পৰিৱেশ দিৱস আৰু সাম্প্ৰতিক সময়

    আজি ৫ জুন। আজিৰ দিনটোক বিশ্ব পৰিবেশ দিৱস বুলি জনা যায়। আমি আমাৰ চাৰিও ফালৰ পৰিৱেশৰ বাবে আটাইবোৰ দিনতেই কাম-কাজ ৰূপায়ন কৰো যদিও, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিয়ে(UNED) ১৯৭২ চনৰ ৫-১৬ জুনলৈকে  মানৱ পৰিৱেশ(Human Environment) সন্মিলনত আৰম্ভ কৰিছিল। পিছৰ বছৰত অৰ্থাৎ ১৯৭৩ চনত ‘Only one Earth’ মূল বিষয়বস্তুৰে  বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। তেতিয়াৰে প্রতি বছৰে এই ৫’ জুন দিনটোক আমি ইয়াৰ মূল দিন হিচাপে মানি আহিছো।


      পৰিৱেশ সচেতনতাৰ প্ৰতি জনসাধাৰণক আকৃষ্ট কৰা আৰু এখন সেউজীয়া, সুৰক্ষিত পৃথিৱী নিৰ্মাণ কৰাৰ স্বাৰ্থত এই দিৱস উদযাপন কৰা হয়।
বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু -

প্ৰত্যেক বছৰে বিভিন্ন বিষয়বস্তু নিৰ্ধাৰণ কৰি পালন কৰা এই মহান দিৱসৰ এইবছৰৰ  বিষয় বস্তু হৈছে " জৈৱ বৈচিত্ৰতাক উদযাপন কৰা" (Celebrate Bio diversity) আৰু শ্ল’গান Time for nature .
আমি জানো যে ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিৰ্ণীত একোটা বিশেষ বিষয়ক ভিত্তি কৰি প্ৰতিবছৰৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।২০১০ চনৰ পৰা নিৰ্বাচিত বিষয়বস্তু বোৰ হৈছে -
২০১০ চন: ‘অনেক প্ৰজাতি: এটা গৃহ, এক ভৱিষ্যৎ’।
২০১১ চন: ‘অৰণ্য: প্ৰকৃতি আপোনাৰ সেৱাত’।
২০১২ চন: ‘সেউজ অৰ্থনীতি: ই আপোনাকো সামৰি লয়নে’?
২০১৩ চন: ‘ভাবক, খাওক আৰু বচাওক’ আৰু শ্লোগান আছিল- ‘আপোনাৰ ফুডপ্ৰিন্ট হ্ৰাস কৰক’।
২০১৪ চন: ‘সৰু দ্বীপে দেশৰ বিকাশ ঘটাইছে’ আৰু ‘আপোনাৰ কন্ঠস্বৰ উচ্চ কৰক, সাগৰপৃষ্ঠ নহয়’।
২০১৫ চন:‘এখন বিশ্ব, এটা পৰিৱেশ’।

২০১৬ চন:- ‘পৃথিৱীখনক অধিক সুন্দৰ কৰাৰ অভিযানত যোগ দিয়ক/ভাগ লওক’।
২০১৭ চন:- Connecting people to the nature - in the city and on the land,from the poles to the equator
২০১৮ চন :- Beat Plastic pollution,আয়োজক দেশ ভাৰত ৷
২০১৯ চন :- Beat air pollution .


সাম্প্ৰতিক সময় খিনি সচাঁকৈয়ে অস্থিৰ সময় ৷ যি সময়ত পৰিৱেশ দিৱসৰ নামত গছপুলি ৰুইছোঁ , সেই একে সময়তে বনাঞ্চল ধ্বংস কৰিছোঁ ৷ দিহিং পাটকাই ,ডিব্ৰু চৈখোৱাক ধ্বংসৰ মুখলৈ ঠেলি দিছোঁ,আনকি শিক্ষিত জীৱশ্ৰেষ্ঠৰ পৰিচয় দি গৰ্ভৱতী হাতীকো হত্যা কৰিছোঁ ৷

এনে সময় খিনিত পৰিৱেশ দিৱস উৎযাপন কৰাৰ অধিকাৰ আছে নাই তাকো আমি প্ৰতিজনে নিজক প্ৰশ্ন কাৰ সময় সমাগত ৷  যিদিনা আমি এজোপা গছ কটাৰ আগতে হাজাৰবাৰ চিন্তা কৰিম,যিদিনা প্ৰকৃতি ধ্বংস কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ এবাৰ হ’লেও চিন্তিত হ’ম সেইদিনাহে বিশ্ব পৰিৱেশ দিৱসৰ গুৰুত্ব থাকিব।

পৰিৱেশ দিৱস মানে এদিনৰ বাবে প্ৰকৃতি সংৰক্ষণ বা গছ ৰোপন কৰা কাৰ্যটোক নুবুজাই৷ সংৰক্ষণৰ কথাটো অন্তৰৰ পৰা লব লাগিব৷ আমি প্রতিগৰাকী নাগৰিক যদি আজি পৰিৱেশ প্ৰদূষণৰ ভয়াবহতা আৰু পৰিৱেশ সংৰক্ষণ সম্পর্কত সঠিকভাৱে সচেতন নহওঁ, জল-স্থল বা বায়ুমণ্ডলত হৈ থকা প্ৰদূষণ নিয়ন্ত্ৰণলৈ আনিব নােৱাৰােঁ, আমি আমাৰ ব্যক্তিগত লাভৰ বাবে দৈনিক গছ-গছনি কাটি অৰণ্য ধ্বংস কৰি পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰােঁ, তেন্তে অনতিপলমে আমাৰ বিপদ অনিবার্য।
✒️মনময়ুৰী মহন্ত

No comments:

Powered by Blogger.