পথাৰ কবি ৰাম গগৈ



খাটি খোৱা হালোৱা-হজুৱা, কৃষক-বনুৱা, শ্ৰমজীৱীৰ ওপৰত শোষক শ্ৰেণীৰ বৈষম্য, অন্যায়-অবিচাৰৰ বিৰুদ্ধে কবিতাৰে বিপ্লৱ ঘোষণা কৰা জনতাৰ কবি, পথাৰ কবি, প্ৰতিবাদী কবি, দৰদী কবি হিচাপে খ্যাত ৰাম গগৈদেৱৰ ১৯৩২ চনৰ জুন মাহৰ ২০ তাৰিখে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ২নং ঘূৰণীয়া গাঁৱত  জন্ম হৈছিল ৷তেওঁৰ পিতৃৰ নাম আছিল লোকনাথ গগৈ আৰু মাতৃ‍ৰ নাম আছিল ৰহিলা গ‍গৈ।

ৰাম গ‍গৈয়ে শিক্ষা জীৱনৰ পাতনি মেলে তিনিআলি চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ত । তাৰ পিছত টিংখাং হাইস্কুলত অষ্টম শ্ৰেণীলৈকে পঢ়ি ১৯৫০ চনত খোৱাং হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷ইয়াৰ  পিছত গুৱাহাটীৰ কটন কলেজৰ পৰা ১৯৫৪ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷

স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত নাহৰকটীয়া, চাচনী, টিংখং অঞ্চলৰ কেইবাখনো বিদ্যালয়ত অস্থায়ীভাৱে শিক্ষ‍কতা কৰাৰ  পাছত চাচনীৰ গেথু
পথাৰ মধ্য ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষ‍ক হিচাপে চাকৰি কৰি ১৯‍৯২ চনত অৱসৰ গ্ৰ‍হণ কৰিছিল ৷

১৯৫৬ চনত ৰাম গ‍গৈয়ে নিৰলা চাংমাইৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ পাঁচজন পুত্ৰ আৰু সাতগৰাকী কন্যাসন্তান আছিল ৷

জন্মগত ভাবে কবি সত্তা থকা গগৈ দেৱে টিংখাং হাইস্কুলত সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতেই বিদ্যালয়ৰ হাতেলিখা আলোচনী ‘প্ৰণতি’ত তেওঁৰ কাব্য প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছিল।তেওঁ আছিল ৰামধেনু  যুগৰ অন্যতম বিশিষ্ট কবি। তেওঁ মাৰ্ক্সীয় আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাব্য চৰ্চা কৰিছিল।
১৯৫২ চনত 'ৰামধেনু’ৰ পাত‍তেই মাটিৰ স্বপ্ন, হে পৃথিৱী অন্তৰতমা, পথাৰ, এটম বোমা আদি কবিতাৰে ৰাম গ‍গৈয়ে আত্মপ্ৰতিষ্ঠা লাভ কৰে। ১৯৬২ চনত ড॰ বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশ পোৱা সাদিনীয়া নৱযুগ’ আলোচনীত তেওঁৰ ভালেকেইটা  কবিতা প্ৰকাশিত হৈছিল।কবিতা আবৃতিকাৰ হিচাপেও তেওঁৰ কণ্ঠ অতি সুৰীয়া আছিল।

তেওঁৰ কাব্য সংকলন সমূহ হল...
#মাটিৰ স্বপ্ন (১৯৬৩)/
হে পৃথিৱী অন্তৰতমা (১৯৮৫)/
কোমল গান্ধাৰ (১৯‍৯৪)

তেওঁৰ উপন্যাস কেইখন হল...
#স্বপ্ন হৃদয় নদী
সমুদ্ৰ সুদূৰ
বিশল্যকৰণী।

তেখেতৰ একমাত্ৰ গল্প‍পুথি খনৰ নাম কেঞাবন ৷

কবি গগৈ ৰাজনৈতিক আৰু সামাজিক জীৱনত সংপৃক্ত আছিল।তেওঁ মাৰ্ক্সবাদী ধ্যান-ধাৰণাৰে সংগঠকৰ ভূমিকা পালন কৰিছিল। ১৯৬২ চনত নাহৰকটীয়াৰ জয়পুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দিতা কৰিছিল যদিও তেওঁ পৰাজয়বৰণ কৰে।পিছত ১৯৬‍৬-৬৭ চনত ভাৰতীয় বিপ্লৱী কমিউনিষ্ট দলৰ ৰাজ্যিক পৰ্যায়ৰ সদস্য হৈ উক্ত দলৰ মুখপত্ৰ ‘সমাজতন্ত্ৰ’ সম্পাদনা কৰিছিল।

গগৈ দেৱ অসম সাহিত্য সভাৰ বিভিন্ন অনুষ্ঠানৰ লগত ওতপ্ৰোতভাবে জড়িত আছিল ৷তেখেতে সাহিত্য সভাৰ 
বিভিন্ন বিষয়বাবৰ লাভ কৰি দ্বায়িত্ব পালনৰ সুবিধাও পাইছিল --
১৯৮৫ চনত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিৱেশনৰ কবি সন্মিলনৰ সভাপতি ৷
১৯৮৬-৮৭ চনত নাহৰকটীয়া শাখা সাহিত্য সভাৰ সভাপতি
১৯৮৭-৮‍৮ চনত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি
১৯‍৯০-৯১ চনৰ অসম সাহিত্য সভাৰ উপ-সভাপতি
১৯৮৭ চনৰ ৬ ডিচেম্বৰত জন্মলাভ কৰা ‘সদৌ অসম কবি সন্মিলন’ৰ তেওঁ প্ৰতিষ্ঠাপক সভাপতি আছিল।

তাৰ উপৰি তেওঁ সু কণ্ঠৰ বলত কবিতা আবৃত্তিকাৰ হিচাপেও খ্যাতি লাভ কৰিছিল ৷তেওঁ অসমক প্ৰতিনিধিত্ব কৰি বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণৰ ও সুবিধা পাইছিল --
১৯৮৫ চনত কলিকতাত অনুষ্ঠিত ‘অসম বাংলা কবিতা সন্মিলন’ত অংশগ্ৰহণ কৰি কবিতা পাঠ কৰিছিল।
১৯৮৬ চনত ভূপাল চহৰত অনুষ্ঠিত ‘বিশ্ব কবি সন্মিলন’ত তেওঁ অসমক প্ৰতিনিধিত্ব কৰি কবিতা পাঠ কৰিছিল।
কলিকতাৰ আমেৰিকান উচ্চায়ুক্তই শ্বিলঙত আয়োজন কৰা এক প্ৰতিনিধিত্বমুলক কবি সন্মিলনতো অংশগ্ৰহণ কৰে। এই সন্মিলনত প্ৰকাশিত ‘An Evening With The Poet’ নামৰ কাব্য সংকলনত তেওঁৰ দুটা ইংৰাজী কবিতা প্ৰকাশ হৈছিল।
চীন চৰকাৰ‍ৰ আমন্ত্ৰণক্ৰমে মহাচীনৰ প্ৰতিষ্ঠা দিৱসত ভাৰতক প্ৰতিনিধিত্ব কৰি কবি সন্মিলনত অংশগ্ৰহণ কৰাৰ সুনাম অৰ্জন কৰিছিল।
১৯‍৯২ চনত অসম চৰকাৰ‍ৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰা এইজন কবিক অসমৰ প্ৰথিতযশা সাহিত্যিক টিংখাঙৰ ড॰ মহেন্দ্ৰ বৰাই ‘জনতাৰ কবি’ৰূপে স্বীকৃতি দিছিল।
১৯‍৯৪ চনৰ ৯ ছেপ্টেম্বৰত ৰাম গ‍গৈয়ে নশ্বৰ দেহ ত্যাগ কৰিছিল ৷

কবিতাৰে মেহনতী জনগণক বিপ্লৱৰ বাট‍ত মুক্তিৰ সপোন দেখুওৱা এইজন কবিৰ 'পথাৰ’ নামৰ কবিতাটি অন্যতম জনপ্ৰিয় কবিতা ৷এই কবিতাটোৰ বাবে অসমৰ প্ৰথিতযশা সাহিত্যিক টিংখাঙৰ ড॰ মহেন্দ্ৰ বৰাই ৰাম গ‍গৈক ‘জনতাৰ কবি’ৰূপে স্বীকৃতি দিছিল ৷
শেষত , কবিগৰাকীলৈ পুনৰ শ্ৰদ্ধা জনাই জনপ্ৰিয় "পথাৰ" কবিতাটো উল্লেখ কৰিলোঁ -

পথাৰ
-- ৰাম গগৈ
শাওণৰ মেঘমুক্ত নীলাকাশ
সূৰ্য্যস্নাত ক্লেদময় হে বিশাল পথাৰ ....... বিপুল সম্ভৱা
নাঙলৰ সীৰলুত সোণ ফলা মাটিৰ কামনা
ঘ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা ।
কপালৰ ঘাম লাগি সেউজীয়া পথাৰ আমাৰ
তুমি প্ৰাণময়, মোহময় জীৱন মালিকা । পথাৰ,
তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা
আদিতম প্ৰভাতৰ মানুহৰ ইতিহাস
আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ
মৃতস্নান কৃষকৰ সাধনা কঠোৰ;
নিৰন্ন বিমৰ্ষ আৰু ক্লান্ত ...... শ্ৰান্ত সন্ধিয়াত
দুঃসহ হৈ পৰে । মহাজনী অৰ্থনীতি ঃ দৈনন্দিন
লাভ আৰু ক্ষতিৰ গননা ।
পাৰ ভাঙি পানী আহে
সোঁতৰ ছেৱে ছেৱে বাঢ়ে, নাচে আৰু হাঁহে ।
ক্ৰুৰ সৰ্পঃ ফেনিল উত্তল তৰংগ ৰাজি
বুকুৰ সেউজ সপোনটোক কাঢ়ি লৈ যায়
বাধা নাই অবাধে আহিল আৰু গ'ল । তেতিয়া
মই কান্দো, সি আৰু পথাৰেও ইনাই বিনাই কান্দে ।
বিচিত্ৰ অভিব্যক্তি । সন্মিলিত কৃষকৰ সমস্বৰ দৃঢ়কণ্ঠ
বিননিত বিদ্ৰোহৰ জাগৰণ আহে । অভ্যুদ্যয় প্ৰভাতী চেতনা ।
অগ্নিদীক্ষা ...... দ্ৰুত অভিযান অবিৰাম । অধিকাৰ,
সংগ্ৰামৰ পথাৰত শ্ৰমজীৱী মানুহৰ তেজেৰঙা ইতিহাস
লিখা হয় । পৰিৱৰ্তন । আৰু
হাল, কোৰ, দা নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক
পলাতক উদ্বাস্তু মহাজন, পুঁজিপতি , সমস্ত শোষক ঃ
বনপানী পাৰ ভঙি আৰু আহিব নোৱাৰে ।
সেউজীয়া প্ৰাণৰ পথাৰ
সোনালী ৰুপালী হয়; বাকৰিত সোণগুটি লাগে
নতুন ..... আৰু নতুন ।
হে পথাৰ ,
হে সৃষ্টি সম্ভৱা বিশাল পথাৰ,
তোমাক নমস্কাৰ ।
--------


সংগ্ৰহ
✒️মন ময়ুৰী মহন্ত ৷

3 comments:

  1. অতীৱ সুন্দৰ ৰামধেনু , বৰ গুৰুত্বপূৰ্ণ তথ্য হৈ পৰিব এইয়া সময়ৰ ৷

    ReplyDelete
  2. বহুত ধন্যবাদ আপোনাক🙏

    ReplyDelete
  3. পথাৰ কবিতাটিৰ মূলভাৱ দিব পাৰিব নেকি পেজটোট‌ অতি সোনকালে...??

    ReplyDelete

Powered by Blogger.