বিশিষ্ট লেখক ,সাংবাদিক অৰূপ কুমাৰ দত্ত

শুভ জন্মদিন। আজি বিশিষ্ট লেখক তথা সাংবাদিক পদ্মশ্ৰী অৰূপ কুমাৰ দত্তৰ ওপজা দিন । তেখেতলৈ ওপজা দিনৰ শুভকামনা জনাইছোঁ ৷

 অৰূপ কুমাৰ দত্তৰ জন্ম হৈছিল ১৯৪৬ চনৰ ২ জুলাইত যোৰহাটত ৷তেখেতৰ পিতৃৰ নাম  গিৰীশ দত্ত আৰু মাতৃৰ নাম  ইন্দিৰা দত্ত ৷
 তেখেতৰ শিক্ষা জীৱনৰ আৰম্ভ হয় ৮ বছৰ বয়সত  হিমাচল প্ৰদেশৰ দা লৰেন্স স্কুলত ৷ তাৰ পৰা তেওঁ ১৯৬২ চনত চিনিয়ৰ কেম্ব্ৰিজ পৰীক্ষা উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰামজাছ কলেজত নামভৰ্তি কৰে আৰু ১৯৬৬ চনত তাৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৬৯ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

পঢ়া সামৰি তেওঁ অসমলৈ ঘূৰি আহে আৰু জে. বি কলেজত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। অধ্যাপনাৰ সমসাময়িক ভাবে তেওঁ সাংবাদিকতাৰ ক্ষেত্ৰ খনত প্ৰৱেশ কৰে আৰু নিয়মীয়াকৈ বিভিন্ন আলোচনী তথা বাতৰিকাকতত লিখিবলৈ লয়।
অৰূপ কুমাৰ দত্তই  প্ৰাপ্ত বয়স্ক সকলৰ বাবে ১৬ খন গ্ৰন্থ আৰু কিশোৰ-কিশোৰী সকলৰ বাবে ১৭ খন অভিযান উপন্যাস ৰচনা কৰিছে ৷সেই সমূহৰ ভিতৰত অন্যতম হ’ল -
ইউনিকৰ্নিচ
চাহ গৰম, দা টি ষ্টৰী (১৯৯১)
নেচাৰ কুইজ বুক (১৯৯১)
দা খঙীয়া বৰুৱাছ অফ ঠেঙাল (১৯৯৪)
হেমাৰ ব্ল' (১৯৯৬)
ইণ্ডিয়ান ৰেলৱেছ, দা ফাইনেল ফ্ৰণ্টিয়াৰ (২০০২)
দা ৰভিং মিনিষ্ট্ৰেল
জ্যোতি প্ৰসাদ, প্ৰিন্স অফ বিউটি
পথৰুঘাট

কল্প সাহিত্য সমূহ হ’ল -

কাজিৰঙা ট্ৰেইল (১৯৭৮)
ট্ৰাবল এট কলঙিজান (১৯৮২)
দা ব্লাইণ্ড ৱিটনেছ (১৯৮৩)
এ ষ্টৰী এবাউট টি (১৯৮৫)
দা লুৰ অফ ঝাংৰিলা (১৯৮৬)
ৰিভেঞ্জ (১৯৮৬)
স্মেক (১৯৯০)
চেভ দা পুল (১৯৯০)
অহ! ডিয়াৰ (১৯৯৭)
দা ক্ৰিষ্টেল কেভ (১৯৯৭)
ফুটপ্ৰিন্টছ ইন দা চেণ্ড (১৯৯৯)
দা কাউণ্টাৰফেইট ট্রেজাৰ (২০০১)
এডভেণ্টচাৰ ষ্টৰীছ গোল্ডেন ছেট (২০০৩)
দা বয় হু বিকাম কিং (২০০৪)
দা অনাগৰিকাছ শ্বানচং (২০০৯)
এডভেণ্টচাৰ অম্নীবাছ (২০১৪)

এই গ্ৰন্থ সমূহৰ বাবে তেখেতে বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ তাৰ ভিতৰত কাজিৰঙা ট্ৰেইল (১৯৭৮), ট্ৰাবল এট কলঙিজান (১৯৮২), দা ব্লাইণ্ড ৱিটনেছ (১৯৮৩) আৰু স্মেক (১৯৯০) গ্ৰন্থই চিল্ডৰেন বুক ট্ৰাষ্টৰ চিল্ডৰেন বুক পুৰস্কাৰ লাভ কৰিছিল ৷
তাৰ উপৰিও ২০১৪ চনত এছচিয়েছন অফ ৰাইটাৰছ আৰু ইলাষ্ট্ৰেটৰছ ফৰ চিল্ডৰেনে তেওঁক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছিল ৷তেওঁ আন্তৰ্জাতিক শিশু বৰ্ষৰ বাবে প্ৰদান কৰা ১৯৭৯ চনৰ শংকৰ বঁটাৰ বাহিৰেও  সাংবাদিকতাৰ বাবে জাৰ্ণালিষ্ট ৱেলফেয়াৰ ফাউণ্ডেচন বঁটা, ১৯৮২ আৰু ২০০৪ চনত শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল ৷ তাৰ উপৰিও ৰিভেঞ্জকিতাপৰ বাবে ১৯৮৭ চনৰ এনচিইআৰটি বেষ্ট বুক অফ দা ইয়াৰ বঁটাও লাভ কৰিছিল ৷
তেওঁৰ অৱদান সমূহৰ  বাবেই ভাৰত চৰকাৰে তেওঁক ২০১৮ বৰ্ষত পদ্মশ্ৰী বঁটা প্ৰদান কৰে।একে বৰ্ষতে তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি.লিট ডিগ্ৰী লাভ কৰিছিল ৷
এইগৰাকী বিশিষ্ট লেখক তথা সাংবাদিকলৈ পুনৰ বাৰ জনাইছোঁ জন্মদিনৰ অফুৰন্ত শুভেচ্ছা  ...


✒️ মন ময়ুৰী মহন্ত ৷

2 comments:

Powered by Blogger.