নৃত্যাচাৰ্য যতীন গোস্বামী

সত্ৰীয়া নৃত্যৰ পুৰোধা ব্যক্তি নৃত্যাচাৰ্য যতীন গোস্বামী দেৱ ৰ আজি ওপজা দিন ৷নমস্য ব্যক্তি গৰাকীলৈ জনাইছোঁ  জন্মদিনৰ অশেষ শুভকামনা ৷


ভাৰতৰ শাস্ত্ৰীয় নৃত্য সমূহৰ ভিতৰত অন্যতম সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিশেষভাৱে জনাজাত গুৰু যতীন গোস্বামীদেৱৰ জন্ম হৈছিল ১৯৩৩ চনৰ ২ আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে  গোলাঘাট জিলাৰ দেৰগাঁও দাধৰাৰ আধাৰ সত্ৰত ৷
গোস্বামীদেৱৰ পিতৃ সত্ৰীয়া সংগীতৰ এগৰাকী সু-প্ৰতিষ্ঠিত শিল্পী স্বৰ্গীয় ধৰণীধৰ দেৱগোস্বামী আৰু মাতৃ স্বৰ্গীয়া চন্দ্ৰপ্ৰভা দেৱী। সত্ৰীয়া পৰিৱেশত জন্মগ্ৰহণ কৰা গোস্বামীদেৱে সৰু থাকোঁতেই পিতৃৰ তত্ত্বাৱধানত সত্ৰীয়া নাচৰ চৰ্চা আৰম্ভ কৰিছিল। পিছলৈ তেখেতে কমলাবাৰী সত্ৰৰ প্ৰসিদ্ধ সত্ৰীয়া শিল্পী মণিৰাম দত্ত মুক্তিয়াৰ আৰু স্বৰ্গীয় ৰসেস্বৰ শইকীয়া বৰবায়নৰ তত্ত্বাৱধানত নৃত্যৰ শিক্ষা গ্ৰহণ কৰে। সত্ৰীয়াৰ উপৰিও তেখেতে জয়পুৰত গুৰু গণেশ হীৰালালৰ তত্ত্বাৱধানত কথক আৰু গুৰু অটম্বা সিংৰ তত্ত্বাৱধানত মণিপুৰী নৃত্যৰ শিক্ষাও লাভ কৰিছিল।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ একান্ত অনুৰাগী গোস্বামীদেৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্ত্বাৱধানত  সত্ৰীয়া নৃত্য আৰু নাটকৰ উপৰিও অসমীয়া লোকসংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল ৷
১৯৬০ চনত প্ৰথম অসমীয়া শিল্পী হিচাপে গোস্বামীদেৱে দিল্লী দুৰদৰ্শনত সত্ৰীয়া সংগীতৰ অনুষ্ঠান প্ৰদৰ্শন কৰিছিল।তেখেতেই হৈছে  অসমত প্ৰথম সত্ৰৰ পৰা ওলাই আহি নৃত্যক জীৱিকা কৰি লোৱা প্ৰথমজন ব্যক্তি ৷তেখেতে ১৯৬২ চনত বিষ্ণুপ্ৰসাদ ৰাভা, ৰসেস্বৰ শইকীয়া বৰবায়ন ৰ লগলাগি  অংকীয়া নাট ভাওনাৰ প্ৰথম আৰু একমাত্ৰ ভ্ৰাম্যমাণ দল “প্ৰাগজ্যোতিষ কলা পৰিষদ” গঠন কৰিছিল।১৯৬৩ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰিকল্পনা অনুসৰি আধুনিক মঞ্চত প্ৰথমবাৰৰ বাবে “ৰুক্মিণী হৰণ” নাট গোস্বামীদেৱৰ  অধীনত পৰিৱেশন কৰা হৈছিল। সত্ৰীয়া নৃত্যৰ নান্দনিকতা ৰক্ষাৰ দিশত গুৰুত্ব দি অহা গোস্বামীদেৱৰ সৃষ্টিশীল চিন্তা চৰ্চাৰ প্ৰমাণ ইয়াতেই প্ৰথমে দেখা গৈছিল ৷


ইয়াৰ লগতে গোস্বামীদেৱে উজনি অসমৰ প্ৰথম নাট্যদল “ভাস্কৰ থিয়েটাৰ” গঠন আৰু ‘খাজুৰাহো নৃত্য উৎসৱ’ত অনুষ্ঠান পৰিৱেশন কৰিছিল। তেওঁৰ অহোপুৰুষাৰ্থৰ ফলতে ‘নৃত্যাঞ্জলি উৎসৱ' আৰম্ভ হৈছিল। প্ৰতি বছৰে অনুষ্ঠিত এই উৎসৱ আধুনিক মঞ্চত সত্ৰীয়া নৃত্যৰ সংৰচনা আৰু সম্পৰীক্ষাৰ বাটকটীয়া হিচাপে পৰিগণিত হৈছে।
যতীন গোস্বামীদেৱে অসমৰ লগতে গোটেই ভাৰততে সত্ৰীয়া নৃত্যৰ কৰ্মশালা পাতি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগভাগ লৈছিল৷ ১৯৯৪ চনত তেওঁ সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদলৈ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ২০০০ চনত সংগীত নাটক একাডেমীৰ তত্ত্বাৱধানত গুৱাহাটীত স্থাপন হোৱা সত্ৰীয়া একাডেমীৰ তেওঁ প্ৰথম সঞ্চালক আছিল।অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক হিচাপে খ্যাতি লভা যতীন গোস্বামীদেৱে পৰবৰ্ত্তী সময়ত ‘নৃত্যাচাৰ্য্য’ সন্মানেৰে খ্যাতি লাভ কৰে ৷
নৃত্যাচাৰ্য যতীন গোস্বামী দেৱে নৃত্য শিক্ষাৰ ওপৰত বৰ্তমানলৈকে পাঁচখন গ্ৰন্থ প্ৰকাশ কৰি অসমীয়া সাহিত্য জগতলৈও অৱদান আগবঢ়াইছে। সেইকেইখন হ'ল,
মাটি আখৰা,নৃত্য পৰিভাষিক শব্দ আৰু সংজ্ঞা
ঝুমুৰা নাচ - নাদু ভংগী,নৃত্য শিক্ষা আৰুনৃত্যৰ প্ৰাথমিক হস্ত পৰিচয় প্ৰাথমিক হস্ত পৰিচয় প্ৰাথমিক হস্ত পৰিচয় প্ৰাথমিক হস্ত পৰিচয় প্ৰাথমিক হস্ত পৰিচয় প্ৰাথমিক হস্ত পৰিচয় প্ৰাথমিক হস্ত পৰিচয় ৷

তেওঁ সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ২০০৮ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ২০১৯ চনত সংগীত নাটক একাডেমীয়ে গুৰু যতীন গোস্বামীক ২০১৮ চনৰ বাবে একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেল'শ্বিপ বা সদস্য ৰত্ন প্ৰদান কৰে। মহেশ্বৰ নেওগ আৰু ভূপেন হাজৰিকাৰ পিছত এই সন্মান লাভ কৰা তেওঁ তৃতীয়গৰাকী অসমীয়া।তেখেতে লাভ কৰা অন্যান্য বঁটা সমূহ হ’ল-
শিল্পী দিৱস পুৰস্কাৰ (১৯৯৪),অসম নাট্য সমিতি ভ্ৰাম্যমাণ থিয়েটাৰ পুৰস্কাৰ (১৯৯৫-৯৬),
অসম চৰকাৰৰ শ্ৰেষ্ট নৃত্য নিৰ্দেশক পুৰস্কাৰ (১৯৯৭),
নৃত্যাচাৰ্য ৰ্সন্মান (১৯৯৯),ভাৰতীয়ম সন্মান, সাংস্কৃতিক মন্ত্ৰণালয়, ভাৰত চৰকাৰ (২০০২),চন্দ্ৰকান্ত-হিৰাপ্ৰভা পুৰস্কাৰ (২০০২),সংগীতজ্যোতি পুৰস্কাৰ (২০০৪),
অসম নাট্য সন্মিলন পুৰস্কাৰ (২০০৪),নৃত্য শিৰোমণি, অসম সত্ৰ মহাসভা (২০০৭),ওৱাইজমেন আন্তৰ্জাতিক বঁটা (২০০৮),নৃত্য কলা-ৰত্ন পুৰস্কাৰ (২০০৯),লিঅ'-এক্সপ' বঁটা (২০০৯),শঙ্কৰাচাৰ্য্য অৱতাৰ পুৰস্কাৰ (২০১০),আনন্দ মোহন ভাগৱতী নৰ্টন পুৰস্কাৰ (২০১২),ভবেন শইকীয়া ভ্ৰাম্যমাণ থিয়েটাৰ পুৰস্কাৰ (২০১৩),অডিচি গুৰু দেৱপ্ৰসাদ দাস পুৰস্কাৰ (২০১৪),মঘাই ওজা সৃজন বঁটা (২০১৫) আদি।
শেষত ,মহান শিল্পীগৰাকীলৈ আন্তৰিক শ্ৰদ্ধা তথা পুনৰবাৰ ওপজা দিনৰ শুভকামনা জনোৱাৰ লগতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ ৷
✒️মনময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.