পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ


ভাৰতী আইৰ নুমলী জী সূৰ্য উঠা দেশ অসম ভূমিত বহুতো মহা মহা পুৰুষৰ জন্ম হৈছিল ,তেওঁলোকে তেওঁলোকৰ কৰ্মৰ জৰিয়তে নিজ জন্মভূমিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰি যাব প্ৰয়াস কৰিছিল ৷ভাষা-সাহিত্যৰ ওপৰত কেবাখনো পাণ্ডিত্যপূৰ্ণ গ্ৰন্থ প্ৰণয়ন কৰি বিশ্বৰ দৰবাৰত সংস্কৃত সাহিত্যৰ লগতে প্ৰাচীন ভাৰতৰ গৌৰৱময় সভ্যতাকো প্রতিষ্ঠা  কৰি থৈ যোৱা অসমৰ সুযোগ্য সন্তান পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ আজি ওপজা দিন ৷ ওপজা দিনৰ দিনা সংস্কৃত পণ্ডিত, ভাষাতত্ত্ববিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য পণ্ডিত প্ৰৱৰ সন্দিকৈদেৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷

কৃষ্ণকান্ত সন্দিকৈ দেৱৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২০ জুলাই (আজিৰ দিনটো)ত অসমৰ যোৰহাট জিলাৰ 'সাতঘৰীয়া' আহোম পৰিয়ালত।
তেখেতৰ পিতৃ আছিল "ৰায় বাহাদুৰ ৰাধাকান্ত সন্দিকৈ" আৰু মাতৃ "নাৰায়ণী সন্দিকৈ" ।কৃষ্ণকান্ত সন্দিকৈৰ পিতৃ ৰাধাকান্ত সন্দিকৈয়ে মুক্তহস্তেদান-বৰঙনি আগবঢ়োৱা হেতুকে তেওঁক জনসাধাৰণে "দানবীৰ" উপাধিৰে বিভূষিত কৰিছিল৷মাতৃ নাৰায়ণী সন্দিকৈ আছিল শিক্ষিতা ধৰ্মপৰায়ণ আৰু সংস্কৃতমনা৷ সেই ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈৰ চাৰিজন পুতেকৰ ভিতৰত "কৃষ্ণকান্ত সন্দিকৈ" আছিল আটাইতকৈ ডাঙৰ ৷

সৰু কালৰ পৰাই সন্দিকৈ আছিল অত্যন্ত চোকা বুদ্ধিৰ আৰু প্ৰতিভাসম্পন্ন ৷১৯১৩ চনত মাত্ৰ ১৫ বছৰ বয়সত "কৃষ্ণকান্ত সন্দিকৈদেৱে"যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯১৫ চনত কটন মহাবিদ্যালয়ৰ পৰা আই এ পৰীক্ষাত উত্তীৰ্ণ হয় ৷তাৰ পিছত তেখেতে কলিকতা বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাৰ বাবে নাম ভৰ্তি কৰিছিল ৷
 ১৯১৭ চনত কলিকতাৰ সংস্কৃত কলেজৰ পৰা সংস্কৃত বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰসন্নকুমাৰ সৰ্বাধিকাৰী স্বৰ্ণপদক লাভ কৰে ৷১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিভাগৰ (বৈদিক শাখাত) প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ আৰু ইংৰাজী বিষয়ত অভিলেখ নম্বৰ লাভ কৰিছিল ৷১৯২০ চনত সন্দিকৈ দেৱ  ইংলণ্ডলৈ যায় আৰু  ১৯২৩ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ইতিহাস “Modern History” বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু সেই বছৰতে এম এ উপাধি লিখাৰ যোগ্যতা অৰ্জন কৰে।অক্সফোৰ্ডত পঢ়ি থকা সময়তেই তেওঁ ফৰাচী আৰু জাৰ্মান ভাষা শিকি লয়। ইয়াৰ পিছত চাৰিবছৰ তেওঁ ফ্রান্স  আৰু জাৰ্মানীত কটায় কোনো ডিগ্ৰী লাভ কৰাৰ ভাবে নহয়; বিভিন্ন বিখ্যাত গ্ৰন্থাগাৰত অধ্যয়ন কৰি জ্ঞান লাভ কৰিবলৈ আৰু বিশ্বৰ প্ৰধান প্ৰধান ভাষা শিকিবলৈহে।


তেখেতে পেৰিছ আৰু বাৰ্লিন বিশ্ববিদ্যালয়ৰ অধীনত জাৰ্মান, ফৰাচী, ৰুছ ,গ্ৰীক, লেটিন, ইটালিয়ান, স্পেনিছ আদি কেইবাটাও ভাষা শিকি আয়ত্ত কৰিবলৈ সমৰ্থ হৈছিল । তেখেতে মুঠ ১৩ টা ভাষা আয়ত্ব কৰিছিল আৰু সেইবোৰৰ ৮ টা আছিল ইউৰোপীয়ান ভাষা আৰু ৫ টা আছিল ভাৰতীয় ভাষা ৷বিলাতৰ পৰা ঘুৰি আহিয়েই পিতৃৰ চাহবাগিচা পৰিচালনাৰ কামত লাগিছিল ৷১৯২৪ চনত  যোৰহাটৰ জে. বি. কলেজৰ অধ্যক্ষৰ চাকৰিত সোমায় আৰু অন্যহাতে সংস্কৃত সাহিত্য অধ্যয়ন আৰু  গৱেষণাত একানপতীয়াকৈ লাগে। এই পদত ১৬ বছৰ নিয়াৰীকৈ কাৰ্য সম্পাদন কৰি গুৱাহাটী বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ  প্ৰাৰম্ভিক সময়ৰ পৰাই একেবাৰে ৯ বছৰ কাল উপাচাৰ্য্যৰ পদত নিযুক্ত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ক সুদৃঢ় ৰূপত প্রতিষ্ঠা  কৰে।
              ১৯২৮ চনত নগাৱৰ উমাচৰণ গোহাঁইৰ কন্যা হেমলতা আইদেউৰ সৈতে বিবাহ পাশত আবদ্ধ হয় আৰু দুগৰাকী কন্যা ক্ৰমে- শ্ৰীমতী প্ৰমীলা আইদেউ , শ্ৰীমতী অহল্যা আইদেউ  আৰু একমাত্ৰ পুত্ৰ শ্ৰীবিজয়কৃষ্ণ সন্দিকৈ (এম. পি)। ১৯৬১ চনত কৃষ্ণকান্ত সন্দিকৈৰ পত্নীবিয়োগ ঘটে।সহ-ধৰ্মিনী "হেমলতা সন্দিকৈ"ৰ স্মৃতি ৰক্ষাৰ্থে আঢ়ৈ লাখ টকা খৰচ কৰি "হেমলতা সন্দিকৈ মেম'ৰিয়েল ইন্‌ষ্টিটিউট" স্থাপন কৰিছিল ।
আন্তৰ্জাতিক খ্যাতিসম্পন্ন পণ্ডিত "কৃষ্ণকান্ত সন্দিকৈ"দেৱে জ্ঞান আৰু শিক্ষা বিস্তাৰৰ বাবে অহৰহ চেষ্টা চলাইছিল।তেখেতে জগন্নাথ বৰুৱা কলেজৰ বিজ্ঞান শাখাৰ বাবে নগদ ধনৰ টোপোলা আগবঢ়াইছিল । 'চন্দ্ৰকান্ত অভিধান'ৰ ২য় সংস্কৰণ প্ৰকাশ কৰাৰ যাৱতীয় খৰচ নিজে বহন কৰিছিল ৷
১৯৪০ চনত অসম ছাত্ৰ সন্মিলনে প্ৰকাশ কৰা নিজৰ মুখপত্ৰ "মিলন"ৰ বাবে কাগজৰ সম্পূৰ্ণ দাম সন্দিকৈ মহাশয়ে স্বেচ্ছাই দিবলৈ গাত লৈছিল ৷
সাহিত্যচাৰ্য্য "অতুলচন্দ্ৰ হাজৰিকা"ৰ 'গগণাৰ সুৰ' আৰু 'স্মৃতিৰ পাপৰি' নামৰ দুখন কিতাপ প্ৰকাশৰ বাবে নগদ এহেজাৰ টকা আৰু তেখেতৰ জীৱনী লেখক "আব্দুল ছাত্তাৰ"ৰ 'প্ৰসংগ কোষ'ৰ তৃতীয় সংস্কৰণৰ প্ৰকাশৰ বাবেও নগদ এহেজাৰ টকা তেখেতে দান হিচাপে আগবঢ়াইছিল ৷"অসম সাহিত্য সভা"ৰ কেন্দ্ৰীয় কাৰ্যালয় অৰ্থাৎ যোৰহাটত থকা চন্দ্ৰকান্ত সন্দিকৈ ভৱন হৈছে সন্দিকৈ পৰিয়ালৰে দান ৷ "চন্দ্ৰকান্ত ভৱন"ৰ সকলো ধৰণৰ মেৰামতিৰ দ্বায়িত্ব কৃষ্ণকান্ত সন্দিকৈ দেৱে নিজেই বহন কৰিছিল।
সাহিত্য কৰ্ম --
  তেওঁ কেবাখনো গৱেষণামূলক আৰু পাণ্ডিত্যপূৰ্ণ আপুৰুগীয়া গ্ৰন্থ প্ৰনয়ণ কৰে। তেওঁৰ প্ৰথম গৱেষণাত্মক গ্ৰন্থখন হৈছে শ্ৰী হৰ্ষই বিৰচিত মূল সংস্কৃত মহাকাব্য ‘নৈষধ চৰিতৰ টীকা আৰু ভাষ্য’। মূল মহাকাব্যখন সংস্কৃত ভাষাৰ এটি জটিল মহাকাব্য।গ্ৰন্থখন প্ৰস্তুত কৰোতে তেওঁৰ সময় লাগিছিল একে লেথাৰীয়ে আঠ বছৰ ৷তেওঁৰ দ্বিতীয়খন ভাষ্য আৰু টীকাৰ পুথি হ’ল সোমদেৱৰ ‘যশস্তিলক’। এই গ্ৰন্থখনৰ টীকা তেওঁ একেৰাহে সাত বছৰ পৰিশ্ৰম কৰি ইংৰাজীত “Yashatilaka and Indian Culture” নামেৰে প্ৰকাশ কৰে।
ইয়াৰ পিছত তেওঁৰ তৃতীয়খন গ্ৰন্থ হ’ল পঞ্চম শতিকাৰ কবি প্ৰৱৰ সেনৰ মহাকাব্য ‘সেতুবন্ধ’ ৰ ইংৰাজী অনুবাদ আৰু টীকা।এই খন সম্পূৰ্ণ কৰোতে তেওঁৰ জীৱনৰ ১৮ টা বছৰ লাগিছিল ৷


কৃষ্ণকান্ত সন্দিকৈ দেৱে প্ৰায় ১১ টা ভাষা জানিছিল যদিও তেওঁ লিখা-মেলা কৰিছিল ইংৰাজী আৰু অসমীয়া ভাষাতহে। অসমীয়াত তেওঁ কোনো গ্ৰন্থ প্ৰণয়ন কৰা নাছিল যদিও বিশ্ব সাহিত্যৰ কথা আৰু কাহিনীৰে কেইবাটাও প্ৰবন্ধ ৰচনা কৰিছিল যিবোৰ অসমীয়া ভাষাৰ বহুমূলীয়া সম্পদ। সেই প্রবন্ধবোৰ  হৈছে- ‘ৰুচ অভিনয়’, ‘ইউৰোপৰ ভাষা আৰু সাহিত্য’, ‘জাৰ্মান সাহিত্যৰ সপোণ   নাটক’, ‘গ্ৰীক নাটকৰ গান’, ‘স্পেনিজ সাহিত্যৰ ৰোমিও জুলিয়েট’, ‘সাহিত্য সমস্যা’ আদি। 
বঁটা/সন্মান--
১৯৩৭ চনত ডিচেম্বৰ মাহত গুৱাহাটীত "অসম সাহিত্য সভা"ৰ সপ্তদশ অধিবেশন অনুষ্ঠিত হৈছিল ৷ সেই অধিবেশনত সভাপতিত্ব কৰিবলৈ "কৃষ্ণকান্ত সন্দিকৈ" দেৱক নিৰ্বাচিত কৰা হৈছিল ।
১৯৪৯ চনত মাদ্ৰাছত উপাচাৰ্য্য সন্মিলন আৰু ওৱালটায়াৰত আন্তঃবিশ্ববিদ্যালয় সমিতিৰ বছেৰেকীয়া অধিবেশন অনুষ্ঠিত হৈছিল ৷ সন্দিকৈদেৱে উক্ত দুয়োখন অধিবেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল ৷
১৯২১ চনত "অসম ছাত্ৰ সন্মিলন"ৰ অধিবেশনতো সন্দিকৈদেৱে সভাপতিত্ব কৰিছিল৷
সন্দিকৈদেৱক ভাৰত চৰকাৰে ১৯৫৫ চনত "পদ্মশ্ৰী"আৰু ১৯৬৭ চনত "পদ্মভূষণ" সন্মানেৰে বিভূষিত কৰিছিল ।
গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতক ডি লিট সন্মান যাচিছিল ।
১৯৭৮ চনত "অসম সাহিত্য সভা"ই সদস্য মহীয়ান সন্মানেৰে বিভূষিত কৰা সন্দিকৈ মহাশয়ে - তেখেতৰ ৰচনাসম্ভাৰ (১৯৮৪)ৰ বাবে মৰণোত্তৰভাৱে ১৯৮৫ চনত "সাহিত্য অকাডেমি" বঁটা লাভ কৰিছিল ৷
১৯৮২ চনৰ ৭ জুন তাৰিখে ৮৪ বছৰ বয়সত ডিব্ৰুগড়ৰ জি. এম. চিকিৎসালয়ত কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু হৈছিল ৷এই গৰাকী জ্ঞানৰ সূৰ্য্যই
প্ৰায় ৪৫ খন আলমাৰী ভর্তি  ১১ টা ভাষাৰ প্ৰায় ৪ লাখ টকাৰ বিশাল ব্যক্তিগত পুথিভঁৰালটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামত দান কৰি থৈ গৈছিল ৷

✒️মন ময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.