আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি জ' বাইডেনৰ সমুখত ভাৰত ||দুলুমণি ফুকন

        আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ডেম'ক্ৰেটিক দলৰ জ' বাইডেন । ভাৰতৰ স'তে চুবুৰীয়া দেশৰ দ্বি-পাক্ষিক সম্পৰ্ক আৰু সামগ্ৰিকভাৱে ভাৰতৰ বৈদেশিক নীতিৰ পৰিপ্ৰেক্ষিতত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্থিতি অতিকে গুৰুত্বপূৰ্ণ।বিশ্বৰ আটাইতকৈ শক্তিশালী অৰ্থনীতিৰূপে আমেৰিকা যিদৰে এক মহাশক্তি (Super power) , তেনেদৰে গোষ্ঠী নিৰপেক্ষ দেশ সমূহৰ ভিতৰত অগ্ৰণী হিচাপে ভাৰতৰ শক্তিও আমেৰিকাৰ বাবে উলাই কৰিব পৰা বিধৰ নহয়।ভাৰতৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল ,যুক্তৰাষ্ট্ৰ অজস্ৰ উদ্যোগত কেইবা লক্ষ ভাৰতীয় কর্মসংস্থান , বিশেষকৈ Software ৰ ক্ষেত্ৰত।

   


 

    ৭৭বছৰীয়া বাইডেনে ট্ৰাম্পক হৰুৱাই হোৱাইট হাউচ দখল কৰাৰ লগে লগে বহু ভাৰতীয় উৎফুল্লিত হৈ উঠাৰ কাৰণ হ'ল --বাইডেনে উপ-ৰাষ্ট্ৰপতি হিচাপে মনোনীত কৰিছে ভাৰতীয় বংশোদ্ভৱ আমেৰিকান মহিলা কমলা হেৰিছক । 



     বাৰাক ওবামাৰ কার্যকালত উপ-ৰাষ্ট্ৰপতি হিচাপে কার্যনিবাহ কৰি থকা কালতো বাইডেনে ভাৰতৰ স'তে শক্তিশালী সম্পৰ্ক বজাই ৰখাত গুৰুত্ব দিছিল। ভাৰতীয় বাবে দ্বিতীয় সন্তোষৰ বিষয়টো হ'ল , বাইডেনৰ নতুন প্ৰশাসনে H1B ভিছা ব্যৱস্থাৰ সংশোধন প্ৰস্তাৱ যুগুতাইছে।যাৰ ফলত গ্ৰীণকাৰ্ড লৈ আমেৰিকাত কৰ্মৰত ভাৰতীয়সকলৰ বাবে ট্ৰাম্প প্ৰশাসনে জাৰি কৰা নিষধাজ্ঞা লাঘৱ হ'ব ।ফলত আমেৰিকালৈ বন্ধ হৈ থকা ভাৰতীয় ইমিগ্ৰেছন নীতিৰ আমূল পৰিবৰ্তন হ'ব। এই মূহুৰ্তলৈ ভাৰত-চীন সম্পৰ্কত নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীৰ স্থিতি স্পষ্ট হৈ উঠা নাই। অৱশ্যে তেওঁৰ কেইগৰাকীমান উপদেষ্টাই তেওঁক ট্ৰাম্পৰ দৰেই চীনৰ বিৰুধে কঠোৰ স্থিতি লোৱাৰ পৰামৰ্শ দিছে।



লেখক পৰিচিতি: লেখক দুলুমণি ফুকন শিৱসাগৰৰ এখন ব্যক্তিগত খণ্ডৰ কণিষ্ঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষক। লেখা মেলাৰ লগতে দিহানাম, বিহুগীত আদি বিভিন্ন দিশত তেখেত পাৰ্গত।

No comments:

Powered by Blogger.