কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা


আজি কলাগুৰুজনাৰ মৃত্যু তিথি। সমগ্ৰ অসম জুৰি তেখেতৰ শিল্পী সত্তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ২০জুন দিনটো "বিষ্ণু ৰাভা দিৱস" ৰূপে পালিত হৈ আহিছে।  অসমীয়া জাতিৰ সংস্কৃতিৰ ভৰাল চহকী কৰা অন্যতম কাণ্ডাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱলৈ শ্ৰদ্ধা জনাই তেখেতৰ এটি চমু জীৱনপঞ্জী যুগুতাবলৈ প্ৰয়াস কৰিছোঁ -


আমাৰ অসমৰ পশ্চিম সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰ খনৰ নাম বাংলাদেশ ৷ বাংলাদেশৰ ৰাজধানী ঢাকা ৷ আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ আগতে ইংৰাজৰ অধীনত থকা সময়ত বাংলাদেশো আমাৰ ভাৰতৰে অঙ্গৰাজ্য আছিল ৷ইং ১৯০৭ চনত অসমৰ কছাৰী ৰাজবংশৰ তেজপুৰৰ শনিৰাম মুছাহাৰীৰ পুতেক সুদক্ষ সামৰিক বিষয়া গোপাল চন্দ্ৰ ৰাভা চৰকাৰী নিৰ্দেশত ঢাকালৈ বদলি হৈ যায় ৷নিজৰ দক্ষতা আৰু অৰ্হতাৰে চৰ্দাৰ বাহাদুৰ উপাধি লাভ কৰা  গোপাল চন্দ্ৰ ৰাভাৰ সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি খুব আকৰ্ষণ আছিল ৷ তেখেতৰ পৰিবাৰৰ নাম আছিল গেঠীবালা ৰাভা ৷ তেওঁলোকৰ পাঁচজন পুতেক আৰু চাৰিজনী ছোৱালীৰ ভিতৰত চিৰসংগ্ৰামী কলাগুৰু বিষ্ণুৰাভা আছিল অষ্টম ৷
ইং ১৯০৯ চনৰ ৩০ জানুৱাৰীৰ দিনটো আছিল বৃহস্পতিবাৰ ৷ সিদিনাই গোপাল চন্দ্ৰ ৰাভাৰ পৰিবাৰ গেঠীবালা ৰাভাই ঢাকাৰ সামৰিক ছাউনিৰ চৰকাৰী বাসভৱনত এটি পুত্ৰ সন্তান জন্ম দিয়ে ৷ গোপাল চন্দ্ৰ ৰাভাই চোৱা চিতা কৰাই নাম ৰাখে বিষ্ণুপ্ৰসাদ ৷ মাত্ৰ ষোল্ল বছৰ বয়সতে মাক দেউতাক দুয়োকে হেৰুৱাই বিষ্ণুপ্ৰসাদ ঘাটমাউৰা হৈ পৰে ৷

বিষ্ণুপ্ৰসাদ ৰাভাই সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়।দৰং জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি এই পৰীক্ষা পাছ কৰাৰ বাবে তেওঁ কুইন এমপ্ৰেচ সোণৰ পদক লাভ কৰিছিল ৷
তাৰ পাছত কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে ৰাভা কলিকতালৈ যায়। তাৰ পাছত ১৯২৯ চনত কোচবিহাৰ ভিক্টোৰীয়া কলেজলৈ বদলি হয় কিন্তু তাত চৰকাৰৰ কোপ দৃষ্টিত পৰাত ঢাকা কাৰমাইকেল কলেজত নাম ভৰ্তী কৰে। আই.এচ.চি. উত্তীৰ্ণ হৈ তেওঁ `ৰিপন কলেজ'ত নাম লগায়। পঢ়ি থকা কালত তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত নামি পৰে আৰু আৰ চি পি আই বা ভাৰতৰ বিপ্লবী সাম্যবাদী দলত যোগ দিয়ে। কিন্তু চোৰাংচোৱা পুলিচ ৰাভাৰ পাছত লগাত তেওঁ কলিকতাৰ পঢ়া এৰি কোচবিহাৰলৈ আহে আৰু 'ভিক্টোৰিয়া কলেজ'ত নাম লগায়। কোচবিহাৰতো তেখেত স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু সেই অপৰাধত কলেজ কৰ্তৃপক্ষই বাধ্যতামূলক বদলিৰ নিৰ্দেশ দিয়াত ৰংপুৰ কাৰমাইকেল কলেজৰ কলা বিভাগৰ চতুৰ্থ বাৰ্ষিকত নাম ভৰ্তি কৰে। ইয়াতো আৰক্ষী তেখেতৰ পাছত লগাত পঢ়া আধাতে এৰি দি ১৯৩১ চনত ঘৰলৈ ঘূৰি আহে।
ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত 'বাঁহী' আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু 'আৱাহন' আলোচনীত প্ৰবন্ধ-পাতি লিখা-মেলা কৰিছিল।
১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে। জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই 'জয়মতী' আৰু 'শোণিত কুঁৱৰী' নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল।
১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত 'তাণ্ডৱ নৃত্য' প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক 'কলাগুৰু' উপাধি প্ৰদান কৰে।

বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৭ চনৰ ২৪ নবেম্বৰত যোৰহাটৰ সুগায়িকা প্ৰিয়বালা বৰুৱাৰ লগত বিবাহ পাশত আবদ্ধ হয়৷ বিয়াৰ কিছুদিনৰ পিছতেই সন্নিপাত জ্বৰত আক্ৰান্ত হৈ প্ৰিয়বালা বৰুৱাৰ মৃত্যু হয়৷ তাৰপিছতেই বিষ্ণু প্ৰসাদ ৰাভা নিৰুপমা দেৱীৰ সান্নিধ্যলৈ আহে৷ অৱশ্যে নিৰুপমা দেৱীৰ লগত বিষ্ণু ৰাভাই আনুষ্ঠানিকভাৱে বিবাহত বহা নাছিল৷ ১৯৫১ চনত বিষ্ণু ৰাভাই নলবাৰীৰ বেলশৰৰ নবীনচন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিক বিবাহ কৰায়৷ কনকলতা মেধিৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি পুত্ৰ সন্তান পৃথ্বীৰাজ ৰাভা (থুন্ থুন্) আৰু হেমৰাজ ৰাভা (মুন্ মুন্)ৰ পিতৃ হয়। ১৯৬২ চনত কনকলতা মেধিৰ মৃত্যুৰ পিছত বিষ্ণু ৰাভাই গোৱালপাৰাৰ গোসাঁইগাওঁ অঞ্চলৰ বিন্নাকাটা গাঁৱৰ মোহিনীবালা বসুমতাৰীক বিয়া কৰাই৷ মোহিনীবালা বসুমতাৰীৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি সন্তানৰ পিতৃ হয় ৷ এই দুটি সন্তানৰ এগৰাকী আছিল কন্যা সন্তান যি জন্ম হৈয়েই মৃত্যুমুখত পৰে৷ পুত্ৰ সন্তানটিৰ নাম আছিল মেণ্ডেলা ৰাভা।

১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে। ১৯৪৬ চনত 'চিৰাজ' বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে সেই দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হয়। ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয়, আৰু ১৯৪৮ চনৰপৰা ১৯৫২ চনলৈ ৰাভাই আত্মগোপন কৰি থাকে। সেই সময়ৰ বিষ্ণুৰাম মেধিৰ চৰকাৰে তেখেতৰ মূৰৰ দাম দহ হেজাৰ টকা ঘোষণা কৰিছিল। ১৯৫২ চনত গোৱালপাৰাৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় আৰু এবছৰৰ বাবে জেললৈ যায়।

জাতীয়তাবাদ কেই তেওঁ অসমৰ মুক্তি আৰু সমৃদ্ধিৰ পথ আৰু শ্ৰীমন্ত শংকৰদেৱক অসমীয়া জাতীয়তা বাদৰ প্ৰতীক হিচাপে বিবেচনা কৰিছিল ৷নিজৰ মনোভাৱ জনসাধাৰণক অৱগত কৰোৱাই সদৌ অসমবাসীৰ মনত জাতীয়তা বাদী চিন্তাধাৰা গঢ়ি তুলিবলৈ তেওঁ সকলোকে এইদৰে আহ্বান জনাইছিল - অ’ অসমীয়া ডেকা দল ...
কলা সাধনাত একান্তভাৱে মনোনিৱেশ কৰি ৰচনা কৰিছিল বহুতো সুন্দৰ সুন্দৰ গীত ৷তেখেতৰ সৃষ্টি অনুপম গীত সমূহক এক অন্য এক ধাৰাৰ গীত ৰূপে "ৰাভা সংগীত" ৰূপেও সময়ে স্বীকৃতি প্ৰদান কৰিছে।
মানুহৰ প্ৰাণত আলোড়ন সৃষ্টি কৰা বিষ্ণুপ্ৰসাদ ৰাভাই লিখিছিল বহুতো বিপ্লৱী গীত-
জনগণ আজি জাগে
আজি জাগে ভাৰত মাজে ..

বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। তেওঁৰ উল্লেখনীয় প্ৰকাশিত পুথিসমূহ হ'ল:
উপন্যাস:-সোণপাহী ,মিচিং কনেং
নাটক:-গেঙনি ৰেঙনি (নাটক)
প্ৰবন্ধ:-অসমীয়া কৃষ্টিৰ চমু আভাষ,অতীত অসম,মুক্তি দেউল
গল্পসমূহ:-মামীৰ হাৰ, কুৰি বছৰ জেইল, জাল কেছ, হিয়াৰ পুং, ফুংকা (বড়ো ভাষাত ৰচিত)

মধ্যযুগীয়া অসমত স্বৰ্ণযুগৰ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ পৰৱৰ্তী যুগত যিসকল ব্যক্তিয়ে অসমৰ সমাজ জীৱনত গভীৰ  ভাৱে প্ৰভাৱ বিস্তাৰ কৰি জাতিটোক ঐশ্বৰ্যমণ্ডিত কৰিছে সেইসকলৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভা আছিল অন্যতম । সদৌ অসম বাসীৰ বুকুৰ আপোন এইজন বিষ্ণুপ্ৰসাদ ৰাভাই অসম বিধান সভাৰ সদস্য হৈ থকাৰ সময়তে ইং ১৯৬৯ চনত হঠাৎ অসুস্থ হৈ পৰে ৷ ১৯৬৯ চনৰ ২০ জুন তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে ৷

শেষত ৰাভাদেৱৰ ব্যক্তিত্বৰ বিষয়ে ভূপেন হাজৰিকাই কি কৈ গৈছিল চাওঁচোন আহক -
.
"বিষ্ণুপ্ৰসাদ ৰাভা ঠিকাদাৰ নহয়, মন্ত্ৰীও নহয়, সত্ৰাধিকাৰো নহয়, নাস্তিকো নহয়, খাটি মহাপুৰুষীয়া যদিও...মাছ মাংস খায়, ২৫০০ বিঘা মাটিৰ জমিদাৰ হৈও পুঁজিপতি নহয়, মাটিও নাই...গেৰুৱা বসন নিপিন্ধে যদিও সন্ন্যাসী, বিশ্ববিদ্যালয়ত দহোটা-পাঁচোটা গৱেষণা কৰা নাছিল যদিও গৱেষক বুৰঞ্জীবিদ নৃতত্ববিদ্, বিপ্লবী যদিও ৰোমেণ্টিক, জাতি বিচাৰ নামানে যদিও ধনী দুখীয়াৰ জাতি বিচাৰ মানে, তিনিটা সন্তানৰ পিতৃ যদিও গতানুগতিক সংসাৰী নহয়, কমিউনিষ্ট হ'লেও ফেনাটিক নহয়।তিনিকুৰি হ’লেও মনটো একৈশ বছৰীয়া। খাটি বড়ো, খাটি অসমীয়া অথচ বিশ্বৰ ছন্দে ছন্দে ধাৱমান। এক মহান মানৱ শিল্পী।"- ভূপেন হাজৰিকা ৷

(উৎসঃ ইণ্টাৰনেট, অসমীয়া ৱিকিপিডিয়া)।

✒️ মন ময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.