আজি বিখ্যাত কবি হৰি বৰকাকতিৰ মৃত্যু তিথি ৷১৯২৯ চনত জন্ম লাভ কৰা এইজনা মহান কবিৰ ২০০৬ চনৰ ২২ জুলাই অৰ্থাৎ আজিৰ দিনটোতে ৭৯ বছৰ বয়সত মৃত্যু হৈছিল ৷মৃত্যু তিথিৰ দিনা তেখেতলৈ শ্ৰদ্ধা জনাই তেখেতৰ দুটি কবিতা উল্লেখ কৰিছোঁ -
- - - - -
অনুৰ্ব্বৰা
– হৰি বৰকাকতি
অনুৰ্ব্বৰা
যাত্ৰাময় শিলনিৰ
সংঘাতত ওপজা ফিৰিঙতিত এদিন হ’ল
জ্যামিতিক বিন্দুত জীৱনৰ জীৱন্ত সূচনা৷
তুমি সাৰ পালা৷
অৱচেতনাৰ নাতিশীতোষ্ণ এলেকাত
পাহাৰী সাপৰ কিলবিল নৃত্য দেখি
তুমি ভোৰ গ’লা;
ৰেখাময় পৃথিৱীৰ তিৰ্য্যক চকুত
বিজুলীৰ চোকা ৰেখা চাই, বুৰঞ্জীৰ পাতনি মেলিলা-
জীয়াই থকাৰ আৰু
জীয়াই ৰখাৰ৷…
অনুৰ্ব্বৰা জীৱনৰ গাঁথনিৰ ফাকে ফাকে
হঠাতে জিলিকি উঠা
সেয়ে জানো প্ৰাণ? জেঠিৰ নেজত নচা প্ৰাণৰ
নিখুঁত অভিনয়!
হেৰা সোণাপাহী, তুমি
জীৱনৰ সৰাইখানাত থ’লা
সুৰা এছোৰাহী৷ সৰীসৃপ কামনাৰ ম্লান অগ্ৰদূত,
বিবৰ্ণ বতাহ৷
দুৰন্ত দুপৰ জুৰি সময়ৰ দুচকুত অগ্নি-কণা বয়
জাকে জাকে৷ জোঁট লাগে পুতলাৰ জৰী;
বন্ধ্যা ই সন্ধাৰ বাবে মিছাৰ তোমাৰ আয়োজন৷
অপেক্ষাৰ অৱসাদে ভঙা কেঁচা ঘুমটিৰপৰা
সাৰ পাই শুনিলা মাথোন, গুচি যোৱা জাহাজৰ উকি৷
দেখিলা; বুজিলা জানো, কামনাৰ দেৱালত বন্দী তুমি
মাছ-বাকলিৰ ফুল? বন্ধ দুৱাৰ, লুপ্ত অভিজ্ঞান,
দিনান্তৰ এবুকুৱা পলসত৷
অনুৰ্ব্বৰা
যাত্ৰাময় শিলনিৰ
সংঘাতত ওপজা ফিৰিঙতিত এদিন হ’ল
জ্যামিতিক বিন্দুত জীৱনৰ জীৱন্ত সূচনা৷
তুমি সাৰ পালা৷
অৱচেতনাৰ নাতিশীতোষ্ণ এলেকাত
পাহাৰী সাপৰ কিলবিল নৃত্য দেখি
তুমি ভোৰ গ’লা;
ৰেখাময় পৃথিৱীৰ তিৰ্য্যক চকুত
বিজুলীৰ চোকা ৰেখা চাই, বুৰঞ্জীৰ পাতনি মেলিলা-
জীয়াই থকাৰ আৰু
জীয়াই ৰখাৰ৷…
অনুৰ্ব্বৰা জীৱনৰ গাঁথনিৰ ফাকে ফাকে
হঠাতে জিলিকি উঠা
সেয়ে জানো প্ৰাণ? জেঠিৰ নেজত নচা প্ৰাণৰ
নিখুঁত অভিনয়!
হেৰা সোণাপাহী, তুমি
জীৱনৰ সৰাইখানাত থ’লা
সুৰা এছোৰাহী৷ সৰীসৃপ কামনাৰ ম্লান অগ্ৰদূত,
বিবৰ্ণ বতাহ৷
দুৰন্ত দুপৰ জুৰি সময়ৰ দুচকুত অগ্নি-কণা বয়
জাকে জাকে৷ জোঁট লাগে পুতলাৰ জৰী;
বন্ধ্যা ই সন্ধাৰ বাবে মিছাৰ তোমাৰ আয়োজন৷
অপেক্ষাৰ অৱসাদে ভঙা কেঁচা ঘুমটিৰপৰা
সাৰ পাই শুনিলা মাথোন, গুচি যোৱা জাহাজৰ উকি৷
দেখিলা; বুজিলা জানো, কামনাৰ দেৱালত বন্দী তুমি
মাছ-বাকলিৰ ফুল? বন্ধ দুৱাৰ, লুপ্ত অভিজ্ঞান,
দিনান্তৰ এবুকুৱা পলসত৷
- - - - -
কোনোবা শীতৰ এটা বগা সন্ধিয়াত
পাক খোৱা কুঁৱলিৰ সাপ-চেঁচা আঙুলিত লাগি
মনে যদি কয় তুমি পাহৰিব খোজা কথাবোৰ, অবচেতনাৰ আঁৰে আঁৰে জী থকা কথা।
কল্পনাৰ ৰেখাবোৰ যদি হই পৰে একা-বেঁকা,
পুৰণি দিনৰ শিহৰণ লাগি উচলি উঠে
মৰহি পৰা প্ৰাণৰ বিগত যৌৱন,
অস্বীকাৰ নকৰিবা তাক।
কাণ পাতি শুনি যাবা ৰিক্ত প্ৰাণৰ শতিকাময়
ইতিহাস।
মোৰ কথা তাতে পাবা হেৰাই যদিও মই যাওঁ।
সিয়ে ক'ব, মই কোৱা দৰে__
… স্বপ্ন দেখিছিলোঁ,
বাটৰ দাঁতিত হই ক'লা বগা শিল
ৰ'ই যাম বহুত শতিকা।
কেতিয়াবা কোনোবাই প্ৰাণ নিজৰাৰ পানী সিঁচি
জগাই তুলিব মোক আকউ এবাৰ।
পাৰা যদি দুচকুত চিনাকী অঞ্জন সানি
পুৰণি দিনৰ স্মৃতি
তুলিবা জগাই
বাটে-ঘাটে পৰি ৰোৱা
বনপোৰা ছাই কণিকাৰে।……
ভগা-ছিগা টুকুৰা-টুকুৰ কথাবোৰ
আকউ জোৰাই চাবা
অৰ্থ তাৰ পোৱা নে নোপোৱা।
সেয়া মোৰে, ময়ে ভুলে-চুকে কোৱা কথা।
সৃষ্টিৰ কঠীয়া সিঁচি
ডলাৰ বগৰি হই বাগৰি ফুৰোঁতে
পৃথিৱীৰ কোমল বুকুত মোৰ
সেইবোৰ দুভৰিৰ ৰেখা।
মচা নাই সেইবোৰ, জানো মই
আৰু জানো, তুমি তাকে নিতউ বিচাৰি যাবা।
সেয়ে মোৰ শেষ অনুৰোধ
কোনোবা শীতৰ এটা বগা সন্ধিয়াত…।
----×---×---×---
সংগ্ৰহ
✒️মন ময়ুৰী
No comments: