EIA 2020 আৰু উত্তৰ-পূবৰ জৈৱবৈচিত্ৰৰ প্ৰতি ভাবুকি: নীলকমল গগৈ

*🙏 EIA কি আৰু কিয় গুৰুত্বপূৰ্ণ ?*

ঔদ্যোগিক বিকাশ আৰু পৰিৱেশ সংৰক্ষণ এই দুটাৰ পৰস্পৰৰ লগত যদি ভাৰসাম্যতা নাথাকে পৰিৱেশৰ প্ৰতি লাহে লাহে ভাবুকি আহি পৰে.. মানুহৰ জীৱন এটা সুস্থ পৰিৱেশৰ ওপৰত যিহেতু নিৰ্ভৰশীল গতিকে পৰিৱেশলৈ ভাবুকি অহা মানে আমাৰ জীৱনলৈও ভাবুকি অহা... এই কথা আমি বুজিব লাগিব...

ভূপাল গেছ দুৰ্ঘটনাৰ কথা যিসকল ভাৰতীয়ই দেখিছিল তাৰ ভয়াৱহতা হয়তো কোনো পাহৰা নাই..আমি যিসকলে দেখা নাই, এই বিষয়ে পঢ়ি তাৰ ভয়াৱহতা অনুমান কৰিব পাৰোঁ নিশ্চয়..
১৯৮৪ চনৰ মধ্য প্ৰদেশৰ ভূপালস্থিত Union Carbide India ltd. ৰ pesticide plant ত যি Methyl Isocyanate (MIC) ৰ নিৰ্গমন হ'ল তাৰ কুফল ভুগিব লগা হ'ল ৫ লক্ষাধিক অধিক স্থানীয় লোকে.. প্ৰকাশিত তথ্যমতেই ২২৫৯ জনে মৃত্যুক আঁকোৱালি ল'লে..

এই ঘটনাৰ পাছত চৰকাৰ অলপ সচেতন হ'ল.. অনুভৱ কৰিলে যে ভৱিষ্যতে যদি এইধৰণৰ দুৰ্যোগ হোৱাৰ পৰা ৰক্ষা পাব লাগে, তেনেহ'লে এখন শক্তিশালী আইনৰ প্ৰয়োজন আছে.. সেই উদ্দেশ্য আগত ৰাখি ১৯৮৬ চনত ভাৰত চৰকাৰে প্ৰণয়ন কৰিলে Environment Protection Act.(পৰিৱেশ সুৰক্ষা আইন, ১৯৮৬)..

উক্ত আইনখনৰ এটা অতি গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া হৈছে EIA- Environment Impact Assessment... এই EIA প্ৰক্ৰিয়াই নদীবান্ধ নিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, কয়লাৰ খনন, কেমিকেল প্লেন্ট নিৰ্মাণ, শক্তি উৎপাদন আদি সকলো ক্ষেত্ৰ সামৰি লয়.. অৰ্থাৎ সকলো ক্ষেত্ৰতে এই EIA প্ৰায়োগিক তথা অতি প্ৰাসংগিক..

EIA ৰ দ্বাৰা এইটো নিশ্চিত কৰে যে, ওপৰত উল্লেখ কৰা ধৰণৰ কিবা এটা প্ৰকল্প হাতত ল'লে প্ৰকৃতিৰ ওপৰত তাৰ প্ৰভাৱ কেনেধৰণৰ হ'ব... উদাহৰণ স্বৰূপে, এখন কয়লা খনি গঢ়ি তুলিব খুজিলে তাত কিমান হাবি কটা যাব বা জৈৱ বৈচিত্ৰৰ ওপৰত কেনেকোৱা প্ৰভাৱ পৰিব ? স্থানীয় বাসিন্দাৰ ওপৰত তাৰ প্ৰভাৱ কেনেকোৱা হ'ব ? Positive Impact কিমান বা Negative Impact কিমান ?এই সকলোবোৰ নিশ্চিত কৰিব EIA ৰ দ্বাৰা... (EIA ইয়াৰ বাহিৰেও আৰু বহু কাম আছে... )

যদি দেখে যে ধনাত্মক প্ৰভাৱতকৈ ঋণাত্মক প্ৰভাৱ বেছি .. তেনে ক্ষেত্ৰত পৰিৱেশ মন্ত্ৰালয়ে তেনে প্ৰজেক্টত অনুমতি নিদিয়া উচিত...ইয়াতেই এই EIA ৰ গুৰুত্ব..

*প্ৰসংগ:  EIA 2020 বনাম পৰিৱেশ সুৰক্ষা আইনখনৰ গুৰুত্ব-*

পৰিৱেশ সুৰক্ষা আইন, ১৯৮৬ অনুসৰি, যদিহে কোনো এটা প্ৰজেক্টৰ বাবে চৰকাৰৰ পৰা অনুমতি লাগে, কিছুমান বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব লাগে..

যেনে- প্ৰথমে স্থান নিৰ্বাচন কৰিব..

 তাৰ পাছত EIA conduct কৰা হ'ব অৰ্থাৎ ধনাত্মক দিশ, প্ৰজেক্টৰ Engineering design,প্ৰজেক্টটোৰ পৰা আহিব পৰা প্ৰত্যাহ্বান সমূহ, পৰিৱেশৰ ওপৰত বা স্থানীয় বাসিন্দাৰ আৰ্থসামাজিক জীৱনৰ ওপৰত পৰিব পৰা প্ৰভাৱসমূহৰ বিশ্লেষণ আদি এই EIA এ সামৰি ল'ব...

 তাৰ পাছতহে No Objection Certificate (NOC)ৰ বাবে আবেদন কৰিব পাৰিব...

পৰৱৰ্তী পদক্ষেপ হিচাপে স্থানীয় লোকসকলৰ লগত Public Hearing ত মিলিত হয়.. তাত ৰাইজৰ অভাৱ অভিযোগ, দিহা-পৰামৰ্শক সংশ্লিষ্ট বিভাগে গুৰুত্ব সহকাৰে লোৱাৰ নিয়ম...

এই সকলোবোৰ সম্পূৰ্ণ হোৱাৰ পাছত Expert Appraisal Committee য়ে সিদ্ধান্ত ল'ব যে প্ৰজেক্টটোৱে Clearance পাব নে নাই... ইয়াৰ লগতে কমিটীখনে প্ৰয়োজনীয় দিহা-পৰামৰ্শ বা সাৱধানতা আগবঢ়াব..

সকলো প্ৰক্ৰিয়া সফলভাবে শেষ হোৱাৰ পাছত প্ৰজেক্টটোৱে ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ৰ পৰা অনুমতি বা Clearance লাভ কৰি কামত আগবাঢ়িব পাৰিব..

চাবলৈ গ'লে এই প্ৰক্ৰিয়া যথেষ্ট কঠিন..

 কিন্তু সমস্যাতো হ'ল এই প্ৰক্ৰিয়াৰ বাস্তৱ প্ৰয়োগ বা Implementation কিমান সফল ৰূপত হয় ??
বেছিভাগতে এই প্ৰক্ৰিয়াবোৰৰ মাত্ৰ আনুস্থানিকতাহে ৰক্ষা কৰা হয়.. তাৰ নামত বহু ভেঁকোভাওনা হোৱা দেখা যায়... তাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনা যি জৈৱবৈচিত্ৰৰ লগতে স্থানীয় বাসিন্দাৰ ধন-জন সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয়..

উদাহৰণ বেছি দূৰৰ নহয়.. তিনিচুকীয়া জিলাৰ বাঘজানত তৈল খননৰ সময়ত Public Hearing conduct কৰা হৈছিল নে সঠিক ৰূপত ?
বহু আন্দোলন হৈছিল.. ৰাইজৰ মতামতক গুৰুত্ব দিয়া হ'ল নে ? তেতিয়া ৰাইজক নিশ্চিন্ত হ'বলৈ কোৱা হৈছিল... তেনেহ'লে আজি বাঘজানবাসীৰ এই দুৰ্দশাৰ, বখলাবখলে চাল এৰি মৃত্যু হোৱা শিহু, মাছ কাছবোৰৰ বাবে দায়ী কোন ??

NEPCO এ যেতিয়া পানী এৰি দিয়ে, অসমবাসী যেতিয়া বানত ককবকাই থাকে দায়িত্ব ল'বলৈ কোনোবা থাকেনে ? কোনে দায়িত্ব স্বীকাৰ কৰে ? ৰাইজৰ দুখ-দুৰ্দশাৰ কোম্পানীয়ে গুৰুত্ব দিয়ে নে চৰকাৰে গুৰুত্ব দিয়ে ?? দায়ী কোন ?

আজি NHPC ৰ বৃহৎ নদীবান্ধৰ দেৱাল খহিছে..তথাপি কাম পূৰ্ণগতিত চলিছে... কাইলৈ আপুনি মই বানত ককবকাই থাকিলে দায়িত্ব ল'ব নে চৰকাৰে ?? আপোনাৰ দুখত কান্দোতা কোনোবা ওলাব ?দায়ী কোন হ'ব ??

এই Environment Protection Act খনৰ প্ৰায়োগিক শিথিলতা নহয় জানো ??

তেনেহ'লে এই আইনখন আৰু অধিক কটকটীয়া, শক্তিশালী কৰাৰ প্ৰয়োজন আছে বুলি নাভাবে নে ??

কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল.. EIA 2020 ৰ নতুন খচৰা খনৰ যোগেদি ভাৰত চৰকাৰে আইখনলৈ আৰু কিছু শিথিলতাহে আনিব খুজিছে.. (শক্তিশালী কৰাৰ সলনি)...

৮০ পৃষ্ঠাজোৰা এই নতুন খচৰাখনে সমগ্ৰ দেশৰ, বিশেষকৈ উত্তৰ-পূবৰ জৈৱবৈচিত্ৰতালৈ ভাবুকি তথা দুৰ্ঘোৰ বিপদ কঢ়িয়াই অনাৰ আশংকা কৰা হৈছে.. কিয়নো ইয়াত এনেকোৱা কিছুমান শিথিলতাৰ প্ৰস্তাৱ আনিছে যি ঔদ্যোগিক প্ৰতিষ্ঠান বোৰলৈ ৰঙা দলিচা পাৰি অসম তথা উত্তৰ-পূবৰ সম্পদৰাজিৰ অবাধ লুন্ঠনৰ বাট মুকলি কৰি দিব..

গতিকে সময় থাকোতেই, অৰ্থাৎ খচৰাখন আইনলৈ সলনি হোৱাৰ আগতেই ইয়াৰ বিৰোধিতা নকৰিলে পিছত আন্দোলনে যে কাম নিদিয়ে সেয়াও মনত ৰখা দৰকাৰ...

*EIA ৰ নতুন draft খনৰ আমি কিয় বিৰোধিতা কৰিব লাগে ??*
_________________   
কিছুমান এনেকোৱা সাল-সলনিৰ কথা এই খচৰাখনত আছে যি চৰকাৰ আৰু প্ৰতিষ্ঠানবোৰক প্ৰাকৃতিক সম্পদৰ অবাধ শোষণৰ বাবে ৰঙা দলিচা পাৰি দিব আৰু সাধাৰণ মানুহে তাক লৈ দেখোওৱা কোনো আপত্তিকেই গ্ৰাহ্য কৰা নহ'ব.. তলত সেইসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ'ল..

১/ Post facto Clearance ৰ সুবিধা - কোনো প্ৰতিষ্ঠানে যদি পৰিৱেশ মন্ত্ৰালয়ৰ পৰা অনুমতি অবিহনেও অৰ্থাৎ Clearance নোলোৱাকৈও বা সময়সীমা উকলি যোৱাৰ পাছতো কোনো প্ৰজেক্টৰ কাম অবৈধ ভাবে চলাই নিছে, কোনো অসুবিধা নাই... সেই Clearance পিছতো ল'ব পাৰিব..

এই হিচাপত চাবলৈ গ'লে ২০০৩ চনৰ পৰা ১৭ বছৰ ধৰি দিহিং পাটকাইৰ যি অবৈধ কয়লাখনন চলি আছে সি বৈধ হৈ পৰিব এই নতুন খচৰাখনৰ মতে...

২/ ৰাজহুৱা শুনানি বা Public Hearing ৰ সময় এই নতুন খচৰা মতে পূৰ্বৰ ৩০ দিনৰ পৰিবৰ্তে ২০ দিনলৈ হ্ৰাস... (page no. 47)

Public Hearing ৰ নামত এনেইও ভেকোঁভাওনা চলে প্ৰায়ভাগতে.. ৰাইজৰ আপত্তি, আন্দোলনে গুৰুত্ব নাপায় বাঘজানৰ দৰে.. ৰাইজে সকলো হেৰুৱাই কান্দে.. চৰকাৰ তথা সংশ্লিষ্ট বিভাগে তদন্তৰ ঘোষণা কৰি দায়িত্ব সামৰে...

৩০ দিনো কম হয় ৰাইজ সঠিক সিদ্ধান্তত উপনীত হ'বলৈ.. তেনেক্ষেত্ৰত ২০ দিনত এটা সিদ্ধান্ত লোৱা সম্ভৱ নে সাধাৰণ ৰাইজৰ বাবে ??

৩/এই নতুন খচৰা মতে যদি কোনো প্ৰতিষ্ঠানৰ প্ৰজেক্টে পৰিৱেশ সুৰক্ষা আইন মানি চলাত গাফিলতি কৰে, তেতিয়াও জনসাধাৰণৰ কোনো অধিকাৰ নাথাকিব তাৰ বিৰুদ্ধে মাত মতাৰ... তাৰ বিৰুদ্ধে মাত মাতিব পাৰিব কেৱল চৰকাৰে নাইবা আইন উলংঘা কৰিছো বুলি স্বীকাৰ কৰিব পাৰিব প্ৰতিষ্ঠানটোৱে নিজেই...
(Page no. 29, point 22)

অৰ্থাৎ আপোনাৰ মোৰ চকুৰ আগত চুৰ হ'ল.. আমি দেখোৱাই দিব নোৱাৰিম যে চুৰ হৈছে... একমাত্ৰ পুলিচেহে ক'ব চুৰ কৰিছে নে নাই.. নতুবা চুৰে নিজেই ক'ব চুৰ কৰিছিলো বুলি...

শেহতীয়াকৈ দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়াৰ পৰিকল্পনাৰ কথা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে ঘোষণা কৰিছে.. ৰ'ব.. আপুনি যদি ভাবিছে তাৰ পাছত দিহিং পাটকাই সুৰক্ষিত হ'ব.. আপুনি ভুল ভাবিছে.. কাৰণ এইটো চৰ্তমতে যদি চৰকাৰৰ ইচ্ছাত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতো কোনো প্ৰতিষ্ঠানে কাইলৈ কয়লা, তেল খনন কৰে (আনহে নালাগে ডিব্ৰু চৈখোৱাৰ ভিতৰতো) আপুনি বা মই তাত মাত মতাৰ অধিকাৰ নাই.. এই কৰ্তৃত্ব সম্পূৰ্ণ চৰকাৰ আৰু প্ৰতিষ্ঠানটোৰ হাতত থাকিব...

৪/ Strategic Exemptions - আগৰে পৰা দেশৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তাজনিত কথা বা সিদ্ধান্তবোৰত Public Hearing হোৱাৰ নিয়ম নাই, যিটো বেয়া কথা নহয়..

কিন্তু (page no. 9, point-7) ৰ মতে কোনবোৰ প্ৰজেক্ট ৰাষ্ট্ৰীয় নিৰাপত্তা বা প্ৰতিৰক্ষামূলক হ'ব সেয়া কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত কৰিব...

তাৰ অৰ্থ এয়াও হ'ব পাৰে যে চৰকাৰে যিটোকে Strategic Project নাম দিব, তাৰ কোনো Public Hearing নহয়... উদাহৰণস্বৰূপে এই খচৰাখন আইনলৈ পৰিণত হোৱাৰ পাছত কাইলৈ যদি ডিব্ৰু-চৈখোৱা, দিহিং পাটকাইৰ মাজত তেল, কয়লাৰ খনন চলে আৰু এনে কাম কিয় কৰিছে বুলি সাধাৰণ ৰাইজে প্ৰশ্ন কৰে তেতিয়া দেশৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তাক দোহাই দি চৰকাৰো কোনো তথ্য মুকলি নকৰো বুলি ক'লেও আপোনাৰ, মোৰ ক'ব লগীয়া একো নাথাকিব...কাৰণ কোনটো Strategic Project হয়, কোনো নহয় সেয়া ঠিক কৰিব একমাত্ৰ চৰকাৰে...

৫/ ওপৰত উল্লেখ কৰা সকলোবোৰ বাদেই দিয়ক.. নতুন খচৰাখনৰ এই Point টোৱেই যথেষ্ট সমগ্ৰ অসম তথা উত্তৰ-পূৱক মৰুভূমি কৰিবলৈ...

Page no.19, point-2 ত উল্লেখ আছে কোনকেইটা বিষয়ত Public Hearing একেবাৰে বাদ দিব...
তাৰে এটা হৈছে-

F. All linear projects in border areas.


মন কৰিব page no. 3, point-6 ত Border Area ৰ সংজ্ঞা আছে এনেদৰে যে- LINE OF ACTUAL CONTROL ৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত পৰা অংশখিনি Border Area ত পৰিব...
এই হিচাপত প্ৰায় সমগ্ৰ উত্তৰ-পূৱ Border Areaৰ ভিতৰত পৰিব য'ত কিবা প্ৰজেক্টৰ বাবে কোনো Public Hearing নহ'ব....

এবাৰ ভাবক.... এই খচৰাখনৰ মতে উত্তৰ-পূবৰ জৈৱবৈচিত্ৰ সুৰক্ষিত নে ? নতুনকৈ কয়লা খান্দক, তেল খান্দক বা নদীবান্ধ সাজক.. ৰাইজৰ মতামত আৰু নলয়.. Public Hearing আৰু নহয়...

গতিকে শেষত এটাই অনুৰোধ.. সময় থাকোতেই এই খচৰাখনৰ বিৰোধিতা কৰক..নহ'লে আপোনাৰ চকুৰ আগতেই সকলো সম্পদ লুটি শেষ কৰি চিৰদিনৰ বাবে আগতকৈও এলাগী কৰি ৰাখিব উত্তৰ-পূবক.. আপুনি, মই হৈ ৰ'ম কেৱল নীৰৱ দৰ্শক মাত্ৰ....

খচৰাখনৰ এই কথাবোৰৰ বিৰুদ্ধে আপত্তি দৰ্শাই e-mail কৰাৰ অন্তিম তাৰিখ ১১ আগষ্ট.. 
mail id- [ eia2020-moefcc@gov.in ]

#standagainsteia2020
#withdraweia2020
#ActNowOrNever ...


সংক্ষেপে লেখক পৰিচিতি: লেখক নীলকমল গগৈ ডিব্ৰুগড় জিলাৰ ন-পাম থান গাওঁৰ বাসিন্দা। ২০১৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰা লেখক সৰুৰে পৰা বিভিন্ন পৰিৱেশ সংক্ৰান্তীয় কৰ্মত জড়িত।

No comments:

Powered by Blogger.