কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ৷৷Nabin Chandra Bordoloi


ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, সমাজসেৱক আৰু এগৰাকী দক্ষ অধিবক্তা ,কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ আজি ওপজা দিন।অসমৰ প্ৰতি তেখেতৰ কৰ্ম আৰু অৱদানৰ চিনস্বৰূপে " কৰ্মবীৰ" উপাধিৰে সন্মানিত হোৱা এইগৰাকী নমস্য ব্যক্তিৰ ১৮৭৫ চনৰ ৩ নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে উত্তৰ গুৱাহাটীত জন্ম হৈছিল ৷ ওপজা দিনৰ দিনা অসমৰ মুকুট-বিহীন সম্ৰাট গৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ 🙏


 বৰদলৈদেৱৰ ঘৰুৱা নাম আছিল 'নানু। তেখেতৰ পিতৃ আছিল সূৰ্য বিপ্ৰ কুলৰ ৰুদ্ৰখড়ি বৰদলৈৰ বংশৰ মাধৱ চন্দ্ৰ বৰদলৈ আৰু মাতৃৰ নাম সোমেশ্বৰী দেৱী। পিতৃ ৰায়বাহাদুৰ মাধৱ চন্দ্ৰ বৰদলৈ হাকিম আছিল। বৰদলৈ দেৱে ১৮৯২ চনত তেজপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা কলিকতা বিশ্ববিদ্যালয়ৰ বাছনি পৰীক্ষাত বৃত্তি সহকাৰে উত্তীৰ্ণ হয়। ১৮৯৪ চনত ছেইণ্ট জেভিয়াৰ্ছ কলেজৰপৰা আই.এ পৰীক্ষাত উত্তীৰ্ণ হয়; আৰু ১৮৯৬ চনত প্ৰেছিডেন্সী কলেজৰপৰা বি.এ. ডিগ্ৰী লাভ কৰে। ১৮৯৯ চনত ৰিপন কলেজৰপৰা আইনৰ বি.এল. ডিগ্ৰী লাভ কৰে।

কলিকতাত থকা কালত বৰদলৈয়ে মুষ্টিযুদ্ধ শিকিছিল আৰু ভাল 'বক্সাৰ' ৰূপে জনাজাত হৈছিল। তেখেত এজন ভাল ফুটবল খেলুৱৈও আছিল।
শিক্ষা শেষ হোৱাৰ পিছত তেওঁ গুৱাহাটীলৈ উভতি আহি ওকালতি আৰম্ভ কৰে । অৱশ্যে চৰকাৰে তেওঁক হাকিমৰ পদ যাচিছিল ৷কিন্তু তেখেতে স্বাধীন ভাৱে কাম কৰাৰ ইচ্ছাৰ বাবে চাকৰিত যোগদান নকৰি ওকালতি কৰিবলৈ লয়। পিছত ১৯০৮ চনত তেখেত কলিকতালৈ গৈ কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি কৰিবলৈ লয়।তাত ১০ বছৰ ওকালতি কৰাৰ পিছত  ১৯১৮ চনত তেখেতে আকৌ গুৱাহাটীলৈ উভতি আহে।ইয়াৰ পাছত তেখেতে ওকালতি জীৱন সামৰি ৰাজনৈতিক ক্ষেত্ৰত যোগ দিয়ে। ১৯১৫ চনত তেখেত অসম এছচিয়েশ্যনৰ ডিব্ৰুগড় অধিবেশনৰ সভাপতি নিৰ্বাচিত হৈছিল। ১৯১৭ চনত অসম সভাৰ (Assam Association) অধিবেশনত সম্পাদকৰ গুৰুদায়িত্ব লয়। ব্ৰিটিছৰ সাম্ৰাজ্যবাদী নীতিৰ বিৰূদ্ধে প্ৰতিবাদী সংস্থা হিচাপে ১৯০৩ চনত অসম সভা গঠন কৰা হৈছিল। নবীন চন্দ্ৰ বৰদলৈৰ নেতৃত্বত 'অসম সভা'-ৰ কামকাজ ঠন ধৰি উঠে। সেই বছৰতে অসমৰ বাবে স্বকীয় শাসনৰ দাবী লৈ ভাৰতৰ উপ-সচিব মণ্টেগুৰ (Montague, Secretary of State for India) ওচৰলৈ যোৱা অসমৰ প্ৰতিনিধি দলটোৰ তেখেত আছিল অন্যতম সদস্য। ১৯১৮ চনত 'সংস্কাৰ আঁচনি'ৰ (Reforms Scheme) নীতি নিৰ্ধাৰণৰ বাবে 'সংসদীয় সমিতি'ৰ (Parliamentary Committee) আগত ওকালতি কৰিবলৈ তেখেতক 'অসম সভা'ই মনোনীত কৰে। অসমক ১৯১৯ চনৰ শাসন সংস্কাৰৰ অন্তৰ্ভুক্ত কৰাটোৱেই অকংগ্ৰেছী বৰদলৈ ডাঙৰীয়াৰ সৰ্বপ্ৰধান দেশহিতকৰ কাম।'সংস্কাৰ আঁচনি'ৰ অধীনত অসমক 'গভৰ্নৰ শাসিত ৰাজ্য'ৰ (Governor's Provice) মৰ্য্যদা দিবলৈ 'অসম সভা'ই প্ৰস্তাৱ দিয়ে। এই প্ৰস্তাৱৰ হকে ইংলেণ্ডৰ হাউছ ওফ লৰ্ড্‌ছ্‌ৰ (House of Lords) 'লৰ্ড ছেলবোৰ্ণ সমিতি'ৰ (Lord Selbourne Committee) আগত বক্তব্য ৰাখিবলৈ নবীন চন্দ্ৰ বৰদলৈক মনোনীত কৰা হয়। নবীন চন্দ্ৰ বৰদলৈয়ে সাফল্যতাৰে এই কাম সম্পন্ন কৰিছিল ৷
   


'অসম সভা'ৰ সম্পাদক হিচাপে নবীন চন্দ্ৰ বৰদলৈয়ে পাঞ্জাৱৰ জালিয়ানৱালাবাগ হত্যাকাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। তেখেতে ১৯২০ চনত নাগপুৰত হোৱা 'ভাৰতীয় জাতীয় কংগ্ৰেছ'ৰ সভাত অসমক প্ৰতিনিধিত্ব কৰে আৰু তাতেই মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়ায়। অসমক সুকীয়া প্ৰদেশ কংগ্ৰেছ কমিটি দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰাটোৱেই কংগ্ৰেছী ৰূপে বৰদলৈ ডাঙৰীয়াৰ উল্লেখযোগ্য কাম। ১৯২১ চনত তেখেত প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক নিযুক্ত হয়। প্ৰদেশ কমিটিয়ে তেওঁকে ধৰি আন কেইবাজনক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সদস্য মনোনীত কৰে। এই সময়তে ১৯২১ চনৰ ১৮ আগষ্ট তাৰিখে মহাত্মা গান্ধীয়ে অন্য কেইবাজনো নেতা সহিতে অসম ভ্ৰমণ কৰে। সেই বছৰৰে  ৩০ নৱেম্বৰৰ দিনা ৰাজনৈতিক ক্ৰিয়াকলাপৰ বাবে চৰকাৰে তেখেতক গ্ৰেপ্তাৰ কৰিছিল।বৰদলৈ দেৱৰ নেতৃত্বতে অসমতো অসহযোগ আন্দোলনে ৰাইজৰ পূৰ্ণ সঁহাৰি লাভ কৰিছিল। ১৯২২ চনত তেখেতক দ্বিতীয় বাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হয়, আৰু তেখেতে দুটা বছৰ কাৰাবাস বৰণ কৰে।
১৯২৬ চনত অসমত প্ৰথম বাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভা অনুষ্ঠিত হয়। অসমৰ কংগ্ৰেছী সকলৰ দলপতি আছিল নবীন চন্দ্ৰ বৰদলৈ।
 মহাত্মা গান্ধীয়ে ১৯৩২ চনত আৰম্ভ কৰা আইন অমান্য আন্দোলনত অসমৰ নেতাসকলেও যোগ দিছিল, আৰু তেতিয়াই নবীন চন্দ্ৰ বৰদলৈ তৃতীয় বাৰৰ বাবে বন্দী হ'বলগীয়া হৈছিল।


১৯৩২ চনত পণ্ডিত মদন মোহন মালৱ্য‌ই স্থাপন কৰা কংগ্ৰেছ নেচনেলিষ্ট পাৰ্টিত অসমৰ কেইজনমান নেতাই যোগ দিয়ে। নবীন চন্দ্ৰ বৰদলৈয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পক্ষত থাকে। ১৯৩৪ চনত তেখেতে বিপক্ষৰ তৰুণৰাম ফুকন-ক নিৰ্বাচনত হৰুৱাই 'কেন্দ্ৰীয় সভা'লৈ (Central Legislature) নিৰ্বাচিত হয়।কেন্দ্ৰীয় সভাৰ সদস্য হিচাপে নবীন চন্দ্ৰ বৰদলৈয়ে নিজৰ বাগ্মীতা আৰু যুক্তিনিষ্ঠতাৰে দূৰদৰ্শী নেতা হিচাপে চিনাকি দিবলৈ সক্ষম হৈছিল।
বৰদলৈদেৱে কেইবাবছৰ ধৰি গুৱাহাটী লোকেল বোৰ্ডৰ অধ্যক্ষৰ পদত ও অধিষ্ঠিত আছিল ৷
ভাৰতৰ স্বাধীনতা আন্দোলনত অসমক নেতৃত্ব দিয়াৰ উপৰিও নবীন চন্দ্ৰ বৰদলৈদেৱে গুৱাহাটীৰ উন্নতিৰ বাবে বিভিন্ন প্ৰকল্পৰ লগত সক্ৰিয়ভাৱে জড়িত আছিল৷  কটন কলেজ আৰু আৰ্ল ল কলেজ প্ৰতিষ্ঠাৰ বাবেও তেখেতে মাত মাতিছিল। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ, উত্তৰ গুৱাহাটীৰ আনন্দ লাইব্ৰেৰী আৰু কমলদেৱ প্ৰতিষ্ঠানৰৰ প্ৰতিষ্ঠাৰ গুৰি  ধৰিছিল বৰদলৈ দেৱেই। তাৰউপৰি তেখেতে জোনাকীবিজুলী আদিত নিয়মীয়াকৈ প্ৰবন্ধ লিখিছিল।
সদা কৰ্মব্যস্ত বাবে কৰ্মবীৰ ৰূপে খ্যাত নবীন চন্দ্ৰ বৰদলৈক ভুলাভাই দেসাই-এ অসমৰ মুকুট-বিহীন সম্ৰাট বুলি অভিহিত কৰিছিল।এইগৰাকী নমস্য ব্যক্তিক ওপজা দিনৰ দিনা পুনৰবাৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ

✒️মনময়ুৰী মহন্ত 

No comments:

Powered by Blogger.