মহী চন্দ্ৰ মিৰি

প্ৰতিজন অসমীয়াৰ গৌৰৱ কাজিৰঙা ৷যিজন সৎ ,সাহসী,নিষ্ঠাবান বন বিষয়াৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ ফলত আমি আজি কাজিৰঙাক লৈ গৌৰৱ কৰিব পাৰিছোঁ সেই ব্যক্তিজন হ’ল তাৰ প্ৰথম মূখ্য বন সংৰক্ষক মহী চন্দ্ৰ মিৰি ।আক্ষৰিক অৰ্থত তেওঁ কাজিৰঙা অভয়াৰণ্যৰ গঢ় দিওঁতা ৷
১৯৩৯ চনৰ আজিৰ দিনটোতে তেখেতৰ মৃত্যু হৈছিল।
মৃত্যু তিথিত এইজন পুণ্যাত্মাক শ্ৰদ্ধাৰে সোঁৱৰিছো..

মহীচন্দ্ৰ মিৰিৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ ওচৰৰ আলিমূৰ নামৰ এখন গাঁৱত ১৯০৩ চনত ৷ দেউতাকৰ নাম আছিল দলে মিৰি ৷ তেখেত মাজুলী গড়মূৰ সত্ৰৰ শিষ্য আছিল ৷

মহীচন্দ্ৰ মিৰি সৰুৰে পৰা ওখপাখ আছিল , জংঘলে জংঘলে খেলি, সাপ ধৰি বৰ ভাল পাইছিল।অত্যন্ত চোকা বুদ্ধিৰো আছিল ৷১৯২৩ চনত শিৱসাগৰৰ পৰা মেট্ৰিক পাচ কৰি কটনত কলেজীয়া শিক্ষা আৰম্ভ কৰিছিল।মহীচন্দ্ৰ মিৰিয়ে কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত মেজৰ সহ ১৯২৭ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯২৯ চনত চাইমন কমিচন যেতিয়া ছিলঙলৈ আহিছিল তেতিয়া অসমৰ পৰা ৮ জন সদস্যই মিলি অসমৰ ট্ৰাইবেল সকলৰ উন্নতিৰ বাবে এক memorandum দাখিল কৰিছিল।তাত মিহী চন্দ্ৰ মিৰিৰ উপৰিও ভূপেন হাজৰিকাৰ দেউতাক নীলকান্ত হাজৰিকা আৰু সোণাধৰ সেনাপতিও ( শহুৰেক) আছিল ।
এই কমিচনে মহী মিৰি আৰু মাধব ভট্টাচাৰ্য্যক ইম্পিৰিয়েল ফৰেষ্ট চাৰ্ভিচৰ বাবে বাচনী কৰে আৰু ৰেংগুনৰ ফৰেষ্ট কলেজত প্ৰশিক্ষণৰ বাবে পঠোৱা হয়। সন্মানীয় ইম্পিৰিয়েল ফৰেষ্ট চাৰ্ভিচৰ পদৰ বাবে বাচনী কৰা তেওঁলোক দুজনেই প্ৰথম অসমীয়া।ৰেংগুনৰ প্ৰশিক্ষণৰ পাচত মহী মিৰিক ১৯৩১ চনত গুৱাহাটীত এক্সট্ৰা এচিষ্টেণ্ট কনজাৰভেটৰ অফ ফৰেষ্ট হিচাবে নিযুক্তি দিয়া হয়।১৯৩২ চনত মহী মিৰিয়ে সোণাধৰ সেনাপতিৰ জ্যেষ্ঠা জীয়ৰী ইন্দিৰাক প্ৰবল সামাজিক বিৰোধিতাৰ মাজেৰে বিয়া কৰায়।

কাৰণ এইয়া আছিল অসবৰ্ণ বিবাহ,দুয়োৰে জাত বেলেগ আছিল।সেই সময়ত সমাজৰ বাবে এইবোৰ মানি ল’ব নোৱাৰা কথা আছিল ৷ কিন্তু ৰায় বাহাদুৰ সোণাধৰ সেনাপতিয়ে মহীৰ ব্যক্তিত্বত মুগ্ধ হৈ নিজ ইচ্ছাই জীয়েকক বিয়া দিছিল ৷মহীচন্দ্ৰৰ পত্নী ইন্দিৰা মিৰি আছিল অসমৰ এগৰাকী শিক্ষাবিদ, বিদূষী মহিলা ৷তেওঁ এ'ডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল। তেখেতে কৰ্মজীৱনৰ আৰম্ভণিতে মেৰীয়া মণ্টেছৰীৰ পৰাও প্ৰত্যক্ষভাৱে দীক্ষা পাইছিল।


১৯৩৪ চনৰ আশে পাশে মহীচন্দ্ৰ মিৰিক  গোলাঘাটত হেডকোৱাৰ্টাৰ স্থিত তেতিয়াৰ "Kaziranga game sanctuary"-ৰ বাগৰী ৰেঞ্জলৈ বদলি কৰা হয়।
সেই সময়ত  কাজিৰঙাৰ অৱস্থা অতি বেয়া আছিল।কোনো বাট পথ নাছিল।গোটেই জলাশয় আৰু জোক ময় আছিল।ইমান জোক আছিল যে তাত হাতীও নানামিছিল ।তাৰোপৰি চৌপাশ চোৰাংচিকাৰীৰে ভৰি আছিল ।প্ৰথম দুবছৰ তেওঁৰ বাবে প্ৰবল প্ৰত্যাহ্বান আছিল।পুৱা ৩ বজাতে উঠি এটা বাইন’কুলাৰ লৈ হাতীত উঠি উলাইছিল। কাৰ্বি পাহাৰ ৰ এটা টিলাত উঠি তেওঁ বাইন’কুলাৰেৰে চাই থাকিছিল। চোৰাং চিকাৰী দেখিলেই নিজৰ জীৱন তুচ্ছ কৰি ঢাপলি মেলিছিল ধৰিবলৈ। ১৯৭০ চনৰ পৰা সেই টিলাক  মহীমিৰি টিলা নামে জনা যায়।
১৯৩৮ চনত এজন বৃটিছ বিষয়াৰ সহযোগত কাজিৰঙা প্ৰথম বাৰৰ বাবে পৰিভ্ৰমণৰ বাবে মুকলি কৰা হয়।তাৰ পিছত তেওঁ যোৰহাটলৈ DFO হিচাপে বদলি হৈছিল ৷সেইসময়তে এটা জীৱিত গড় ধৰি তেওঁ USA লৈ প্ৰেৰণ কৰিছিল ৷মহীচন্দ্ৰ মিৰিয়েই প্ৰথম এই কাম কৰিব পাৰিছিল ৷
 অত্যাধিক পৰিশ্ৰমৰ ফলত মিৰিৰ এবাৰ ক'লাজ্বৰ হৈছিল। এই ৰোগতে ১৯৩৯ চনতে অতি কম বয়সতে  তেওঁ পত্নী আৰু কণ কণ শিশু দুটিক এৰি থৈ চিৰ বিদায় ল'লে।
তেখেতৰ বিষয়ে কৰা মন্তব্যসমূহ বিচাৰিলে আমি পাওঁ -
বিখ্যাত প্ৰকৃতিবিদ, বন্যপ্ৰাণী বিশাৰদ E.P. Gee য়ে কাজিৰঙাৰ বনবিষয়া মহীচন্দ্ৰ মিৰি ৰ বিষয়ে কৈছিল-

 "The man who put Kaziranga in the World map. I have talked to that forest officer, who was the first to be deputed to survey Kaziranga in the mid thirties"

তেওঁৰ মৃত্যুত  আন এজন বৃটিছ চাহাব Conservator Makernus য়ে কৈছিল,"We have lost the jewel of the forest department ."

Sir Surendra Nath Banerjee য়ে কৈছিল, Miri was, ' a man amongst men ,a prince amongst his peers” .

 এই পুণ্যাত্মা জনৰ স্মৃতি দিৱসৰ দিনা পুনৰবাৰ শ্ৰদ্ধাৰে সোঁৱৰিছো আৰু আশা কৰিছোঁ তেখেতৰ বিশাল অৱদান সমূহ সকলোৰে জ্ঞাত হোৱাকৈ তথা অমৰ কৰি ৰখাকৈ চৰকাৰে কিছু পদক্ষেপ লৈ সকলোকে উপকৃত কৰিব ৷

✒️✒️মনময়ুৰী মহন্ত ৷

2 comments:

  1. "মেৰেং" উপন্যাসখনত ইন্দিৰা মিৰিৰ পতি হিচাপে মহীচন্দ্ৰ মিৰিৰ বিষয়ে অলপ জানিব পাৰিছিলো। তেতিয়াই এই ব্যক্তি জনৰ বিষয়ে আৰু জানিবলৈ ইচ্ছা কৰিছিলোঁ। এতিয়া বিতংকৈ জানিবলৈ পাই ভাল লাগিল

    ReplyDelete

Powered by Blogger.