ড° লীলা গগৈ

আজি ড° লীলা গগৈৰ ২৬ তম স্মৃতি দিৱস ৷ ১৯৯৪ চনৰ ২৩ জুলাই অৰ্থাৎ আজিৰ দিনটোতে বিশিষ্ট ব্যক্তি গৰাকীৰ মৃত্যু হৈছিল ৷
   ড° লীলা গগৈ একাধাৰে এজন বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ আছিল। গগৈ দেৱ অসম সাহিত্য সভাৰ সম্পাদক,উপ-সভাপতি, কাৰ্যনিৰ্বাহকৰ সদস্য, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন সমিতিৰ সদস্য, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক আছিল।তেখেতৰ জন্ম হৈছিল ১৯৩০ চনৰ ২৫ নবেম্বৰ় তাৰিখে শিৱসাগৰৰ হাতীমূৰীয়া গাঁৱৰ চেৰেকাপাৰাত ৷পিতৃৰ নাম  ধনীৰাম গগৈ আৰু মাতৃৰ নাম কমলা গগৈ।


গগৈ দেৱে ১৯৩৫ চনত জন্ম ঠাই চেৰেকাপাৰৰে প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰে। ১৯৪৩ চনত শিৱসাগৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ পৰা উচ্চ গণিত আৰু উচ্চ অসমীয়া সহ প্ৰথম বিভাগত উৰ্ত্তীণ হয়। ইয়াৰ পাছত শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৫০ চনত সংস্কৃত বিষয়ত লেটাৰসহ প্ৰবেশিকা পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীন হয়।
১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আই এ, ১৯৫৮ চনত স্নাতক আৰু ১৯৬২ চনত অসমীয়া সাহিত্য বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰে ৷
গগৈদেৱে ১৯৮২ চনত অসমীয়া বুৰঞ্জী-সাহিত্যৰ সমালোচনাত্মক অধ্যয়ন শীৰ্ষক গ্ৰন্থৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট উপাধি লাভ কৰে ৷

১৯৬৫ চনত গগৈদেৱ চন্দ্ৰপ্ৰভা বুঢ়াগোহাঁইৰ লগত বিবাহ পাশত আবদ্ধ হয়। দুগৰাকী কন্যা জুৰি গগৈ আৰু লনি গগৈ ।

গগৈ দেৱৰ কৰ্মজীৱন আৰম্ভ হয় ১৯৫১ চনত শিৱসাগৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে  ।তাৰ পাছত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ,আকাশবাণী গুৱাহাটী কেন্দ্ৰত ‘স্পকেন-ৱৰ্ড’ প্ৰডিউচাৰ হিচাপে কাৰ্যনিবাহ কৰিছিল। পাছলৈ গড়গাঁও মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয়ত প্ৰবক্তা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কাম কৰিছিল। অৱশেষত সুখ্যাতিৰে ১৯৯০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰা অৱসৰ গ্ৰহন কৰে। গগৈ দেৱে ১৯৯১-৯৩ সময়চোৱাত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ পূৰ্ণকালীন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৯৪ চনৰ অসম সাহিত্য সভাৰ  মৰিগাঁও বাৰ্ষিক অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰা
ড° লীলা গগৈ দেৱে বহুতো তথ্যগধুৰ গ্ৰন্থ ৰচনাৰে অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে ৷ তেখেতে বুৰঞ্জী,লোক সাহিত্য,ৰম্য ৰচনা,শিশু সাহিত্য আদি সকলো বিষয়তে গ্ৰন্থ ৰচনা কৰিছিল ৷ ড.লীলা গগৈৰ দ্বাৰা ৰচিত বুৰঞ্জীমূলক গ্ৰন্থসমূহৰ ভিতৰত -বুৰঞ্জীয়ে পৰশা নগৰ (১৯৫৭),
হেৰোৱা দিনৰ কথা (১৯৫৭),
শৰাইঘাট যুদ্ধৰ কথা(১৯৭৭) ,
বেলি মাৰ গ’ল(১৯৮৩),
 বুৰঞ্জীয়ে কথা কয়(১৯৯১) ,
চিন্তাৰ স্বাক্ষৰ (১৯৯২),
হাঁহি আৰু বাঁহী (১৯৮৫)আদি অন্যতম৷
মণিৰাম দেৱানৰ গীত(১৯৫৭) ,
অসমীয়া লোক-গীতি (১৯৫৭),
জোন বাই এ তৰা এটি দিয়া (১৯৫৭),

বিহুগীত আৰু বনঘোষা(১৯৬৯)
শীৰ্ষক কেইবাখনো লোক-সাহিত্য বিষয়ক গ্ৰন্থও গগৈদেৱে ৰচনা কৰে ৷

 গগৈদেৱৰ দ্বাৰা ৰচিত ‘অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা’ (১৯৬৮) অসমীয়া সাহিত্য জগতলৈ এক উল্লেখযোগ্য অৱদান ৷ অসমৰ গাঁৱে-ভূঞে সিঁচৰতি হৈ পৰি থকা কিছুমান লোক-সাহিত্যৰ মুকুটা বুটলি আনি তেওঁ এই গ্ৰন্থ ৰচনা কৰিছে ৷ গ্ৰন্থখনত লোক-সাহিত্য,মন্ত্ৰ সাহিত্য,সাঁথৰৰ পৰা আৰম্ভ কৰি লখিমী সবাহৰ নাম,অপেচৰা সবাহৰ নাম,নাওখেলৰ গীত,জনা গাভৰুৰ গীত,মণি-কোঁৱৰ-ফুল কোঁৱৰৰ মালিতা,সাধু-কথাকে ধৰি কেইবাটাও উৎকৃষ্ট প্ৰৱন্ধই ঠাই পাইছে ৷
তেখেতৰ সংস্কৃতিমূলক গ্ৰন্থৰ ভিতৰত -
আহোম জাতি আৰু অসমীয়া সংস্কৃতি(১৯৬১) , বিহু:এটা সমীক্ষা (১৯৬৯),
টাই সংস্কৃতিৰ ৰূপৰেখা(১৯৭১),
সাহিত্য-সংস্কৃতিৰ বুৰঞ্জী(১৯৭২),
অসমৰ সংস্কৃতি(১৯৮২) আদি লেখত লবলগীয়া ৷

 ৰম্য সাহিত্য ৰচনাতো ড.লীলা গগৈদেৱৰ বিশেষ দখল আছিল ৷ তেখেতৰ কলমত প্ৰাণ পাই উঠা বহুকেইখন গ্ৰন্থই সেই কথাৰ প্ৰমাণ দিয়ে ৷ কপলিং চিগা ৰেল(১৯৫৯),বিয়েৰিং চিঠি(১৯৭৬),বৃকোদৰ বৰুৱাৰ বিয়া:প্ৰথম খণ্ড(১৯৭৭), বৃকোদৰ বৰুৱাৰ বিয়া:দ্বিতীয় খণ্ড (১৯৭৭), বিশেষ কি লিখিম(১৯৭৮),ঘেৰঘেৰী বাছ(১৯৮১),মুকলি চিঠি(১৯৮৫) আদিৰ দৰে মনোৰম গ্ৰন্থ পাঠকক উপহাৰ দিয়ে ৷
সোণতৰা(১৯৫৪),
খঁৰা শিয়ালৰ বিয়া(১৯৫৪),
পোণাকনৰ মৰম(১৯৫৫),
অনুপম কোঁৱৰৰ সাধু(১৯৫৯),
লাচিত বৰফুকন(১৯৬২),
ৰংমনৰ কথা(১৯৬৩),
জয়মতী কুঁৱৰী আৰু মূলাগাভৰু(১৯৬৩),
ভাৰতৰ কথা(১৯৭২) আদি কেইবাখনো মননশীল গ্ৰন্থৰচনাৰে তেখেতে শিশু-সাহিত্যৰ ভড়ালটো চহকী কৰি থৈ গৈছে ৷ তেওঁৰ শিশুগ্ৰন্থসমূহ সহজ-সৰল ভাষাত ৰচিত আৰু ইয়াৰ বিষয়বস্তুও আকৰ্ষনীয় ৷


ইয়াৰ উপৰি ইংৰাজী ভাষাটো গগৈদেৱে কেইখনমান অতি মূল্যৱান গ্ৰন্থ ৰচনা কৰি থৈ যায় ৷ তেওঁৰ দ্বাৰা ৰচিত কেইখনমান বিশ্লেষণমূলক ইংৰাজী গ্ৰন্থ হ’ল –The Tai Khamtis North-East India(1971),
The Buranjis: Historical Literature of
Assam(1986),
The history of the System of Ahom Administartion(1991) ৷

প্ৰাপ্ত বঁটাসমূহঃ
1) সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা
2) সাহিত্য-কৰ্মৰ পুৰস্কাৰ নগদ ৫০০ টকা, (১৯৬৩)
3) UNESCO ৰ পৰা সীমান্তৰ মাটি আৰু মানুহ গ্ৰন্থৰ বাবে পুৰস্কাৰ নগদ ১১০০ টকা, (১৯৬৫)

এইগৰাকী মহান সাহিত্যিকে ১৯৯৪ চনৰ ২৩ জুলাইত শিৱসাগৰৰ চেৰেকাপাৰত এই সংসাৰ ত্যাগ কৰে। আজি তেখেতৰ ২৬তম মৃত্যু বাৰ্ষিকীত আমি তেখেতক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ ৷

( বিভিন্ন উৎসৰ সহায় লৈ)
✍️ মনময়ুৰী মহন্ত ৷

2 comments:

Powered by Blogger.