হীৰেন ভট্টাচাৰ্যৰ এমুঠি কবিতা


কবি' বুলি ক'লে আমাৰ বেছিভাগৰে যাৰ চেহেৰা প্ৰথম মনলৈ আহে সেইজনেই হ’ল সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য।আজি সেইজন প্ৰেম আৰু ৰ'দালিৰ কবি গৰাকীৰ মৃত্যু তিথি। বিংশ শতিকাৰ শেষৰ পৰা একবিংশ শতিকাৰ প্ৰথম দশকলৈ অসমীয়া কবিতাক সজীৱ আৰু সমৃদ্ধ কৰি ৰখা হীৰেন ভট্টাচাৰ্য দেৱৰ মৃত্যুবাৰ্ষিকীত কবিগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।সেই উপলক্ষে কবিৰ স্মৃতিত প্ৰণিপাত যাঁচি চমুকৈ তেখেতৰ জীৱন পঞ্জী আৰু  তেখেতৰ এমুঠি কবিতা আগবঢ়াইছো ...

     কবি হীৰেন ভট্টাচাৰ্যৰ জন্ম হয় ১৯৩২ চনৰ ২৮ জুলাইত  অসমৰ যোৰহাটত। তেখেতৰ পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য। দেউতাকৰ চাকৰি সূত্ৰে  অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেওঁৰ স্কুল সলাব লগীয়া হৈছিল । তেওঁ তেখেতে স্কুলীয়া জীৱন আৰম্ভ কৰে ডিব্ৰুগড়ৰ গ্ৰেহাম বজাৰ এম.ই. স্কুলৰ পৰা আৰু সমাপ্ত কৰে  তেজপুৰৰ পৰা । ১৯৪৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰপৰা তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত বি. বৰুৱা কলেজত নামভৰ্তি কৰে ৷
     ১৯৬৪ চনত হীৰেন ভট্টাচাৰ্য বোৰ্কালৈ যায় আৰু তাত এখন স্কুলত শিক্ষকতা কৰে ৷ এবছৰ শিক্ষকতা কৰা পাছত তাৰ পৰা উভতি আহে ৷ ইয়াৰ পাছত কিছুদিন কাপোৰৰ দোকান এখনত ছেলছমেনৰ চাকৰিও কৰিছিল।

   তেওঁৰ প্ৰথম কবিতা প্ৰকাশ পায় ১৯৫৭ চনত ৷ তেখেতৰ প্ৰথম কবিতা পুথি মোৰ দেশ মোৰ প্ৰেমৰ কবিতা' প্ৰকাশ হয় ১৯৭২ চনত ৷ তেখেতৰ  মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে আৰু লগতে বঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনুদিত হৈছে।

তেখেতৰ উল্লেখযোগ্য সাহিত্যকৰ্ম সমুহ হৈছে --
তোমাৰ গান (১৯৭২)
বিভিন্ন দিনৰ কবিতা (১৯৭৪)
কবিতাৰ ৰ'দ (১৯৭৬)
সুগন্ধি পখিলা (১৯৮১)
শইচৰ পথাৰ মানুহ(১৯৯১
মোৰ প্ৰিয় বৰ্ণমালা
ভালপোৱাৰ বোকা মাটি ৷
জোনাকী-মনঃ অনুষঙ্‍গ ৷
হীৰেন ভট্টাচাৰ্যৰ বাছকবনীয়া কবিতা, ২০০৩ ৷

হীৰেন ভট্টাচাৰ্যই লাভ কৰা বঁটা আৰু সন্মান -

(১)"বিভিন্ন দিনৰ কবিতা" গ্ৰন্থৰ বাবে ১৯৭৬  অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা লাভ ৷
(২) সুগন্ধি পখিলা' গ্ৰন্থৰ বাবে ১৯৮৫ 'অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা লাভ ৷
(৩) 'সুগন্ধি পখিলা' গ্ৰন্থৰ বাবে  ১৯৮৭ চনত চোভিয়েট দেশ নেহেৰু বটাঁ লাভ ৷
(৪) শইচৰ পথাৰ মানুহ' গ্ৰন্থৰ বাবে ১৯৯২ সাহিত্য অকাডেমি বঁটা লাভ ৷
(৫) শইচৰ পথাৰ মানুহ' গ্ৰন্থৰ বাবে ১৯৯৩ চনত ভাৰতীয় ভাষা পৰিষদৰ 'বজালিনী বঁটা লাভ
(৬) ২০০০ চনত 'অসম উপত্যকা সাহিত্য বঁটা' লাভ ৷
(৭) ২০১০ অসম চৰকাৰৰ গণেশ গগৈ বঁটা ৷
 ২০১২ চনৰ চাৰি জুলাই তাৰিখে হীৰেন ভট্টাচাৰ্যই গুৱাহাটীৰ দিশপুৰ চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে।

প্ৰিয় কবিৰ এমুঠি কবিতা -
১)
ভোগালী

তুমিটো  জানাই এই কবিৰ আৰু একো নাই ৷
এটাই মাথোঁ কামিজ
তাৰো ছিগো-ছিগো চিলাই |
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰাই |

(২)
স্তবক
হীৰেন ভট্টাচাৰ্য (১৯৬৮)

"এতিয়া বসন্তকাল
ফুলতকৈ কাঁইটেই ভাল|"
এইবুলি কৈ মোৰ কোলাত
আহি পৰিল
তেজৰঙা বুলবুলি এহাল !
কাঁইটীয়া গোলাপৰ ডাল
বতাহত দোঁ খাই আহি
ছিঙি নিবহি যেন মোৰ কলিজাৰ এফাল |
এতিয়া বসন্তকাল
ফুলতকৈ কাঁইটেই ভাল...

(৩)
শৰ-সন্ধান

স্বাধীনতা আৰু শান্তিৰ নামত উত্সৰ্গিত
ইয়াতেই বান্ধিছিলা তোমাৰ যৌৱনৰ
তেজি ঘোঁৰা| বসন্তৰ বতাহৰ দৰে
সেই ঘোঁৰাৰ খুৰাৰ ধুলিয়ে
চুমিছিল
মোৰ এই তেজাল আকাশ
আৰু তাৰ প্ৰান্তৰৰ সেউজিয়া ঘাঁহ|
তাৰ পিছত, পাৰ হৈ গ'ল
চ'তৰ নিদাঘ-জুই আৰু ব'হাগৰ
কতনা ধুমুহা|
….মই কেতিয়াবা
এতিয়াও সপোনত সাৰ পাই উঠোঁ
আফ্ৰিকা নে তেলেংগানা ক'ৰবাত
সেই ঘোঁৰা যেন হিল-দ'ল ভাঙি লৰিছে
আৰু তোমাৰ চাবুকত চমকি উঠিছে
নিৰ্জ্জন ৰাতিৰ ক্লীৱতা|

(৪)

ৰৌদ্ৰ কামনা
উজাগৰ ৰাতি
সপোন দেখিছো মই
ফুল-আলসুৱা তোমাৰ মুখৰ
শইছ-সোণালী হাঁহি|
অযুত তৰাৰ ঘুমটি ভাঙি যেন
সূৰ্য্য আহিছে নামি|

(৫)

অসম্ভৱ অনুবাদ

এটা অজুহাত পালে মই গুচি যাব পাৰোঁ,
যেনি মন যায়, তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি
মই গুচি যাম, যি কোনো অজুহাত পালে,
মুক্ত কৰি প্ৰতিভাৰ পথ, নিৰ্জনতা নিৰ্ভৰ ছায়াৰ
সুখ্যাতিত এই যে তোমাৰ এই উপস্থিতি
অসম্ভৱ অনুবাদ তাৰ, জালিকটা জোনাকৰ
মাজেৰে মই গুচি যাম, হাতত সাৰে ভৰিত সাৰে ......
[কোনোবা হাস্নাহানা ৰাতি]

(৬)

বসন্তৰ গান

[ এজন কবিলৈ]
হীৰেন ভট্টাচাৰ্য (১৯৬১)

কালি ৰাতি খুব কুৱঁলি পৰিছিল |
পাহাৰতলিত
এটা চৰায়ে ওৰে ৰাতি
গান গাই আকাশখনক কন্দুৱাইছিল |
ৰাতিপূৱা,
গছে বনে, পাহাৰৰ শিখৰে শিখৰে
বকুলফুলৰ দৰে
গুৰি গুৰিকৈ বৰফ পৰিছিল |
এটা চৰাইৰ
মাতত বসন্ত অহা হ’লে !
তাৰ লাহী ডেউকাই
কুঁৱলী আঁতৰাব পৰা হ’লে !
*****************

(৭)
নাগৰিক

(ৰচনাৰ সময় – ১৯৬১)

নিৰুত্তাপ এই জীৱন, নিৰ্লজ্জ আশাত অন্ধ |
ভগ্ন-হৃদয় অজ্ঞাত ভয়ত আচ্ছন্ন | তথাপি
সময়-শানিত তৰোৱালৰ চিকমিকনিত
এতিয়াও জ্বলিছে এখন পৃথিৱী –
দিক‍হাৰা হৃদয়ৰ আশ্ৰয় |
কলঘৰৰ ক’লা ধোঁৱাই
এদিন আকাশত বিজুলী জ্বলাব,
ৰাস্তাৰ কাষৰ এইজাক ল’ৰাই
জীৱনৰ বাটে বাটে ফুল ফুলাব,
ব্যধিগ্ৰস্ত এই নগৰে এদিন
আকাশলৈ মূৰ তুলি চাবঃ আকাশ ইমান বহল !
দ-কৈ উশাহ লৈ ক’বঃ বতাহ ইমান কোমল !!
পোহৰৰ এই স্বৰ্ণ-স্পৰ্শে উজ্জ্বল কৰিলে
মোৰ অন্ধকাৰ হৃদয় | উদ্দাম কৰিলে নিস্তেজ মন
যি মনৰ স্তৰে স্তৰে চেতনাৰ বিদ্যুৎ বিস্ময় |
*****************

(৮)

মোৰ দেশ

(ৰচনাৰ সময় – ১৯৬২)
মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ |
মোৰ প্ৰতোটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শ‍ইচ-সোনোৱালী ভৱিষ্যতৰ সপোন | মোৰ জীৱনৰ আহেঁ আহেঁ
মোৰ যৌৱনৰ কোহেঁ-কোহেঁ সেই সপোনৰ কলৰোল |
দেশে-দেশে দেশ আছে | এনে বহু দেশৰ অৰঙে-দৰঙে
ম‍ই ঘূৰিছোঁ | বহু বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ |
কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা
পাহাৰতলিত খন্তেক জিৰাইছোঁ | বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ
কথা পাতিছোঁ | তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা |
এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ | যাৰ বুকুৰ উমে মোক দিছে
ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য | জীৱনৰ নতুন অৰ্থ |
এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস | প্ৰতিটো ঋতুৱে
মোক দি যায় জীৱনৰ আশীৰ্বাদ |
মোৰ দেশৰ বাবে ম‍ই জীয়াই আছোঁ | এই দেশৰ বাবে ম‍ই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ | ৰণুৱা, বনুৱা, হালোৱা
এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ ম‍ই আছোঁ |
জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান ম‍ই শুনিছোঁ |
শত্ৰু-মিত্ৰ সকলোকে ম‍ই চিনিছোঁ | সিহঁতৰ অন্তৰ ম‍ই বিশ্বাসেৰে জিনিছোঁ  শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই দিছোঁ – ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান |
আৰুতো মোৰ একো নাই !
মোৰ দেশ – মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগ‍ই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন
পৰ্বত-মূললৈ ....
*****************

(৯)
জ্যোতি, সেই জ্যোতি
[স্বৰ্গীয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণীত]
হীৰেন ভট্টাচাৰ্য (১৯৬৩)

মোক এই সংকীৰ্ণতাৰ পৰা
তুলি ধৰা | তোমাৰ সতে গাবলৈ দিয়া
ধুমুহাৰ গান, বজ্ৰৰ গান |
মৃত্যুৰ এই হিম-শীতল হাতেৰে
ঢাকি থোৱা হৃদয়ক
এচমকা আকাশৰ আশ্বাস দিয়া |
ঘৃণা আৰু অবিশ্বাসে ঘেৰি ধৰা
সংকীৰ্ণ জীৱনলৈ আহকঃ
সাহসৰ দোকোল-টঁকা বান |
চেতনা থৰথৰ অন্ধকাৰ প্ৰহৰ ভাঙি
তোমাৰ গানেৰে কৰোঁ জ্যোতিস্নান !
*****************

(১০)
ছহিদ
হীৰেন ভট্টাচাৰ্য (১৯৬৫)

যাৰ
তেজত তিৰবিৰাইছিল
তৰালি,
বুকুত গুণগুণাইছিল
মৌমাখি –
সি নিজানে নিতালে
শুই আছে |
শিতানত তাৰ
তেজে ধোৱা মাটি
*****************

(১১)
শোভাযাত্ৰাত নিহতজনৰ কবিতা
- হীৰেন ভট্টাচাৰ্য (১৯৬৬)

এই জুইকুৰা ময়েই জ্বলালো |
জানো আই, এই জুইৰ পোহৰত
তোমাৰ ৰুগ্ন-মুখত উদ্ভাসিত
হৈ উঠিব
পৃথিৱীৰ অপৰূপ ৰূপ |
সেয়ে, জুইকুৰা ময়েই জ্বলালো |
দিনৰ পিছত দিন,
ৰাতিৰ শেহত দোকমোকালিৰ কোমল বতাহেৰে
মোক নিচুকাই কি ৰং পোৱা
মই নাজানো আই ! নিষ্ঠুৰ ক্ষমাৰে
মাথোঁ মোক নেহানিবা | তোমাৰ বাবে আই,
বহুবাৰ প্ৰিয়্জনৰ বুকুৰ তেজ দিলো ;
এইবাৰ মোৰ মন্ত্ৰপূত শৰীৰ |
জন্মৰ ঋণ পৰিশোধ কৰাৰ আনন্দত
মই যে আজি অধীৰ
সেয়ে, জুইকুৰা ময়েই জ্বলালো |
*****************
(১২)
বোধন
হীৰেন ভট্টাচাৰ্য (১৯৬৮)

আজি মোৰ
এন্ধাৰতে টোপনি ভাগিল |
স্বপ্নৰ পাপৰি
এটি এটি কৰি সৰি পৰি ৰ’ল
যেন পলাতকা পৰীৰ কৰবীৰ ফুল !
দেহৰ হুলত এতিয়া মোৰ
লাগি আছে মাটিৰ কোলাহল;
আৰু, অপসৃয়্মাণ ছায়াৰ দৰে
সপোনৰ কোমল কৌতূহল !
*****************
(১৩)
প্ৰেমৰ কবিতা
হীৰেন ভট্টাচাৰ্য (১৯৬৯)

মোৰ বুকুত কি জ্বলে !
মোৰ দুখ, মোৰ আনন্দ
কিহে আৰু ব্যাপক কৰি তোলে !
মোৰ অনুভৱে অনুভৱে
তোমাৰ প্ৰেমৰ গুণগুণ শব্দ
এনেকৈ ৰূৰুৱাই জ্বলে যে
তাৰ ছাই ভৰি পৰে
মোৰ বুকুৰ ভিতৰে-বাহিৰে |
সম্ভৱত তোমাৰ প্ৰগলভ প্ৰেমে
মোক ছাই কৰি পুৰি নিব ক্ৰমে |
*****************
(১৪)
তেজৰ আখৰেৰে
হীৰেন ভট্টাচাৰ্য (১৯৭০)

“ইমান অলপতে বিচলিত হ’লে
তোমাৰ বাৰু কেনেকৈ চলে ?”
শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে |
কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল’বলৈ শিকালে |
কবি মই নাছিলো কোনোকালে |

*****************
(১৫)
প্ৰস্তাৱনা
- হীৰেন ভট্টাচাৰ্য(১৯৭০)

মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা |
কেতিয়াবা ভাবোঁ খুন কৰোঁ, নাইবা
নিজেই নিহত হওঁ সিহঁতৰ হাতত | মোৰ
তেজৰ শিখাত বাৰুদ-ভৰা স্বপ্নৰ য্ন্ত্ৰণা |
যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক
মোৰ তেজৰ সোঁতত বাজি উঠে অস্ত্ৰৰ
অনিবাৰ্য ঝনঝননি | সমস্ত শক্তিৰে
ছিঙি পেলাওঁ হাতৰ শিকলি | সমুখৰ
শোভাযাত্ৰাত যোগ দিওঁ অথবা
নিশব্দে তুলি লওঁ ছহীদৰ দেহা |
মোৰ তেজৰ শিখাত
বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰণা |

*****************
(১৬)
পুনশ্চ
হীৰেন ভট্টাচাৰ্য (১৯৭০)

প্ৰতিদিনেই মোৰ একো-একোটা মৃত্যু
হাত ৰেখাত দীৰ্ঘ-পৰমায়ু |
এনেকৈয়ে মই আছোঁ | সপোনৰ পৰীৰ
ভৰিৰ খোজ শুনি মনে মনে ভাবোঁ:
জীৱন যিমান সুন্দৰ হ’ব পাৰে
সুন্দৰ তাতোকৈ |

*****************
(১৭)
বাঁহীৰ মাত
হীৰেন ভট্টাচাৰ্য (১৯৭০)

এন্ধাৰেৰে যাওঁতে যাওঁতে
পোহৰৰ শংখ নিনাদ
শুনিলো অকস্মাত্‍ |
বজ্ৰৰ বাবে থোৱা মোৰ হাড়ত
অনুভৱ কৰিলো বাঁহীৰ মাত |
বাঁহীটো তেজত, হাড়ৰ মাজত
লুকাই আছিল অতকাল |
তাত থূপাই থৈছিলো
সময়ৰ কিছুমান শুকান পাত |
পাতবোৰ আঁতৰাই দিলে কোনে ?
কাৰ বাৰু সিখনি স্নিগ্ধ হাত |
*****************

(১৮)
লাঞ্ছিত সূৰ্য
হীৰেন ভট্টাচাৰ্য (১৯৭০)

ৰ’দ গৈ গৈ ঢলি পৰে সূৰ্য |
ত্ৰস্ত ৰাতিৰ অন্তৰীক্ষৰ
অন্ধকাৰত জ্বলে কালপুৰুষৰ
তৰোৱাল অনিবাৰ্য |
মই কবি, সীমিত মোৰ সামৰ্থ্য |
আলিদোমোজাৰ ভূতগ্ৰস্ত প্ৰহৰীৰ
কৃতঘ্ন পিতলৰ সুহুৰিয়ে
বিপৰ্যস্ত কৰে মোৰ কাব্যৰ অৰ্থ |
ৰ’দ গৈ গৈ ঢলি পৰে সুবৰ্ণ সূৰ্য |
*****************
(সংগ্ৰহ)
✒️ মন ময়ুৰী মহন্ত ৷

3 comments:

  1. সম্পদ সময়ৰ ৷ ধন্যবাদ এই সংগ্ৰহৰ বাবে ৷

    ReplyDelete
  2. বহুত ধন্যবাদ ৷

    ReplyDelete

Powered by Blogger.