভ কৰা এই কুকুৰটোৰ মালিকৰ নাম Atsuko Sato ৷ তেওঁ জাপানীচ কিণ্ডাৰগাৰ্টেন স্কুলৰ এজন শিক্ষক ৷
এটা Puppy Mill বন্ধ হ’ব লগা হোৱাত তেতিয়া তাত থকা প্ৰায় ১৯ টা কুকুৰ পশু আশ্ৰয়গৃহত লৈ যোৱা হ’ল ৷ সময়ৰ লগে লগে কিছু কুকুৰক তোলনীয়া কৰি ল’লে আৰু কিছুমানৰ মৃত্যুও হ’ল ৷ এই পশু আশ্ৰয় গৃহটোৰ পৰাই ২০০৮ চনত Atsuko Sato ৰে এটা মৰমলগা Shiba Inu প্ৰজাতিৰ মাইকী কুকুৰক তোলনীয়া কৰি লৈ নাম ৰাখে Kabosu ৷ Kabosu অসমৰ পকা মৌচুমীটোৰ নিচিনা এটা ফলৰ নাম ৷ কুকুৰটোৰ মুখখন ঘূৰণীয়া ফলৰ নিচিনাৰ বাবেই তাৰ নাম ৰাখে Kabosu ৷
      আজিৰ ভাইৰেল হোৱা মৰমলগা কুকুৰটোৰ ফটো অলপ প্ৰথমে ২০১০ চনত গৰাকী Atsuko Sato ই ব্লগত পোষ্ট কৰে ৷ জাপানী ভাষাত পোষ্ট কৰা এই ব্লগটোৰ ইংৰাজী নাম হ’ব Talking A Walk With Kabosu - chan . ইয়াৰ পিছতে Kabosu হিট হৈ পৰে ৷ ২০১৩ চনত বেছিকৈ ভাইৰেল হ’বলৈ ধৰে ৷ Kabosu ৰ প্ৰথম ফটো পোষ্ট কৰা Atsaku Satu ৰ ব্লগটোৱে জাপানৰ ২০১৩ চনৰ ডিচেম্বৰত পোহনীয়া জন্তু বিষয়ৰ ব্লগত জনপ্ৰিয়তাৰ ক্ষেত্ৰত চতুৰ্থ স্থান লাভ কৰাৰ উপৰিও ২০১৯ চনৰ ডিচেম্বৰত The Tab নামৰ সংবাদ প্ৰতিষ্ঠান এটাই চলোৱা সমীক্ষাত Kabosu ৰ মীমে ২০১০ চনৰ ইন্টাৰনেটৰ শ্ৰেষ্ঠ মীমৰ স্হান লাভ কৰে ৷
      লক্ষণীয় যে ২০১৭ চনৰ ১ এপ্ৰিলত China Central Telivision য়ে Kabosu ৰ মৃত্যুক লৈ এটা মিছা কাহিনীও প্ৰচাৰ কৰিছিল ৷

এতিয়া আহোঁ Smudge ৰ কাহিনীলৈ -

ফটোত থকা শাক পাচলি ভাল নোপোৱা মীমৰ মেকুৰীটোও নিশ্চয়কৈ আপোনাৰ চিনাকি ৷ এই মেকুৰীটোৰ নামেই হ’ল Smudge ৷ Smudge কানাডাৰ ৰাজধানী Ottawa ৰ ৷ Smudge ৰ গৰাকীৰ নাম Miranda Stilabower ৷
২০১৮ চনৰ জুনৰ ১৯ তাৰিখে গৰাকীয়ে Tumblr ত Smudge ৰ বৰ্তমান ভাইৰেল ফটোখন “ He no like vegetable” বুলি কেপচন দি শ্বেয়াৰ কৰিছিল ৷ সেইয়াই আৰম্ভণি ৷ তাৰ পিছৰে পৰা Smudge হৈ পৰে মীমৰ যোগেদিয়েই পৃথিৱী বিখ্যাত এটা মেকুৰী ৷ এই পৃথিৱী বিখ্যাত মেকুৰীটো এটা উদ্ধাৰ কৰা মেকুৰীহে ৷ ফেচবুকত বিনামূলীয়াকৈ মেকুৰী পোৱালিৰ বাবে পোৱা বিজ্ঞাপন অনুসৰিহে Smudge ক নিজৰ কৰিছিল গৰাকী Stilabower য়ে ৷ এই বিনাপইচাই অনা মেকুৰীটোৱেই সময়ৰ গতিত জনপ্ৰিয় হৈ পৰিল ৷
   Smudge ৰ Smudge_lord বুলি থকা  Instagram একাউণ্টত 1.4 মিলিয়ন ফল’ৱাৰচ থকাৰ উপৰিও Smudge ৰ এটা ৱেবছাইট ও আছে ৷


No comments:

Powered by Blogger.