ফিডেল কাষ্ট্ৰোৰ জীৱনৰ ১০ টা আকৰ্ষণীয় তথ্য।।10 Interesting Facts About Fidel Castro

ফিডেল কাষ্ট্ৰো। কিউবাৰ বিপ্লৱী নেতা জননায়ক, প্ৰাক্তন ৰাষ্ট্ৰপতি জনৰ আজি জন্মদিন। ১৯২৭ চনৰ ১৩ আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে তেখেতৰ জন্ম হৈছিল।


   বিশ্ববিখ্যাত এই জননেতা জনৰ জন্মদিনৰ দিনা আপোনালোকলৈ আগবঢ়াইছো তেখেতৰ জীৱনৰ কেইটামান আকৰ্ষণীয় তথ্য।


১) ফিডেল কাষ্ট্ৰো তেখেতৰ  দেউতাকৰ কুঁহিয়াৰ খেতি দৰাতে জন্ম হৈছিল।


২) ১৯৪০ চনত, ১২ বছৰীয়া ফিডেল কাষ্ট্ৰোয়ে ৰাষ্ট্ৰপতি ৰোচভেল্টলৈ ১০ ডলাৰৰ নোট এখন বিচাৰি এখন পত্ৰ লিখিছিল, কাৰণ তেওঁ ১০ ডলাৰৰ নোট দেখি পোৱা নাছিল।

৩) ফিডেল কাষ্ট্ৰোৰ প্রিয় লিখক আছিল আৰ্নেষ্ট হেমিংৱে আৰু তেখেতৰ প্রিয় উপন্যাস আছিল "For Whom the Bells Tolls"

৪) ডেকা বয়সত তেখেত এজন নিপুন মৎস্য চিকাৰী আছিল।

৫) ফিডেল কাষ্ট্ৰোয়ে ৪৭ বছৰতকৈও অধিক সময় কিউবা শাসন কৰিছিল।

৬) তেখেতে ৰাতিপুৱা সময় বচাবৰ বাবে দাড়ি দীঘল কৈ ৰখাৰ সিদ্ধান্ত লৈছিল। তেখেতৰ মতে তেওঁৰ এই সিদ্ধান্তৰ বাবে এক বছৰত ১০ দিন বচাব পাৰিছিল।

৭) ৰাষ্ট্রসংঘত আটাইতকৈ দীঘল ভাষণ দিয়াৰ ৰেকৰ্ড আছে ফিডেল কাষ্ট্ৰোৰ নামত। তেখেতে ৪ঘণ্টা ২৯ মিনিট জুৰি ৰাষ্ট্রসংঘত ভাষণ দিছিল।

৮) ফিডেল কাষ্ট্ৰোৰ ভাষণ সমূহ লিখিত ৰূপত পোৱা অতি কঠিন। কাৰণ তেখেতৰ ভাষণ সমুহ ৭ ঘণ্টা বা তাতোতকৈ অধিক সময় জুৰি চলিছিল।


৯) ফিডেল কাষ্ট্ৰোৰ তিনি পুত্ৰৰ নাম আলেকজেণ্ডাৰৰ নামৰ আধাৰত ৰখা হৈছিল। নাম কেইটা আছিল ক্ৰমে Alexis, Alejandrs আৰু Alexander

১০) স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেখেতে ১৯৮৫ চনত ধূমপান ত্যাগ কৰিছিল।


    শেষত এই মহান বিপ্লৱী নেতা জনক জন্ম দিনৰ দিনা শ্ৰদ্ধাৰে সুঁৱৰিছো।


উৎস: ইণ্টাৰনেট

No comments:

Powered by Blogger.