নিক'লা টেছলাৰ পাঁচটা আকৰ্ষণীয় ঘটনা


১৮৫৬ চনৰ আজিৰ দিনটোতে, বৰ্তমানৰ ক্রৱেছিয়া আৰু সেই সময়ৰ অষ্ট্ৰিয়া-হাংগেৰিয়াৰ সীমান্তৱৰ্তী লিকা প্রদেশৰ স্মিলজন নামৰ ঠাইত যুগৰ সৰ্বশ্রেষ্ঠ আৱিষ্কাৰক নিক’লা টেছলাৰ জন্ম হৈছিল।

টেছলাই তেওঁৰ আশ্চৰ্যজনক আৱিষ্কাৰসমূহৰ দ্বাৰা মানৱ সভ্যতাৰ অগ্ৰগতিক অন্য এক মাত্ৰা প্ৰদান কৰিছিল আৰু নিজেও মানৱ ইতিহাসত এক উজ্জ্বল নক্ষত্ৰ হিচাপে জিলিকি উঠিছিল। বৈদ্যুতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে নিক'লা টেছলাক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়।পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা চালিত অধিকাংশ যন্ত্ৰৰে মূল চালিকা শক্তি ঘূৰ্ণীয়মান চুম্বকীয় ক্ষেত্ৰ (Rotating Magnetic Field) আৱিষ্কাৰ কৰিছিল নিক'লা টেছলাই। বিদ্যুৎ পৰিৱহণৰ তিনিতৰপীয়া প্ৰণালীটোৰো (Three Phase System) মূল্যৱান বিকাশ সাধন কৰিছিল নিক'লা টেছলাই। 

১৮৮৪ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে আৰু পৰিৱৰ্তী প্ৰৱাহচালিত ডাইনাম', ট্ৰেন্সফৰ্মাৰ আৰু মটৰৰ পেটেণ্টৰ স্বত্বসমূহ জৰ্জ ৱেষ্টিংহাউছক বিক্ৰী কৰে। ১৮৯১ চনত তেওঁ টেছলা কুণ্ডলী আৱিষ্কাৰ কৰে, যি কুণ্ডলী ৰেডিঅ' প্ৰযুক্তিত ব্যাপক ৰূপত ব্যৱহৃত হৈছিল । তীক্ষ্ণ মগজুৰ বৈজ্ঞানিক জন ব্যৱসায়িক ভাবে অপৰিপক্ক আছিল বাবেই টমাচ আলভা এডিছনৰ সমাসাময়িক হৈয়ো সমানে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। মৃত্যুৰ পিছতহে তেওঁৰ কৰ্মৰাজীয়ে অধিক সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷


এইখিনিতে, নিক'লা টেছলাৰ জীৱনৰ  পাঁচটা আকৰ্ষণীয় ঘটনা উল্লেখ কৰিছোঁ-

১) নিক’লা টেছলাৰৰ জন্ম হয় এক ধুমুহা আৰু বজ্ৰপাতৰ নিশা ৷ এনে সময়ক অশুভ সময় বুলি ধৰা হয় বাবে ধাত্ৰী জনীয়ে তেওঁক আন্ধাৰৰ সন্তান বুলি কৈছিল ৷ এই কথাষাৰে টেছলাৰৰ মাতৃক বাৰুকৈয়ে আঘাত কৰিছিল ৷ টেছলাৰৰ মাতৃয়ে প্ৰত্যুত্তৰত কৈছিল, ই হ’ব “পোহৰৰ সন্তান” ৷ পৰৱৰ্তী কালত মাকৰ কথাটোৱেই সত্য হয় ৷

২)মুক্তা(Pearl)ৰ প্ৰতি টেছলাৰ বহুত বেছি নিৰস আছিল। আনকি তেওঁ মুক্তা পৰিহিতা মহিলাৰ লগতো কথা পতাৰ পৰা বিৰত আছিল। যদি তেওঁৰ পৰিচাৰকে মুক্তা পৰিধান কৰি আহে, তেওঁক দিনটোৰ কামৰ পৰা অব্যাহতি দিয়া হৈছিল। কোনেও তেওঁৰ এই ব্যৱহাৰৰ সঠিক কাৰণ জনা নাছিল। কিন্তু এইটো ঠিক আছিল যে জীয়াই থকাৰ বাবে টেছলাৰ এক বিশেষ ষ্টাইল আছিল। তেওঁ বিশ্বাস কৰিছিল যে সফল হ'বৰ কাৰণে এজন ব্যক্তি সফল দেখাটোও দৰকাৰী। নৈশ আহাৰৰ বাবে তেওঁ সদায় শুভ্ৰ হাতমোজা পৰিধান কৰি গৈছিল।
টেছলাৰ প্ৰত্যেকখন ফটোৱে তেওঁৰ ভাল অংশখিনি যাতে ধৰি ৰাখিব পাৰে তাৰ কাৰণে বিশেষ সাৱধানতা অৱলম্বন কৰা হৈছিল।

৩)বাতৰিকাকতৰ এজন সম্পাদক আৰ্থাৰ ব্ৰিছবেনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত টেছলাই কৈছিল যে-তেওঁ টেলিপেথিত বিশ্বাস নকৰে। তেওঁ মত দিছিল “ধৰি লওক, মই আপোনাক হত্যা কৰাৰ কথা ভাবিলোঁ। পিছে সেইটো কথা দেখোন আপুনি পিছমুহূৰ্ততে গম পাব। কথাটো আচৰিত নহয়নে? এইবোৰনো আমাৰ মনটোৱে কেনেকৈ জানে!” একেটা সাক্ষাৎকাৰতে টেছলাই ব্যক্ত কৰিছিল যে,সকলোবোৰ প্ৰাথমিক সূত্ৰকেই এটা মাথোন সূত্ৰত প্ৰকাশ কৰিব পাৰি ৷

৪)বহুতৰ মতে টেছলা আৰু থমাচ আলভা এডিচন শত্ৰু আছিল। কিন্তু সেইয়া প্ৰকৃত সত্য নাছিল।
    প্ৰথম অৱস্থাত টেছলাই এডিচনৰ কাৰণে কাম কৰিছিল। তেওঁ সমপ্ৰবাহ(Direct Current) জেনেৰেটৰ আৰ্হি নিৰ্মাণ কৰিছিল। কিন্তু পাছত তেওঁ Alternating Current Induction Motor ৰ কামত মনোনিৱেশৰ অৰ্থে এডিচনৰ ওচৰৰ পৰা বিদায় লয়। এইটো ঠিক যে দুয়ো এই "বিদ্যুৎ যুদ্ধ"ৰ দুটা বেলেগ বেলেগ মেৰুত আছিল কিন্তু এডিচনৰ পৰীক্ষা সমুহ আছিল  Direct Current আৰু টেছলাৰ পৰীক্ষা সমূহ আছিল Alternating Currentৰ ওপৰত।
     এবাৰ টেছলাৰ এখন সভাত এডিচন কাৰো চকুত নপৰাকৈ দৰ্শকৰ শেষৰ শাৰীত বহি ভাষণ শুনি আছিল। কিন্তু দৰ্শকৰ শাৰীত এডিচনক দেখা পাই টেছলাই সকলো দৰ্শকৰ হতুৱাই এডিচনৰ কাৰণে থিয় হৈ অভিবাদন জ্ঞাপন কৰাইছিল।
    যেতিয়া টেছলাৰ পৰীক্ষাগাৰত জুই লাগিছিল তেতিয়া এডিচনে টেছলাৰ কাৰণে এক পৰীক্ষাগাৰৰ ব্যৱস্থা কৰি দিছিল। নিশ্চয়কৈ দুইজন মহান বিজ্ঞানীৰ মাজত পাৰস্পৰিক সন্মান আছিল।

৫) নিক’লা টেছলা সঁচাকৈয়ে এজন ৰসিক ব্যক্তি আছিল ৷Seifer য়ে কৈছিল - বহুত মানুহে নাজানে যে, টেছলাৰৰ ৰসিকতাবোধ খুব ভাল আছিল ৷
উদাহৰণস্বৰূপে বিখ্যাত লিখক তথা কবি Rudyard Kiplingৰ সৈতে ডিনাৰ কৰা পিছত তেওঁ এজন বন্ধুলৈ এই বিষয়ে লিখিছিল-
April 1, 1901
My dear Mrs. Johnson,
What is the matter with inkspiller Kipling? He actually dared to invite me to dine in an obscure hotel where I would be sure to get hair and cockroaches in the soup.
Yours truly,
N. Tesla


✒️মন ময়ুৰী মহন্ত ৷

3 comments:

  1. So informative , really very nice write ups.

    ReplyDelete
  2. 👍👍👍👍
    💐💐💐💐💐
    😊😊😊😊😊
    Very Nice information next more
    😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    ReplyDelete

Powered by Blogger.