কবি অমূল্য বৰুৱা


আজি ৩০ জুন ৷ কবি অমূল‍্য বৰুৱাৰ ওপজা দিন ৷
পবিত্ৰ দিনটোত কবি গৰাকীক শ্ৰদ্ধা নিবেদিলোঁ ৷

কালান্তৰৰ কবি  অমূল্য বৰুৱাৰ জন্ম হৈছিল ১৯২২ চনৰ ৩০ জুন তাৰিখে সাংস্কৃতিক ৰাজধানী যোৰহাটত।তেওঁ হাইস্কুলীয়া দিনতে শ্ৰদ্ধাৰ ডিম্বেশ্বৰ নেওগ, মিত্ৰদেৱ মহন্ত, জেহিৰুদ্দিন আহমেদ আদিৰ অনুপ্ৰেৰণাত সাহিত্য চৰ্চা আৰম্ভ কৰিছিল।শিক্ষাৰ ক্ষেত্ৰত তেওঁ ১৯৪১ চনত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কটন কলেজত বিজ্ঞান পঢ়াৰ মানসেৰে ভৰ্তি হয়। পিছত ঘৰুৱা আৰ্থিক অসুবিধাৰ কাৰণে কটন কলেজ বাদ দি যোৰহাটৰ নৱনিৰ্মিত জগন্নাথ বৰুৱা মহাবিদ্যালয়লৈ আহি কলা শাখাত নাম লগায়। বি এ পঢ়ি থকা অৱস্থাতে স্বাধীনতা আন্দোলনত উদ্বুদ্ধ হৈ ব্লেকড্ৰেগন বুলি উগ্ৰপন্থী দল এটাত যোগদান কৰিছিল বুলি জনা যায়।এই দলটোৱে ইংৰাজ সেনা বাহিনীৰ ছাউনীবোৰত জুই দি ফুৰিছিল।
১৯৪৫ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ কলিকতাত ইংৰাজী বিষয়ত এম এ আৰু আইন পঢ়িবলৈ লয়। কলিকতাত থাকোঁতে অমূল্য বৰুৱাই ভালেমান বঙালী শিল্পী সাহিত্যিকৰ সংস্পৰ্শলৈ আহিবলৈ সংযোগ ঘটে। ১৯৩৯ চনত অমূল্য বৰুৱাই কলিকতাৰ পৰা প্ৰকাশিত আৱাহন আলোচনীত কবিতা লিখিছিল। দ্বিতীয় মহাসমৰৰ সময়তো তেওঁ আৰু তেওঁৰ সংগীসকলে সাহিত্য-সংস্কৃতি চৰ্চা কৰিবলৈ এৰা নাছিল। তেওঁ সম্পাদক হৈ ৰ'দালি সভা নামৰ আলোচনী এখন উলিয়াই তাত 'যোগসূত্ৰ' নামৰ এটা বিপ্লৱী কবিতা লিখিছিল। 'ৰ'দালি সভা' নামে এখন সাহিত্য চৰ্চাৰ সভা গঠন কৰি তাৰ দায়িত্ব লৈছিল সাহিত্যিক কমলেশ্বৰ চলিহাই। কলেজীয়া ছাত্ৰাৱস্থাত কলেজ আলোচনীৰ ইংৰাজী বিভাগটোৰ সম্পাদনাৰ দায়িত্ব লৈ অমূল্য বৰুৱাই Mockery Of Civilisation নামৰ বিপ্লৱী ভাৱৰ কবিতা এটি লিখে। পিছত বোম্বাইৰ পৰা প্ৰকাশিত ত্ৰিৱেণী আলোচনীত এই কবিতাটো প্ৰকাশিত হয়।সেই কালৰ আন আন অসমীয়া কবিৰ দৰে অমূল্য বৰুৱাইও ৰোমাণ্টিক কবিতাৰেই লেখক জীৱনৰ সূত্ৰপাত কৰিছিল। পিছলৈ দ্বিতীয় মহাসমৰৰ বিভীষিকা, ভাৰতৰ স্বাধীনতা আন্দোলনৰ ব্যাপকতা, ৰুছ দেশৰ সমাজবাদ আৰু বিশেষকৈ মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱে তেওঁক বাস্তৱমুখী কৰি প্ৰগতিবাদী কবিতা ৰচনাত ইন্ধন যোগাইছিল। পিছলৈ নিষ্পেষিত, নিপীড়িত মানুহৰ বাবে তেওঁ হাতত কলম তুলি ল'লে। দুৰন্ত মানৱতাবাদী আৰু সমাজ পৰিৱৰ্তনৰ ভাৱেৰে তেখেতে 'জয়ন্তী'ৰ পাতত অসমীয়া কবিতালৈ আধুনিকতাৰ ঢল বোৱাই আনিলে।

সৰ্বহাৰাৰ দুখ আৰু মানৱ জীৱনৰ ছবি প্ৰতিফলিত হোৱা কিয়নো, কুকুৰ, বেশ্যা, বিপ্লৱী, আন্ধাৰৰ হাহাকাৰ, মুক্তিগান, ভাৰতীৰ মুক্তিস্বপ্ন, সিহঁত তেতিয়া জীৱ, আজিৰ বিহু আদি প্ৰগতিশীল কবিতাবোৰ আজি আমাৰ বহু কবিতা তেখেতৰ প্ৰতিভাৰ সাক্ষৰ। মৰণোত্তৰভাৱে প্ৰকাশ পোৱা 'অচিনা' তেখেতৰ একমাত্ৰ কবিতা পুথি।

 উল্লেখযোগ্য যে ১৯৪৬ চনৰ ১৮ আগষ্ট তাৰিখে অমূল্য বৰুৱাই কলিকতাৰ ৰাজাবাহাৰৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত, সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হৈ মাত্ৰ ২৪ বছৰ ১ মাহ ১৮ দিন বয়সত মৃত্যুক আকোৱালি ল'ব লগা হ'ল।তেখেতৰ মৃতদেহ বিচাৰি পোৱা হোৱা নাছিল বাবে পৰিয়ালৰ লোকে বহুদিনলৈ তেখেত ঘূৰি আহিব বুলিও আশা ৰাখিছিল।


কবি অমূল‍্য বৰুৱাৰ দুটিমান অমূল‍্য কবিতাৰে কবি গৰাকীক আজিৰ এই বিশেষ দিনটোত আকৌ এবাৰ স্মৰণ কৰিলোঁ....


কবিতা ১-
হিয়াৰ বাতৰি
কোন শৰতৰ সুধাকৰ আহি
জোনালী যামিনী সোণালী কৰি
আকুল প্ৰাণৰ চেতনা হৰিলে
মোহন বাঁহীৰ মৃদুল সুৰে
কোন অতীতৰ বাতৰি দিলে?
নিছিগা বীণাৰ ছিগি গ’ল তাঁৰ
সুৰৰ কঁপনি হ’ল আজি সাৰ
কিনো বিৰহত চাটি ফুটি কৈ
দুগালে দুচকু চকুলো বই
কিহৰ বেদনা বুকুত সামৰি
মৰম বিচাৰি বিলালোঁ বাতৰি
সৌ আকাশ কলীয়া মেঘত
গৰজি উঠিল বলিয়া বজ্ৰ
কোমল তানৰ সমল হৰিলে
চকা মকা হায় বিজুলী লতাই
কোন অতীতৰ বাতৰি দিলে?
এনেকুৱা ক’ত কোমল দিনত
ৰচিলোঁ সপোন মিলন সুখত
গোঁজৰণি হ’ল বলিয়া দুৱৰী
বসুধা কঁপাই জনালে বাতৰি
“দুখনি হিয়াৰ সমল বিচাৰি
বিজুলী লতাত দিলেহি আঁৰি।”
এই শৰতৰ জোনালী যামিনী
দুগালে দুচকু লোতক বোৱাই
অভিমানী মোৰ প্ৰিয়া আৰু নাই
ভাগি যোৱা মোৰ হিয়া ফুলনিত
থন ধৰি ফুল নুফুলে দুনাই
বসুধা শুৱনি ধুনীয়া ফুলনি
সেয়ে আজি মোৰ ভাল লগা নাই।
সেয়েহে হিয়াই বেদনা ভৰাই
কান্দিছে ইমান ইনাই বিনাই
সেয়ে মেলি দিছোঁ হিয়াৰ দাপোণ
দেখো বুলি হায় মধুৰ সপোন।
তাহানি খনৰ দূৰ অতীতৰ
শাৰদী নিশাৰ সপোন পুৰৰ।
ভৰ বাৰিষাৰ গোজৰণি মৰা
‘কলীয়া মেঘৰ চকুলো ধাৰা
সেয়েহে ইমান লাগিছে মধুৰ
মিলন সুৰৰ মাধুৰী ভৰা
প্ৰেম পীৰিতিত প্ৰথম ধৰা।
বসুধা কঁপাই গোজৰণি মৰা
ভাল লাগে মোৰ সেই তেনে বেলা
মিলন নিশাৰ মাধুৰীৰে ভৰা
সেয়েহে পাতিছোঁ বিজুলীৰে খেলা
মোৰ সুখবোৰ দুখৰ লগত
সেয়েহে ইমান আদৰেৰে জগা
বিপদ বিঘিনি ভয় আপদৰ
সেয়েহে ইমান নলে-গলে লগা।
শত বসুধাৰ যত আছে দুখ
মোৰ হলে সিয়ে সৰগৰ সুখ
মাধবী নিশাৰ মধুৰ সপোন
হিয়াৰো হিয়াৰ অতিকে আপোন
শত বসুধাৰ য’ত আছে সুখ
মোৰ হলে সিয়ে নৰকৰ দুখ
আন্ধাৰ নিশাৰ দুখৰ সপোন
নিৰাশ প্ৰাণত নিশাৰ দাপোন।।


কবিতা ২-
আন্ধাৰৰ হাহাকাৰ
################
কবিঃ অমূল‍্য বৰুৱা
হেমন্তৰ সেমেকা সন্ধিয়া
পশ্চিমৰ আকাশৰ এক প্ৰান্তৰত জ্বলা
শেষৰ পোহৰে চুমে
কোলাহল ধৰণীৰ মৌন অন্ধকাৰ৷
শীতল পৰশ পাওঁ পাওঁ
পাত-সৰা গছবোৰ
পৃথিৱীৰ ওপৰত থিয় হৈ
হা হতোস্মিৰ সুৰে আৰ্ত্তনাদ কৰি
প্ৰকাশিছে অন্তৰত গভীৰ হতাশা ৷
সিহঁতৰ হতস্তম্ভ জীৱনৰ কৰুণ ট্ৰেজেডি;
দুদিন পিছতে যেন মৃত্যুৰ কৰাল গ্ৰাসে ধৰিব আৱৰি৷
আকাশৰ পূব প্ৰান্তৰত
কিবা এটা চাঞ্চল্যৰ মৃদুল স্পন্দন,
জীৱন-সৃষ্টিৰ এটা নতুন উল্লাস!
নীলিম আকাশ
দূৰ-দূৰান্তৰ জিনি নীলা ৰং ঢলা ৷
তাৰ মাজে মাজে
ইপিনে সিপিনে
এটুকুৰা দুটুকুৰা ছিগা-ভগা ক’লা ডাৱৰৰ
শক্তিহীন চাব৷
অদূৰতে ডাৱৰৰ অলপ পিছতে
আঁৰ লৈ লৈ জ্বলে ৰূপালী জ্যোতিৰ শিখা-
জনহীন প্ৰান্তৰৰ
দেশহীন, মাটিহীন
শূন্যৰ কোলাত উঠা
নৱমীৰ নতুন জোনটো৷
হাঁহি হাঁহি পাৰ ভাঙি ঢালি দিব খোজে তাৰ
জোনাকৰ ঢল৷
তলৰ পৃথিৱী হয়
অলপ পোহৰ৷
খাল বিল
নৈ জান, জুৰি
ঘিণ লগা গোন্ধত অত্কাৰ
মহানগৰীৰ দাঁতিয়েদি বৈ যোৱা যত
ড্ৰেইন আৰু নৰ্দ্দমাৰ জল৷
খন্তেক উজ্বলি উঠে
নিজ ৰূপ ঢাকি আন্ধাৰৰ আঁচলত
জিল জিল কৰি৷
আকাশৰ মহোৎসৱ-
অকল জোনেই নহয়,
ৰাশি ৰাশি তৰাবৃন্দ
ৰাশি ৰাশি নক্ষত্ৰৰ আলোক-উৎস;
সজায় দীপালী যেন
সৰ্ব্বব্যাপ্ত মহাদিগন্তৰ
কক্ষে কক্ষে
উকি মাৰি মাৰি৷
মই যাওঁ পৃথিৱীৰ মাটিৰ মানুহ
মাটিয়েদি খোজ কাঢ়ি কাঢ়ি
বাস্তৱৰ বিকৃত বিপদে ঢকা
মোৰ প্ৰতিকৃতি
সেই অন্ধকাৰ বাটটোত
অকলে অকলে;
শান্তিহীন, শ্ৰান্তিহীন
মহাসমৰৰ দাৱানলে পোৰা
পৃথিৱীৰ শ্মশানত
ভয় লগা স্পিৰিটৰ দৰে৷
শক্তিৰ কঁপনি উঠে
অন্তৰৰ আঁহে আঁহে,
বিদ্ৰোহ-অগনি জলে চকুৰ শিখাত,
বিদগ্ধ বিধ্বস্ত স্তুপত মোৰ
নতুন সৃষ্টিৰ
প্ৰতিজ্ঞাৰ অটল বিশ্বাস থাপি;
ভাবৰ বুকুত
মুহূৰ্তৰ ভিতৰতে গুৰি কৰি
লক্ষ লক্ষ শতাব্দীৰ so-called সভ্যতাৰ বিলাস-বৈভৱ
এবাৰ জোনটো ঢাকে৷
পৃথিৱীৰ বুভুক্ষিত, হতভগা দলে
চেপি ৰখা হাই-উৰুমিৰ
নাকত লাগেহি মোৰ তপত নিশ্বাস
বিকৃত গোন্ধৰ কিৱা নৱ আৱিষ্কাৰ!
সিহঁতৰ খকা-খুন্দা লাগি যায়
আন্ধাৰৰ আৰালত গছৰ তলত
-কোনোবা মানৱৰ প্ৰসাদৰ
উচ্ছিষ্ট যচা প্ৰসাদৰ বাবে
দানৱৰ হিংস্ৰ তীব্ৰ ক্ষুধা!
মোৰ ভৱিষ্যৰ সমাজৰ সংস্কাৰ কৰা,
নতুন জগত গঢ়া
বিদ্ৰোহ কল্পনা যায় মিলি
সিহঁতৰ জৰাকীৰ্ণ কায়াৰ ছায়াত৷
হায়,
সৰু সৰু অশৃঙ্খল
মানুহৰ জীৱনেৰে সিহঁতো এজাক৷
নিষ্পেষিত, ৰুক্ষ, শুষ্ক অনাথৰ দল!
সিহঁতে হাঁহে
বিকৃত চিয়ঁৰ মাৰি
আন্ধাৰৰ শূন্যতাত
সিহঁতৰ বগা দাঁতবোৰ নিকটায়৷
তাৰ পিছত-অসম্ভৱ!
ধূলিৰ জোঁৱাৰ তুলি
মুঠি মুঠি জাবৰৰ হোলি খেলি খেলি
প্ৰচণ্ড ধুমুহা তোলে
মাৰ কাট খা’ৰ
ভয়ঙ্কৰ হুলস্থূল৷
এনেতে
জীৱনৰ অতিৰিক্ত মমতাৰ অন্ধতাত
জোনৰ পোহৰে সানে চেকা৷
জোনটো ওলায়৷
সিহঁত নিস্তব্ধ হৈ যায় !!
সিহঁতৰ আন্ধাৰ
হাঁহিৰ হুঙ্কাৰ
নৃত্য-প্ৰহেলিকা?
সিহঁতৰ জীৱনৰ অধিকাৰ
আন্ধাৰৰ আসুৰিক বৰ্ব্বৰতা,
নীচতা, দীনতা,
প্ৰেতাত্মাৰ গোপন অভিসন্ধি
তল পৰি যায়৷
ধৰণীৰ আনন্দৰ পোহৰত যেন
এইখন মৰা দানৱৰ সাৰশূন্য দেশ৷
জোনৰ পোহৰে
সিহঁতৰ নিৰ্ম্মম নগ্নতা ঢাকি
মাৰ যোৱা বাস্তৱৰ আন্ধাৰত তৰে
সৌন্দৰ্য্যৰ মৰীচিকাময় জিলমিল চিকুণ সপোন৷
আৰু মই?
বাস্তৱৰ ৰহস্যৰ আত্ম-বিস্মৃতিত পৰি
থাকোঁ চাই
সিহঁতৰ ক’লা লেতেৰা জীৱনবোৰ
সিহঁতৰ আন্ধাৰৰ হাহাকাৰ
আৰু
জোনাকৰ পৰিহাস৷৷


কবিতা -৩
অৰূপ অচিনা
অচিনা কোনহে তুমি?
অৰূপ ৰূপৰ সুৱদি সখী
মধু মনোমোহা মিলন বিচাৰি
উৰুৱা মনৰে পাখি;
মৰণৰ সুখ ৰেখা
জীৱনে নমনা নুবুজা কৰি
নিমাতী সপোনৰ বুকুতে ফুৰেহি
মিলনৰ সুৰভি উৰি;
জীৱনৰ যত শত
দুখ বিৰহৰ বেদনা আছে
আপোন পাহৰি অচিন পথৰ
যায় উৰি পাচে পাচে
কোনহে তুমি?
অৰূপ হাঁহি
ৰূপৰ পাহি
উঠিছা ভাঁহি।
                
         - - - - - -
(✒️মন ময়ুৰী মহন্ত)

1 comment:

Powered by Blogger.