দেশৰ স্বাধীনতা সংগ্ৰামৰ অসমৰ শেষৰজন ছহীদ কুশল কোঁৱৰ

দেশৰ স্বাধীনতা সংগ্ৰামৰ অসমৰ শেষৰজন ছহিদ হ’ল কুশল কোঁৱৰ। তেখেতৰ জীৱনৰ বিষয়ে কিছু তথ্য জানো--

 ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি ফাঁচিকাঠ বৰণ কৰা অসমৰ শেষৰজন শ্বহীদ
কুশল কোঁৱৰৰ জন্ম হৈছিল ১৯০৫ চনত অবিভক্ত শিৱসাগৰ জিলাৰ(বৰ্তমান গোলাঘাট)ঘিলাধাৰী মৌজাৰ চাওদাং চাৰিআলিত।তেওঁৰ পিতৃৰ নাম আছিল সোনাৰাম কোঁৱৰ আৰু মাতৃৰ নাম আছিল কনকেশ্বৰী কোঁৱৰ।
১৯১৮ চনত প্ৰাথমিক শিক্ষা শেষ কৰি কুশল কোঁৱৰে গোলাঘাটৰ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰে। ১৯১৯ চনৰ জালিৱানৱালাবাগৰ হত্যাকাণ্ড আৰু তাৰেই ফলত সমগ্ৰ ভাৰতবৰ্ষতে সৃষ্টি হোৱা বিদ্ৰোহ আৰু গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ প্ৰভাৱ অসমতো যথেষ্ট পৰিমাণে পৰিছিল। ১৯২১ চনত কুশল কোঁৱৰে আন বহুতো অসমীয়া ডেকা গাভৰু তথা স্কুলীয়া বিদ্যাৰ্থীৰ দৰে বিদ্যালয় ত্যাগ কৰি এই আন্দোলনত জঁপিয়াই পৰে। সেইসময়ত কোঁৱৰৰ বয়স আছিল মাত্ৰ ১৭ বছৰ। সেইসময়তে অৰ্থনৈতিক দুৰৱস্থাৰ বাবে কুশল কোঁৱৰৰ দেউতাকে পৈতৃক সম্পত্তি বিক্ৰি কৰি বালিজানৰ পৰা ৰেংমাই লৈ গুচি আহে।

১৯২৫ চনত তেওঁ ৰেংমাই প্ৰাথমিক বিদ্যালয় স্থাপন কৰি প্ৰধান শিক্ষকৰ দায়িত্ব দুবছৰ চম্ভালি ১৯২৭ চনৰ ১৭ জুনত বালিজান চাহবাগিচাত বাগিচা পৰিদৰ্শক হিচাপে সোমায় আৰু এই বাগিচাতেই ১৯৩৬ চনলৈ কাৰ্য্যনিৰ্বাহ কৰে।

১৯২৯ চনত কুশল কোঁৱৰে জনৈক প্ৰেমানন্দ দুৱৰাৰ জীয়ৰী প্ৰভাৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

স্বাধীনতাৰ লগতে কানি আৰু অস্পৃশ্যতা বৰ্জন আন্দোলনত নামি পৰাত তেওঁ বাগিচাৰ কাম ত্যাগ কৰি সামাজিক কাম কৰাৰ স্বাৰ্থত গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে।কুশল কোঁৱৰে সদায় অহিংস আন্দোলনত গুৰুত্ব দিছিল যদিও ১৯৪২ চনৰ ৯ অক্টোবৰত সংঘটিত সৰুপথাৰৰ ৰেল দুৰ্ঘটনাটোৰ দলপতি বুলি তেওঁক গেপ্তাৰ কৰা হয়।আৰু ১৯৪৩ চনৰ ১৫ জুনৰ পুৱা যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত বীৰ ছহিদ গৰাকীক ফাঁচী দিয়া হয়।আজি ৭৭তম মৃত্যু তিথিত বীৰ ছহিদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলী যাচিলোঁ..

No comments:

Powered by Blogger.