তৰুণ গগৈৰ বৰ্ণিল জীৱন পৰিক্ৰমা:মন ময়ুৰী মহন্ত

 এনেকুৱা অতি কম সংখ্যক ৰাজনৈতিক ব্যক্তি থাকে,যাক দল সংগঠন নিৰ্বিশেষে সকলোৱে ভাল পায় ৷ তেনেকুৱা এজন ব্যক্তিয়েই হ’ল সদ্যপ্ৰয়াত অসমৰ সবাতোকৈ দীৰ্ঘকালীন সময়ৰ বাবে শাসনাধিস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱ ৷ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন আগশাৰীৰ নেতা গগৈ দেৱৰ দলে অভিলেখসহ একেৰাহে তিনিবাৰকৈ অসমৰ বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰি  ২০০১ চনৰ পৰা ২০১৬ চনলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত আছিল ৷এক কথাত তেখেত আছিল  ৰাজনীতিৰ মহীৰূহ ৷এনে এগৰাকী ব্যক্তিৰ  মৃত্যুত মৰ্মাহত হৈ পৰিছে ৰাজ্যবাসী ৷



অসমৰ সুযোগ্য সন্তান গৰাকীৰ জীৱন পৰিক্ৰমা-


◾১৯৩৬ চনৰ ১ এপ্ৰিলত যোৰহাটৰ ৰঙামাটিত জন্মগ্ৰহণ কৰিছিল তৰুণ গগৈদেৱে ৷

দেউতাক ড০ কমলেশ্বৰ গগৈ আছিল ৰঙাজান চাহ বাগিচাৰ চিকিৎসক।মাতৃ উষা গগৈ আছিল প্ৰখ্যাত কবি গণেশ গগৈৰ ভগ্নী।মাক-দেউতাকে মৰমতে পোনাকণ বুলি মাতিছিল তৰুণ গগৈক।


◾২৬নং ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত আৰম্ভ কৰিছিল শিক্ষা জীৱন।গগৈয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল.এল.বি. ডিগ্ৰী লাভ কৰে


◾তেখেতে আসাম বাৰ কাউন্সিল (Assam Bar Council)ত এজন অধিবক্তাৰূপে কৰ্ম-জীৱনৰ পাতনি মেলিছিল। পিছত তেওঁ Assam Small-Scale Industries Development Corporationৰ চেয়াৰমেন পদটো অধিষ্ঠিত আছিল।



◾১৯৭২ৰ ৩০ জুলাইত ডলী গগৈৰ সৈতে তৰুণ গগৈয়ে আৰম্ভ কৰিছিল যুগ্ন জীৱন। কন্যা হ’ল চন্দ্ৰিমা গগৈ, পুত্ৰ গৌৰৱ গগৈ কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ।


◾১৯৬৮ চনত তৰুণ গগৈ যোৰহাট পৌৰসভালৈ সদস্য হিচাবে নিৰ্বাচিত হয়।১৯৭৬ চনত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অধীনত তেওঁ সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটিৰ যুটীয়া সম্পাদক হিচাবে নিৰ্বাচিত হয়। ইয়াৰ পিছত ১৯৮৫-১৯৯০ বৰ্ষৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অধীনত সদৌ ভাৰত কংগ্ৰেছ (ই) কমিটি ৰ সাধাৰণ সম্পাদক হিচাবে নিৰ্বাচিত হয়। ১৯৯১-১৯৯৬ বৰ্ষৰ তেওঁ সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ খাদ্য দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰীৰ পদ লাভ কৰে।

১৯৮৬-১৯৯০ বৰ্ষত তৰুণ গগৈ অসম প্ৰদেশ কংগ্ৰেছ (ই) কমিটি (Assam Pradesh Congress Committee (APCC)ৰ সভাপতি পদত আছিল। ১৯৯৬ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে ইয়াৰ সভাপতি হিচাবে নিৰ্বাচিত হয়।



◾তৰুণ গগৈ ছবাৰকৈ ভাৰতৰ লোকসভালৈ সাংসদ হিচাবে নিৰ্বাচিত হৈছে। প্ৰথমতে তেওঁ ১৯৭১ চনৰ পৰা ১৯৮৫ চনলৈকে যোৰহাটৰ পৰা সাংসদ হিচাবে একেৰাহে পঞ্চম, ষষ্ঠ আৰু সপ্তম লোক সভালৈ নিৰ্বাচিত হয়। পাছত তেওঁ কলিয়াবৰৰ পৰা দশম লোক সভা (১৯৯১-১৯৯৬)লৈ হিচাবে নিৰ্বাচিত হয়। ইয়াৰ পিছত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা ১৯৯৮ চনত দ্বাদশ আৰু ১৯৯৯ চনত ত্ৰয়োদশ লোকসভা (১৯৯৮-২০০২)লৈ সাংসদ হিচাবে নিৰ্বাচিত হয়। 

◾বিধায়কৰূপে ১৯৯৬ত প্ৰথমবাৰলৈ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।সৰ্বমুঠ পাঁচবাৰ অসম বিধানসভালৈ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল ৷

১৯৯৬ -১৯৯৮ চনলৈকে তেওঁ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক আছিল। ২০০১, ২০০৬, ২০১১ আৰু ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত বিজয়ী হৈ তেওঁএকেৰাহে চাৰিবাৰকৈ তিতাবৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈ আহিছে৷

◾২০০১ৰ পৰা ২০১৬লৈ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল।২০০১ৰ ১৮ মে'ৰ পৰা ২০১৬ৰ ২৪ মে'লৈ অসমৰ মুখ্যমন্ত্ৰী আছিল।


◾মৃত্যুৰ সময়ত তিতাবৰ সমষ্টিৰ বিধায়ক আছিল তৰুণ গগৈ।

এনে এজন দক্ষ ৰাজনীতিবিদ তৰুণ গগৈদেৱৰ কালি ৫.৩৫ বজাত মৃত্যু হয় ৷ তাৰ পিছৰে  প্ৰতিজন অসমবাসী  মৰ্মাহত ৷ৰাজনৈতিক ব্যক্তি হৈও কথা বতৰাত কোনোদিন ৰাজনীতিৰ কৃত্ৰিমতা নথকা সহজ সৰল মানুহজন প্ৰতিজন অসমীয়াৰ হৃদয়ত সদায়ে জীয়াই থাকিব ৷

ঔম শান্তি ৷৷

No comments:

Powered by Blogger.