ককা নীলমণি ফুকন


আজি ২২ জুন ৷অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত নীলমণি ফুকন দেৱৰ আজি ওপজা দিন ৷১৮৮০ চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ত তেখেতৰ জন্ম হৈছিল ৷

নীলমণি ফুকন একাধাৰে এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী আছিল । তাৰ উপৰি তেওঁ এজন সুবক্তা ও আছিল ৷ককা নীলমণি ফুকন নামেৰে পৰিচিত বিশিষ্ট কবিগৰাকীক সৰ্বজন স্বীকৃত বাক্‌পটুতাৰ  বাবে বাগ্মীবৰ উপাধিৰে সম্ভাষণ জনোৱা হৈছিল  ।

ককা নীলমণি ফুকনৰ পিতৃৰ নাম লম্বোদৰ ফুকন। মাতৃৰ নাম চন্দ্ৰাৱলী ৷ স্কুলীয়া শিক্ষা ডিব্ৰুগড়তেই সাং কৰি কোচবিহাৰ কলেজৰ পৰা ১৯০৭ চনত বি. এ. পৰীক্ষা পাছ কৰে। কলিকতাতে আইনৰ শিক্ষা গ্ৰহণ কৰিছিল যদিও সম্পূৰ্ণ নহ’ল ৷

ডিব্ৰুগড়ৰ জৰ্জ স্কুলৰ শিক্ষকতাৰে চাকৰি জীৱনৰ পাতনি মেলে ৷তাৰ উপৰি তেওঁ আসাম লেজিচলেটিভ কাউন্সিল আৰু অসম এছেম্বলিৰ ও সভ্য আছিল ৷
তেখেত ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত ‘আলোচনী’ যোৰহাটৰ পৰা প্ৰকাশ পোৱা ‘সাদিনীয়া বাতৰি’ কাকত আৰু ‘দৈনিক বাতৰি’ আৰু শিশু আলোচনী ন- জোনৰ  সম্পাদক আছিল।

ভাষাৰ ওজস্বিতা ফুকনৰ গদ্যৰ বিশেষত্ব। পলমকৈ সাহিত্য সৃষ্টিত মনোনিৱেশ কৰা নীলমণি ফুকনৰ  উল্লেখযোগ্য কবিতা পুথিসমূহ হ’ল- ‘জ্যোতিকনা’, ‘মানসী’,‘গুটিমালি’,’জিঞ্জিৰি’,‘সন্ধানী’,’অমিত্ৰা’,’আহুতি’, ‘শতধাৰা’ 'মৰা ডালৰ কুঁহিপাত’ আদি। ‘সাহিত্য-কলা’ আৰু ‘চিন্তমণি’ হ’ল তেওঁৰ দ্বাৰা ৰচিত উৎকৃষ্ট প্ৰবন্ধ পুথি।তেওঁৰ কবিতাসমূহত ৰহস্য সন্ধানী ভাবৰ পৰিচয় ঘটাৰ লগতে মানৱ প্ৰেম তথা সৌন্দৰ্য অনুভূতিৰ প্ৰকাশো দেখা পোৱা যায়। তেওঁৰ প্ৰায়বোৰ কবিতাই আছিল ছনেট গঢ়ী।
১৯৭৮ চনত ককা নীলমণি ফুকনৰ মৃত্যু হয় ৷

বাগ্মীবৰ নীলমণি ফুকনে লাভ কৰা সন্মান আৰু স্বীকৃতি-
অসম সাহিত্য সভাৰ শিৱসাগৰ (১৯৪৪) আৰু ডিব্ৰুগড়(১৯৪৭) অধিৱেশনৰ সভাপতি।
দিল্লী সাহিত্য অকাডেমিৰ জলপানী (১৯৭৩), সাহিত্য সভাৰ সহস্য মহত্তম (১৯৭২)
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডি .লীট উপাধি
নলবাৰী সঞ্জীৱনী সভাৰ দ্বাৰা সাহিত্য ৰত্ন লাভ


শেষত,ককা নীলমণি ফুকনৰ “মানস প্ৰতিমা ”কবিতা পুথিৰ পৰা এটি কবিতা তুলি দিয়া হ’ল -

          সঞ্চয়
উঁইৰ সঞ্চয় মাটি কৰকৰা
মৌৰ সঞ্চয় বিচনীখন ৷
উঁইৰ সঞ্চয়ে মাটি ৰস হৰে ,
মৌৰ সঞ্চয়ত মধু বৰ্ষণ ৷৷

বাঢ়ে কৃপণৰ সঞ্চয়ত নিতে
আন্ধাৰ মাথোন চোৰ চাঙত ৷
জ্ঞানৰ সঞ্চয়ে পোহৰ বিলাই,
মনৰ নেদেখা কুন্ধিবোৰত ৷৷

পুণ্যতোয়া গঙ্গাজল সাঁচি থ’লে,
হয় শান্তিয়নী পবিত্ৰ জল ৷
সোণৰ পাত্ৰতো ম’হৰ ঘুলিৰ
জল সাঁচি থ’লে নহয় নিৰ্মল ৷৷
সাঁচি থোৱাকেই সঞ্চয় নকয় -
যদি তাৰে হিত সাধন নহয় ৷


( তথ্য সমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে )

✒️মন ময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.