Maharana Pratap Jayanti (মহাৰানা প্ৰতাপ জয়ন্তী)

বৰ্তমানৰ ৰাজস্থানৰ অন্তৰ্গত মেৱাৰৰ ১৩ সংখ্যক ৰজা আছিল প্ৰতাপ সিংহ ১ , যাক আমি মহাৰানা প্ৰতাপ হিচাপে বেছি ভালদৰে চিনি পাওঁ। হিন্দু ৰাজপুত পৰিয়ালত জন্মগ্ৰহণ কৰা মহাৰানা প্ৰতাপৰ দেউতাক আছিল উদয় সিংহ ২ আৰু মাকৰ নাম আছিল জৈৱন্তা বাই । ইংৰাজী কেলেণ্ডাৰৰ হিচাপত ১৫৪০ চনৰ ৯ মে তাৰিখে মহাৰানা প্ৰতাপৰ জন্ম হৈছিল।
    মহাৰানা প্ৰতাপৰ ৰাজত্বকালৰ এক উল্লেখযোগ্য ৰণ হৈছে হালদিঘাটৰ ৰণ। মোগল সম্ৰাট আকবৰৰ সময়ত মোগল আৰু মহাৰানা প্ৰতাপৰ মাজত ১৫৭৬ চনৰ ১৫ জুন তাৰিখে ঐতিহাসিক হালদিঘাটৰ যুদ্ধ সংঘটিত হৈছিল। যুদ্ধত মোগল বিজয়ী হৈছিল ঠিকেই কিন্তু তেওঁলোকে মহাৰানা প্ৰতাপক বন্দী কৰিব নোৱাৰিলে। পাছত আকবৰৰ ৰাজনৈতিক বিফলতাৰ সুযোগ লৈ মহাৰানা প্ৰতাপে হেৰুৱা ৰাজ্য উদ্ধাৰ কৰিছিল আৰু চাৱণ্ড নামেৰে এখন নতুন ৰাজধানীও নিৰ্মাণ কৰিছিল।
     ১৫৯৭ চনৰ ১৯ জানুৱাৰীৰ দিনা এই বীৰ যোদ্ধাজনে শেষনিশ্বাস ত্যাগ কৰে।
   
যদিও আজিৰ দিনটোতে মহাৰানা প্ৰতাপৰ জন্ম হৈছিল তিথি অনুসৰি তেওঁৰ জন্ম জয়ন্তী এইবছৰ ২৫ মে তাৰিখে পালন কৰা হ'ব ।

অতিৰিক্ত:

চেতক: সংবেনশীল,বিশ্বাস,বীৰত্বৰ প্ৰতীক চেতক আছিল মহাৰানা প্ৰতাপৰ ঘোঁৰাটোৰ নাম। প্ৰতাপৰ বীৰত্বৰ কাহিনীবোৰত পুত্ৰসম চেতকৰ সুকীয়া স্থান আছে।

◆ মহাৰানা প্ৰতাপৰ বাল্যকালৰ নাম আছিল কিকা ।

◆ তেওঁৰ তৰোৱাল খনৰ ওজন ৮১ কিল' আৰু কৱচৰ ওজন আছিল ৭২ কিল'।

◆ মহাৰানা প্ৰতাপে সৰ্বমুঠ ১১ বাৰ বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁ বিভিন্ন ৰাজনৈতিক কাৰণত তেওঁ এই বিবাহবোৰ কৰাইছিল বুলি জনা যায়।

◆ তেওঁৰ দুখন তৰোৱাল, কৱচ,ঢালৰ মুঠ ওজন আছিল ২০৮ কিল'।

No comments:

Powered by Blogger.