কিশোৰ কুমাৰ

#৪আগষ্ট
  আজি বলীউডৰ প্ৰসিদ্ধ সংগীতজ্ঞ, অভিনেতা, গায়ক কিশোৰ কুমাৰৰ  জন্মদিন। বলীউডৰ বহু ছুপাৰ হিট গানৰ আঁৰৰ মানুহ আছিল এইগৰাকী শিল্পী।

কিশোৰ দা নামেৰে পৰিচিত এই সংগীতজ্ঞগৰাকীৰ জন্ম হৈছিল ১৯২৯চনৰ ৪আগষ্টত মধ্যপ্ৰদেশৰ খাণ্ডোৱাত এক মধ্যবিত্ত বাঙালী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। প্ৰথমে তেওঁৰ নাম আছিল আভাস গাংগুলী। তেওঁৰ পিতৃ কুঞ্জিলাল গাংগুলী আছিল বিখ্যাত অধিবক্তা।তেখেতৰ মাকৰ নাম আছিল গৌৰী দেৱী ৷চাৰিজন ভাই-ভনীৰ ভিতৰত কিশোৰ আছিল সৰ্বকনিষ্ঠ ৷কিশোৰ কুমাৰৰ জ্যেষ্ঠ ভাতৃ অশোক কুমাৰ বলীউডৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেতা আছিল। সেইসূত্ৰে অশোক কুমাৰে কিশোৰ কুমাৰক গায়কৰ সলনি অভিনেতা ৰূপে তেওঁৰ কেৰিয়াৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল।কিন্তু কিশোৰ কুমাৰৰ বাবে অভিনয় খুব এটা পছন্দৰ বিষয় নাছিল৷তেওঁ গান গাবলৈকেই বিচাৰিছিল ৷জ্যেষ্ঠ ভাতৃৰ ছত্ৰ-ছায়াত অভিনেতাৰূপে ভূমুকি মাৰিলেও শেষত গায়ক ৰূপেহে অধিক পৰিচিতি আৰু প্ৰতিষ্ঠা লাভ কৰিছিল কিশোৰ কুমাৰে ৷কিয়নো তেওঁৰ কণ্ঠত আছিল যাদু। কণ্ঠৰ পৃথিৱীত তেওঁ আছিল একছত্ৰী সম্ৰাট।ল’ৰালিকালৰ পৰাই কিশোৰ বিখ্যাত গায়ক কুন্দন লাল চায়গলৰ এজন ভক্ত হৈ উঠিছিল ৷তেওঁ চায়গলৰ গানসমূহৰ অনুকৰণ কৰি গাইছিল ৷

পাছত তেওঁ নিজাকৈ সুকীয়া ধৰণেৰে গান গোৱাৰ চেষ্টা কৰে আৰু গোৱাৰ এনে এক পদ্ধতি উদ্ভাৱন কৰে যিটো সেই সময়ৰ আন প্ৰধান দুই গায়ক মহম্মদ ৰফি আৰু মুকেশত কৈ সম্পূৰ্ণ বেলেগ আছিল ৷
 অন্যসকলতকৈ সম্পূৰ্ণ পৃথক ধৰণে অভিনয় কৰি
পঞ্চাশৰ দশকৰ শেষৰ ফালে তেওঁ এজন প্ৰতিষ্ঠিত কমেডি নায়ক হিচাপেও জনপ্ৰিয় হৈছিল ৷ইয়াৰ বাদেও তেওঁ সুৰকাৰ, গীতিকাৰ আৰু প্ৰযোজকৰ ভূমিকাও পালন কৰিবলৈ ধৰে৷সেই সময়ত তেখেতৰ গায়ক হিচাবে জনপ্ৰিয় হোৱা চিনেমা বোৰৰ ভিতৰত পেয়িং গেষ্ট (১৯৫৭), চলতি কা নাম গাড়ী (১৯৫৮), তিন দেবিয়াঁ আদি অন্যতম ৷
কিশোৰ কুমাৰে চাৰিবাৰ বিয়া কৰাইছিল। প্ৰথমবাৰ ৰুমা দেৱীৰ সৈতে কিশোৰ কুমাৰৰ যুগ্ম জীৱন আৰম্ভ হৈছিল। কিন্তু এই সংসাৰ বেছিদিন নিটিকিল। ৰুমাৰ সৈতে বিচ্ছেদৰ পিছতেই কিশোৰ কুমাৰৰ জীৱনলৈ আহিছিল মধুৱালা। মধুৱালাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছতেই কিশোৰ কুমাৰে তেওঁৰ নাম সলাই কৰিম আব্দুল ৰাখে। ৯ বছৰ পিছত  মধুৱালাৰ মৃত্যু হোৱাত ১৯৭৬ চনত অভিনেত্ৰী যুগিতাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় এইগৰাকী বিশিষ্ট গায়ক। কিন্তু সেই সম্পৰ্কও মাত্ৰ দুবছৰহে টিকিল। ১৯৮০ চনত কিশোৰ কুমাৰে অন্তিমবাৰৰ বাবে লীনা চন্দাৱাৰকাৰৰ সৈতে বিবাহ পাশত বহে।

ষাঠিৰ দশকত  কিশোৰৰ কেৰিয়াৰত ব্যৰ্থতাই দেখা দিছিল যদিও ১৯৬৯ চনত ৰাজেশ খান্নাৰ চিনেমাত 
কিশোৰে  ‘কোৰা কাগজ থা ইয়ে মন মেৰা’,' ৰূপ তেৰা মস্তানা' আৰু ‘মেৰে সপনো কি ৰানী’ এই তিনিটা গান গাই বিপুল জনপ্ৰিয়তা পায় আৰু কিশোৰ কুমাৰৰ সঙ্গীত জীৱনক আকৌ ওপৰলৈ তুলি নিয়ে। এই তিনিটা গীতে কিশোৰ কুমাৰক দিছিল বিশেষ পৰিচয়।এই চিনেমাৰ ৰূপ তেৰা মস্তানা গানৰ বাবে কিশোৰে প্ৰথম বাৰ ফিল্ম ফেয়াৰ পুৰস্কাৰ পাইছিল ৷

ইয়াৰ পিছৰ পৰাই কিশোৰ কুমাৰে  গায়ক হিচাপে ব্যাপক সাফল্যতা লাভ কৰিছিল। সেই সময়ত বলিউডত প্ৰতিষ্ঠিত সকলো নায়ক যেনে ৰাজেশ খান্না, শশী কাপুৰ, ধৰ্মেন্দ্ৰ, ৰণধীৰ কাপুৰ, সঞ্জীৱকুমাৰ আৰু দেব আনন্দৰ কণ্ঠৰ বাবে তেওঁ গান গায় ৷পিছত ১৯৭৩ চনত  অমিতাভৰ 'অভিমান' চিনেমাৰ  গানসমূহ গাই  চুপাৰহিট হোৱাৰ পিছতে পৰৱৰ্তী মেগাষ্টাৰ অমিতাভৰ নেপথ্য গায়ক হিচাবে তেওঁ নিজকে প্ৰতিষ্ঠিত কৰিছিল ।


ইয়াৰ পিছত সুৰকাৰ লক্ষ্মীকান্ত পিয়াৰীলাল আৰু কিশোৰকুমাৰ যুটি ,কিশোৰ আৰু মহম্মদ ৰফি যুটি,
কিশোৰ আৰু লতা মঙ্গেশকাৰ যুটি,কিশোৰ কুমাৰ আৰু সুৰকাৰ কল্যাণজী-আনন্দজীৰ যুটি আদিয়ে
যথেষ্ট সংখ্যক হিট গান উপহাৰ দিয়ে ৷আকৌ ৰাহুল দেৱ বৰ্মন আৰু কিশোৰৰ যুটিয়ে উপহাৰ দিয়া কিছুমান  অনবদ্য চিনেমা ৰ নাম হল শ্ব’লে, ৱাৰেণ্ট, হীৰা পান্না, ছৰীফ বদমাছ, আঁধি, ৰকি, দ্য বাৰ্নিং ট্ৰেন, আপকি কচম, আপনা দেশ, ধৰম কৰম, টক্কৰ, সীতা আউৰ গীতা, জোছিলা, কচমে ৱাদে, ৰামপুৰ কা লক্ষ্মণ, কালিয়া, গোলমাল প্ৰভৃতি।হিন্দীৰ সমানে সমানে তেওঁ প্ৰচুৰ জনপ্ৰিয় বঙালী চিনেমাসমূহতো বঙালী আধুনিক গান গাইছিল ৷
সত্যজিৎ ৰায়ৰ দুখন চিনেমা চাৰুলতা আৰু ঘৰে বাইৰেৰ বাবে তেওঁ ৰবীন্দ্ৰ সঙ্গীত গাইছিল ৷

উল্লেখযোগ্য যে অসমীয়া ছবি 'চিকমিক বিজুলি'ৰ 'পক্ষীৰাজ ঘোঁৰা' শীৰ্ষক গীতটিত কিশোৰ কুমাৰে আশা ভোঁচলে আৰু ভূপেন হাজৰিকাৰ সৈতে কণ্ঠদান কৰিছিল।এইটোৱেই আছিল তেওঁ কণ্ঠদান কৰা একমাত্ৰ অসমীয়া গীত ৷১৯৪৬ পৰা ১৯৮৭ লৈকে ভাৰতীয় চিনেমা জগতত দপদপাই থকা থকা কিশোৰ কুমাৰে মুঠ আঠবাৰ ফিল্মফেয়াৰ শ্ৰেষ্ঠ গায়কৰ পুৰস্কাৰ পাইছে ৷
১৯৮৭ চনৰ ১৩ অক্টোবৰত এই মহান শিল্পীৰ মৃত্যু ঘটে।কোনোকালেই বলীউডে এখেতক পাহৰিব নোৱাৰে ৷
ভাৰতীয় সংগীত জগতৰ কিম্বদন্তী কিশোৰ কুমাৰ দেৱক ওপজা দিনত সোঁৱৰিছো💚


✒️মনময়ুৰী মহন্ত ৷

No comments:

Powered by Blogger.