বিশ্ব সংগীত দিৱস

“Music is the universal language of Mankind”
                         -Henry Wadsworth Longfellow

সংগীত মানৱৰ বিশ্বজনীন ভাষা ৷ পৃথিৱীত এনে কোনো মানুহ হয়তো নোলাব যাৰ সংগীতৰ প্ৰতি অনুৰাগ নাই ৷ সকলোৱেই সংগীতৰ প্ৰতি আসক্ত হয় ৷ মানৱ জীৱনৰ প্ৰতিটো ক্ষণত সংগীতৰ প্ৰভাৱ মন কৰিবলগীয়া ৷পুৱা পখীৰ মাতত সাৰ পাই নিশা  জিলিৰ মাতত টোপনি যোৱালৈকে সকলো শব্দত যেন সংগীত বিৰাজমান ৷

আজি বিশ্ব সংগীত দিৱস ৷৭০ দশকত এগৰাকী আমেৰিকান সংগীতজ্ঞ জ'ৱেল ক'হেন( Joel Cohen) ৰ মনত এটি চিন্তাই জন্ম লৈছিল ৷ চিন্তাটি আছিল "সংগীতৰ বাবে এটি দিন উৎসৰ্গিত হওক"৷ সেই সময়ত তেওঁ ফ্ৰান্সৰ ৰেডিঅ' ষ্টেচন এটাত কৰ্মৰত আছিল। তেওঁ বিচাৰিছিল যে 21 জুন তাৰিখটোতে গ্ৰীষ্মক আদৰণী জনাই সংগীত দিৱস পালন কৰা হওক।তেওঁৰেই এই চিন্তাই পূৰ্ণ ৰূপ পাইছিল 1982 চনত। সেই বছৰেই ফ্ৰান্সৰ সাংস্কৃতিক মন্ত্ৰী জেক লেংগ (Jack Lang) আৰু ফ্ৰান্সৰ সংগীতজ্ঞ আৰু music journalist মৰিছ ফ্লিউৰেট (Maurice Fleuret) ৰ নেতৃত্বত 21 জুন তাৰিখটোক “Fête de la Musique" অৰ্থাৎ সংগীতৰ বাবে উৎসৰ্গিত এটি দিন বুলি অভিহিত কৰি সংগীত দিৱস পালন কৰা হৈছিল।


 ক্ৰমান্বয়ে ফ্ৰান্সৰ বাহিৰেও অন্য দেশতো 21 জুন দিনটোক "বিশ্ব সংগীত দিৱস" হিচাপে পালন কৰা হ'ল আৰু বৰ্তমান 120 খন দেশত 21 জুন তাৰিখটোক বিশ্ব সংগীত দিৱস হিচাপে পালন কৰা হয়।প্ৰতি বছৰে এটা মূল বিষয় বস্তু লৈ এই দিৱস উৎযাপন কৰা হয় ৷ এই বছৰৰ সংগীত দিৱসৰ মূল বিষয় বস্তু- " Music at the intersections "

সংগীত দিৱসৰ প্ৰধান উদ্দেশ্য আছিল উদীয়মান শিল্পীসকলক ‌ভাল সংগীত বনোৱাৰ বাবে উৎসাহিত কৰা যাতে সংগীত হৈ পৰক মানৱ সভ্যতাৰ উন্নতিৰ এটা অংশ। অতীতৰে পৰা সংগীতে সেই ভূমিকাই পালন কৰি আহিছে। কিন্তু বৰ্তমান সময়ত আমি যেন সেই উদ্দেশ্যেৰ পৰা বহু আতৰি আহিছো। সস্তীয়া লিৰিক্স, একঘেয়ামী সুৰ আৰু ইউটিউবৰ মিলিয়ন ভিউচ ৰ মাজত যেন হেৰাই পৰিছে সংগীতৰ সেই উদ্দেশ্যে।

 এনেবোৰ কাৰণতে সম্প্ৰতি সংগীত জগতখনত এক বৌদ্ধিক নৱজাগৰণৰ প্ৰয়োজন হৈছে ৷সংগীত জগতৰ লগত জড়িত সকলে কেৱল বিতৰ্ক আৰু প্ৰচাৰৰ ধামখুমীয়াৰে বিখ্যাত হোৱাৰ মানসিকতাৰ বিপৰীতে ৰুচিশীল সংগীত সৃষ্টিৰ প্ৰতি আগ্ৰহী হোৱাৰ লগতে আমি শ্ৰোতা সকলেও আমাৰ ৰুচিবোধৰ পৰিৱৰ্তন কৰি প্ৰকৃত সৃষ্টিক আদৰি সংগীতৰ জগতখন অতীতৰ দৰেই জিলিকাই ৰাখিবলৈ সক্ষম হ’ম । তাৰে কামনাৰে সকলোকে সংগীত দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৷

No comments:

Powered by Blogger.