নেলচন মেণ্ডেলা (Nelson Mandela)

‘‘জিন্দাবাদ মেণ্ডেলা
মেণ্ডেলা জিন্দাবাদ....৷’’

যিদিনা মাণ্ডেলাই সাতাইশ বছৰীয়া  কাৰাবন্দী জীৱন ত্যাগ কৰি মুকলি আকাশৰ তললৈ আহিছিল,সেইদিনাই সুধাকণ্ঠই এইটো গীত ৰচনা কৰি সুৰাৰোপিত কৰি সমগ্ৰ দেশবাসীক চমকিত কৰি তুলিছিল ৷

আজি নেলছন ৰোলিহ লাহলা মাণ্ডেলা চমুকৈ নেলছন মাণ্ডেলাৰ জন্মদিন ।দক্ষিণ আফ্ৰিকাবাসীৰ বাবে আজীৱন ত্যাগ স্বীকাৰ কৰা বাবে নেলছন মেণ্ডেলাক সন্মান জনাই তেওঁৰ জন্ম দিন ১৮ জুলাই তাৰিখে প্ৰতি বছৰে আন্তৰাষ্ট্ৰীয় মেণ্ডেলা দিৱস উদযাপন কৰি আহিছে ৷

১৯১৮ চনৰ ১৮ জুলাই তাৰিখে দক্ষিণ আফ্রিকাৰ উমতাতা নগৰৰ বিখ্যাত এম্বাছ নদীৰ পাৰৰ এমভেজো নামৰ  এখন  সৰু গাঁৱত নেলছন মেণ্ডেলাৰ জন্ম হৈছিল৷পিতৃৰ নাম গাডৱা হেনৰি আৰু মাতৃৰ নাম নোসেকেনি ফেনি ৷তেওঁৰ দেউতাকে দিয়া নাম আছিল ৰোলিহ লাহলা ৷ কুনু নামৰ এখন গাঁৱৰ এটি খ্রীষ্টীয় ধর্ম সম্প্রদায়ৰ লোকৰ এখন প্রাথমিক বিদ্যালয়ত নামভর্তি কৰাৰ প্রথম দিনাই বিদ্যালয়ৰ শিক্ষয়িত্রী এগৰাকীয়ে তেওঁক এটি ইংৰাজী নামেৰে নামকৰণ কৰে৷ সেই নাম আছিল ‘নেলছন’৷ কালক্রমত তেওঁ নেলছন ৰোলিহ লাহলা মাণ্ডেলা, সংক্ষেপে নেলছন মেণ্ডেলা নামেৰে জনাজাত হ’ল৷ তেওঁৰ বংশৰ নাম আছিল ‘মাদিবা’৷সেই কাৰণে অনেকে বংশৰ নামানুসৰি তেওঁক ‘মাদিবা’ বুলিও সম্বোধন কৰিছিল৷ শিক্ষয়িত্রীগৰাকীয়ে তেওঁক ‘নেলছন’ নাম দিয়াৰ কাৰণ আছিল যে সেই কালত ইংৰাজ শাসনাধীন সেই গাঁৱৰ কৃষ্ণাংগ ছাত্র-ছাত্রীয়ে বিদ্যালয়ত বিদ্যাৰম্ভ কৰিবলৈ হ’লে বাধ্যতামূলকভাৱে ইংৰাজী নাম গ্রহণ কৰিব লাগিছিল৷

তদুপৰি, কৃষ্ণাংগ ছাত্র-ছাত্রীয়ে শ্বেতাংগসকলৰ বিদ্যালয়ত পঢ়িবৰ বাবে অনুমতি ল’ব লাগিছিল৷ শ্বেতাংগসকলে কৃষ্ণাংগসকলক অস্পৃশ্য জ্ঞান কৰিছিল৷ এইবিলাক কথাই বাল্যকালতে মেণ্ডেলাৰ মনত ভীষণ আঘাত দিছিল আৰু স্বাভাৱিকতে তেওঁক ইংৰাজৰ ঔপনিৱেশিক শাসনৰ বিৰোধী কৰি তুলিছিল৷ উপৰি উক্ত বিদ্যালয়ৰ পাছত ক্লার্কেবুৰি মেথডিষ্ট হাইস্কুলৰ পৰা বিদ্যালয়ৰ শিক্ষা সাং কৰি তেওঁ হিল্ডটাউনৰ এখন মেথডিষ্ট কলেজত অধ্যয়ন কৰে৷তাৰ অন্তত ফ’র্টহাৰেৰ কেৱল কৃষ্ণাংগসকলৰ বাবে প্রতিষ্ঠিত এখন বিশ্ববিদ্যালয়ত নামভর্তি কৰে৷ এই বিশ্ববিদ্যালয়ত তেওঁ কর্তৃপক্ষৰ বিৰুদ্ধে বিদ্রোহ কৰাত তেওঁক নিলম্বিত কৰা হয়৷ পৰৱর্তী কালত দক্ষিণ আফ্রিকা বিশ্ববিদ্যালয়ৰ পৰা পত্র বিনিময় পাঠ্যক্রমৰ জৰিয়তে মেণ্ডেলাই কলা শাখাত স্নাতক ডিগ্রী গ্রহণ কৰে৷ মেণ্ডেলাই শ্বেতাংগপ্রধান উইটওৱাটাৰষ্টেণ্ড বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰিছিল৷ জোহান্সবার্গ চহৰলৈ আহি মেণ্ডেলাই সাময়িকভাৱে ক্রাউন খনিৰ ৰাত্রি পহৰাদাৰ হিচাপে আৰু পৰৱর্তী কালত আফ্রিকান নেশ্বনেল কংগ্রেছ দলৰ কর্মী ওৱাল্টাৰ চিচুলুৰ সহায়ত এখন আইন প্রতিষ্ঠানত চুক্তিবদ্ধ কেৰাণী হিচাপে নিয়োজিত হৈছিল৷ এজন দৌৰবিদ আৰু পাৰদর্শী মুষ্টিযোদ্ধা হিচাপেও মেণ্ডেলা সকলোৰে পৰিচিত আছিল৷ জোহান্সবার্গতে তেওঁ সাম্যবাদী চিন্তাধাৰাৰ লগত পৰিচিত হৈছিল৷ শ্বেতাংগ, কৃষ্ণাংগ, বিভিন্ন ভাষাভাষী, জাতি-বর্ণৰ লোকক সাম্যবাদে সাঙুৰি লয়৷ শোষিত, বঞ্চিত, নির্যাতিত, নিষ্পেষিতসকলৰ মাজত কোনো ভেদাভেদৰ প্রাচীৰ নাই৷ অৱশ্যে, সাম্যবাদী চিন্তাধাৰাৰ প্রতি আকর্ষিত হ’লেও তেওঁ ধর্মত বিশ্বাসী আছিল৷

১৯৪৩ চনত মেণ্ডেলাই আফ্রিকান নেশ্বনেল কংগ্রেছত যোগদান কৰিছিল৷ সেই বছৰৰে আগষ্ট মাহত শ্বেতাংগসকলে যেতিয়া যাত্রীবাহী বাছত কৃষ্ণাংগসকলৰ ভাড়া বৃদ্ধি কৰে, তেতিয়া মেণ্ডেলাৰ মনত বিদ্রোহৰ অগনি জ্বলি উঠে৷ এনে কার্যৰ বিৰোধিতা কৰি তেওঁ যি আন্দোলনৰ নেতৃত্ব দিছিল, সিয়েই তেওঁক ৰাজনৈতিক দৃশ্যপটত জিলিকাই তুলিলে৷ ১৯৪৮ চনৰ দক্ষিণ আফ্রিকাৰ সাধাৰণ নির্বাচনত কৃষ্ণকায় লোকসকলক ভোটাধিকাৰ দিয়া নহৈছিল৷ ইয়াৰ তীব্র বিৰোধিতা কৰি মেণ্ডেলাৰ নেতৃত্বত কৃষ্ণাংগ যুৱ দলে আন্দোলনৰ পথ লৈছিল৷ সেই সময়ত আফ্রিকাৰ কৃষ্ণাংগ লোকসকলক কেৱল ৰে’লতহে দূৰণিলৈ যাবলৈ দিয়া হৈছিল৷ এনে ৰে’লযাত্রাৰ বাবেও চৰকাৰৰ পৰা অনুমতি ল’বলগীয়া হৈছিল৷অনুমতি-পত্র অবিহনে ৰে’লযাত্রা কৰা কৃষ্ণাংগসকলক যিকোনো ঠাইতে, যিকোনো সময়তে ৰে’লৰ পৰা নমাই দিয়া হৈছিল৷ এনেকৈ অন্যায়ৰ বলি হোৱা কৃষ্ণাংগসকলৰ উদ্ধাৰৰ বাবে এটি দীর্ঘম্যাদী আন্দোলন গঢ়ি তোলাৰ ধাৰণাই যুৱাৱস্থাতে মেণ্ডেলাৰ মনত স্থান লাভ কৰিছিল৷ ১৯৫০ চনত তেওঁক আফ্রিকান নেশ্বনেল কংগ্রেছৰ যুৱ শাখাৰ সভাপতি হিচাপে নির্বাচিত কৰা হয়৷ ১৯৫২ চনৰ ২২ জুনত শ্বেতাংগসকলৰ কার্যকলাপৰ বিৰোধিতা কৰি দিয়া ভাষণৰ বাবে সাম্যবাদ দমন বিধি, ১৯৫০ৰ অধীনত দোষী সাব্যস্ত কৰি মেণ্ডেলাক ছমাহ কাল জোহান্সবার্গৰ কাৰাগাৰত কাৰাৰুদ্ধ কৰি ৰখা হয়৷ শ্বেতাংগ-বিৰোধী আন্দোলন গঢ়ি তোলা বাবে শ্বেতাংগ বর্ণবৈষম্যবাদী চৰকাৰে মেণ্ডেলাক ৰাষ্ট্রদ্রোহৰ অপৰাধত অভিযুক্ত কৰি ১৯৫৬ চনৰ ডিচেম্বৰ মাহত পুনৰ গ্রেপ্তাৰ কৰে৷তেওঁৰ কাৰাবাসৰ বিৰুদ্ধে দীর্ঘদিন ধৰি চলা মোকর্দমাৰ বিচাৰৰ অন্তত ১৯৬১ চনৰ ২৯ মার্চ তাৰিখে নির্দোষী প্রমাণিত হোৱাত অভিযুক্ত অন্যান্য আন্দোলনকাৰী লগতে তেওঁকো মুক্তি দিয়া হয়৷ কাৰামুক্ত হৈ মেণ্ডেলা আফ্রিকান নেশ্বনেল কংগ্রেছৰ সামৰিক গোট এম, কে ৰ সভাপতি নির্বাচিত হয়৷ ১৯৬২ চনৰ ৫ আগষ্টৰ দিনা ৰাজদ্রোহৰ অপৰাধত তেওঁক পুনৰ গ্রেপ্তাৰ কৰি জোহান্সবার্গ ফ’র্ট কাৰাগাৰলৈ প্রেৰণ কৰা হয়৷ ১৯৬৪ চনৰ জুন মাহত উপৰি উক্ত সামৰিক গোটৰ ৰিভ’নিয়াস্থিত লিলিয়েচলিফ কৃষি পামৰ ঘাটিত অতর্কিতে অভিযান চলাওঁতে গুপ্ত তথ্য-পাতি তথা আপত্তিজনক নথি-পত্র উদ্ধাৰ হোৱাৰ অজুহাতত দোষী সাব্যস্ত কৰি শ্বেতাংগ চৰকাৰে মেণ্ডেলাক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰি ৰ’বেন দ্বীপৰ কাৰাগাৰলৈ প্রেৰণ কৰে৷ ৰ’বেন দ্বীপৰ পাছত পলিচমুৰ কাৰাগাৰ আৰু ভিক্টৰ ভাৰ৲ষ্টাৰ কাৰাগাৰৰ একোটি সৰু খোটালিৰ একোখন আৰামহীন শেতেলিত কষ্টকৰ দিনবোৰ গণি-গণি কল্পনাতীতভাৱে সর্বমুঠ সাতাইশ বছৰ কাল মেণ্ডেলাই বন্দী জীৱন যাপন কৰিবলগীয়া হৈছিল৷

নিজৰ মুক্তি, কৃষ্ণাংগসকলৰ ভোটাধিকাৰ আৰু সকলোৰে বাবে সমঅধিকাৰ নিশ্চিত কৰাৰ দাবীৰ পৰা কৃষ্ণাংগ নেতাজন তিলমানো লৰচৰ হোৱা নাছিল৷ অন্যহাতে, মেণ্ডেলাৰ মুক্তিৰ সপক্ষে প্রবল আন্তঃৰাষ্ট্রীয় জনমত গঢ়ি উঠিছিল৷ উপায়বিহীন হৈ শ্বেতাংগ চৰকাৰৰ ৰাষ্ট্রপতি এফ ডব্লিউ ডি ক্লার্কে মেণ্ডেলাক মুক্তি দান কৰাৰ প্রস্তাৱ মানি লয় আৰু ১৯৯০ চনৰ ১১ ফেব্রুৱাৰী তাৰিখে তেওঁক বিনা চর্তে মুক্তি দিয়া হয়৷ বহুতো আলোচনা-বিলোচনাৰ অন্তত ১৯৯৪ চনৰ ২৭ এপ্রিল তাৰিখে ৰাষ্ট্রপতি ক্লার্কে দক্ষিণ আফ্রিকাত গণতান্ত্রিক নির্বাচন ঘোষণা কৰিবলৈ বাধ্য হয়৷ এই নির্বাচনত মেণ্ডেলা নেতৃত্বাধীন আফ্রিকান নেশ্বনেল কংগ্রেছে ৬৩ শতাংশ ভোট পাই জয়লাভ কৰে আৰু নেলছন মেণ্ডেলা ১৯৯৪ চনৰ ১০ মে’ত দক্ষিণ আফ্রিকাৰ প্রথমগৰাকী কৃষ্ণাংগ ৰাষ্ট্রপতি হিচাপে নির্বাচিত হয়৷ ১৯৯৯ চনৰ জুন মাহত তেওঁ স্বেচছাই সক্রিয় ৰাজনীতিৰ পৰা অৱসৰ গ্রহণ কৰি একাগ্রচিত্তে সমাজ সেৱাৰ কামত ব্রতী হৈ পৰে৷তেওঁৰ জীৱন কালত ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিছিল ৷দক্ষিণ আফ্রিকাৰ সর্বজন হিতকাৰী এই মহান নেতাজনে ২০১৩ চনৰ ৫ ডিচেম্বৰত সকলোৰে পৰা চিৰবিদায় লয়৷

২৭ বছৰ কাৰাবন্দী জীৱন কটোৱা জাতীয়তাবাদী নেতা গৰাকীক জন্ম দিৱসৰ দিনা শ্ৰদ্ধাৰে স্মৰণ কৰি লগতে তেখেতৰ কিছু অনুপ্ৰেৰণামূলক বাণী উল্লেখ কৰিছোঁ -

১)অন‍্যৰ সতে তুলনা কৰি নিজক তুচ্ছ নকৰিবা।আমি প্ৰত‍্যেকেই সুকীয়া সত্তা,প্ৰত্যেকেই অনন‍্য।।

২)জীৱনৰ সবাতোকৈ ডাঙৰ সাফল্য কেতিয়াও পৰাজিত নোহোৱাত নহয়,জীৱনৰ সাফল্য হল প্ৰতিটো পৰাজয়ৰ পাছত পুনৰ থিয় দিব পৰাতহে।

৩)অহিংস আৰু বিনয়েৰে একো একোখন বৃহৎ যুদ্ধও জয় কৰিব পাৰি ৷

৪)তুমি যিমানে মূল্যবান হ'বা,
তাতকৈ বেছি সমালোচনাৰ সন্মুখীন হ'বা....।

৫)এখন ডাঙৰ পৰ্বত বগুৱাৰ পাছত এজন কৰ্মঠ মানুহে একমাত্র এটা কথায়ে অনুভৱ কৰে যে বগাবলৈ আৰু বহুত পৰ্বত বাকী আছে...

৬)মানুহক যেতিয়া তেওঁৰ জীৱনত জীয়াই থকাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হয় তেতিয়া বিদ্ৰোহী হোৱাৰ বাহিৰে তেওঁৰ হাতত আন একো উপায় নাথাকে ।

৭)বিশ্বক সলনি কৰি দিয়াৰ সবাতোকৈ শক্তিশালী যি অস্ত্ৰটো আপুনি ব্যৱহাৰ কৰিব পাৰে, তাৰ নাম শিক্ষা।

৮)স্বাধীন মনৰ অধিকাৰী বন্ধুক মই পছন্দ কৰোঁ। কাৰণ সিহঁতে বিভিন্ন সমস্যাক সকলো ধৰণৰ দৃষ্টিকোণৰ পৰা দেখিবলৈ আপোনাক সহায়তা কৰে।

৯)মোৰ সাফল্য দি মোক বিচাৰ নকৰিব, মোক বিচাৰ কৰক মই কতবাৰ ব্যৰ্থ হৈছিলো আৰু আকৌ উঠি থিয় হৈছিলো।

১০)যদিহে আপুনি শত্রুৰ সৈতে মিলি একেলগে শান্তি প্রতিষ্ঠা কৰাটো বিচাৰে, তেন্তে আপুনি শত্রুৰ লগত একেলগে কর্ম কৰিব লাগিব, তেতিয়া শত্রুও আপোনাৰ বন্ধু হৈ পৰিব৷’’


সংগ্ৰহ
✒️মন ময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.