বিখ্যাত গ্ৰন্থ The Diary Of a Young Girl প্ৰকাশৰ দিনটো - ২৫ জুন


সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থ সমূহৰ ভিতৰত এখন অন্যতম গ্ৰন্থ হ’ল The Diary Of a Young Girl ৷ ১৯৪৭ চনৰ ২৫ জুনৰ দিনা অৰ্থাৎ আজিৰ দিনটোতে এই গ্ৰন্থখন প্ৰকাশ হৈছিল ৷

বিখ্যাত কিতাপখনৰ লেখিকা হ’ল  এন্‌ ফ্ৰাঙ্ক ৷ যি নিজৰ ডায়েৰীৰে সমগ্ৰ বিশ্বক জয় কৰিব পাৰিছিল ৷
এন ফ্ৰাঙ্কৰ জন্ম হৈছিল ১২ জুন ১৯২৯ চনত জাৰ্মানীৰ এটা ইহুদি পৰিয়ালত  । মাত্ৰ ১৫ বছৰ বয়সত নাৎসি অত্যাচাৰৰ শিবিৰ ৱাৰগেন ৱেলছনত মৃত্যু হৈছিল ৷ কিন্তু মৃত্যুও যে শিল্প, এই কিশোৰীগৰাকীয়ে প্ৰমাণ কৰি গ’ল ৷

বিশ্বপ্ৰসিদ্ধ এন ফ্ৰাঙ্ক(Anne Frank)এ নিজৰ ১৩ তম্ জন্মদিনত এখন ডায়েৰি উপহাৰ হিচাপে পাইছিল। ১৫ বছৰ বয়সতে কৰুণ মৃত্যুক সাৱটি লোৱা এন ফ্ৰাঙ্কে দুবছৰৰ ভিতৰতে দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা আৰু দৌৰাত্ম্য নিজৰ ডায়েৰিত সন্নিবিষ্ট কৰে। যিয়ে কালক্ৰমত বিশ্ববিখ্যাত এন ফ্ৰাঙ্কৰ ডায়েৰি (Anne Frank's Diary) ৰ ৰুপত খ্যাতি লাভ কৰে।

হিটলাৰৰ নাজী বাহিনীয়ে ইহুদি সকলক গণহত্যা কৰিছিল। গণহত্যা পৰা ৰক্ষা পাবলৈ এন ফ্ৰাঙ্কৰ পৰিয়ালটো দুবছৰ গোপনে বাস কৰিছিল ৷৭৬১ দিন অৰ্থাৎ দুবছৰতকৈও অধিক দিন নাজী বাহিনীৰ পৰা ৰক্ষা পাবলৈ এটা কোঠাতে আৱদ্ধ হৈ আছিল এন. ফ্ৰাঙ্ক ৷সেইখিনি সময়ত এন ফ্ৰাঙ্কে নিজৰ ডায়েৰী লিখিছিল | ডায়েৰীত তেওঁ সকলো কথা লিপিবদ্ধ কৰিছিল | ডায়েৰীখন ১২ জুন ১৯৪২ ৰ পৰা ১ আগষ্ট ১৯৪৪ চনলৈ লিখা হৈছিল ৷১৯৪৪ চনৰ ৪ আগষ্টত নাজী বাহিনীয়ে তেওঁলোক লুকাই থকাৰ কথা গম পাই আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰে ৷ ১৯৪৫ চনত এন ফ্ৰাঙ্কৰ মৃত্যু হয় ৷

এন ফ্ৰাঙ্কৰ দেউতাক নাজী বাহিনীৰ পৰা পলাবলৈ সক্ষম হোৱাৰ পাছত দেউতাকে এন ফ্ৰাঙ্কৰ ডায়েৰীখন পাইছিল ৷১৯৪৭ চনত এন ফ্ৰাঙ্কৰ ডায়েৰীখন "The Diary of a Young Girl" নামৰে কিতাপ আকাৰে প্ৰকাশ কৰে ৷প্ৰকাশ কৰাৰ পাছত এন ফ্ৰাঙ্কৰ ডায়েৰীখন বিশ্ব বিখ্যাত হৈ পৰে |প্ৰথমে প্ৰকাশ কৰোঁতে ৩ কোটি কপি বিক্ৰী হয় আৰু ৭০ টা ভাষাত অনুবাদ হৈছে |ডায়েৰীখন অসমীয়াতো অনুবাদ কৰা হৈছে।

এন ফ্ৰাঙ্ক য়ে কৈছিল -
Dead people receive more flowers than the living ones because regret is stronger than gratitude অৰ্থাৎ
"কৃতজ্ঞতাবোধতকৈ অনুশোচনা বেছি শক্তিশালী বাবেই জীৱিত ব্যক্তিতকৈ মৃত ব্যক্তিয়ে বেছি ফুল পায় ৷" 

এটা জাতিক নিঃশেষ কৰি দিব খোজা সন্মিলিত প্ৰচেষ্টাৰ আগত, আশাৰ বতৰা সঞ্চাৰি যেন ফুলি উঠিছিল এপাহ শুভ্ৰ খৰিকাজাঁই ৷ কন্যাৰ মৃত্যুৰ পাচত পিতৃয়ে প্ৰকাশ কৰা এনৰ ডায়েৰী খনে পৃথিৱী তোলপাৰ লগালে ৷ বিশ্বৰ সকলো ভাষালৈ অনুবাদ হোৱাৰ উপৰিও মঞ্চনাট ,চলচ্চিত্ৰ আদিও সৃষ্টি হ’ল ৷
প্ৰকাশ হোৱা ইমান বছৰৰ পিছতো এই কিতাপখনৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নাই ৷ বহুতৰে প্ৰিয় গ্ৰন্থৰ তালিকাৰ শীৰ্ষত থাকে এই কিতাপখন ৷ অনাগত দিন বোৰতো সকলোৰে হৃদয়ে হৃদয়ে বিয়পি পৰক এই গ্ৰন্থখন ...


✒️মন ময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.