ভৱানন্দ দত্ত

আজি অসমীয়া সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ,একাধাৰে গৱেষক, প্ৰৱক্তা আৰু সাহিত্য সমালোচক ভৱানন্দ দত্তৰ স্মৃতি দিৱস ৷
      ১৯৫৯ চনত কেন্সাৰ ৰোগত তিনিবছৰ কাল আক্ৰান্ত হৈ থাকি আগষ্ট মাহৰ তিনি তাৰিখ অৰ্থাৎ আজিৰ দিনটোতে তেখেতে শেষ নিঃশ্বাস ত্যাগ কৰিছিল ৷


এই গৰাকী মহান ব্যক্তিৰ জন্ম হৈছিল ১৯১৮ চনৰ জুন মাহত যোৰহাটত । পিতৃ সৰ্বানন্দ দত্ত এগৰাকী সুশিক্ষক তথা বজালী অঞ্চলৰ নামজ্বলা ব্যক্তি (সেই সময়ৰ আই,এ পাছ) আৰু মাতৃ মনমোহিনী দত্তও এগৰাকী বিদূষী মহিলা আছিল ৷
    ভৱানন্দ দত্তৰ শিক্ষাজীৱন আৰম্ভ হৈছিল নিত্যানন্দ প্ৰাথমিক স্কুলত । ১৯৩২চনত তেওঁ চৌখুটী এম,ই স্কুলৰ পৰা এম,ই পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পাঠশালাস্থিত বজালী হাইস্কুলত নামভৰ্তি কৰে আৰু ১৯৩৬চনত প্ৰৱেশিকা পৰীক্ষাত অসমীয়াত লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ কটন কলেজত নামভৰ্ত্তি কৰে আৰু ১৯৪০চনত দৰ্শন বিষয়ত অনাৰ্চ সহ প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ সোণৰ পদক অৰ্জন কৰে আৰু উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যাত্ৰা কৰে । ১৯৪২ চনত দেশজুৰি হোৱা ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ শিক্ষা এৰি গাঁৱলৈ প্ৰত্যাবৰ্তন কৰে আৰু স্বাধীনতা আন্দোলনত জপিয়াই পৰে ।১৯৪৪চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ কিছুদিন নলবাৰী কলেজৰ দৰ্শন বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে । তাৰ পিছত ১৯৪৭ চনত ভাৰত চৰকাৰৰ মেধা বৃত্তি লাভ কৰি দত্তদেৱে শিশু মনস্তাত্বিক বিষয়ক অধ্যয়নৰ বাবে লণ্ডন বিশ্ববিদ্যালয়লৈ ৰাওনা হয় । ১৯৪৯ চনত তেওঁ অসমলৈ উভতি আহে আৰু কটন কলেজৰ অধ্যাপক হিচাপে নিযুক্ত হয় । সেই চনতে দৰ্শনৰ ছাত্ৰী আৰু পাছত অধ্যাপক পদত অধিস্থিত হোৱা নীলিমা হাজৰিকাৰ সৈতে তেখেতৰ বিবাহ সম্পন্ন হয় ৷
পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগত যোগদান কৰিছিল ৷


১৯৫২ চনত তেখেতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল আৰু ১৯৫৭ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ প্ৰাৰ্থী হিচাপে পুনৰবাৰ লোকসভাৰ নিৰ্বাচনত বৰপেটা সমষ্টিৰপৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল ৷
ভবানন্দ দত্ত আছিল বহুমুখী প্ৰতিভাৰ গৰাকী ।শিক্ষা দীক্ষা,ৰাজনীতিৰ সমান্তৰালকৈ সাহিত্যৰ পথাৰখনো জীপাল কৰি তুলিছিল নিজৰ প্ৰতিভাৰ জোৰত ।তেখেতে ১৯৪৪ চনতে ৰঘুনাথ চৌধাৰী সম্পাদিত জয়ন্তী আলোচনীত নচিকেতা ছদ্মনামত কবিতা লিখি আধুনিক অসমীয়া কবিতাৰ বাটকটীয়া হিচাপে বিশেষ পৰিচিতি লাভ কৰিছিল ৷
ৰাজপথ তেখেতৰ এটি বিখ্যাত কবিতা ৷
তেখেতে Philosophy and India (1959), ৰবীন্দ্ৰ প্ৰতিভা(1960),দৃষ্টি আৰু দৰ্শন(1961),অসমীয়া কবিতাৰ কাহিনী(1969),অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন(1989) আদিকে ধৰি বিভিন্ন বিষয়ৰ কেইবাখনো বহুমূলীয়া গ্ৰন্থ দত্তদেৱে পাঠক সমাজক উপহাৰ দি থৈ যায় ৷ উল্লেখযোগ্য যে ফিলছফি ইন ইণ্ডিয়া ভবানন্দ দত্তৰ জীৱনকালত প্ৰকাশিত একমাত্ৰ গ্ৰন্থ। বাকীকেইখন মৰণোত্তৰভাৱে প্ৰকাশিত ৷
বিয়াৰ দহবছৰ পিছতে ১৯৫৯চনত আগষ্ট মাহৰ ৩ তাৰিখ অৰ্থাৎ আজিৰ দিনটোতে দুই পুত্ৰ সন্তান আৰু পত্নীক নিঠৰুৱা কৰি ভবানন্দ দত্তই ইহলীলা সম্বৰণ কৰে ৷তেখেতৰ মৃত্যু আমাৰ বাবে এক অপূৰণীয় ক্ষতি ৷ আজি স্মৃতি দিৱসৰ দিনা তেখেতক শ্ৰদ্ধাৰে সুৱঁৰিছো লগতে তেখেতৰ ৰাজপথ নামৰ কবিতাটি উল্লেখ কৰিছোঁ -

ৰাজপথ – ভৱানন্দ দত্ত

ব্লেক্ আউটৰ অন্ধকাৰময় হে ৰাজপথ,
কত ট্ৰাম, বাছ, টেক্সি, ৰিকশ্ব চলে
তোমাৰ উদাৰ বুকৰ ওপৰেদি ৷
কত ব্যগ্ৰ ৰজনীৰ উদভ্ৰান্ত প্ৰেমৰ
গোপন অভিসাৰ চলে
তোমাৰ প্ৰশান্ততাৰ সুবিধা লৈ ৷
কত অফিচ-ফেৰত হোটেল-বাকী কেৰাণী আদিৰ
শ্ৰান্তি গুচোৱা ৰূপ-বজাৰৰ
আমোদখিনিৰ সুবিধা দিয়া ৷
আন্ধাৰ ৰাতিৰ সুযোগ লৈ
সমাজৰ চকুত ধূলি দিয়া
জীৱিকা-সন্ধানী ভদ্ৰ-বনিতাৰ
চৰণাঘাত লভিছা কত!
বিচিত্ৰ তোমাৰ লীলা,
দুকাষে তোমাৰ দালানৰ শাৰি,
পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিওৰ গান,
অৰ্গেনত ৰবীন্দ্ৰ-সঙ্গীত;
ডবল তলিচা পৰা মেহগনি পালেঙত
বিৰহ-কাতৰা কলেজ গাৰ্লৰ
অলসায়িত দেহা ৷
আৰু তাৰ তলতেই ফুটপাথত
(ধন্য তোমাৰ দয়া!)
শূন্য ভিক্ষা-পাত্ৰ লৈ শুই পৰা
মৃতপ্ৰায় কঙ্কালৰ শাৰি;
গৃহহীন যিসকল,
ভগ্নপ্ৰায় সমাজৰ দস্যুতাৰ ছাইন-পোষ্ট যেন
অৰ্থহীন অধিকাৰহীন
বঞ্চিতৰ বাঁচিবৰ বাঞ্ছা
তোমাৰ কোলাত পায় সিযে নিঃশ্ৰেয়স্ মোক্ষ ৷
(সংগ্ৰহ)
✒️মনময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.