বেণুধৰ শৰ্মা||Benudhor Sarmah

 বিশিষ্ট মুক্তি যুঁজাৰু, বুৰঞ্জীবিদ, লেখক, সাংবাদিক,পদ্মভূষণ বেণুধৰ শৰ্মাৰ আজি ওপজা দিন। ১৮৯৪ চনৰ ১৬ নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে  অসমৰ শিৱসাগৰ জিলাৰ চাৰিঙত জন্মগ্ৰহণ কৰা বেণুধৰ শৰ্মাৰ নাম অসমীয়া বুৰঞ্জী সাহিত্যৰ বাটকটীয়া হিচাপে সদা স্মৰণীয়।ওপজা দিনৰ দিনা সাহিত্য একাডেমী বঁটা গ্ৰহণ কৰা দ্বিতীয়গৰাকী অসমীয়া সাহিত্যিকক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷



বেণুধৰ শৰ্মাৰ পিতৃৰ নাম আছিল স্বৰ্গীয় ডিম্বেশ্বৰ শৰ্মা আৰু মাতৃৰ নাম স্বৰ্গীয় তুলসী দেৱী ৷বেণুধৰ শৰ্মাই শিৱসাগৰৰ চাৰিঙতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে, তাৰ পাছত ১৯১৫ চনত শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰবেশিকা পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হয়। উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলিকতালৈ গৈছিল যদিও অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰাৰ বাবে তেওঁৰ উচ্চ শিক্ষা আধৰুৱা হৈ ৰয়। বেণুধৰ শৰ্মাই কিছুদিনৰ বাবে শিৱসাগৰৰ ফুলেশ্বৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু যোৰহাটৰ বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি কৰ্ম জীৱনৰ পাতনি মেলিছিল। ইয়াৰ মাজতে ঘৰফলীয়া কংগ্ৰেছ নামেৰে এটা ৰাজনৈতিক দল খুলি ৰাজনীতিৰো কিছুদিন সোৱাদ লৈছিল। তেওঁ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ সহকাৰী সম্পাদক আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হোৱা তৰুণ অসমৰো তেওঁ সম্পাদক আছিল ৷

         

          অসমত অসহযোগ আন্দোলনত আগভাগ লোৱা বেণুধৰ শৰ্মাই কানি বিৰোধী আন্দোলনতো জড়িত হৈ পৰিছিল। বনৰীয়া হাতী ধৰা, কপাহী কাপোৰ বিক্ৰী কৰাকে ধৰি বিভিন্ন কামত নিজকে জড়িত কৰি তুলিছিল।

       


     

              ১৯৫৬চনত বেণুধৰ শৰ্মা অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনৰ সভাপতি  নিৰ্বাচিত হৈছিল।১৯৬১ চনত তেওঁক “কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত’ নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল। সাহিত্য একাডেমী বঁটা গ্ৰহণ কৰা শৰ্মা আছিল দ্বিতীয়গৰাকী অসমীয়া সাহিত্যিক।শৰ্মাই কেইবাখনো বুৰঞ্জীমূলক গ্ৰন্থ ৰচনা কৰিছিল।বুৰঞ্জীৰ নিৰ্জীৱ ঘটনাক জীৱন্ত ৰূপত দাঙি ধৰাটো শৰ্মাৰ ৰচনাৰ অন্যতম বৈশিষ্ট্য ৷তেওঁৰ সাহিত্য সমূহত বুৰঞ্জীৰ সমল ভৰি থকাৰ বাবে তেওঁক ইতিহাস ৰত্ন, বুৰঞ্জীৰ যাদুকৰ আদি নামেৰেও বহুতে বিভূষিত কৰিছিল। ৰত্নকান্ত বৰকাকতীদেৱে বেণুধৰ শৰ্মাক বুৰঞ্জী সূৰ্য আখ্যা দি সন্মান জনাইছিল ৷


         বেণুধৰ শৰ্মাই ৰচনা কৰা বহু গ্ৰন্থৰ ভিতৰত ৰাংপতা(১৯৪৩), মঙলতীৰ কণ্ঠমালা(১৯৪৬), মনিৰাম দেৱান(১৯৫০),দূৰবীণ(১৯৫১), কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত(১৯৫৯),অৰ্ঘাৱলী(১৯৬৭), ফুল চন্দন(১৯৬৮), মৰমৰ কাৰেং(১৯৬৮) আদি অন্যতম।



        তাৰ উপৰিও তেখেত  ১৯৩৭ চনৰ পৰা দুবছৰ ধৰি  তৰুণ অসমৰ সম্পাদক আৰু প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ ১৯৩৫ চনৰ পৰা ডেৰ বছৰ সহকাৰী সম্পাদকৰ দায়িত্ব বহন কৰিছিল ৷


        ১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰিত বেণুধৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তি ঘটে। ১৯৮৩ চনত তেখেতক  মৰণোত্তৰভাৱে পদ্মভূষণ বঁটা আগবঢ়োৱা হয় ৷

No comments:

Powered by Blogger.