১৭ জুন - ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন


"গছে গছে পাতি দিলে...'
জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত পৰিচয় হৈছিলো এই গীতটোৰ পৰাই ৷

আমাৰ বয়সৰ বহুতে সৰুতে গীত এটা গোৱা বুলি ক’লে প্ৰথমে ছাগে এইটো গীতেই গাইছিলোঁ ৷ আকৌ সেউজী সেউজী সেউজী অ’ ,মোৰে ভাৰতৰে মোৰে সপোনৰে এই গীতবোৰৰ জৰিয়তেই জ্যোতিপ্ৰসাদ আগৰৱালা সেই প্ৰথম মাত ফুটা দিনৰ পৰাই আমাৰ চিনাকি ৷ ডাঙৰ হৈ হে তেখেতে যে অকল গানেই লিখা নাছিল ,তেওঁ যে একেধাৰে কবি, নাট্যকাৰ, অভিনেতা আৰু চাহ বাগানৰ পৰিচালকো আছিল সেই কথা জানিব পাৰিলো ৷
জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এজন অদ্বিতীয় সৃষ্টিশীল ব্যক্তি আছিল । যিসময়ত অসমীয়া ভাষাৰ সৃষ্টিশীল কামৰ বাবে তেওঁ যি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল তাৰ বাবে তেওঁ সদায় স্মৰণীয় ।তেখেতৰ জন্ম হয় ১৯০৩ চনৰ ১৭ জুনত অৰ্থাৎ আজিৰ দিনটোতে  অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত ৷
তেখেতৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাক আছিল কিৰণময়ী আগৰৱালা। তেখেতৰ পূৰ্বপুৰুষ নবৰংগৰাম আগৰৱালা ১৮১১ চনত ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল।

জ্যোতিপ্ৰসাদ আগৰৱালাই চিত্ৰৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা জাতীয় বিদ্যালয়ৰপৰা তেওঁ ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কলিকতাৰ নেচনেল কলেজৰ পৰা আই.এ. দ্বিতীয় বৰ্ষৰ পঢ়া সাং কৰে। ১৯২৬ চনত বিলাত যাত্রা কৰি তাতে অর্থনীতি, সংস্কৃত, আইন, দর্শন, ইতিহাসৰ অধ্যয়ন কৰিছিল। অৱশ্যে অসমাপ্ত হৈ ৰৈছিল সেই শিক্ষা।
 ১৯৩০ চনত স্বদেশলৈ প্রত্যাৱর্তন কৰাৰ আগতে জার্মানীত কথাছবি সম্পর্কীয় ৭ মাহৰ শিক্ষাও লৈ আহিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই বিদেশৰ পৰা আহিয়েই অসহযোগ আন্দোলনত যোগদান কৰে। তেনে সময়তে তেওঁ ৰচনা কৰিছিল তেওঁৰ সেই কালজয়ী গীত-মাত, নাটকবোৰ যিবোৰ অমৰ সৃষ্টি হৈ ৰ’ল। এই গীত-মাতবোৰেই অসহযোগ আন্দোলনত ইন্ধনৰ যোগান ধৰিছিল।
১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটে। শিলচৰ  জেইলত টাইফয়ড ৰোগত ভুগা সত্ত্বেও তেখেতে কৰাবাস সম্পূৰ্ণ কৰে।

১৯৩৩ চনৰ শেষৰফালে তেখেতে ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰে।১৯৩৫ চনত জয়মতী চিনেমাখনেৰে অসমীয়া চিনেমাৰ তেওঁ আৰম্ভণি কৰিছিল ৷
জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ১৯৩৬ চনত দেৱযানী ভূঞাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। পৰ্যায়ক্রমে তেওঁ সংবাদ সেৱাতো ব্রতী হোৱাৰ লগতে চাহবাগিচা পৰিচালনাতো হাত দিছিল। ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰে।মৃত্যুৰ আগলৈকে তেওঁ গীত, কবিতা, নাটক, চিত্রনাট্যৰ ৰচনা অব্যাহত ৰাখিছিল।
জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত কেইটা মান গল্প হ’ল -ৰূপহী, বগীতৰা,সোণতৰা,সোণটিৰ অভিমান আদি ৷ কেইবাটাও বিখ্যাত কবিতা,শিশু সাহিত্য,উপন্যাস ও তেওঁ সৃষ্টি কৰি থৈ গৈছিল ৷


তাৰ উপৰি  তেওঁ অসমীয়া সংস্কৃতি লৈ উপহাৰ দি গৈছিল ৩০০ ৰো অধিক সুন্দৰ সংগীত, যাক আমি জ্যোতি সংগীত বুলি জানো । সৰুৰে পৰা শুনি আহিছোঁ,কিন্তু সদায় এক সুন্দৰ অনুভৱ আনি দিয়ে জ্যোতি সংগীতবোৰে । সেই সৃষ্টিৰ সমাদৰ সদায় থাকিব ।
 তেওঁৰ মৃত্যু হয় ১৭ জানুৱাৰী ১৯৫১ত মাথো ৪৮ বছৰ বয়সতে , তেওঁৰ সন্মানৰ্থে প্ৰত্যেক বছৰে ১৭ জানুৱাৰীত শিল্পী দিৱস হিচাপে পালন কৰা হয় ।
তেওঁ আৰু কিছুদিন থকাহ'লে অসমীয়া চিনেমা তথা সংস্কৃতিৰ ভঁৰালটো আৰু ওপৰলৈ গ'লহেঁতেন ।

শিল্পী আৰু সুন্দৰ তেওঁৰ ধাৰণাত একেজনেই ---
"সুন্দৰেযে তাত ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে --
সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে ।"

এইজন ব্যতিক্ৰমী জনতাৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৱিত্ৰ জন্ম দিনত তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিলোঁ !
✒️মনময়ুৰী মহন্ত



No comments:

Powered by Blogger.