বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া


আজি শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু,পণ্ডিত সোণাৰাম চুতীয়াদেৱৰ জন্ম তিথি ৷আহক আজি এইজনা পণ্ডিতৰ পবিত্ৰ জন্ম তিথিত তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ।


     ১৮৩৭ শকৰ ২৫ জেঠ (ইং- ১৯১৫ চনৰ ৮ জুন)অৰ্থাৎ আজিৰ দিনটোতে যোৰহাট নগৰৰ পৰা ১৫ কিঃমিঃ পূৱে কাকজানৰ বাম কুকুৰাছোৱা গাঁওত মুক্তিযোদ্ধা, সাহিত্যিক, সুবক্তা বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াদেৱৰ জন্ম হৈছিল ৷ তেওঁৰ পিতৃৰ নাম আছিল জাগীৰাম চুতীয়া আৰু মাতৃৰ নাম আছিল ফুলেশ্বৰী চুতীয়া
   
সোণাৰাম চুতীয়াই ১৯২২ চনত কাকজানৰ বাম কুকুৰাচোৱা প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰি শিক্ষাৰ পাতনি মেলে ৷ ১৯২৭ চনত পাঠশালাৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হৈ আৰু তিনি টকাকৈ ছাত্ৰ বৃত্তি লাভ কৰিছিল ৷ ১৯৩১ চনত কাকজান চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা এম ই পৰীক্ষাত উত্তীৰ্ণ আৰু পাঁচ টকাকৈ ছাত্ৰবৃত্তি লাভ ৷ ১৯৩৫ চনত যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা ৫ টা বিষয়ত (সাধাৰণ গণিত, সংস্কৃত, অসমীয়া, অতিৰিক্ত গণিত আৰু মেকানিকচ) লেটাৰসহ ষ্টাৰ সহিতে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷ ইয়াৰ পিছত তেওঁ কটন কলেজত নামভৰ্তি কৰিছিল ৷ ১৯৩৯ চনত কটন মহাবিদ্যালয়ৰ পৰা ডিষ্টিংচনসহ বি. এছ. চি উপাধি লাভ কৰিছিল ৷ এনে সময়তে দ্বিতীয় মহা সমৰৰ ৰণশিঙা বাজি উঠাত চুতীয়াদেৱে কলিকতালৈ গৈ শিক্ষা লাভ কৰাটো সম্ভৱ হৈ নুঠিল ৷
চুতীয়াদেৱে ১৯৩৯ চনত শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত কুৰি টকীয়া দৰ্মহাৰে বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰিছিল ৷ ১৯৪০ চনত শিক্ষকৰ চাকৰি ত্যাগ কৰি তেখেতে জাতীয় মহাসভাত যোগদান কৰিছিল ৷ ১৯৪২ চনত সমগ্ৰ ভাৰতবৰ্ষ জুৰি ভাৰত ত্যাগ আন্দোলন চলিছিল ৷ ইয়াত সোণাৰাম চুতীয়াদেৱে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে তেখেতক ৪ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ যোৰহাট কাৰাগাৰত সোণাৰাম চুতীয়াদেৱ ২ বছৰ ১৭ দিন বন্দী হৈ আছিল ৷ ইয়াৰ পিছত ৬ মাহ কাল তেখেতক নিজ ঘৰত নজৰবন্দী কৰি ৰখা হৈছিল ৷ ১৯৪৫ চনত তেখেত যোৰহাট লোকেল ব'ৰ্ডৰ সদস্য নিৰ্বাচিত হৈছিল আৰু এই কালছোৱাতে গোপীনাথ বৰদলৈৰ অনুপ্ৰেৰণাত তেখেতে মহাত্মা গান্ধীৰ সেৱা আশ্ৰমত দহমহীয়া বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ লৈছিল ৷ ইয়াতে তেওঁ মহাত্মা গান্ধীৰ ধৰ্ম আৰু কৰ্মবীক্ষাৰে প্ৰভাৱাম্বিত হৈছিল ৷ পুনৰ ১৯৫৪ চনত গোলাঘাটত গ্ৰাম্য উন্নয়ন বিষয়া হিচাপে যোগদান কৰি তেখেতে ১৯৬২ চনৰপৰা ১৯৬৫ চনলৈকে মাজুলী, সাপেখাটী, সোণাৰিত খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্যপালন কৰিছিল ৷

ইয়াৰ পিছতে ১৯৬৮ চনত জয়সাগৰৰ পঞ্চায়তীৰাজ আৰু গাঁও পঞ্চায়ত সম্পাদক প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে ৷ পুনৰ ১৯৭০ চনত গাঁও পঞ্চায়ত সম্পাদক প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ পদৰপৰা অৱসৰ গ্ৰহণ কৰি টীয়ক ৰজাবাৰী হাইস্কুলৰ প্ৰধান হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল ৷ ১৯৭৫ চনত চুতীয়াদেৱে চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰে ৷
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ পদ সোণাৰাম চুতীয়াদেৱে ন-বাৰকৈ অলংকৃত কৰিছিল।তেখেতে এই সংগঠনক উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠনৰূপে উন্নীত কৰি তুলিছিল ৷
বৈষ্ণৱ দৰ্শনত অগাধ পাণ্ডিত্যৰ বাবেই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই তেখেতক বৈষ্ণৱ পণ্ডিত উপাধিৰে বিভূষিত কৰিছে।
তেখেতে বহু সংখ্যক ৰচনাৰে অসমীয়া সাহিত্যৰ ভঁৰাল টনকীয়াল কৰি গৈছে -
১/ঈশ্বৰৰ সৰ্বপিতা (অনুবাদ) (১৯৫৪)।
২/নামধৰ্ম প্ৰকাশ(১৯৫৪)।
৩/মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱৰ চৰিত্ৰ (১৯৬৮)।
৪/অসমৰ বৈষ্ণৱ দৰ্শনৰ স্বৰ্ণৰেখা (১৯৭২)।
৫/বিষোদগাৰৰ বিচিত্ৰ কাহিনী (১৯৭৬)।
৬/মহাপুৰুষীয় ধৰ্ম আৰ কৰ্মকাণ্ড (১৯৮০)।
৭/শোৱৰ অষুধি (১৯৮০)।
৮/ভাগৱত মহাত্ম্য (১৯৮৬)।
৯/মহাপুৰুষীয় ধৰ্ম জিজ্ঞাসা (১৯৮৬)।
১০/বেদ আৰু মহাপুৰুষীয় ধৰ্ম (১৯৮৬)।
১১/মুণ্ডণ (১৯৭৮)।
১২/ভক্তিৰত্নৱলী (টীকা আৰু ভাষ্যসহ) (১৯৭৯)।
১৩/বৈষ্ণৱ পণ্ডিত ১৪/শ্ৰীসোণাৰাম চুতীয়া ৰচনাৱলী - ১ম খণ্ড (১৯৯৮)।
১৪/অসমৰ সত্ৰঃ এক অনুসন্ধান (২০০৩)।
১৫/আমি ভগৱানৰ দাস (২০০৩)।
১৬/বৈষ্ণৱ পণ্ডিত শ্ৰীসোণাৰাম চুতীয়া ৰচনাৱলী - ২য় খণ্ড (যন্ত্ৰস্থ)।


তেখেতে লাভ কৰা বঁটা সমূহ –
(১) ২২ আগষ্ট ১৯৭২ চন : ভাৰত চৰকাৰৰ দ্বাৰা স্বাধীনতা সংগ্ৰামী হিচাপে তাম্ৰপত্ৰেৰে সন্মানিত হৈছিল ৷
(২) ৯ আগষ্ট ১৯৯৩ চন : অসম চৰকাৰৰ দ্বাৰা স্বাধীনতা সংগ্ৰামী হিচাপে সম্বৰ্ধিত হৈছিল ৷
(৩) ২০ ফেব্ৰুৱাৰী ১৯৯৪ চন : শ্ৰীশঙ্কৰদেৱ সঙ্ঘৰ দ্বাৰা, সঙ্ঘৰ সৰ্ব্বোচ্চ সন্মান শ্ৰীমন্ত শঙ্কৰদেৱ মাধৱদেৱ বঁটা প্ৰদান কৰা হৈছিল ৷
(৪) ২০০০ চনত অসম চৰকাৰৰ সৰ্বোচ্চ বঁটা শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা আৰু অসম চৰকাৰৰ পৰা কেবিনেট মৰ্যদা প্ৰদান কৰা হৈছিল ৷
(৫) ২০০৫ চনত যোৰহাটস্থ একলব্য আৰু উত্তৰ-পূব গৱেষণা মঞ্চৰ দ্বাৰা 'দলিত দৰদী' অভিধা প্ৰদান ৷
(৬) ২০১২ চনত যোৰহাট জিলা সাহিত্য শাখাৰ দ্বাৰা 'যোৰহাট ৰত্ন' উপাধি প্ৰদান ৷
ইয়াৰ উপৰিও তেখেতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা অলেখ মান-পত্ৰ আৰু সম্বৰ্দ্ধনা লাভ কৰিছিল ৷

২০১৩ চনৰ ৩০ জানুৱাৰী তাৰিখে সোণাৰাম চুতীয়াদেৱে নিশা ৯ বাজি ১০ মিনিটত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৯৮ বছৰ বয়সত  ইহলীলা সম্বৰণ কৰে ৷ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হোৱাত সেইদিনা পুৱা ১১ বজাত তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷
এইজনা বৈষ্ণৱ পণ্ডিতক ৰামধেনু পৰিয়ালে জন্মতিথিৰ দিনা শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷

No comments:

Powered by Blogger.