পদ্ম বৰকটকী

"এটি ক্ষণ মাগো মই
জনম মৰণ জোৰা জীৱনতকৈ ৷
আণবিক কৰুণাত বাছি থকা আজিৰ ধৰাক
খন্তেক দিয়া পাহৰাই ৷"

             - পদ্ম বৰকটকী
("সপোন দেখো মই " ১৯৬১)

অসমৰ এজন খ্যাতি সম্পন্ন লিখক আৰু সাংবাদিক পদ্ম বৰকটকীদেৱৰ আজি ৯৪ তম ওপজা দিন৷
১৯২৬ চনৰ আজিৰ দিনটোতে যোৰহাট জিলাৰ ৰাজহাউলিত জন্মগ্ৰহণ কৰিছিল ৷ তেখেতৰ পিতৃ আছিল সূৰ্য্যধৰ বৰকটকী আৰু মাতৃ বিনন্দী দেৱী আৰু পত্নীৰ নাম ইন্দিৰা বৰকটকী ৷

প্ৰয়াত পদ্ম বৰকটকী দেৱ অসমৰ এজন প্ৰসিদ্ধ লিখক আৰু সাংবাদিক আছিল ৷ তেওঁ কেইবাখনো আলোচনী আৰু সংবাদ পত্ৰৰ সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল ৷তেখেতে ১৯৪৮ চনতে শ্বিলঙৰ পৰা প্ৰকাশিত আছাম টিব্ৰিউন কাকতলৈ নিয়মীয়াকৈ সংবাদ প্ৰেৰণ কৰিছিল ৷১৯৫৬ চনত "হিন্দুস্তান ষ্টেণ্ডাৰ্ড" কাকতত ফিচাৰ লিখক হিচাপে পদ্ম বৰকটকীয়ে কৰ্মজীৱন আৰম্ভ কৰিছিল।
১৯৬০ চনত তেখেতে কলিকতাৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনী "আমাৰ প্ৰতিনিধি" আৰু ১৯৬৫ চনত প্ৰকাশিত আলোচনী “ নতুন প্ৰতিনিধি”সম্পাদনা কৰিছিল ৷১৯৭৯ চনত "মাতৃভূমি " আৰু ১৯৮২ চনত "ইস্তাহাৰ" নামৰ আলোচনী দুখনৰো সম্পাদক আছিল তেখেত ৷ইয়াৰ উপৰিও The North East Daily", নতুন দৈনিক, আজিৰ অসম, নতুন দিন আদি কাকতৰো সম্পাদনা কৰিছিল ৷


তদুপৰি তেওঁ চুটি গল্প, উপন্যাস, নাটক, কবিতা, শিশু সাহিত্য আৰু অনুবাদ সাহিত্যৰ ক্ষেত্ৰতো অৱদান আগবঢ়াইছিল। তেওঁ অসমীয়া সাহিত্যৰ এজন নামকৰা সমালোচক আৰু প্ৰবন্ধকাৰো আছিল। তেওঁ ৩৮ খন উপন্যাস, পাঁচখন চুটিগল্প সংকলন, দুখন কবিতা সংকলন, তিনিখন শিশু পুথি পোন্ধৰখন নাটক আৰু বিভিন্ন বিষয়ৰ দহখন গ্ৰন্থ ৰচনা কৰিছিল।তাৰ উপৰি তেখেতৰ বহুতো লিখনি বিভিন্ন কাকত আলোচনীত প্ৰকাশ হৈছিল ৷ সহজ অৰ্থত ক’বলৈ হ’লে সাহিত্য জগতৰ এনে এখন ক্ষেত্ৰ নাই ,য’ত পদ্ম বৰকটকী দেৱে হাত দিয়া নাই ৷


২০০৭ বৰ্ষত অসম চৰকাৰে তেখেতক চুকাফা বঁটা ৰে সন্মানিত কৰিছিল ৷
বহুতো উল্লেখযোগ্য বটাঁ বাহনেৰে তেখেত বিভূষিত নহ’লেও বৰকটকীদেৱ আছিল অসমীয়া সাহিত্য জগতৰ এজন অতি বাস্তৱবাদী লিখক ৷ 
এনেকুৱা এজন প্ৰতিভাৰ অধিকাৰী ব্যক্তিয়ে ২০০৮ চনৰ ১১ মাৰ্চত ইহলীলা সম্বৰণ কৰিছিল ৷পুনৰবাৰ আজি এই জন্মদিনৰ দিনা তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো ৷



✒️মনময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.