আব্দুল মজিদ || Abdul Majid

  অসমৰ এজন চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, নাট্যকাৰ তথা বিশিষ্ট অভিনেতা শ্ৰদ্ধাৰ আব্দুল মজিদ ডাঙৰীয়াৰ আজি চতুৰ্থ মৃত্যু দিৱস। ২০১৭ চনৰ আজিৰ দিনটোত তেখেতৰ দেহাৱসান হৈছিল।মৃত্যু দিৱসৰ দিনা তেখেতৰ স্মৃতিত আন্তৰিক শ্ৰদ্ধা নিবেদিছো ।

       নিপবৰুৱাৰ পৰিচালিত ৰঙা পুলিচ (১৯৫৮) নামৰ বোলছবিত অভিনয়ৰ যোগেদি অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰা অসমীয়া চলচ্চিত্ৰৰ সফল পৰিচালক, চলচ্চিত্ৰ তথা নাট্য জগতৰ বিশিষ্ট অভিনেতা জনৰ জন্ম হৈছিল ১৯৩১ চনৰ ১৬ নবেম্বৰত যোৰহাটৰ পুৰণি বালিবাটত ৷তেখেতৰ পিতৃৰ নাম আব্দুল মোনাফ আৰু মাতৃৰ নাম নুৰ বিবি (লখিমী)। তেখেতৰ প্ৰাথমিক শিক্ষা সম্পন্ন হৈছিল যোৰহাট মোক্তাৱ স্কুলত, তাৰ পিছত সপ্তম শ্ৰেণীলৈ যোৰহাট বেজবৰুৱা হাইস্কুলত পঢ়ি তেখেতে যোৰহাট গৱৰ্ণমেণ্ট হাইস্কুলৰ পৰা ১৯৫০ চনত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। 

 


উচ্চশিক্ষাৰবাবে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ভৰ্তি হয় যদিও শিক্ষা আধৰুৱা হৈ থাকে। তেখেতে বহুকেইটা বিভাগত অস্থায়ী চাকৰি কৰিছিল ,শেষত  ১৯৫৫ চনত বিদ্যুৎ পৰিষদত নিম্নবৰ্গ সহায়ক হিচাপে যোগদান কৰে। ১৯৮১ চনত বিদ্যুৎ পৰিষদে স্পেচিয়েল অফিচাৰ কালচাৰেল এণ্ড ডকুমেণ্টেচন নামৰ পদ এটাৰ সৃষ্টি কৰি গুৱাহাটীত নিযুক্তি দিয়ে। ১৯৯০ৰ এপ্ৰিলত তেখেতৰ কাৰ্যকাল শেষ হয় যদিও ১৯৯১ৰ ১১ জুলাইলৈ চাকৰিৰ ম্যাদ বৃদ্ধি কৰা হয়।


  আব্দুল মজিদ দেৱে মুঠতে ৭খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। সেই কেইখন হ’ল- মৰম তৃষ্ণা,চামেলী মেমচাব,বনহংস,বনজুই,পোনাকণ,উত্তৰ কাল,সাত নম্বৰৰ সন্ধানত ৷অভিনেতা হিচাপে তেখেত প্ৰধানকৈ খলনায়কৰ চৰিত্ৰত অভিনয় কৰি আহিছে। তেখেতৰ পৰিচালনত মুক্তি পোৱা চলচ্চিত্ৰ চামেলি মেমচা'বে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল৷ উক্ত চলচ্চিত্ৰত ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল৷তেখেতে চামেলি মেমচা'বত মংলু নামৰ এটা সৰু চৰিত্ৰত অভিনয়ও কৰিছিল ।



প্ৰায় অৰ্ধশতাধিক ছবিত অভিনয় কৰা মজিদৰ কেইখনমান উল্লেখযোগ্য ছবি হ'ল- পূজা, সূৰুজ, সেন্দূৰ, উপপথ, এই দেশ মোৰ দেশ, বোৱাৰী, সংকল্প, মমতাজ, ভাই ভাই, প্ৰতিদান, এণ্টনী মোৰ নাম, পিতা-পুত্ৰ, জুমন সুমন, অপেক্ষা, (হিন্দী) ইত্যাদি।

তেখেতৰ দ্বাৰা পৰিচালিত ধাৰাবাহিক আৰু তথ্যচিত্ৰ সমূহ হ’ল -“নামঘৰীয়া”, “অজাগা”, “জোৰ পুৰি হাত”, “দাপোণ” (২টা খণ্ড), “অগ্নিগৰ্ভ”, “হাতোৰা”, “শেগুন পুলি ৰুব কোনে”, “ৰাম-ৰহিম”, “ৰোমন্থন” ইত্যাদি।

অতুলনীয় অৱদানেৰে অসমৰ সাংস্কৃতিক বৰঘৰ চহকী কৰি থৈ যোৱা মজিদ ডাঙৰীয়াই বিভিন্ন বঁটাৰে সন্মানিত হৈছিল ৷তেখেতে লাভ কৰা বঁটাসমূহ-অসম সাহিত্য সভাৰ বঁটা, "চোৰ" নাম নাটকৰ বাবে ১৯৬৬-৬৭ চনত এই বঁটা প্ৰদান কৰা হয় ৷১৯৮৬ চনত বিষ্ণু ৰাভা বঁটা লাভ কৰাৰ উপৰিও ১৯৯৯ চনত নটসূৰ্য্য বঁটাৰেও সন্মানিত হৈছিল ৷

 


আব্দুল মজিদ ডাঙৰীয়াৰ মৃত্যু অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে নিসন্দেহে এক অপূৰণীয় ক্ষতি ৷অসমীয়া চলচ্চিত্ৰ জগতলৈ তেখেতে আগবঢ়াই থৈ যোৱা কৰ্মৰাজি সমূহৰ বাবেই প্ৰতিজন অসমীয়াৰ মনত তেখেত চিৰদিন জিলিকি থাকিব।

✒️মনময়ুৰী মহন্ত ৷


No comments:

Powered by Blogger.