নৱকান্ত বৰুৱাৰ কিছু কবিতা আৰু গীতৰ সংগ্ৰহ


আমাৰ অতি প্ৰিয় কবি, ঔপন্যাসিক, শিশু সাহিত্যিক, গীতিকাৰ, শিক্ষাবিদ, তথা সকলোৰে মাজত এখুদ ককাইদেউ নামেৰে জনপ্ৰিয়, পৰম শ্ৰদ্ধাৰ নৱকান্ত বৰুৱা দেৱৰ আজি মৃত্যুদিৱস। ২০০২ চনৰ ১৪ জুলাই অৰ্থাৎ আজিৰ দিনটোতে অসমীয়া সাহিত্য জগতৰ নমস্য ব্যক্তিজনৰ দেহাৱসান ঘটিছিল ৷
আজি পবিত্ৰ মৃত্যু তিথিৰ দিনা তেখেতৰ জীৱনাদৰ্শত ক্ষন্তেক চকু ফুৰাওঁ আহকচোন ৷

এখুদ ককাইদেউ খ্যাত স্বনামধন্য কবি নৱকান্ত বৰুৱাৰ জন্ম হৈছিল গুৱাহাটীত ১৯২৬ চনৰ ২৯ ডিচেম্বৰত। তেওঁৰ পিতৃ নীলকান্ত বৰুৱা শিক্ষা বিভাগৰ এগৰাকী বিদ্যালয় পৰিদৰ্শক হোৱাৰ উপৰিও এজন আদৰ্শ শিক্ষকো আছিল। তেওঁৰ মাতৃৰ নাম স্বৰ্ণলতা বৰুৱাণী। নৱকান্ত বৰুৱাৰ ভাতৃ তিনিগৰাকী : দেৱকান্ত , জীৱকান্ত আৰু শিৱকান্ত। তেওঁৰ ভাতৃ প্ৰয়াত দেৱকান্ত বৰুৱাও অসমৰ অন্যতম শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত এজন। 

ডিব্ৰুগড়ত নিজৰ শিক্ষা জীৱনৰ আৰম্ভণি ঘটোৱা নৱকান্ত বৰুৱাই ১৯৩৩ চনত নগাওঁ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেখেতে ১৯৪১ চনত সুখ্যাতিৰে মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৩ চনত নৱকান্ত বৰুৱাই উচ্চ শিক্ষাৰ বাবে কলকতাৰ শান্তিনিকেতনলৈ ঢাপলি মেলে। ১৯৪৭ চনত তেখেতে কলকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত অনাৰ্ছ সহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। নৱকান্ত বৰুৱাই ১৯৫৩ চনত উত্তৰ প্ৰদেশৰ আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

নৱকান্ত বৰুৱাই উত্তৰ প্ৰদেশৰ শিকোহাবাদত অৱস্থিত এ. কে. মহাবিদ্যালয়ত শিক্ষকতা বৃত্তিৰে নিজৰ বৰ্ণময় কৰ্মজীৱন আৰম্ভ কৰিছিল ৷ কিছুদিন তাত শিক্ষকতা কৰাৰ পাছত তেখেতে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ১৯৫৪ চনত তেখেত গুৱাহাটীৰ কটন মহাবিদ্যালয়লৈ বদলি হৈ আহে আৰু তাৰেপৰাই তেখেতে ১৯৮৪ চনত উপাধ্যক্ষ ৰূপে অৱসৰ গ্ৰহণ কৰে। নৱকান্ত বৰুৱাই মাজতে ১৯৬৪ চনৰপৰা ১৯৬৭ চনলৈ তিনিবছৰ কাল অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদত ইংৰাজী শিক্ষাৰ বিষয়া ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।

এখুদ ককাইদেউ তেখেতৰ জনপ্ৰিয় ছদ্মনাম। তেওঁ সীমা দত্ত ছদ্মনামেৰেও বহুতো কবিতা ৰচনা কৰিছিল।তেওঁ আধুনিক অসমীয়া কবিতাক অনন‍্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে।হেম বৰুৱাৰ পাছতে প্ৰখ‍্যাত অসমীয়া আধুনিক কবিজন নৱকান্ত বৰুৱা(১৯২৬-২০০২) "জয়ন্তী"ৰ পাততে কাব‍্য-চৰ্চাৰ পাতনি মেলা নৱকান্ত বৰুৱাৰ কাব‍্যক্ষেত্ৰ প্ৰকৃততে ৰামধেনুৰ কালহে। নৱকান্ত বৰুৱাক খ‍্যাতিৰ জখলাত তোলা প্ৰথম কাব‍্য সংকলনটো হ'ল- "হে অৰন‍্য, হে মহানগৰ"(১৯৫১)


তেখেতৰ উল্লেখযোগ্য কাব্য গ্রন্থ সমূহ হল....
#হে অৰণ্য হে মহানগৰ (১৯৫১)
#যতি আৰু #কেইটামান স্কেচ্ছ (১৯৬০)
#এটি দুটি এঘাৰটি তৰা(১৯৫৭)
#ৰত্নাকৰ (১৯৮৬)
#ৰাৱণ(১৯৬৩)
#সূৰ্যমুখীৰ অঙ্গীকাৰ (১৯৯০)
#মোৰ আৰু পৃথিৱী (১৯৭৩)
#এখন স্বচ্ছ মুখাৰে (১৯৬০)
#দলঙত তামীঘৰা (১৯৯১)
 #সম্ৰাট (১৯৬২)।

অনুবাদ কাব্য গ্রন্থ সমূহ হল....
#এশ কবিতা; আহত মৰাল//নজৰুল ইছলামৰ কবিতা//মুক্তধাৰা// কবিৰাই কয়//

উপন্যাস সাহিত্যৰ অৱদান হ'ল.....

#কপিলীপৰীয়া সাধু (১৯৫২)
#ককাদেউতাৰ হাড় (১৯৭৩)
#গড়মা কুৱঁৰী (১৯৮০)
#মানুহ আটাইবোৰ দ্বীপ (১৯৮০)
#পটাচাৰা
#অপদাৰ্থ
#অহিংসাৰ জুই(অসমাপ্ত)
#প্ৰবন্ধ সাহিত্য হল..
অসমীয়া ছন্দশিল্পৰ ভূমিকা (১৯৬২)

# তেখেতৰ প্ৰাপ্তি সমূহ আছিল এনেধৰণৰ...

#পদ্মভূষণ (১৯৭৬),
#অসম উপত্যকা সাহিত্য বঁটা (১৯৯৩),
#সম্বলপুৰ বিশ্ববিদ্যালয়ৰৰ গংগাধৰ বঁটা,
#ককাদেউতাৰ হাড় উপন্যাসৰ বাবে ১৯৭৫ চনত সাহিত্য অকাডেমি বঁটা
#মধ্যপ্ৰদেশৰ কবীৰ সন্মান (১৯৯০),
#কমল কুমাৰী বঁটা (১৯৯৮),
#অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ সভাপতি (১৯৯০)
#মোৰ আৰু পৃথিৱী কবিতা সংকলনৰ বাবে ১৯৭৪ চনত অসম প্ৰকাশন পৰিষদ বঁটা।


আজি মৃত্যু তিথিত আমাৰ এখুদ ককাইদেউলৈ পুনৰবাৰ শ্ৰদ্ধা জ্ঞাপন কৰি তেখেতৰ দ্বাৰা ৰচিত কেইটিমান কবিতা আৰু দুটি জনপ্ৰিয় গীত উল্লেখ কৰিছোঁ-

"হে অৰণ্য হে মহানগৰ"

কার্ফুৰ সময় হ’ল ।
সূর্যস্নাতা নগৰীৰ আঁচলৰ শেষ ৰশ্মিকণো
শুহি ল’লে ৰাতিৰ আকাশে ;
নিস্তব্ধ মৰণ নামে । নগৰীৰ ধমনীত কাৰো অনুভৱ
কাজিৰঙা ডবকাৰ আৰণ্যক অপস্মাৰ
সৰীসৃপ-ক্রুৰ মৃত্যু... সর্পিল জীৱন ;
পলাতক দৈনন্দিন-নিয়ন-উজ্জল গধুলিৰ
ৰঙা নীলা শেতা মুখ
হেনা মধুমালা আৰু অলকানন্দাৰ......
পথ আৰু উপপথ গলি আৰু এভিনিউ
বোবা যন্ত্রণাত অন্ধকাৰ
পিচল মৃত্যুৰ সাপ ভৰিৰ তলেদি যায়
(পোহৰ পোহৰ ক’ত)
টেটুচেপা ট্রেফিকৰ দূৰৰ স্পন্দনে
ভয় আৰু আশ্বাসৰ জটিল উৎকন্ঠা আনে ;
(অৰণ্যত চকু জ্বলে বাঘ আৰু মেচেকাৰ)
জীৱন জীয়াই থাকে । তথাপি জীয়াই থাকে ।
আৰু থাকে জীৱিকাৰ গলিৰ সাঁথৰ
অমৃতৰ পুত্র আমি
মৃত্যু স্নাতা হে মহানগৰ !

"এটা প্ৰেমৰ পদ্য"

Do you remember an inn, Miranda?
বাৰিষাৰ ৰাতি তোমাৰ কবিক
মনত পৰেনে, অৰুন্ধতী?
সেমেকা পোহৰে সোঁৱৰাই দিয়া
তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ
মনত পৰেনে
অৰুন্ধতী?
জোনাকে ডাৱৰে মৰমে বিষাদে
নুবুজা কবিতা,
আমাৰ মাজত ভগা সপোনৰ অতনু বাধা
মনত পৰেনে, অৰুন্ধতী!
দুবৰি বনত জোনাকীৰ মনি,
চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন
(জোৱাৰৰ বাবে সাগৰ নাছিল!)
বৰফৰ দৰে চেঁচা পৰশতো
সিযে কি শান্তি!
অৰুন্ধতী!
অৰুন্ধতী!
বহুতো আকাশ পাৰ হৈ অহা
ধুমুহা পখীৰ এটি লহমাৰ নীৰ
বহুতো সপোন পাৰ হৈ অহা
কেঁচা টোপনিৰ ভিৰৰ মাজত
সেই এটা মাথোঁ
উজাগৰ ৰাতি,
মনত পৰেনে, অৰুন্ধতী?
বাৰিষাৰ ৰাতি মনত পৰেনে
অৰুন্ধতী!

"ইয়াত নদী আছিল"

দেখিছোঁঁ নদীৰ ধলে বলাৎকাৰ কৰা পথাৰক,
পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান,
শুনিছো সিন্ধুৰ বানে নিমিষতে নগৰক
আত্মসাত কৰি
এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তিৰ গান৷
উদগ্ৰ ধ্বংস নিছা, লোভব কুটিল দুঃসাহস
ছলনাৰ জীৱন্ত ধেমালি আৰু পাপৰ কুতসিত অভিসাৰ-
তাৰো সৌন্দৰ্য্যই মোক দিছিল স্বপ্নৰ জাল ৰচি,
কাৰণ, মইযে দিওঁ দুঃস্বপ্নকো স্বপ্নৰ মৰ্য্যাদা,
সিও বন্দী সূৰ্য্যকণা,
আহিছিল ভাঙি-ছিঙি পৃথিৱীৰ কঠিন জৰায়ু৷
কিন্তু মৰুভূমি আহে,
লাহে লাহে মাহে মাহে বছৰে বছৰে
আঁহতৰ খোৰোঙাত এপাহি কপৌ-ফুল সোনকালে সৰে
গোপন ব্যাধিৰ দৰে লাহে লাহে মচি নিয়ে
প্ৰাণৰ যিমান ৰং সেউজী সোণালী,
আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু
ফুটছাঁই বৰণৰ এখন পৃথিৱী
নদীক নিজৰা কৰি জুৰিক শিলনি কৰি
বালিৰ দ’লেৰে গঢ়ে গছ-লতা ফুলৰ সমাধি,
ছয়া-ময়া জিঁয়া এটি বালিয়ে বালিয়ে উৰি,
পানীৰ কাৰণে ঘুৰি
ক’ৰবাত বাট হেৰুৱায়৷
মৰুভূমি এইদৰে আহে,
লাহে লাহে মাহে মাহে বছৰে বছৰে….
দূৰণিৰ নীল সেই গাঁওখনলৈ
এইবেলি সোনকালে আঘোণ আহিল-আহিনতে?
এইবাৰ ব’হাগৰ ঢল নাহেনেকি?
উজানৰ বগা মাছে ৰূপোৱালী নকৰে নিজৰা?
আষাঢ়ৰ ক’লা মেঘ পাহাৰৰ সিপাৰে থাকিল৷
পাহাৰ ইমান ওখ! ওখনে মেঘতকৈও?
ওখনে প্ৰেমতকৈও?
বৰষুণ?
ধাননিত নগজিল জোৱাৰ বজাৰ, আমাৰ বনত
দোঁ নেখালে খেজুৰি৷
কেৱল ফুলিব সিজু, মাজনিশা তৰাৰ পোহৰে
ৰেণু তাৰ বালিদাঁহী সাপক বিলাব৷ দুবৰি ধৰিব ছাটি
কাঁইটীয়া বনে৷
ৰাতিৰ বতাহে আহি ছটিয়াব শুকান বৰফ
দিনৰ পোহৰে তাতে ঢালি দিব কমলা ৰঙৰ গলা লোহা৷
তাৰ পিছে
উটৰ ডিঙিৰ ছাঁ, দীঘল ডিঙিৰ ছাঁ, শুই ৰ’ব
হাড় হৈ সাগৰৰ বাবে৷
এইদৰে শেষ হোৱা…এই যে ৰোমাঞ্চ মৰণৰ
ইযে প্ৰৌঢ়া ৰমণীৰ ৰমণ-বিলাস, অনভিজ্ঞ
কিশোৰৰ স’তে৷ য’ত
গ্লানিৰ অতৃপ্তি নাই, তৃপ্তিৰ অশান্তি নাই,
ধ্বংসৰ সৌন্দৰ্য্য নাই,কেৱল ক্ষয়ৰ আৱিলতা,
অনায়াস গ্ৰহণ কেৱল ক্লীৱতা
বালিৰ বতাহে জানো পাহাৰত ভাস্কৰ্য্য গঢ়েহি?
গঢ়ে বিভীষিকা৷
তাতো যি ৰোমাঞ্চ্ আছে, যদি আছে,
হে জীৱন,
নালাগে আশ্ৰয় তাত,
ভাগৰ লাগিছে মোৰ গঢ়ি গঢ়ি নতুন বিগ্ৰহ৷

"পলস"

পলাশৰ জুই নুমাল এতিয়া ৷
শাল আৰু চতিয়ন
বনত মানৰ দিনৰ অতীত বহাগৰ ধুমুহাৰ
কিমান সপোন সৰি গ'ল
তাৰ কোনে ৰাখে খতিয়ান
কলঙ কপিলী দিজুৰ পাৰত
ককাদেউতাৰ হাড় ৷
বুঢ়ী আইতাৰ কলিজাৰে গজে
বন নহৰুৰ ফুল ৷
ডাৱৰে কি ক'লে:
দিয়া আৰু দিয়া, নিঃশেষকৈ দিয়া
আলিৰ কাণত গছপুলি ৰোৱা -
এটা হাইস্কুল খোলা;
পথিক প্ৰিয় যে সদায়ে বাটত,
কাঢ়া দুটি হুমুনিয়া !
উৰুখা পানীয়ে উটাই নিয়ক
মৰা মকৰাৰ খোলা ৷
আমাৰ পলসে সাৰুৱা কৰক
কলঙৰ দুয়ো কূল !
আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ শিৰলুত
আমি সাৰ পাম ৷
সিহঁতে পঢ়িব আমাৰ জীৱাশ্মত
জাতিস্মৰৰ হাঁহি উঠা সাধু ৷
সপোন অন্ধ যি গলিত
আমি থাকো তাৰে নয়ন জুলিত
সিহঁতৰ ভৱিষ্যত ৷

.তেজীমলা

“হাতো নেমেলিবি ফুলো নিচিঙিবি
কৰে গৰখীয়া তই,
মানুহে ফুলৰ নুবুজে আদৰ
তেজীমলাহে মই।”
***
হাতো মেলা নাই ফুলো চিঙা নাই
তোমাৰ নিষেধ আজিও মানিছোঁ
আমাৰ গ্লানিৰ বোকাৰ কুসুম
আমাৰেই তেজীমলা।
সাউদৰ সাধু শেষ হৈ যোৱা কিমান
বছৰ হ’ল?
মানুহৰ ঘৃণা, মানুহৰ অসূয়াত
তেজ-মঙহৰ তেজীমলা তুমি
ফুল হৈ ফুলি ৰ’লা;
এদিনো আমাৰ ঈৰ্ষাকাতৰ
নিদ্রাবিহীন
আউলী চুলিত
বুলাই নিদিলা হাত।
মানুহে ফুলৰ আদৰ জানিবা
আজিও বুজাকে নাই
কৃপণৰ দৰে তোমাৰ প্ৰীতিৰ
হিচাপ কৰিছোঁ দাম
সেইবাবে গ’লা আমাক পাহৰি
আমাৰে জীয়াৰী হৈ?
মানুহৰ গ্লানি মানুহৰ ঈৰ্ষাত
ছাঁ জুইৰ দৰে আঁতৰি পলালা
সাধুৰ দেশতে ৰ’লা চিৰকাল
সপোনৰ ফুল হৈ,
আমি নিৰুপায়
পৃথিৱীৰ এই ঘিণ আৰু অসূয়াৰে।
আমাৰ বনতো সৰিবানে তুমি
এবাৰ ফুলি?
ভালপোৱা যদি আমাৰ কাৰণে
ৰয় চিৰ অনাগত
প্ৰীতিৰ ধূপৰ সুৰভিয়ে ৰচে
কেৱল কুঁৱলি জাল—
ঈর্ষা আমাৰ তোমাৰ প্রেমেৰে কৰা
আৰু কুৎসিত;
ঘিণ কৰি মৰোঁ
দাপোণৰ নিজ ছঁয়াৰ বীভৎসতা।

৬)সম্ৰাট
কবিঃ নৱকান্ত বৰুৱা

মই জানো মই ক্লীৱ৷
যদিও বা প্ৰাণকীট আশু অংকুৰিত মোৰ
ৰমণীৰ ফলদা কুক্ষিত৷ মই জানো মই ক্লীৱ,
যদ্যপি শক্তিৰ স্ফূৰ্ত্তি অযুত কৰীৰ, তথাপি সি
অন্ধ শক্তি, বিলম্বিত ন্যায়-দণ্ড পৰে যেন
ভ্ৰান্ত তস্কৰত৷
মই জানো মই ক্লীৱ৷ কাৰণ ন্যায়ৰ সূত্ৰ প্ৰতিশাখ্য৷
অভিজ্ঞতা ভিত্তি মাথোঁ মোৰ; কল্পনাৰ উন্মুক্ত পৱনে
নোতোলে লহৰ তাত পৌৰুষ অথবা নাৰীত্বৰ৷
মই জানো মই ক্লীৱ৷ যেহেতু অপৰিমেয়
শক্তি মোৰ নিৰ্ব্বিকাৰে সহ কৰিবৰ বাবে
সাধাৰণ মানুষী ভ্ৰান্তিৰ আক্ৰমণ ৷
মই ক্লীৱ কল্পনাবিহীন অভিজ্ঞতা,
আৰু তাৰ
অমোঘ নিবিড় অন্ধকাৰ৷
বসন্তৰ হ’ল শেষ৷ জোঁট লগা পলাশ-ডালত
শেষ হ’ল শাৰিকাৰ চটুল কাকলি৷
শালৰ সুৱাস-ৰিক্ত বতাহত স্বেদৰ ইংগিত৷
দিনৰ ঘৰ্ন্মাক্ত চিন্তা সন্ধিয়াই শীতল কৰেহি৷
কাণে কাণে বই যায় পূবালি বতাহ
বৰ্ষাৰ সংকেত লই৷ মই ভাবোঁ, মইযে সম্ৰাট,
যদিওবা ৰাজ্য মোৰ নিৰ্বিকাৰ মানচিত্ৰ৷
বিধৱাৰ সীমান্তৰে অঁকা৷ মোৰ সৈন্য
প্ৰান্তৰৰ শিলৰ চেপত সৌৱা গজি আছে
দীঘলীয়া ঘাঁহ৷ মই পিতা,
যদিওবা মোৰ পুত্ৰ হঠাত চকুত আহি পৰা
উৰণীয়া চিতাৰ কুকুহা৷
এটোপা অশ্ৰুৰ কণা ওলাই আহিব খুজি
ৰৈ যায়, হে সঞ্জয়,
শোণিতত আনি দিয়ে বিষাক্ত মাদক প্ৰতিক্ৰিয়া
-নিৰন্ধ্ৰ চকুত নাই পোহৰৰ পথ!
তথাপি সম্ৰাট মই,পিতা মই৷
যদিওবা ক্লীব মই হতাশ্বাস আত্মকীৰ্তি ধ্বংসৰ দৰ্শক
সম্ৰাটৰ সিংহাসন শোভা কৰা নিৰ্বিকাৰ অলংকাৰ
পিতৃত্বৰ হেজাৰ ভ্ৰান্তিৰ৷ পিতৃত্বৰ আশীৰ্ব্বাদ
সম্ৰাটৰ অভিজ্ঞান-যুক্ত এক দান-পত্ৰ কিয়নো ন,হল?
পিতাৰ উত্কন্ঠা আৰু মোহ উদ্বেগেৰে মই
শুক্ৰনীতি ৰচিলোঁ নিৰ্ভয়ে৷ সাম্ৰাজ্যৰ চক্ৰজালে
আনহাতে পিতৃত্বক কৰিলে বঞ্চনা৷
প্ৰজাৰ ন’হলো পিতা, হ’লো সন্তানৰ
সম্ৰাটৰ আসনৰপৰা৷
যেতিয়া চৰম ক্ষণ আহিছিল সম্ৰাটৰ
পিতৃত্বৰ নৈতিক গৌৰৱ-অৰ্জ্জনৰ,
তেতিয়া সম্ৰাটে আহি ৰোধিলে পিতাৰ কণ্ঠ
ক’লে কাণে কাণে-ৰাষ্ট্ৰৰ শ্লীলতা নাই,
ৰাষ্ট্ৰৰ সৌজন্য এক দুৰ্ব্বলতা৷ ৰাষ্ট্ৰক্লীৱ৷ নাৰীৰ নগ্নতা স’তে
শস্যহীন প্ৰান্তৰৰ নগ্নতাৰ অকণো প্ৰভেদ নাই!
ৰাষ্ট্ৰ পিতা, কন্যাৰ নগ্নতা-পিতাৰ সহজ অভিজ্ঞতা৷
মানুহৰ গ্লানি য’ত-ক্লীৱতাৰ তাতেই মৰ্য্যাদা৷
নীতিৰ নামত মই বিশ্বাসেৰে খেলিলোঁ হেতালি
সকলোটি হ’ল খেলিমেলি
কোন সত্য? নীতিৰ ক্লীৱতা নতু হূদয়ৰ পৰম নিৰ্ভৰ?
আজি মোৰ অন্ধ দুচকুত নামিছে নতুন অভিজ্ঞতা৷
হে সঞ্জয়, আজি মই জানো, স্বপ্ন কিনো৷
স্বপ্নই সানিলে আহি কল্পনাৰ তুলসী চন্দন
অন্ধ অভিজ্ঞতাশিলা হ’ল শালগ্ৰাম৷
স্বপ্নই দিলেহি দৃষ্টি জীৱনত আলোক বঞ্চিত এই
জৰদগৱ অন্ধ সম্ৰাটক….


৭.উভতি নহাৰ কবিতা
নৱকান্ত বৰুৱা
মই নাহোঁ মই নাহোঁ
এবাৰেই আহি গুচি গ'লোঁ মই
উভতি অহাৰ কথা নাই
মই জানো মই নাহোঁ
মই জানো কোনো নাহে
মাথোন এই পৃথিৱীখনক ভাল পাই গ'লো
এই কথাটোকে কিমানবাৰ যে ক'লোঁ
কিমান ভাৱেৰে ক'লোঁ
যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ
সেই মন্ত্ৰকে গালোঁ
জীয়াই থকাৰ ধেমালিটো মই
এবাৰেই খেলি গ'লোঁ।
আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল
এবাৰেই তুলি ল'লোঁ।
কোনোবা আহিব মোৰ দৰে কোনো দিনা ?
মোৰ সুৰতেই বাজিব নতুন বীণা ?
ওহোঁ সেয়া হ'ব নতুন মানুহ
সেই দিনো হ'ব নতুন দিন
মোৰ তাত একো নাথাকে চিন।
বকুল তলত পৰি ৰ'ব
মইতো নহয় , কোনোবাই বুটলিব
মই নাহোঁ, মই নোৱাৰো আহিব, নাহোঁ
হেৰাই যোৱাৰ ৰঙতেই চোন অকলে অকলে হাঁহোঁ
মই নাহোঁ মই নাহোঁ
পৃথিৱী, তোমাক ভাল পাই গ'লোঁ
তথাপিও মই নাহোঁ।


অসমীয়া সাহিত্য জগতৰ এগৰাকী পুৰোধা নৱকান্ত বৰুৱাদেৱৰ অসমীয়া সংগীত জগতলৈও আছে প্ৰচুৰ অৱদান। অসমীয়া চিনেমাৰ বহুকেইটা জনপ্ৰিয় গীতৰ গীতিকাৰ বৰুৱাদেৱৰ দ্বাৰা ৰচিত ৷ বৰুৱা দেৱৰ প্ৰতিটো গীতেই শ্ৰোতাৰ মনত সুৰৰ হেন্দোলনি তুলি আহিছে।নৱকান্ত বৰুৱা দেৱৰ দ্বাৰা ৰচিত প্ৰিয় জনপ্ৰিয় দুটি গীতৰ কথা উল্লেখ কৰিছোঁ-


১)নিয়ৰৰে ফুল,
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?
যেনি যায় বলাকাই
মেঘ কাগজতে
নেদেখা ৰেখা টানি |
নিয়ৰৰে ফুল,
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?!
যেনি যায় বলাকাই,
যেনি যায় বলাকাই
মেঘ কাগজতে
নেদেখা ৰেখা টানি |
নিয়ৰৰে ফুল,
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?
আইনো জনীৰ
চকুৰ মণি
দিনৰ পাহাৰ নাচিছিল |
অ’ আইনো জনীৰ
চকুৰ মণিত
দিনৰ পাহাৰ নাচিছিল |
সেই পাহাৰেই
ৰাতিৰ মায়াত
আকাশ হৈ পৰিছিল |
সেই পাহাৰেই
ৰাতিৰ মায়াত
আকাশ হৈ পৰিছিল |
অন্ধকাৰৰ এটোপাল মম
গান হৈ সৰি পৰিছিল...
অন্ধকাৰৰ এটোপাল মম
গান হৈ সৰি পৰিছিল,
শব্দময়ী পৰীৰ ৰাণী,
শব্দময়ী পৰীৰ ৰাণী
উৰি আহিছিল;
উৰি আহিছিল,
গণি গণি, তৰাৰ মালাৰ মণি,
গণি গণি তৰাৰ মালাৰ মণি |
নিয়ৰৰে ফুল,
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?
যেনি যায় বলাকাই
যেনি যায় বলাকাই
মেঘ কাগজতে
নেদেখা ৰেখা টানি |
সেই কন্ঠমণিৰ গুন-গুননি,
সেই কন্ঠমণিৰ গুন-গুননি,
গুন-গুননি, সৰি পৰি,
বনৰ নিয়ৰ হ’ল;
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?!
গুন-গুননি,
সেই কন্ঠমণিৰ গুন-গুননি...
সৰি পৰি বনৰ নিয়ৰ হ’ল |
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?!
আইনো জনীৰ
চকুৰ মণিত
দিনৰ পাহাৰ নাচিছিল |
সেই পাহাৰেই
ৰাতিৰ মায়াত
আকাশ হৈ পৰিছিল |
অন্ধকাৰৰ এটোপাল মম
গান হৈ সৰি পৰিছিল |
শব্দময়ী পৰীৰ ৰাণী...
শব্দময়ী পৰীৰ ৰাণী
উৰি আহিছিল;
গণি গণি তৰাৰ মালাৰ মণি,
নিয়ৰৰে ফুল,
এপাহ ফুলিল,
এপাহ সৰিল কেনি ?!
যেনি যায় বলাকাই
মেঘ কাগজতে
নেদেখা ৰেখা টানি |
নিয়ৰৰে ফুল,
এপাহ ফুলিল,এপাহ সৰিল কেনি ?
----

২)কোনে আজি আবেলি
 মৰম নিলেহি তুলি
কোনে আজি আবেলি
  মৰম নিলেহি তুলি
 এই বেলুনেই !
  ৰঙা বেলুনেই !
  দূৰণিৰ মেঘলৈ
আকাশৰ বুকুলৈ
কোনে আজি আবেলি
 মৰম নিলেহি তুলি
কোনে আজি আবেলি
মৰম নিলেহি তুলি
এই বেলুনে !
 ৰঙা বেলুনে !
 দূৰণিৰ মেঘলৈ
  আকাশৰ বুকুলৈ
তেনে বেলুনত উঠি
  (এ) জোনলৈ ওলোৱা
জোনৰে পিঠিতে
তবলা বজোৱা !
 বাৰু যাম এতিয়াই
 পিকনিক খাম এতিয়াই
 তোমাৰে বেলুনটি
ডাঙৰকৈ ফোলোৱা..!
 নামি আহিবা কেনেকৈ ?
   মনত পৰিলে ঘৰলৈ ?!
এই মাটিয়েই
   টানি আনিব..
     মায়া জৰিয়ে
আকৌ গাঠি মাতিব !
সৌ আকাশে যদি
তৰাৰে ফুলৰে
জিলিকা পাপৰি
 দিয়েহি চটিয়াই..!
আমি বনফুলৰে
  চিনাকী সুৰভি
  আকাশৰ পিনলৈ !
দিম যে উৰুৱাই
এতিয়া গুণগুণাব !
 ক’ৰেনো মৌমাখি !
আমি নাজানোঁ
   আমি নাজানোঁ
  (অ’) ময়ো নাজানো
 কোনেও নাজানে !
   কোনেও নাজানে !
কোনেও নাজানে ৷৷


(সংগ্ৰহ)
✒️মন ময়ুৰী মহন্ত ৷

1 comment:

Powered by Blogger.