Smiling Buddha, ভাৰতৰ প্ৰথম পাৰমাণৱিক বোমা

দেশ এখন সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত প্ৰতিৰক্ষা বিভাগৰ অৱদান উল্লেখযোগ্য।বিভিন্ন দেশে বিভিন্ন উপায় অবলম্বনৰ জৰিয়তে নিজৰ প্ৰতিৰক্ষা বিভাগ সবল আৰু শক্তিশালী কৰাৰ স্বাৰ্থত কাম কৰে। আমাৰ দেশ ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ ইতিহাসৰ ফালৰ পৰা চালে ১৮ মে দিনটো এক উল্লেখযোগ্য দিন। আচলতে কেৱল প্ৰতিৰক্ষাৰ ফালৰ পৰাই নহয় আজিৰ দিনটো  সমগ্ৰ ভাৰতীয়ৰ বাবে এক গৌৰৱৰ দিন।
      আজিৰ দিনটোৰ ইতিহাস খুচৰিলে আমি পাওঁ যে আজিৰ দিনটোতে ভাৰতে প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বোমাৰ সফল পৰীক্ষণ কৰিছিল।


সেইয়া আছিল ১৯৭৪ চনৰ কথা।ৰাজস্থান ৰাজ্যৰ Pokhran Test Range(PTR) ৰ আৰ্মী চাউনিত বোমাটোৰ পৰীক্ষণ সম্পন্ন হৈছিল। সাংকেতিক নাম আছিল স্মাইলিং বুদ্ধ যাক প'ষৰাণ ১ হিচাপেও জনা যায়।
     প'ষৰাণ ১ আছিল ৰাষ্ট্ৰসংঘৰ পাঁচ স্থায়ী সদস্য ৰাষ্ট্ৰ নোহোৱা দেশ এখনৰ দ্বাৰা পৰীক্ষা কৰা প্ৰথম পাৰমাণৱিক বোমা।


হোমি জেহাংগীৰ ভাৱাই Tata Institute of Fundamental Research স্থাপন কৰাৰ পাছত ১৯৪৪ চন মানৰ পৰাই ভাৰতে নিউক্লিয়েৰ শক্তিৰ ওপৰত কাম আৰম্ভ কৰিছিল।
    ভাৰত স্বাধীন হোৱাৰ পাছত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে  হোমি ভাৱাক লৈ নিউক্লিয়েৰ আঁচনিৰ উন্নতিৰ বাবে নিৰ্দেশ দিয়ে।
    লাল বাহাদুৰ শাস্ত্ৰী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত নিউক্লিয়েৰ শক্তিৰ ওপৰত কাৰ্য যথেষ্ট লেহেমীয়া হয়। বিক্ৰম চাৰাভাই আছিল নিউক্লিয়েৰ কাৰ্যক্ৰমৰ মূল ব্যক্তি।কিন্তু তেখেত মহাত্মা গান্ধীৰ আদৰ্শত বিশ্বাসী হোৱা ব্যক্তি বাবে তেওঁ সৈন্য বাহিনীৰ উন্নয়নৰ পৰিৱৰ্তে শান্তিৰ উদ্দেশ্যে কামকাজ সমুহ আগুৱাই নিছিল।
     ১৯৬৭ চনত ইন্দিৰা গান্ধী প্ৰধান মন্ত্ৰী হোৱাৰ পাছত এই কাৰ্যক্ৰমে পুনৰ এক গতি লাভ কৰে।

   ১৯৭2 চনৰ ৭ ছেপ্টেম্বৰত ইন্দিৰা গান্ধীয়ে ভাৱা এটমিক ৰিছাৰ্চ চেণ্টাৰ(BARC)ক নিউক্লিয়েৰ বোমা পৰীক্ষণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণৰ বাবে নিৰ্দেশ দিয়ে।
    যদিও ভাৰতীয় সেনা বাহিনী সম্পূৰ্ণ ৰূপে জ্ঞাত নাছিল তথাপিও সেনা বাহিনীৰ উচ্চ পদস্থ বিষয়া কেইজনমানক এই বিষয়ত অৱগত কৰা হৈছিল।


      প্ৰথম অৱস্থাত যদিও ইয়াৰ নাম Peaceful Nuclear Explosive দিয়া হৈছিল পাছলৈ ই স্মাইলিং বুদ্ধ( Smiling Buddha) নামেৰেহে জনপ্ৰিয় হয়।ইয়াৰ কাৰণ হিচাপে হয়তো আমি কব পাৰো যে ১৯৭৪ চনৰ ১৮ মে দিনটো অৰ্থাৎ বোমাৰ সফল পৰীক্ষণৰ দিনটো আছিল বুদ্ধ পূৰ্ণিমা।
   নিউক্লিয়েৰ বোমাৰ সফল পৰীক্ষণৰ আঁৰত ৰাজা ৰামান্না,পি কে আয়েংগাৰ, ৰাজাগোপালা চিডাম্বৰম সহিতে ৭৫ জনীয়া বিজ্ঞানীৰ এটি দল জড়িত।


    উল্লেখ্য যে সফল পৰীক্ষণৰ পাছত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীলৈ ৰাজা ৰামান্না ই প্ৰেৰণ কৰা বাৰ্তা টো আছিল " The Buddha has finally Smiled" ।
     আজি এই ঘটনাৰ ৪৬ বছৰ সম্পন্ন হৈছে। পোষৰাণৰ এই সফল পৰীক্ষাৰ পাছৰে পৰা ভাৰতে বিশ্বত এক নিউক্লিয়েৰ শক্তি হিচাপে গৌৰৱেৰে থিয় দি থাকিব পাৰিছে।

                       ভাৰত মাতা কি জয়

No comments:

Powered by Blogger.