নটসূৰ্য ফণী শৰ্মা

আজি ৩১ জুলাই ৷ নটসূৰ্য ফণী শৰ্মাদেৱৰ ৫০ সংখ্যক পবিত্ৰ মৃত্যু তিথি ৷১৯৭০ চনৰ আজিৰ দিনটোতে অসমৰ সাংস্কৃতিক জগতৰ ভোটাতৰা ,নাট্য জগতৰ মহীৰূহ গৰাকীক আমি হেৰুৱাইছিলো ৷ মহান শিল্পীজনক স্মৃতি দিৱসৰ দিনা গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছো ৷

ফণী শৰ্মাদেৱৰ জন্ম হৈছিল অসমৰ সাংস্কৃতিক নগৰী তেজপুৰৰ এক সম্ভ্ৰান্ত পৰিয়ালত ১৯১০ চনত ( বাণ থিয়েটাৰ,তেজপুৰৰ তথ্য মতে) ৷ তেখেতৰ পিতৃৰ নাম মোলান শৰ্মা আৰু মাতৃ হোমেশ্বৰী দেৱী ৷তেওঁলোকৰ একমাত্ৰ পুত্ৰ ফণী শৰ্মা আৰু কন্যা সন্তান চাৰিগৰাকী ৷ফণী শৰ্মাৰ ঘৰুৱা নাম আছিল বলীন ৷পিতৃ মোলান শৰ্মা আছিল তেজপুৰ কৰ্টৰ পেচকাৰ আৰু বান থিয়েটাৰ পাৰ্টিৰ অৰ্কেষ্ট্ৰা দলৰ বাঁহী বাদক ৷লগতে তেওঁ এজন বাণ ৰঙ্গমঞ্চৰ সু অভিনেতাও আছিল ৷ সৰুৰে পৰা সেয়ে ফণী শৰ্মাৰ বাণ থিয়েটাৰৰ সৈতে নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছিল৷
ঐতিহাসিক বাণ ৰঙ্গ মঞ্চৰ গেটকিপাৰ হিচাপেই ন বছৰ বয়সতেই ফণী শৰ্মাৰ নাট্যশালাৰ জীৱন আৰম্ভ হৈছিল ৷ দেউতাকৰ লগত নিয়মিত  নাট্যশালালৈ গৈ সেই সময়ৰ সাংস্কৃতিক জগতৰ বহুতো গণ্য মান্য ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল ৷ তাৰ ফলতেই তেওঁ ক্ৰমাৎ নাট্য জগতৰ প্ৰতি আকৃষ্ট হৈছিল ৷সৰুৰে পৰা ফণী শৰ্মাৰ পঢ়াৰ প্ৰতি আগ্ৰহ কম আছিল ৷ তেওঁ তেজপুৰত হাইস্কুললৈকে পঢ়িছিল যদিও প্ৰৱেশিকা পৰীক্ষা নিদিলে ৷ পিতাকে বাৰাণসীলৈ নি কাশী বিদ্যাপীঠতো নাম লগাই দিছিল ৷কিন্তু পঢ়া শুনাৰ প্ৰতি তেওঁৰ মন কোনোমতে আকৰ্ষিত নহ’ল ৷ 

বাণ ৰংগমঞ্চত অভিনয় চাই চাই অনুপ্ৰাণিত হৈ তেওঁ নিজে অভিনয়ৰ প্ৰতি মন মেলে আৰু পোনপ্ৰথম বাৰৰ বাবে ১৯২১ চনত তেজপুৰ এম . ই স্কুলৰ বাৰ্ষিক বঁটা বিতৰণী সভাত প্ৰদৰ্শিত লাচিত বৰফুকন নাটকত অভিনয় কৰে ৷তাৰ পিছত ১৯২৮ চনত বাণ ৰংগমঞ্চত পদ্মনাথ গোহাঞিবৰুৱাৰ নাট জয়মতীত গদাপাণিৰ ভাওত অভিনয় কৰি বিশাল দৰ্শকৰ হৃদয়ত ৰেখাপাত কৰিছিল ৷ইয়াৰ পিছত ১৯২৮ চনতে বাণ ৰংগমঞ্চতে ৰাণা প্ৰতাপ নাটকৰ আকবৰ চৰিত্ৰত ,তাৰ পিছত কৰ্ণাৰ্জুন নাটকত অশ্বত্থামাৰ অভিনয়ৰে তেওঁক আৰু এখোপ আগুৱাই নিয়ে ৷ এনেদৰে কেইবাখনো নাটকত অভিনয় কৰা পিছত বাণ ৰংগমঞ্চই তেওঁক প্ৰতিষ্ঠা আনি দিয়ে ৷
১৯৩০ চনত ফণী শৰ্মাই পৰভ্ৰমী নাট্যদল কহিনুৰ অপেৰাত যোগদান কৰে। ইয়াৰ প্ৰতিষ্ঠাপক আছিল ব্ৰজনাথ শৰ্মা। শদিয়াৰ পৰা ধুবুৰীলৈকে, ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে কহিনুৰ অপেৰাই নাট মঞ্চস্থ কৰি যায় আৰু ফণী শৰ্মাৰ অভিনয় ইয়াৰ অন্যতম আকৰ্ষণ হৈ পৰে।
কৰুণাকান্ত মজুমদাৰৰ প্ৰযোজনাত আৰম্ভ হোৱা পূৰ্বজ্যোতি ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম বৰ্ষৰপৰাই ফণী শৰ্মাই কেবাখনো নাটক পৰিচালনা কৰিছিল। একে নাট্যদলৰ বাবে দ্বিতীয় বছৰত ফণী শৰ্মাই অভিনয় কৰিছিল। তেখেতে পাছলৈ অন্যান্য ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছিল।

১৯৩৩ চনত দৰঙৰ ভোলাগুৰি চাহ বাগিচাত জ্যোতিপ্ৰসাদে চিত্ৰবন ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰি আৰম্ভ কৰে লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতীৰ চলচ্চিত্ৰ ৰূপ ৷এই চলচ্চিত্ৰতে ফণী শৰ্মাই গাঁঠি হাজৰিকাৰ চৰিত্ৰত স্মৰণীয় অভিনয় প্ৰদৰ্শন কৰে ৷আগৰৱালাৰ দ্বিতীয় কথাছবি "ইন্দ্ৰমালতী"ত তেখেতে নায়কৰ বন্ধু "ললিত"ৰ ভূমিকাত অভিনয় কৰে।
১৯৪০ চনত ফণী শৰ্মাই তেজপুৰৰে আমোলাপট্টিৰ সাধু গোস্বামীৰ জীয়ৰী মনোৰমা দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৷
১৯৪৮ চনত ফণী শৰ্মাই বিষ্ণুপ্ৰসাদ ৰাভা ৰ লগত দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ এটা জনপ্ৰিয় ছুটি গল্পৰ আধাৰত "ছিৰাজ" নামৰ বোলছবি নিৰ্মাণ কৰে।
১৯৫৫ চনত তেখেতে "পিয়লি ফুকন" বোলছবি পৰিচালনা কৰাৰ লগতে মুখ্য ভূমিকাত অভিনয় কৰে। ১৯৬৩ চনত তেখেতে "ইটো সিটো বহুতো"ত পৰিচালকৰ ভাৰ নলৈ কেৱল অভিনয় কৰে। চলচ্চিত্ৰ জীৱনৰ এয়াই আছিল তেখেতৰ শেষ অভিনয়।ফণী শৰ্মাই অভিনয়ত নিপুণতাৰ স্বাক্ষৰ ৰখা অন্যান্য চলচ্চিত্ৰ সমূহ হ’ল- সুনীল গাঙ্গলীৰ সতী বেউলা , আনোৱাৰ হুছেইনৰ সৰাপাত , ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ ,স্ব পৰিচালিত পুৱতি নিশাৰ সপোন ,নিপ বৰুৱাৰ নৰকাসুৰ ,ভূপেন হাজৰিকাৰ প্ৰতিধ্বনি আদি ৷


ফণী শৰ্মাৰ আত্মজীৱনী খনৰ নাম ৰং-বিৰং ৷ হাস্য-ব্যংগৰে ভৰপূৰ এই আত্মজীৱনীখনত সেই সময়ত অসমৰ সাংস্কৃতিক জগতৰ ছবি বিদ্যমান হৈ আছে ৷
  ফণী শৰ্মাই অসমীয়া নাট্য সাহিত্যলৈও বিশিষ্ট বৰঙনি আগবঢ়াই থৈ গৈছে ৷তেওঁ ঐতিহাসিক আৰু সামাজিক
পটভূমিত কেইবাখনো নাটক ৰচনা কৰিছে ৷ সেই নাটক সমূহৰ ভিতৰত হৈছে - ভোগজৰা,কিয় ?, চিৰাজ , নাগপাশ,ক’লা বজাৰ আদি ৷
ফণী শৰ্মাই জে. বি. প্ৰিষ্টলীৰ বিখ্যাত নাটক এন ইন্সপেক্টৰ কল্‌ছ অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ৷
১৯৭০ চনত ধিঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ সাংস্কৃতিক সন্ধিয়াৰ সভাপতি ৰূপে বৰণ কৰা হৈছিল ফণী শৰ্মাক ৷
অসমীয়া নাট্যজগতৰ প্ৰতি ফণী শৰ্মাৰ অৱদানক সন্মান জনাই তেখেতক "নটসূৰ্য্য" উপাধিৰে বিভূষিত কৰা হয়।
১৯৭০ চনৰ ৩১ জুলাইত তেওঁ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় ৷
অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে তেখেতৰ সোঁৱৰণত ২০০৪ চনৰ পৰা “নটসূৰ্য ফণী শৰ্মা বঁটা ” প্ৰদান কৰি আহিছে ৷২০২০ বৰ্ষত এই বঁটা লাভ কৰিলে বিশিষ্ট নাট্যশিল্পী ঐশ্বৰ্য কাকতি আৰু ভৱেশ বৰুৱাই ৷

✒️মনময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.